সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ড:মহেন্দ্ৰ নাথ বৰা আৰু অসমীয়া বিজ্ঞান সাহিত্য




ড:মহেন্দ্ৰ নাথ বৰা আৰু অসমীয়া বিজ্ঞান সাহিত্য

===:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।

আজি কিছুদিন আগতে মোৰ ড: মহেন্দ্ৰ নাথ বৰা চাৰলৈ মনত পৰিল,তেওঁৰ খা-খবৰ লৈ গম পালো তেওঁ আজিকালি গুৱাহাটীৰ ৰূপনগৰত থাকে।ফোন নম্বৰো পোৱা নগল। (অসমত মহেন্দ্ৰ নাথ বৰা দুজন । এজন কবি ,ডিব্ৰুগড়ৰ আনজন তেজপুৰৰ।মই তেজপুৰৰ জনৰ কথা লিখিছো)।

এদিন তেখেতক বিচাৰি পুৱাতে তেজপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ।তেজপুৰৰ এই বিখ্যাত অসমীয়া বিজ্ঞান লেখক তথা বিজ্ঞানী গৰাকী যেন জীৱিত কালতে সকলোৰে স্মৃতিৰ পৰা হেৰাই গ'ল।

তেখেত যেতিয়া দৰং মহাবিদ্যালয়ত চাকৰি কৰিছিল তেতিয়া তেখতৰ গুণানুকীৰ্তন মানুহৰ মুখে মুখে।পদাৰ্থ বিজ্ঞানৰ অধ্যাপক চাৰ,মোৰো প্ৰিয় শিক্ষক আছিল।ময়ো পদাৰ্থ বিজ্ঞানৰে ছাত্ৰ।তদুপৰি দৰং মহাবিদ্যালয় সন্মুখৰ দুমহলীয়া ঘৰটো চাৰে মিস্ত্ৰি নোহোৱাকৈ নিজে হাতত কৰণীলৈ সাজিছিল।চাৰক লৈ সেই সময়ত কাহিনী বহুত।কীহিনীবোৰ তেখেতৰ বিৰল প্ৰতিভাৰ ওপৰত।ঘৰটো বিক্ৰী হ'ল যদিও আজিও জিলিকি আছে চাৰে সজা ঘৰটো।দৰং মহাবিদ্যালয়ৰ প্ৰায় বোৰ কামতে চাৰ আছিল আগৰণুৱা। চাৰ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতিহৈ আমাৰ লগতে ঘুৰি ফুৰিছিল।ৰঙাপাৰা মহাবিদ্যালয়ত চাৰৰ উদ্যোগতে চাহ বনুৱা বিষয়ক আলোচনা সভা হৈছিল।গাঁৱে গাঁৱে বিজ্ঞানক জনপ্ৰিয় কৰণত চাৰে অহৰহ কষ্ট কৰিছিল।কিমান সৰল অথচ প্ৰজ্ঞাৱন্ত আছিল চাৰ।

বহু বিচৰাৰ পিচত ৰূপনগৰত ঘৰটো পালো।ৰূপনগৰ ,হাউচ নম্বৰ ৫০।সোমাই যাওঁতে বাইদেউৱে আদৰি নিলে।বহুদিনৰ মুৰত পুৰণি ভেঁটিৰ চিনাকী মানুহ লগ পায় চাৰ বৰ আবেগিক হৈ পৰিল।কিন্তু কি কথা পাতিম চাৰৰ লগত ,বহু স্মৃতি যেন চাৰৰ পাহৰণি ৰোগে কুটি কুটি খাই পেলাইছে ।ক'ব খুজিও কব নোৱাৰে।

মহেন্দ্ৰ নাথ বৰাৰ জন্ম হৈছিল ১৯৪৮ চনত লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ জাপজোপ নামৰ এখন গাঁৱত।দেউতাক সম্ভূৰাম বৰা চাৰিহাল মহৰ হাল বোৱা খেতিয়ক ।এহাল নিতৌ বাই মহেন্দ্ৰ বৰা চাৰে।সাতটা ককাই ভাইৰ চাৰ ডাঙৰ।পঢ়া-শুনা পিছৰ কথা খেতিয়কৰ ল'ৰাৰ সপোন খেতিয়ক হ'ব।এপুৰা আহুধান কৰে।হালবাই ,মাক ৰেৱতীয়ে বাঢ়ি দিয়া তপত ভাত ততাভুকুতাকৈ খাই বিদ্যা লয়লৈ যায় চাৰ। প্ৰাৰ্থমিকত বৃত্তিও পালে তথাপি হাল বাব লাগে চাৰে।হেলা নকৰে।খেতিয়কৰ ল'ৰা।লোহিত ডিক্ৰং হাই স্কুলৰ পৰা মেট্ৰিকত প্ৰথম বিভাগত উৰ্তীণহৈ গুৱাহাটীৰ কটনত নাম লগালে।দেউতাকে আহুধান বেছা টকা লৰা পঢ়াবলৈ থলে,বাকী টকাৰে ঘৰ চলিল।এদিন পদাৰ্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক উৰ্তীণ হ'ল, তাৰ পিছত স্নাতকোত্তৰৰ আৰু শেষত ডক্টৰেত ডিগ্ৰী।দৰং মহাবিদ্যালয় ৰ অধ্যাপক(১৯৮৬)। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰুবী অধ্যাপক ১/৬/১৯৯৭ ৰ পৰা ৩১/৫/২০০০ লৈ।তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ গৱেষক হিচাবে ২০০৩ চনত অৱসৰ গ্ৰহন।

ড: মহেন্দ্ৰ নাথ বৰা চাৰে, বহুবাৰ বিভিন্ন গৱেষণাৰ কামত বহু কেইখন বিদেশী ৰাষ্ট্ৰ ভ্ৰমন কৰে,তাৰ ভিতৰত আমেৰিকালৈ দুবাৰ যায় আৰু ইটালী,জাপান,চীন আদি দেশলৈও যায় । ফিজিকেল প্ৰপাৰটিজৰ ওপৰত গৱেষক বৰা চাৰৰ পৰিবাৰ শ্ৰীৰুনুমী বৰা এগৰাকী আদৰ্শ মাতৃ।তেখেতৰ সন্তান ক্ৰমে প্ৰণৱ জ্যোতি,লিপিকা আৰু দীপিকা।লিপিকা মংগলদৈৰ চিকিৎসক।

অসমীয়া বিজ্ঞান সাহিত্যলৈ তেখেত বহু বৰঙনি আগবঢ়াইছে ।তেওঁৰ জনপ্ৰিয় বিজ্ঞান গ্ৰন্থ সমূহ হ'ল
বিদেশৰ 'বতৰা,গাঁৱলৈ যাওঁ,গান বাজনা আৰু ৰংবিৰঙৰ খেল,কুৰিজন বিজ্ঞানী,কৃত্ৰিম উপগ্ৰহ,চৌবিশজন বিজ্ঞানী,চুম্বক আৰু বিজুলীৰ খেল,বিজ্ঞান আৰু আমি,অৰণ্যৰ মাজে মাজে,বিজ্ঞানীৰ চানেকীৰে,ঘৰত ব্যৱহৃত বিদ্যুত,এক্স ৰশ্মি,চিনাকী পতংগৰ কথা,বিজানৰ চমু ইতিহাস,গছে-বনে,বৰণ্য বিজ্ঞানী,স্মৃতি পটত আমেৰিকা , প্ৰাথমিক প্ৰতিবিধানৰ ক-খ আৰু কবিতাৰ ৰসেৰে বিজ্ঞান।অৰণ্যৰ মাজে মাজেৰ বাবে তেওঁ অসম সাহিত্য সভাৰ পুৰস্কাৰ লাভ কৰে।চিনাকী পতংগৰ কথা খনেও বহু কেইটা পুৰস্কাৰ পায়।বিদেশৰ বতৰাখনি চাৰৰ অতি জনপ্ৰিয় গ্ৰন্থ ।

বহু সময় চাৰ-বাইদেউৰ সৈতে বহু কথা পাতি লুচী-ভাজি খাই চাৰক সোৱা জনাই বিদায় ললো।ভাৱিলো ইমান অৱদান আগবঢ়োৱা জনকে জীৱিত কালতে অসমীয়া জাতিয়ে পাহৰি যাব লাগেনে??শেষত চাৰৰ কবিতাৰে সামৰিছো..............,

জাগিছে বিজ্ঞানী-দাৰ্শনিক
জন-গন চিন্তা নায়ক
ধিয়াই সমাগত ভবিষ্যতক
বাঞ্চিত ভবিষ্য-বিজ্ঞান
লয়লাসহৈ মূৰ্তিমান,
আলোকিত কৰা আমাক
স্বাগতম জনাওঁ তোমাক। 


 দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
১৬জুন,২০২০





সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়