সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

এলবাৰ্ট আইনষ্টাইন আৰু জীৱনত সুখৰ সন্ধান


এলবাৰ্ট আইনষ্টাইন আৰু জীৱনত সুখৰ সন্ধান

"মানুহ সুখী হ'বলৈ নিজৰ থকাখিনি নথকা জনৰ লগত তুলনা কৰিব লাগে।বেছিভাগ মানুহে নিজকে তেওঁতকৈ বেছি থকা জনৰ লগত তুলনা কৰে আৰু দুখী হয়।তেওঁ কয় ওচৰৰ অট্টালিকাটোলৈ নাচাব,খেৰি ঘৰটোলৈ চোৱা -সুখী হোৱা এয়া তেওঁৰ সুখৰ সূত্ৰ।সুকুমাৰ কলাৰ সাধনা ই মানুহক সকলো সময়তে সুখ দিয়ে।"



:-দিলীপ কুমাৰ বৰুৱা,তেজপুৰ 

মোৰ পিতৃ আনন্দেশ্বৰ বৰুৱাই তাহানিতে কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰি কলিকতাত স্নতকোত্তৰ আধৰুৱা কৰি গাঁৱত থকাৰ বাবে আমাৰ বিহালীৰ ঘৰখনত সদায় বিজ্ঞানৰ পৰিবেশ বিৰাজ কৰিছিল।ধৰ্ম,জাত-পাত আদিৰ ধাৰণাৰ উদ্ধত সকলো ক্ষেত্ৰতে সকলো কথা বিজ্ঞান মস্কতাৰে চিন্তা কৰি সিদ্ধান্ত ল'বলৈ দেউতাই শিকাইছিল।দেউতাৰ মুখত প্ৰায়ে শুনিছিলো মহান পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ কথা।



এলবাৰ্ট আইনষ্টাইন E=mc2 (২কিছু ওপৰত হ'ব)সূত্ৰৰ উদ্ভাৱক আৰু আপেক্ষিকতাবাদ  তত্বৰ উদ্ভাৱক । আপেক্ষিকতা বাদ সাধাৰণ মানুহে বুজি পোৱাকৈ তেওঁ কৈছিল এজনী সুন্দৰী যুৱতীৰ লগত এঘন্টা কটোৱা আৰু এটা গৰম চুলাৰ কাষত এক মিনিট সময় কটোৱাৰ যি অৱস্থা সেয়ে মোৰ আপেক্ষিক তত্ব।এটাত সময় কেনেকৈ গ'ল গম পোৱা নাযায়,আনটোত সময় কেতিয়া পাৰহৈ যায় ভাৱ।

এগৰাকী পণ্ডিত বিজ্ঞানীৰ বিজ্ঞানৰ তত্ব নজনাকৈও তেওঁৰ পৰা মানুহে শিকিব লগা শিক্ষাটো হ'ল মানুহ কেনেকৈ সুখী হ'ব পাৰে?পৃথিৱীৰ ভিতৰতে এগৰাকী সুখী মানুহ হিচাবে তেওঁক গণ্য কৰা হয়৷ 

উল্লেখযোগ্য যে  ১৯৯৫ চনতে মোৰ এলবাৰ্ট আইনষ্টাইন বিষয়ক শিশু গ্ৰন্থ প্ৰকাশ হয় ২০১৫ চনৰ পৰা কিতাপখনি বাৰে বাৰে পুনৰ মুদ্ৰিত হৈ আছে।

১৮৭৯ চনৰ ১৪ মাৰ্চ তাৰিখে এটি ইহুদী পৰিয়ালত জাৰ্মানীৰ বেভেৰিয়া প্ৰদেশৰ উলমত এলবাৰ্ট আইনষ্টাইন ৰ জন্ম হয়।১৯৫৫ চনৰ ১৮ এপ্ৰিলত ৭৬ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।আইনষ্টাইনে বিদ্যালয়ৰ জীৱন,শিক্ষকৰ কঠোৰতা একেবাৰে সহ্য কৰিব নোৱাৰিছিল।আখৰ শিকাটো বৰ কষ্ট পাইছিল।বৰ্ডিংত থাকি ইমানেই বেয়া পাইছিল যে পলাবলৈ সুযোগ বিচাৰি ফুৰে,উপায় নাপাই ৰোগী বুলি ডাক্টৰৰ প্ৰমান পত্ৰলৈ ঘৰলৈ গুচি আহে।শৈশৱৰ পৰা তেওঁলআছিল স্বাধীন আৰু ব্যতিক্ৰমী।

চুইজাৰলেণ্ডত পঢ়া কালত তেখেতে গণিতত সৰ্বোচ্চ নম্বৰ লাভ কৰি সকলো বিষয়ত‌ ফেল কৰে।এনে দৰে বহু লটিঘটিৰ মাজৰে ১৯০০ চনত স্নাতক ডিগ্ৰী কোনোমতে লাভ কৰে।শিক্ষক হোৱাৰ সপোন আছিল যদি ইহুদী হোৱা বাবে তেওঁক শিক্ষক পদ দিয়া নহল।১৯০৬ চনত  তেওঁ জিৰিখ বিশ্ববিদ্যালয় ৰ অধ্যাপক হয়।ইয়াৰ পিছত জাৰ্মান বিশ্ববিদ্যালয়ৰ অধ্যাপক হয় যদিও হিটলাৰৰ পৰা প্ৰাণ বচাবলৈ ১৯৩৩ চনত জাৰ্মানী ত্যাগ কৰি পীন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক হয় ১৯৪৮ অৱসৰ গ্ৰহন কৰে।তেওঁ প্ৰথমে জাৰ্মানীৰ,তাৰ পিছত চুইজাৰলেণ্ড আৰু শেষত আমেৰিকাৰ নাগৰিকত্ব লয়।খেলি মেলিতে তেওঁ পাঁচ বছৰ কোনো দেশৰে নাগৰিক নাছিল।১৯০৫ চনত আপেক্ষিকতাবাদ তত্ব আবিস্কাৰ কৰি বিশ্বত তেওঁ জিলিকি উঠো।১৯২১ চনত ফটো ইলেকট্ৰিক তত্ব আবিস্কাৰ ৰ বাবে তেওঁক নবেল বঁটাৰে সন্মানিত কৰে।অৱশ্যে আপেক্ষিক তত্বৰ বাবেহে তেওঁক নবেল বঁটা দিব লাগিছিল বুলি বিৰ্তক আছে।তেওঁ ৫০ খনৰ বেছি গৱেষণা পত্ৰৰ প্ৰস্তুত কৰে।আমেৰিকাৰ প্ৰেচিডেন্ট ৰোছভেল্টলৈ আনৱিক বোমাৰ বিষয়ে অৱগত কৰি দিয়া চিঠি তেওঁৰ একমাত্ৰ ভুল বুলি কোৱা হয়।ইয়াৰ পিছতে যুদ্ধৰ বিপক্ষে ১৯৫৫ চনত ৰাছেল-আইনষ্টাইন শান্তি ইস্তাহাৰত তেওঁ স্বাক্ষৰ কৰে।


এলবাৰ্ট আইনষ্টাইনক এগৰাকী সুখী ব্যক্তি বুলি কোৱা হয়।তেওঁৰ সুখৰ আধাৰ আছিল বিজ্ঞানৰ জৰিয়তে মানৱ সেৱা।তেওঁ কৈছিল মানুহ সুখী হ'বলৈ নিজৰ থকাখিনি নথকা জনৰ লগত তুলনা কৰিব লাগে।বেছিভাগ মানুহে নিজকে তেওঁতকৈ বেছি থকা জনৰ লগত তুলনা কৰে আৰু দুখী হয়।তেওঁ কয় ওচৰৰ অট্টালিকাটোলৈ নাচাব,খেৰি ঘৰটোলৈ চোৱা -সুখী হোৱা এয়া তেওঁৰ সুখৰ সূত্ৰ।সুকুমাৰ কলাৰ সাধনা ই মানুহক সকলো সময়তে সুখ দিয়ে।

আইনষ্টানে ভায়লিন খন বজাই সংগীতৰ মাজতে সুখ পাইছিল।তেওঁৰ মতে শৈশৱত যি কোনো এবিধ বাদ্য অনুশীলন কৰিলে সি জীৱনৰ শেষলৈকে আনন্দ দিয়ে। এবাৰ বেলজিয়ামৰ ৰাণীয়ে আইনষ্টাইনক মাতি পঠাই।কিন্তু তেওঁক ৰেলৱেৰ পৰা আদৰি নিবলৈ অহা কনভয়দলে তেওঁক নাপায় উভতি গ'ল।অলপ পিছতে হাতত ভায়লিন খনৰে জপৰা মুৰৰ আইনষ্টাইন খোজ কাঢ়ি গৈ ৰাজসভাত ওলাল।আইনষ্টাইন সুখী আছিল কাৰণ তেওঁৰ জীৱন আছিল অতি সৰল-সহজ,কোনো ইগৰ প্ৰতি তেওঁৰ দুৰ্বলতা নাছিল।সা-সম্পতি,টকা-পইছাৰ  প্ৰতি তেওঁ বৰ উদাসীন আছিল ।গান্ধীজীৰ জীৱনশৈলী তেওঁ বৰ ভাল পাই কৈছিল যে ভবিষ্যত প্ৰজন্মই হয়তো গান্ধীৰ দৰে এজন মানুহ পৃথিৱীত জন্ম হৈছিল বুলি বিশ্বাস কৰিবলৈ টান পাব।আইনষ্টাইনে দুটুকুৰা চাবোন ব্যৱহাৰ নকৰাৰ বিষয়ে  এবাৰ প্ৰশ্ন কৰোতে কয়, যে দুটি মানসিকতা তেওঁৰ নাই(double standard)গতিকে দাড়ী কটা,গাধোৱাৰ বাবে তেওঁৰ দুটুকুৰা চাবোন ব্যৱহাৰ প্ৰয়োজন নাই।তেওঁৰ আন কেইটামান গুণ হ'ল ধৰ্মীয় চিন্তাৰ প্ৰতি উদাৰতা,জাতিগত চিন্তাৰ উদ্ধত থকা মনোবল,সংগীতৰ প্ৰতি গভীৰ অনুৰাগ,নৈতিক বিমল চৰিত্ৰৰ জীৱনশৈলী আৰু বিনয়ভাৱ ।মানুহৰ প্ৰতি গভীৰ ভালপোৱা আৰু বৈষয়িক খ্যাতিৰ প্ৰতি নিলিপ্ততা তেওঁৰ দুটি মহত গুণ।A table,a chair,a bowl of fruit and a violin, what else does a man need to be happy?

তেওঁ কৈছিল বেছি ভাগ মানুহে বেছি ভাগ কথাই নিজৰ চকুৰে নাচাই,নিজৰ অন্তৰেৰে নাভাৱে।সেয়েহে দুখত পৰে।মানুহক জীৱনত সুখী হ'বলৈ জ্ঞানতকৈ কল্পনাৰ বেছি প্ৰয়োজন। Try not to become a man of success,but rather try to become a man of value.তেওঁৰ মতে দুটা বস্তু অসীম:এটা হ'ল মহাকাশ,আনটো হ'ল মানুহৰ মূৰ্খতা।তেওঁৰ মতে মানুহৰ জীৱনটো এখন বাইচাইকেল চলোৱাৰ দৰে,সন্তলন ৰক্ষা কৰিবলৈ তুমি গতিত থাকিব লাগিব।অৰ্থাৎ কৰ্মক্ষম জীৱনেই সদায় সুখৰ আধাৰ।শেষত তেওঁৰ এষাৰ মন্তব্যৰে সামৰিছো A happy man is too satisfied with the present,to dwell too much on the future.



Writer: Dilip Kr. Baruah,TEZPUR




EDIT: Diganta kumar Bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়