*অজাত শত্ৰু চীন*
 |
Santanu baruah |
শান্তনু বৰুৱা ,তেজপুৰ
জনাবুজা হোৱাৰ দিনাৰে পৰা চীনৰ বিষয়ে ভালে বেয়াই বহু কথাই শুনিছোঁ। হেমাঙ্গ বিশ্বাসৰ "ৰঙা চীনৰ পৰা মুক্তি" "আকৌ চীন চাই আহিলো" আদি পঢ়ি চীনৰ বিষয়ে বহু কথাই জানিছিলো। ড০নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ লিখাতো পঢ়িছো চীনৰ বিষয়ে বহু কথা। হিউৱেনচাং উভতি যোৱাৰ পাছত চীন সম্ৰাটে কেনেকৈ পুথিবোৰ অনুবাদ কৰাত সহায় কৰিছিল তাৰো বিৱৰণ পঢ়িছোঁ হৰেন্দ্ৰ দাস দেৱৰ কলমত। সিদিনা চীন ভ্ৰমি অহা লোকনাথ গোস্বামীয়েও কলে "শান্তনু চীনৰ বিষয়ে কবলৈ মোৰ ভাষাৰ অভাৱ" সদৌ শেষত '৬২ ৰ চীনৰ বিষয়েটো ক'বই নালাগে। প্ৰান্তিকৰো কেইবাটাও সংখ্যাত চীনৰ বিষয়ে পঢ়িছোঁ। কেনেকৈ ওৱাল মাৰ্টত ৫০% চীনা সামগ্ৰি বিক্ৰি হয় বা কেনেকৈ চীনে আমেৰিকাৰ আধা আধি 'বণ্ড' কিনি থৈছে ইত্যাদী।
নেপোলিয়নৰ দৰে বিশ্ব বিখ্যাত যোদ্ধায়ো কৈছিল "চীন শুই আছে শুই থাকিব দিয়া"। ২য় বিশ্ব যুদ্ধত আমেৰিকাৰ সহায়ত জাপানৰে যুঁজিলে চীনে। খাবলৈ পিন্ধিবলৈ নোপোৱা চীনে তেতিয়াৰে পৰা দখলৰ চেষ্টা কৰিছিল তিব্বত। "লষ্ট ইন তিব্বত" পুথিত সবিস্তাৰে আছে তাৰ বিৱৰণ। চৌ এন লাই কৈছিল গাৰ কাপোৰ বেছি হ'লেও বন্দুক কিনিব চীনে। ইফালে কাণিৰ ৰাগিতো তলমল আছিল চীনৰ অধিকাংশ নাগৰিক। কিন্তু তাৰ মাজতো চীনৰ উত্তৰণ কিন্তু থমকি নৰল। আমি চাণক্যৰ নীতি আওৰাই থাকোতেই গ'ল, ইফালে চীনে চলে বলে কৌশলে থিকেই উন্নতি কৰি গ'ল।
ভাবিলে আচৰিত লাগে যে আমাৰ ককাইদেউ হ'তে স্কুলত অসমৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে ৰচনা লিখোতে লিখিছিল যে অসম খন সীমা মুৰীয়া বিদেশী ৰাষ্ট্ৰৰ কাষত হোৱা বাবে অসমত কল কাৰখানা উদ্যোগ আদি স্থাপন হোৱা নাই।

সেই বাবেই অসমৰ খাৰুৱা তেল ১১৫৭ কি,মি, দূৰলৈকে পাইপ লাইনৰে নি ৭৮ খন নদী পাৰ কৰি বাৰাওনিত শোধনাগাৰ পাতিলে । ৬৫৫ খন চাহ বাগান থকাৰ পাছতো চাহৰ মূখ্য কাৰ্য্যালয় কলকাতাত পাতিলে ! পাছে একেই সীমা মূৰীয়া বিদেশী ৰাষ্ট্ৰৰ কাষত চীনে বান্ধ দিছে বৃহৎ জাংমু নদী বান্ধ। প্ৰকৃতি বিনষ্টকাৰী এই বান্ধৰ বিৰোধ কৰিব লাগিছিল ভাৰত চৰকাৰে। কিন্তু ভাৰত চৰকাৰেও বৃহৎ নদী বান্ধৰ পোষকতা কৰাত বোধহয় আন্তৰ্জাতিক পৰ্য্যায়ত ইয়াৰ প্ৰতিবাদ কৰাৰ সুযোগ পায়ো সুযোগ লব নোৱাৰিলে। ফলত আজি দেশীয় কোম্পানী নেপক'ৰ ৰঙানদীৰ বান্ধে মাৰে লক্ষীমপুৰ ধেমাজী, বিহপুৰীয়াৰ মানুহক আৰু বিদেশী বিদ্যুত উৎপাদন কেন্দ্ৰ ভূটানৰ কুৰিশ্বু বান্ধৰ পৰা এৰা পানীয়েও মাৰে অসমৰ নামনি অঞ্চল। এতিয়া আমাৰ বাবে চীন মহা শত্ৰু। কাৰণ চীনে ভাৰতৰ মাটি দখল কৰিব ধৰিছে। আমাক কোৱা হৈছে চীনৰ সামগ্ৰী বৰ্জন কৰিবলৈ। নিশ্চয় কৰিম। দেশৰ শত্ৰু মোৰ মিত্ৰ কেনেকৈ হব ? মই কিনা বস্তুটোৰ পৰা যদি শত্ৰু ৰাষ্ট্ৰখন উপকৃত হয় তেনে মই তেনে বস্তু কিয় কিনিম ? কিন্তু প্ৰশ্ন হয় এইবোৰ বস্তু আনে কোনে ? আহে কেনেকৈ ? আন্তৰ্জাতিক আইন কানুনে কি কয় ? এই ক্ষেত্ৰত ভাৰত চৰকাৰে জাৰি কৰা কিবা অধিসূচনা আছেনেকি ? নে আমি হঠাৎ স্বদেশ প্ৰেমী হৈ উঠিছোঁ ? আমি মন কৰিছোঁ এই ক্ষেত্ৰত যেন আমি কথা কবলৈ ভয় কৰিছোঁ! সেয়েহে কাৰো পৰামৰ্শ নাই, আলোচনা নাই ! হাৰে!
এয়া কেনেধৰণৰ দেশ প্ৰেম ?
আমাৰ প্ৰথম প্ৰশ্ন, আমি চীনক একাষৰীয়া কৰিব পাৰোনে ? এনে ধৰণৰ কথা বহুবাৰ বহু দেশত দেখা গ'ল। কিন্তু কাৰ্য্যক্ষেত্ৰত কাৰ্য্যকৰি নহল। চাওক, আজিৰ পৰা ৭০ বছৰ আগেয়ে জাপানৰ সাম্ৰাজ্যবাদী মনোভাবৰ প্ৰতিবাদ কল্পে ১৯৩০ চনত চীনেও জাপানৰ সামগ্ৰী 'বয়কত' কৰিছিল । কিন্তু কাৰ্য্যক্ষেত্ৰত অৰ্থহীন হ'ল। ২০০৩ চনত আমেৰিকাৰ 'কনজুমাৰ ফৰাম'এও ফ্ৰাঞ্চৰ সামগ্ৰী 'বয়কত' কৰিছিল । কাৰণ ৯/১১ ৰ ঘটনাৰ বাবে ফ্ৰাঞ্চে ইৰাকৰ বিৰুদ্ধে আমেৰিকাৰ অনুৰোধ স্বত্তেও সৈন্য পথোৱা নাছিল। তেনেকৈ জামাইকায়ো ত্ৰিনিদাদ এণ্ড টবেগোৰ বিৰুদ্ধে 'বয়কত' ঘোষণা কৰিছিল। কিন্তু কোনেও কাকো এৰি চলিব নোৱাৰিলে। সৌ সিদিনা ডনাল্ড ট্ৰাম্পে চীনা সামগ্ৰীৰ আমদানিৰ ওপৰত লগালে প্ৰতিবন্ধক। চীনেও আমেৰিকাৰ পৰা আমদানি কৰা চয়াবিনৰ ওপৰত লগালে নিষেধাজ্ঞা। ফলত আমেৰিকাৰ চয়া খেতিয়কৰ যি ক্ষতি হ'ল তাৰ বাবে ট্ৰাম্প চৰকাৰে খেতিয়কক আদায় দিব লগা হ'ল ২৪ বিলিয়ন মাৰ্কিন ডলাৰৰ ক্ষতিপূৰণ। মনত ৰাখিব ১০০ কোটিত এক বিলিয়ন ! আমি তেনে ক্ষতি পূৰণ দিব পাৰিমনে ? তাকো মাত্ৰ এটা সামগ্ৰীত ? এতিয়া চোৱা যাওক চীনৰ সৈতে আমাৰ ব্যৱসায় কেনে পৰ্য্যায়ৰ ? ২০১৬-১৭ চনত আমি চীনৰ পৰা আমদানি কৰিছিলো প্ৰায় ৬১ বিলিয়ন ডলাৰৰ সামগ্ৰী কিন্তু ৰপ্তানি কৰিলো মাত্ৰ ১০ বিলিয়ন ডলাৰৰ সামগ্ৰি। তেনেকৈ পাছৰ বছৰত আমি চীনৰ পৰা কিনিলো প্ৰায় ৭৬ বিলিয়ন ডলাৰৰ সামগ্ৰী কিন্তু চীনক বেচিলো মাত্ৰ ১৩ বিলিয়ন ডলাৰৰ সামগ্ৰীহে। যোৱা বছৰত চাওক, ২০১৮-১৯ বৰ্ষত । কিনিলো ৭০ বিলিয়ন ডলাৰ আৰু বেচিলো ১৭ বিলিয়ন ডলাৰ। চিন্তা কৰক ক'ত আমাৰ ইকনমিক কণ্ডিচন ? আজি বিশ্বায়নৰ যুগত আমি এই অৱস্থাৰে চীনক 'বয়কত' কৰি চলিব পাৰিমনে ? য'ত নেকি মুঠ ৫১% স্মাৰ্ট ফোনেই আমাক বিক্ৰি কৰে চীনে। তেনেকৈ বৈদ্যুতিক সামগ্ৰিয়ৰ ৬০% ই অকলে বিক্ৰি কৰে আমাক চীনে। চীনক আমি বাদ দিব পাৰিম । যদিহে আমি আমদানি বন্ধ কৰিব পাৰো। তাৰ বাবে লাগিব আমাৰ সামগ্ৰিৰ ওপৰত আমাৰ অধিকাৰ। যাক কোৱা হয় পেটৈন্ট অধিকাৰ। চোৱা যাওক পেটেন্টৰ কথাটো। ভাৰতত আছে মুঠ ৯৩৫ খন বিভিন্ন বিশ্ব বিদ্যালয়। সিবোৰত অহৰহ হৈ আছে বিভিন্ন অনুসন্ধান আৰু পেটেন্ট লাভৰ তৎপৰতা। ই এক আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতা। এই দৌৰত আজি কোনো দেশ বহি থকা নাই। কোনো কোম্পানিও বহি থকা নাই। সকলো আছে এই ভীষণ প্ৰতিযোগিতাত ব্যস্ত। এতিয়া পেটেন্ট লাভ মানেই তাহানিৰ ঢাল তৰোৱাল লৈ এখন যুদ্ধ জয় কৰাৰ দৰে ঐশ্বৰ্য্য। এখন দেশ জয় কৰা আৰু পেটেন্ট লাভ কৰাৰ এই বিশ্ব বাণিজ্য চুক্তিয়েই হৈছে 'গেট' চুক্তি মানে 'General Agreement on Tariffs and Trade'. এই বিষয়ত ২০১৭ চনৰ তথ্য এটা পোৱাত তুলনা এটা ডাঙি ধৰিলো। মন কৰক। ভাৰতে ২০১৭ চনত আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়ত পেটেন্ট আবেদন কৰিছিল মুঠ ৪৬,৪০০ টা সামগ্ৰিৰ। পেটেন্ট পালে মাত্ৰ ১২ হাজাৰটাৰ। আনহাতে চীনে আবেদন কৰিলে ১৩ লাখ ৮১ হাজাৰ ৫৯৪ টা সামগ্ৰিৰ আৰু পেটেন্ট লাভ কৰিলে ৪ লাখ ২০ হাজাৰ ১৪৪ টা সামগ্ৰীৰ। পাৰ্থক্যটো মন কৰক ! কথাটো ইয়াতে শেষ হোৱা নাই। পেটেন্ট লাভৰ প্ৰক্ৰিয়াটোৰ গতি বেগো ইয়াত এক ব্ৰহ্মাস্ত্ৰ স্বৰূপ। ভাৰতত এটা পেটেন্ট লাভ কৰিবলৈ সময় লাগে গড়ে ৬৪ মাহ। কিন্তু চীনত সময় লাগে মাত্ৰ ১২মাহৰ। এতিয়া চিন্তা কৰক, চীনক প্ৰতিহত কৰিবলৈ আমাক কিমান শক্তিৰ আৱশ্যক। মুখৰ দম্ভালিত যুদ্ধ জিকা নাযায় আৰু শত্ৰুক দুৰ্বল বুলি ভৱাটোও মুৰ্খামী। এতিয়া চাওক চীনত কেনে ধৰণৰ বাণিজ্যীক উন্নয়ণ হৈছে। ড০ বিৱেক বিন্দ্ৰাৰ তথ্য মতে চীনে অকলেই বিশ্বৰ ২৫% সামগ্ৰি উৎপন্ন কৰে। পৃথিৱীৰ ৮০% এয়াৰ কণ্ডিশ্চন মেচিন চীনে অকলে তৈয়াৰ কৰে। বিশ্বৰ ৭০% মোবাইল চীনত তৈয়াৰী। চীনে ৬০% জোতা অকলেই বিশ্ব বাসীৰ বাবে তৈয়াৰ কৰে। বিশ্বৰ জৰুৰী বিবেচিত চ'লাৰ প্লেটৰ ৭৪% অকলে চীনে তৈয়াৰ কৰে। পৃথিৱীৰ মুঠ ৬০% ছিমেন্ট তৈয়াৰ হয় চীনত। ৫০% কয়লা আৰু ৫০% ষ্টিলো তৈয়াৰ হয় চীনতেই। ৫০% আপেল উৎপাদনৰে পৃথিৱীৰ প্ৰথম স্থান চীনৰ। ২য় স্থানত থকা আমেৰিকাই উৎপাদন কৰে মাত্ৰ ৬%। পাৰ্থক্যটো মন কৰক। আকৌ, চীনে সদায় সস্তা বস্তু বনাই বুলি আমি উপলুঙা কৰো। কিন্তু, সত্যটো হ'ল পৃথিৱীৰ ব্ৰেণ্ড লাক্সাৰী আইটেমৰ মুঠ ৬০% অকলে চীনেই তৈয়াৰ কৰে।
গতিকে চীনৰ বিৰুদ্ধে যুঁজাৰ আগেয়ে ৰাইজে সত্যটো উপলৱদ্ধি কৰিব বুলি কথাখিনি জনালো। কাৰণ যুঁজ কৰাৰ আগতে শত্ৰুৰ শক্তি চিনাটো প্ৰয়োজন।এনেকৈ আৰু বহু কথা কব পাৰি কিন্তু বুজিব লগা জনে ইমানতে বুজিব বুলি বিশ্বাস।
ভাৰত বৰ্ষ আত্মনিৰ্ভৰশিল হবলৈ হলে এইখিনি অন্তত জনা উচিত। এজন নেতাই এখন দেশত কিমান পৰিবৰ্তন আনিব পাৰে সেয়া চীন, জাপান, হংকং আৰু ব্ৰাজিলৰ ৰাজনেতিক নেতৃবৃন্দৰ পৰা শিক্ষা লোৱা উচিত।
 |
শান্তনু বৰুৱা |
লেখক: শান্তনু বৰুৱা, তেজপুৰ
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা,তেজপুৰ।
Comments
Post a Comment
If you have any doubts, please let me know.