Nobel Luarant Knut Humsun
and Growth of the Soil
উদ্যোগিক বিকাশ আৰু আধুনিকতাই
যেন চাৰখাৰ কৰি দিছে পৰম্পৰাগত
মাটি আৰু মাটিৰ সংস্কৃতিৰ সেই সোনালী দিনবোৰ.................
Nobel Luarant Knut Humsun
and Growth of the Soil
 |
Knut Humsun |
নবেল বঁটা বিজয়ী লেখক ন্যুট হামচুন আৰু গ্ৰউথ অৱ দা চইল
:-দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
Nobel Luarant Knut Humsun and Growth of the Soil:
Dilip Kumar Baruah,TEZPUR.
গ্ৰাম্য জীৱন অতি বেছি প্ৰাচুৰ্যময়,সৰল আৰু সুখী বুলি আজিও আমি অসমীয়া মানুহে ভাৱো।
নৰৱেৰ বিখ্যাত লেখক ন্যুট হামচাইৰ ধাৰণাও একে।
উদ্যোগিক বিকাশ আৰু আধুনিকতাই
যেন চাৰখাৰ কৰি দিছে পৰম্পৰাগত
মাটি আৰু মাটিৰ সংস্কৃতিৰ সেই সোনালী দিনবোৰ.................
"গ্ৰউথ অৱ দি চইলত" --নৰৱেৰ পটভূমিত লেখকে এনে এক চিত্ৰন ঘটাইছে য'ত খেতিয়কৰ কৰ্মময় জীৱনবোধ,সুখানুভুতি উৎপাদনৰ বিকাশ,উদ্যোগীকৰণ আৰু আধুনিক নগৰ কেন্দ্ৰিক সভ্যতাই ক্ৰমে গ্ৰাস কৰি আনি পাৰিবাৰিক সংঘাট বঢ়াইদি খেতিয়কৰ গ্ৰাম্য সপোনবোৰ ভাঙি চূৰমাৰ কৰিছে । পৰিশ্ৰমী কৃষকে মাথো অসহায়হৈ চাইৰৈছে এই পৰিৱৰ্তন।
কিমান মৰ্মদ এই চিত্ৰন !আমাৰ অসমীয়া গ্ৰাম্যজীৱনৰ দৰে, আমাৰ জনজাতীয় জীৱনৰদৰে। যেনেকৈ আজিৰ পৰিৱৰ্তনে অসমীয়া গ্ৰাম্য সংস্কৃতি বিপন্ন কৰিছে,ভাষা-সাহিত্যক সংকটত পেলাইছে,জীৱনক-- মাটি আৰু প্ৰকৃতি কেন্দ্ৰিক শক্তিশালী সুখানুভুতি আৰু স্বাভদ্মানে লণ্ডভণ্ড কৰিছে ,
আৰু আমি বৰ অসহায়হৈ প্ৰত্যক্ষ কৰিছো এই পৰিৱৰ্তন।
নৰৱেৰ এইখন উপন্যাস লিখা হয়১৯১৭ চনত আৰু ১৯২০ চনত এইখনে নবেল বঁটা লাভ কৰে।১৮৫৯ চনৰ ৪ আগষ্টত লেখকৰ জন্ম।বৰ দৰিদ্ৰ আছিল লেখকৰ জীৱন।পঢ়া শুনা একেবাৰে নহল।জোতা চিলাই কৰি পিচত শিলভঙা বনুৱা আদি বহু কষ্টৰ মাজেৰে তেওঁ লিখা আৰম্ভ কৰে।লিখি কোনোমতে চলে।
গ্ৰউথ অৱ দি চইলৰ নায়ক এজন ওখ চফল ডেকা,ঠুতৰিত ৰঙা ডাড়ী ।
ঘন অৰণ্যৰ মাজে মাজে মাটি বিচাৰি ঘুৰি ফুৰিছে।নাম তাৰ আইজাক।
মনত খেতিয়ক হোৱাৰ সপোন।সাৰুৱা মাটি লাগে তাক।মাটি সি চিনিপায়।সেয়া তাৰ পৰম্পৰা।অৱশেত সি তাৰ পচন্দৰ মাটি পালে।কাঠ,বাঁহ,খেৰৰে এটা ঘৰ সাঁজিলে।অৰণ্যৰ সম্পদ গছৰ ছাল ভাৰেৰে নি বিক্ৰী কৰি টকা ভালেখিনি পালে।প্ৰকৃতিয়ে দিয়া পুঁজিৰে কিনি আনিলে কৃষকৰ প্ৰাণৰ হাতীয়াৰ কোৰ,কুঠাৰ,দা আৰু শইছৰ বীজ।
আৰম্ভ হ'ল বিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ মাটিৰ বুকুত সপোন দিঠকত পৰিণত কৰাৰ ঘাৰ্মাট শ্ৰম।ভাগৰৰো কি আনন্দ।মাটিত বহি খোৱাৰো কি আনন্দ। বছৰ বাগৰিল,মাটিৰ উৎপাদনে আইজাকক ধনী কৰিলে।ছাগলী,গৰু,কুকুৰাৰে ঘৰ গৃহস্ত সমৃদ্ধ হ'ল।ইঙ্গাৰ নামৰ এজনী ছোৱালী বিয়া কৰালে।ল'ৰা দুটাও হ'ল।এখন গাওঁ হ'ল।গাঁৱৰ নাম দিলে চেলেৰা।শেষত চৰকাৰী লোক আহিল মাটি দখল কৰিলেও চৰকাৰক টকা দি পট্টা কৰিব লাগিব ।সেয়াও কৰিলে।কিন্তু ইয়াৰ পিছত এটি কন্যা জন্মহোৱাত জন্মতে মাকে তাইক হত্যা কৰিলে।হত্যাৰ কাৰণ হল কন্যা শিশু হিচাবে শৈশৱত নিজে পোৱা অপমান।খেতিয়কৰ মিছা কথা কোৱাৰ অভ্যাস নাই।কন্যা হত্যা অপৰাধত ইঙ্গাৰাৰ জেল হ'ল।অতি কষ্টৰে ল'ৰা দুটা ডাঙৰ কৰিলে আইজাকে।লাহে লাহে মাটি বাঢ়ি গ'ল।আইজাকৰ দখলত থকা পাহাৰত তামৰ খনি উদ্ধাৰ হ'ল।উদ্যোগ আহি গাওঁ পালেহি।আইজাকৰ বহু ধন হ'ল।আইজাকৰ ডাঙৰ ল'ৰা চহৰত পঢ়িবলৈ পঠালে।গাৱলীয়া ভূত হ'ব নালাগে সভ্য মানুহ হ'ব।চহৰলৈ গৈ সি আধুনিক লাহ বিলাসৰ গ্ৰাসত পৰিলে ।বন্ধুৰ সহায়ত ৮ বছৰ মুৰত কিম্ভূত কিম্বাকাৰ ৰূপত ইঙ্গাৰা জেলৰ পৰা ওলাল।এদিন তামৰ আকৰ শেষ হোৱাত উদ্যোগ বন্ধ হ'ল।বজাৰ চেৰেমা পৰিল।ডাঙৰ ল'ৰাই চহৰৰ থাকি একো কৰিব নোৱাৰি গাঁৱলৈ উভতি আহিল আৰু গাঁওতে এখন দোকান খুলিলে আৰু দেউলীয়াহৈ এদিন হতাশহৈ আমেৰিকালৈ গুছি গ'ল।দেউতাকে টকাৰে তাক সহায় কৰিলে।আইজাকে বুজিলে ডাঙৰ. ল'ৰা চিৰদিনৰ বাবে হাতচেৰা হ'ল।কিন্তু সৰু ল'ৰাই দেউতাকৰ কৃষিকৰ্ম আবৰি সাৱৰিলৈ দোপত দোপে উন্নতি কৰিলে।মাটিয়ে তাৰ আদৰ বঢ়ালে।নিৰ্জন অৰণ্যৰ বুকুত এখন চহকী স্বাৱলম্বী জনপদ. সৃষ্টিৰ বাবে পিতৃ আইজাকৰ নাম নৰৱেত চিৰস্মৰণীয় হৈ ৰ'ল।সৰু পুত্ৰই ইয়াৰ ধাৰাবাহিকতা চলাই গ'ল।
 |
Knut Humsun
|
ন্যুট যদিও নৰৱেৰ অতি জনপ্ৰিয় লেখক আছিল,জীৱনৰ শেষৰ ফালে হিটলাৰক সমৰ্থনৰ বাবে তেওঁৰ ওপৰত গোচৰ তৰি ৮৫০০০ পাউণ্ড ফাইন কৰা হ'ল।জন বিৰুধী ভূমিকাৰ বাবে জনপ্ৰিয়তা কমি শোকাবহ ভাৱে ১৯৫২ চনৰ ১৯ ফেব্ৰুৱাৰীত মৃত্যু বৰণ কৰে।
লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা,তেজপুৰ
Comments
Post a Comment
If you have any doubts, please let me know.