সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ডান্টে আলিগেৰী আৰু দি ডিভাইন কমেডিDante Alighieri and The Divine Comedy

Dante Alighieri and The Divine Comedy

ডান্টে আলিগেৰী আৰু দি ডিভাইন কমেডি

                 -==দিলীপ কুমাৰ বৰুৱা,তেজপুৰ





ডান্টেৰ আৰু বিয়েত্ৰিচৰ নাম প্ৰায় সকলোৱে শুনিছে।তদুপৰি ডান্টে গোটেই জীৱনজুৰি লিখা বিশ্ব বিখ্যাত মহাকাব্য ডিভাইন কমেডি নাম নুশুনা লোক বিৰল।এই  বিৰল গ্ৰন্থৰ পাণ্ডুলিপিটো মৃত্যুৰ পিছতহে এক সপোনৰ মাজেদি তেওঁৰ পুত্ৰই , ডান্টেই সপোনত দিয়া নিৰ্দেশ অনুযায়ী এখন ভেন্টিলেটৰৰ মাজৰ পৰা উদ্ধাৰ কৰে ।


ডান্টে আছিল মধ্যযুগৰ ইউৰোপীয় ৰেঁনেচাৰ প্ৰধান লেখক।তেওঁৰ জন্ম১২৬৫ চনৰ ১৫ জুনত ইটালীৰ ফ্লোৰেন্স চহৰত এক ৰাজকীয় দৰিদ্ৰ পৰিয়ালত।তেওঁ একেধাৰে আছিল কবি,দাৰ্শনিক,ৰাজনীতিবিদ,যোদ্ধা,সাহিত্যিক।মাত্ৰ ৬ বছৰ বয়সত মাক আৰু ৮ বছৰ বয়সত দেউতাকৰ মৃত্যু হোৱাত আইতাকে ডান্টক লালন পালন কৰে।সেই সময়ত ৰোমৰ পোপ আৰু ফ্লোৰেন্সৰ নাগৰিকৰ মাজত হোৱা অহৰহ সংঘাটত ডান্টে সমৰ্থন কৰাত তেওঁক পোপে ৰোমলৈ নিৰ্বাসন দিয়ে।মাতৃভূমিলৈ তেওঁক আমৃত্যু যাবলৈ দিয়া নহল।তেওঁৰ হত্যাৰ চেষ্টাও চলে।তেওঁ ৰাষ্ট্ৰদূত,পৌৰ সভাৰ মাণ্ডলিক সদস্যও হয় যদিও দৰিদ্ৰতাৰ বাবে বহু সৰু সৰু কাম কৰে।প্ৰতিবাদী হোৱাত বহু দুখ কষ্ট বহন কৰিব লগাত পৰে।জীৱন জুৰি নানান আপদ বিপদৰ মাজেৰ তেওঁ দেশে দেশে ঘুৰি ফুৰে।১৩২১ চনৰ ১৪ চেপ্তেম্বৰত তেওঁৰ মৃত্যু হয়।


ডান্টেৰ যেতিয়া ৯ বছৰ সেই সময়তে তেওঁ বিয়েত্ৰিচ নামৰ ৯ বছৰীয়া এগৰাকী ছোৱালী ভাল পায়।।এই ভালপোৱা কবিতাৰ মাজেৰে ডান্টে গোটেই জীৱন বহন কৰিলে ।এই ভালপোৱা বিয়েত্ৰিচক জনোৱা নহল।দুয়ো বেলেগে বেলেগে বিয়া হল।বিয়াৰ ২৪ বছৰ বয়সত১২৯০ চনত বিয়েত্ৰিচৰ মৃত্যু হ'ল।মৃত্যুৰ পিছতো ডান্টে বিয়েত্ৰিচৰ স্বৰ্গীয় প্ৰেম হৃদয়ত আলফুলে লৈ ফুৰিল আমৃত্যু ।
এনেদৰে ঘুৰি ফুৰোতে ১৩০৪ ৰ পৰা১৩২১ ৰ ভিতৰত দি ডিভাইন কমেডি মহাকাব্য ৰচনা কৰে।এই মহাকাব্য ত মুঠ ১৪২৩৩ এটা শাৰী আছে।গ্ৰন্থখন মূল ভাগ তিনিটা।ইনফেৰণো,পুৰগাতোৰিও আৰু পাৰাদিসো।প্ৰত্যেক ভাগৰে ৩৩ টাকৈ ভাগ আছে।বহুতৰ মতে বিয়াত্ৰিচ হ'ল ডান্টেৰ আধ্যাত্মীক স্বৰ্গীয় জ্ঞানৰ মাৰ্গ গুৰু।যাৰ প্ৰতি মানৱ আত্মা চৰূপা ডান্টেৰ গভীৰ প্ৰেম, যি স্বৰ্গীয় আৰু শ্বাশ্বত ।আত্মাই বিয়েত্ৰিচৰ যোগেদি  ভাৰ্জিলৰ সহায়ত যি নৰকৰ মাজেদি স্বৰ্গলৈ গমন আমাৰ মতে পৰমব্ৰহ্মৰ সংযোগ হ'ল দি ডিভাইন কমেডিত।

প্ৰায় ১৪ বছৰ লাগি এই বিখ্যাত মহাকাব্য ভাৰতীয় লেখক(পেছাত এজন পোষ্ট মাষ্টৰ)শ্যামল কুমাৰ গংগোপাধ্যায়ে বঙালী ভাষালৈ ডিভাইন কমেডি অনুবাদ কৰে।অসমীয়ালৈ সম্ভৱ অনুবাদ হোৱা নাই।কাহিনী চমুকৈও এই লেখাত বৰ্ণনা কৰা অসম্ভৱ।এটা আংশৰ এক ধাৰণা দাঙি ধৰিছো।জীৱন্ত আত্মাৰে ডান্টে ইহলোকৰ পৰা পৰলোকলৈ গমন আৰম্ভ কৰে।এক জীৱন্ত আত্মাৰ পৰলোকৰ নৰকত থকা আত্মাবোৰক দুখ দুৰ্গতি  চাবলৈ  এই গমন।জীৱন্ত আত্মাই এই নৰক গমনৰ বৈধ্য অনুমতি লাভ কৰিলে ভগৱানৰ পৰা।এখন অন্ধকাৰ ময় গোপ মৰা অৰণ্যত সোমায় পৰিল ডান্টে ।বিয়েত্ৰিচে প্ৰেমাস্পদ ডান্টে ৰ নৰক ভ্ৰমনৰ সুবিধাৰ বাবে ডান্টে নজনাকৈ ভাৰ্জিল নামৰ এক আত্মা ক পঠায় দিলে।ভাৰ্জিলে আহি ডান্টেক লগ দিলে আৰু সঠিক পথেৰে নি নৰকৰ বিভিন্ন আত্মাৰ পাপ অনুযায়ী চলা বিভিন্ন শাস্তিৰ স্থান সমূহ দেখুৱালে।ইহলোকৰ দৰে পৰলোকতো নদী গছ সকলো আছে,কিন্ত এই বোৰ বিচিত্ৰ মাথোন।বহু ঠাইত সোমোৱাত জীৱিত আত্মাক বাধা দিলে যদিও ভগৱানৰ অনুমতি থকাৰ বাবে ডান্টে অসুবিধা নাপালে ।কোন আত্মাৰ ক'ত কেনেকৈ শাস্তি দিয়া হয়,সেইবোৰ বিচিত্ৰ।কিছুমান ঠাইত বিচিত্ৰ আকৃতিৰ জন্তু,ৰাক্ষস আদিও আত্মাৰ শাস্তি দিবলৈ নিয়োজিত হৈছে।হোমাৰৰ দৰে পুন্যআত্মাবোৰে সাহিত্য আলোচনালৈও নৰকত ডান্টে বিচাৰে।ইতিহাসৰ বীৰ বোৰৰো লগ. পায়।আত্মহত্যা কৰা আত্মা গছহৈ থাকে আৰু অনবৰত ইনাই বিনাই কান্দি থকাও লগ পায়। দেশদ্ৰোহী,পাদুৰি,আৰ্ক বিচপ আদিৰ আত্মাকো লগ পায়।শেষত ভাজিলৰ সহায়ত নৰকৰ পৰা ওলায়।এয়া ইনফেৰনোৰ চমু আভাষ।ইয়াৰ পিছত  পাৰ্গেটৰী আৰু স্বৰ্গ বা পাৰদিছো দুটা ভাগ আছে।বৰ্ণনা দীঘলীয়া হোৱাৰ বাবদ আলোচনা নকৰিলো।
তেওঁ ভাবিছিল মানুহৰ হৃদয় স্বৰ্গীয় সান্নিধ্যৰে সদায় আমোলমোলহৈ থাকে।এই সুগন্ধই মানুহৰ আত্মাক স্বৰ্গীয় প্ৰেমময় শিহৰণৰে ৰোমাঞ্চিত কৰে।ভাল কৰ্মৰ ফল ভাল হয়,বেয়া কৰ্মৰ ফল বেয়া হয়।তেওঁ The Dive,LA Vita Nuove,The Banguet,Literature in the Vernacular আদি কিতাপো ডান্টেই লিখে।তেওঁৰ মতে নৰকতে আৰম্ভ হয় স্বৰ্গৰ যাত্ৰা - Path to Paradise begins in hell.শেষত ডান্টেৰ এটি উক্তিৰে সামৰিছো The darkest places in hell are reserved for thouse who maintained their neutrality in times of moral crisis.


Writer: Dilip Kr. Baruah,Tezpur

 

 




editor: Diganta Kr. Bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়