সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

*প্লেগ'তো অক্লেশ ধাৰাভী আজি ধাৰাশায়ী*

 

*প্লেগ'তো অক্লেশ ধাৰাভী   আজি ধাৰাশায়ী*


ধাৰাভী। মুম্বাইৰ সদা জাগ্ৰত এখনি ঔদ‍্যোগিক বাণিজ‍্যীক অঞ্চল ধাৰাভী। পৃথিৱীৰ অন্যতম বৃহৎ আৰু এচিয়াৰ সৰ্ব বৃহৎ শ্লাম এৰিয়া এই ধাৰাভী। মুম্বাইৰ দৰে চহৰত দিন হাজিৰা কৰি কমখৰচত থকাৰ সুবিধাৰে গঢ়ি উঠা এখনি অ-পৰিকল্পিত দুখীয়া শ্ৰমিক মজদুৰৰ চালে চালে লগা ঘৰৰে গঢ়ি উঠা বস্তি অঞ্চল এই ধাৰাভী। 

বৃটিছ যুগতে গঢ়ি উঠা প্ৰায় ১৮৫০ চনৰ ঔদ‍্যোগীক প্ৰাণ কেন্দ্ৰ এই ধাৰাভী। পৃথিৱীখ‍্যাত। বহু ভাল ভাল গৱেষক পণ্ডিতৰ ব‍্যৱহাৰিক অধ‍্যয়ন ক্ষেত্ৰ এই ধাৰাভী। হাভাৰ্ড আদি বিশ্ববিদ‍্যালয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বিশ্বৰ অৰ্থনীতিৰ অন্যতম পাঠশালা এই ধাৰাভী। দুখীয়া শ্ৰমিক মজদুৰৰ শ্ৰম আৰু ঘামত গঢ়ি উঠা এই ধাৰাভী যদি আপুনি দেখা নাই বা শুনাও নাই তেনে মনত ৰাখিব আপুনি কাষতে থাকিও এক অদ্ভূত আৰু দুৰ্লভ বস্তু দেখা নাই বা শুনা নাই । পৃথিৱীৰ কিমান যে ধাৰাভাষ্যকাৰ আহি ইয়াত তথ‍্যচিত্ৰ বনালে তাৰ হিচাপ নাই। বিদেশী পৰ্য্যটকৰ পৰা আৰম্ভ কৰি নামি দামি এঙ্কৰ, ফিল্ম প্ৰডিওচাৰৰে ধাৰাভী সদা ব‍্যস্ত। ই ইমানেই ব‍্যস্ত অঞ্চল যে ১৮৯৬ চনৰ প্লেগ মহামাৰীত মুম্বাইৰ ৭০ হাজাৰ জন লোকৰ মৃত‍্যু হোৱাৰ পাছতো ধাৰাভীত কৰ্ম ব‍্যস্ততাৰ য'তি পৰা নাছিল। কোনো বনুৱাই কাম এৰি ধাৰাভী এৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল। মাত্ৰ আঢ়ৈ বৰ্গ কিলো মিটাৰ জোৰা অঞ্চলৰ এই ধাৰাভীত আছে আজি প্ৰায় আঢ়ৈলাখ আবাসী। সৰু সৰু আলি-গলিৰে একা বেকা সৰ্পিল পথৰ দুয়ো দাঁতিয়ে আছে হৰেক ৰকমৰ দোকান পোহাৰ। নিশা শুবৰ বাবে ৬ ফুট ঠাই  বিছাৰি প্ৰতি নিয়ত সংঘৰ্ষ কৰিব লগা ধাৰাভীত  প্ৰতি দিনে প্ৰায় এক কোটি বিভিন্ন মানুহৰ সমাগম হয়।বিশ্বাস কৰে নকৰে আপোনাৰ কথা, ঠাইৰ অভাবৰ বাবে ইয়াৰ থকা ঘৰবোৰত লেট্ৰিন বাথৰুম নাই। আছে ৰাজহুৱা  ৰূপে।  তথ‍্যই কয়, ২০ হাজাৰ মিনি ফেক্টৰী আছে ধাৰাভীৰ গলিত। ৩০ হাজাৰ টা আছে এটা কোঠালীৰ (One room factory ) সৰু সৰু ফেক্টৰী। তাৰে ১৫ হাজাৰৰ আছে পঞ্জীয়ণ। ৫ লাখতকৈ অধিক লোকৰ দৈনিক ৰোজগাৰ হয় ইয়াত। Re cycling বা পেলনীয়া দ্ৰব‍্যৰ পুণ:ব‍্যৱহাৰৰ ভূস্বৰ্গ ইয়াত আছে প্লাষ্টিক আৰু ছামৰা আদিৰ অনেক কল-কাৰখানা। য'ৰ পৰা প্ৰতি দিনে ৰপ্তানী হয় বিশ্বৰ প্ৰতিস্থিত (Branded) কোম্পানীৰ সামগ্ৰী। ইউৰুপ, এচিয়া আৰু মধ‍্যপ্ৰাচ‍্যৰ দৰে দেশলৈ বিভিন্ন সামগ্ৰী ৰপ্তানী কৰা ধাৰাভীত প্ৰতি দিনে ব‍্যৱসায়েই হয় ৫,২৪৬ কোটি টকাৰ। নানান ধৰ্মাৱলম্বী লোকৰে ভৰা ধাৰাভীত আছে ১৮৮৭ চনতে গঢ়া মছজিদ বা ১৯১৩ চনতে গঢ়া মন্দিৰ। কিন্তু আজিলৈকে এটাও ধৰ্মীয় সংঘাট নোহোৱাকৈ খাতি খোৱা মানুহে দেখুৱাই দিছে "কৰ্মই ধৰ্মৰ" মূল আদৰ্শ।


পিছে অতি দুখৰ কথা!!
যি প্লেগ মহামাৰীয়েও ধাৰাভীৰ নোম এডালো লৰাব নোৱাৰিলে সেই ধাৰাভী আজি লক ডাউনৰ চাৰি ঘন্টীয়া কাউন্ট ডাউনত বিধস্ত ! ১৮৫০ চনৰ পৰা ৪৮ ঘন্টাৰ ওপৰত চাটাৰ নামি নথকা ধাৰাভীত আজি দুহেজাৰ দোকান চাট ডাওন।  প্ৰায় ২০ হাজাৰ টেম্প' জাতীয় বাহন ধূলিৰে ধূসৰিত ! ধাৰাভীৰে জৰিত ১০ লাখ লোকে এৰিবলৈ বাধ‍্য হৈছে ধাৰাভী। ৬০ পৰা ৭০ লাখ মজদুৰে বাধ‍্যত এৰিছে ধাৰাভী! ভাৰতৰ বাণিজ‍্যীক হৃদয় স্বৰূপ ধাৰাভী সেয়েহে আজি ক্ষত বিক্ষত!! ধাৰাভীৰ কৰ্ম ব‍্যস্ত জীৱনৰ মাধুৰ্য্য আজি শেষ ! পুণৰোজ্জিৱীত হবনে বাৰু ধাৰাভী ?? 




Santanu Baruah
লেখক: শান্তনু বৰুৱা,তেজপুৰ
সম্পাদক, অ:ভা:উ:সা:

















সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
https://digantas.blogspot.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়