সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

জ'হান উল্ফগেং ভন গ্যেটে আৰু ফাউষ্ট Johann Wolfgang Von Goethe and Faust

Johann Wolfgang  Von Goethe 
 Johann Wolfgang  Von Goethe and Faust

জ'হান উল্ফগেং ভন গ্যেটে আৰু  ফাউষ্ট
Johann Wolfgang  Von Goethe and Faust


------:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ





নেপোলিয়নে এবাৰ বিশ্ব বিজয় কৰি ৰোমত সভা পাতি সকলো বিশিষ্ট লোকক আমন্ত্ৰন কৰে।যথা সময়ত সকলো উপস্থিত হ'ল।নেপলিয়নে সভাত অনুভৱ কৰিলে কিবা খালি খালি ভাৱ।গম পালে গ্যেটেক মতা নহ'ল। লৰালৰিকৈ তেওঁক সভালৈ অনা হ'ল।নেপলিয়নে গ্যেটেক ইয়াৰ আগেয়ে দেখা নাছিল।এজন ইমান পণ্ডিত লেখক যে তেজ মাংসৰ মানুহ হ'ব পাৰে,তেওঁৰ সপোনৰো অগোচৰ আছিল।নেপলিয়নে ভাৱিছিল গ্যেটেৰ দৰে লেখক নিশ্চয় ভগৱানৰ শক্তি আৰোপিত অতিমানৱ।গ্যেটেক প্ৰণাম জনায় নেপোলিয়নে সভা আৰম্ভ কৰিলে।


জাৰ্মানীৰ  বিশ্বৰ মহান সাংস্কৃতিক অধিৱক্তা তথা বিশ্ব ৰ সৰ্বশেষ গৰাকী সৰ্ব্বজ্ঞ শিল্পী-সাহিত্যিক আছিল মহামতি জ'হান উল্ফগেং ভন গ্যেটে ।



মই প্ৰথমে এই মহান বিশ্বশিল্পী গৰাকীৰ নাম শুনিছিলো নৱকান্ত বৰুৱা চাৰৰ মুখত।চাৰেই ফাউষ্ট অনুবাদ কৰি  প্ৰকাশত নিয়মীয়াকৈ প্ৰকাশ কৰিছিল।গ্ৰন্থখনি প্ৰকাশ হৈছে।চাৰে গাঁৱৰ পৰা লেখামেলা কৰাৰ বাবে মোক বৰ মৰম কৰিছিল।ইমান মৰমীয়াল হাঁহিমুখীয়া লেখক মই  জীৱনত পোৱা নাছিলো।মাজতে গ্যেটেৰ আত্মজীৱনী খনৰ অসমীয়া অনুবাদ খন কিনি আনো।অনুবাদ কৰিছে মৌচুমী গগৈয়ে।


জ'হান উল্ফগেং ভন গ্যেটে ৰ জন্ম হৈছিল ১৭৪৯ চনৰ২৮ আগষ্টত আৰু মৃত্যু হয় ১৮৩২ চনৰ ২০ মাৰ্চত।তেওঁ১৭৬৫ চনত আইন বিষয়ত পঢ়িবলৈ যায় যদিও যক্ষ্মা ৰোগত ভুগি ডিগ্ৰী নোলোৱাকৈ তেওঁ  ঘৰ পায়হি।জ'হান উল্ফগেং ভন গ্যেটে  ইংৰাজী,গ্ৰীক,ফ্ৰেন্স লেটিন,ইটালী প্ৰায়বোৰ ভাষাৰে পণ্ডিত আছিল।২৫ বছৰতে তেওঁ দি চ'ৰচ অৱ ইয়ং ৱেডাৰ লিখে।ইয়াৰ আগেয়ে ২৩ বছৰত এটা কবিতা আৰম্ভ কৰি তেওঁ ৬০ বছৰ ধৰি লিখি মৃত্যু ৰ ঠিক আগতে শেষ কৰে।


তেওঁ একেধাৰে আছিল মহাকাব্যৰ প্ৰণেতা,গীতিকবি,ঔপন্যাসিক,নাট্যকাৰ,সাহিত্য সমালোচক,বিজ্ঞান লেখক,চিত্ৰকৰ,নিজৰ আত্মজীৱনী ৰ লেখক তথা সকলো জ্ঞান-বিজ্ঞানৰ আকৰ।সমসাময়ীক বিশ্বৰ এনে কোনো জ্ঞান নাছিল যি তেওঁ হেনো জনা নাছিল।কিতাপ সমূহৰ উপৰিও তেওঁ লিখা ১০০০০ খন চিঠি আৰু তেওঁ অঁকা ৩০০০ খন ছবি আজিও সংৰক্ষিত হৈ আছে।
মহাকাব্যিক ৰচনা লিখা লেখক বিশ্বত মুষ্ঠিমেয় ।গ্যেটেৰ   ফাউষ্ট. এখন নাটক যদিও ই এখন  বিখ্যাত সৃষ্টি।এইখন ১৪৮০ চনৰ পৰা ১৫৪০ চনৰ পৰিৱেশৰ ওপৰত ৰচনা কৰা হয়।ই এখন মানৱ জীৱনৰ ৰহস্য ,ভগৱান আৰু ব্যক্তিসত্তাৰ দ্বন্দ্বৰ ওপৰত লিখা দাৰ্শনিক নাটক।জীৱনক অৰ্থ কি?মানবীয় প্ৰমূল্যবোধৰ মাজেৰে ঈশ্বৰ প্ৰাপ্তি কেনেকৈ সম্ভৱ?এনে নানা প্ৰশ্নৰ মাজেৰে নৰকৰ বিৱৰণ,যান্ত্ৰনাৰ চিত্ৰ নাটকত অঁকা হৈছে।


স্বৰ্গত ভগৱান আৰু চৈতান( Mephistopheles)ৰ মাজত  কথা হয়।চৈতানে কয় যে সি ভগৱানৰ পথৰ পৰা তেওঁৰ ভক্ত পণ্ডিত ফাউষ্টক(   Faust) বেয়া পথলৈ সহজে লৈ যাব পাৰে।ভগৱানে কয় নোৱাৰে।এই বাজী মাৰি চৈতান পৃথিৱী পায়হি ফাউষ্টক নিজৰ পথলৈ নিবলৈ।ফাউষ্ট ইতিমধ্যে মানৱ জীৱনত অসন্তোষ্ট হৈ পৰে।অধিক জ্ঞান,অধিক মনোৰঞ্জনৰ বাবে যিকোনো পথলৈ যাব বিচাৰে।ক'লাযাদু শিকিব বিচাৰে।এই ক'লাযাদু হ'ল ইচ্ছাৰে মানুহক নষ্ট কৰাৰ তান্ত্ৰিক বুদ্ধি ।ঘৰৰ লগুৱা ৱেগনাৰে ফাউষ্টক চৈতানৰ পথলৈ নি মেফিষ্টফেলিচৰ লগ লগায়। চৈতান ফেমিষ্টফেলিচ পোডাল নামৰ কুকুৰৰ ৰূপলৈ আহে।ক'লাযাদু শিকিবৰ বাবে চুক্তিপত্ৰত তেজৰে চহী কৰিব লগা হয় ফাউষ্টে।চুক্তি মতে চৈতানৰ পথত চলি নৰকৰহৈ সি কাম কৰিব আৰু তাৰ বিনিময়ত সকলো সুখ সি লাভ কৰিব।চৈতানে তাৰ ডাইনীৰ হাতৰ যাদু পানীয় খুৱাই ফাউষ্টক বিশ বছৰীয়া যুৱক কৰি  দিয়ে।মনৰ বৈপৰীত্যত ভোগে ফাউষ্টে।ভাল আৰু বেয়াৰ দ্বন্দ্ব হয়।আত্মহত্যা কৰিব বিচাৰে যদিও নকৰাকৈ থাকে।এইবাৰ সি যৌৱন ঘুৰাই পায় ।চৈতানৰ সহায়ত অপৰূপ মাৰ্গেৰেট বা গ্ৰেচিন নামৰ এগৰাকী সাধাৰণ নাৰী ফাউষ্টে ভাল পায়।প্ৰেমৰ সুবিধা ৰ বাবে দুয়ো গ্ৰেচিনৰ মাকক হত্যা কৰে।গ্ৰেচিনৰ ফাউষ্টৰ ফালৰ এজনী ছোৱালী জন্ম হয়।জন্মৰ লগে লগে গ্ৰেচিনে নিজৰ সন্তান পানীত ডুবাই হত্যা কৰে।গ্ৰেচিন এই অপৰাধৰ বাবে জেললৈ যাব লগাত পৰে।গ্ৰেচিনৰ ককায়েক ভেলেন্টাইনে ভনীয়েকৰ সৰ্বনাশ কৰাৰ বাবে ফাউষ্টৰ লগত যুদ্ধ কৰে।চৈতানৰ সহায়ত যুদ্ধ কৰি  ফাউষ্টে ভেলেন্টাইন ক হত্যা কৰি গ্ৰেচিনক চৈতানৰ সহায়ত জেলৰ পৰা পলুৱাবলৈ যায়।গ্ৰেচনে পাপৰ শাস্তি মুৰপাতিলৈ জেলৰ পৰা পলাৱলৈ অস্বীকাৰ কৰে।অৱশেষত ফাউষ্ট পলায় যায়।

ৰাজনীতিৰ দাৰ্শনিক আৰু ধৰ্ম আৰু ৰাষ্ট্ৰৰ সম্বন্ধৰ প্ৰৱক্তা গ্যেটে কৈছিল যে প্ৰকৃতি হ'ল কলাৰ ভগৱান।ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হয় লেখকে ভাৱে।গ্যেটে কয় There is no greater sorrow than to recall happiness in time of misery. আকৌ কৈছিল The more a thing is perfect,the more it feels pleasure and pain.শেষত গ্যেটেৰ উক্তিৰে সমৰিছো O human race ,born to fly upward ,wherefore at little wind dost thou so fall?




----: Dilip Kr. Baruah.




Editor: Diganta Kr.Bhuyan.





 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়