সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Robert Frost And His poems ৰবাৰ্ট ফ্ৰষ্ট আৰু তেওঁৰ কবিতা

 Robert Frost

 

 

Robert Frost And His poems

 ৰবাৰ্ট ফ্ৰষ্ট আৰু তেওঁৰ কবিতা


ৰবাৰ্ট ফ্ৰষ্ট আৰু তেওঁৰ কবিতা


                                                                                             ----:দিলীপ কুমাৰ বৰুৱা

 Robert Frost And His poems

                                                                            -:Dilip Kumar Baruah,TEZPUR.

I’ve tried the new moon tilted in the air
Above a hazy tree-and-farmhouse cluster
As you might try a jewel in your hair.
I’ve tried it fine with little breadth of luster,
Alone, or in one ornament combining
With one first-water star almost as shining.


 ইংৰাজী সাহিত্যৰ এগৰাকী অতি জনপ্ৰিয় কবি হ'ল ৰবাৰ্ট ফ্ৰষ্ট।তেওঁৰ কবিতা এফাকি পণ্ডিত জৱহৰলাল নেহেৰুৰো অতি প্ৰিয়...

The woods are lovely,dark and deep,
But I have to promises to keep,
And miles to go before I sleep,
And  miles to go before I sleep.

Stopping by woods on a snowy evening নামৰ কবিতাটোৰে এই বাক্য শেষ বাক্য।প্ৰায়বোৰ শিক্ষকে ছাত্ৰক উৎসাহ দিবলৈ এই বাক্য কেইশাৰী প্ৰায়ে কয়।এক সুখ,আনন্দময় জীৱন,প্ৰাকৃতিক মোহিত পৰিৱেশৰ মাজতো এজন লোক নিজৰ গন্তব্যৰ পিনে সকলো আওকান কৰি নিৰৱচিন্নভাৱে গৈ থাকিব পৰাটো জীৱনৰ ডাঙৰ সাধনা।বিপদতকৈ সমৃদ্ধিৰ সময়ত বেছি মানুহ লক্ষচ্যুত হয়।



ফ্ৰষ্ট আমেৰিকাৰ জনপ্ৰিয় কবি Master of Poet by World standard বুলি কোৱা হয়।তেওঁৰ কবিতা সৰল,গভীৰ ভাৱ প্ৰৱন আৰু প্ৰত্যক্ষ ভাৱৰ বুলি কোৱা হয়।গ্ৰাম্য চিত্ৰকল্প আৰু চিত্ৰনে তেওঁ কবিতাক অনন্যতা প্ৰদান কৰিছে।নিজৰ জীৱন প্ৰতিনিয়ত কবিৰ শিক্ষা গুৰু I h've learned about life:it goes on. গ্ৰাম্য প্ৰকৃতি,মানুহ আৰু মাটি কবিৰ কবিতাৰ প্ৰাণ চৰূপ।কবিতা দুৰবোদ্ধ্য নহয় অতি সৰল।গীতিময়তাই পাঠকৰ হৃদয় স্পৰ্শ কৰে।আৱেদনে আবেগকত মৃদু মৃদু কম্পন তোলে।
 কবিতা বহুতে লিখে কিন্তু সকলো কবি নহয়।এনে কবি ময়ো এজন।তেজপুৰ কবি কাননৰ মই সভাপতিও আছিলো যদিও মই জানো মই কবি হ'ব নোৱাৰিলোঁ ।

ফ্ৰষ্টে লিখিছিল, Poetry is when  an emotion has found its thought and thought has found words.অনুভৱক শব্দশিল্পৰে সজাৱ পৰা জনেই কবি।কবিতাৰ ফৰ্মলৈ বহু পৰীক্ষা নিৰীক্ষা হৈছে পৃথিবীত।আমাৰ দেশত কবি বেছি,কবিতাৰ পাঠক কম।কবি অজিত বৰুৱাই এবাৰ কৈছিল ভাল কবিৰ কবিতাও অসমত দুশকপিৰ বেছি বিক্ৰী নহয়।ই সঁচা হ'লে জাতীয় সাহিত্যৰ বাবে ডাঙৰ দুৰ্ভাগ্য। অৱশ্যে হীৰেণ ভট্টাচাৰ্য ক্ষেত্ৰত এই কথা নাখাতে।

ৰবাৰ্ট ফ্ৰষ্টৰ জীৱন আছিল দুখ আৰু সংগ্ৰামেৰে আবৰ।শৈশৱতে যক্ষ্মাৰোগত পিতৃক হেৰুৱাই মাকৰ সৈতে আন এখন চহৰলৈ যায়। ১৯০০ চনত সেই চহৰতে কৰ্কট ৰোগত মাতৃৰ বিয়োগ হয় ।মুচীৰ পৰা আদি কৰি প্ৰায়বোৰ কামেই তেওঁ ধনৰ বাবে কৰে।বিয়াৰ পিছতে তেওঁ আৰ্থিক ভাৱে সৰ্বশ্ৰান্ত হৈ গাঁৱলৈ ঘুৰিগৈ ৯ বছৰ খেতি কৰে আৰু পুনৰ চহৰলৈ আহে।সেই সময়ত নিজৰ কন্যাৰ মানসিক ৰোগ হয়।নিজেও তেওঁ বৰ মানসিক চাপ বহন কৰিব লগা হয়।


ফ্ৰষ্টাৰে ১৯২৪,১৯৩১,১৯৩৭ আৰু১৯৪৩ চনত চাৰিবাৰ পুলিৎজাৰ বঁটা পায়।১৯৬১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কবি হিচাবে(Poet of Laurent)সন্মান দি আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ বাবে কবিতা লিখাৰ সন্মান দিয়া হয়।অৱশ্যে ইয়াৰ দুবছৰ পিছতে তেওঁৰ মৃত্যু হয়।সকলো পৰিস্থিতিতে তেওঁ কবিতা লিখিয়ে আছিল।বহুতে তেওঁৰ ভাষা সলনি কৰিবলৈ পৰাৰ্মশ দিয়ে যদিও তেওঁ লেখাৰ সুকীয়া সৰল ভাষা সলনি কৰিবলৈ অস্বীকাৰ কৰে।পিছত তেওঁৰ ভাষাই মান্যতা পায়।কবিয়ে নাটক আৰু গদ্যও লিখিছে।কবিৰ‌ মতে এজন লেখক যদি প্ৰকৃত সমাজৰ বুকুৰ পৰা ওলাই আহে তেওঁৰ ব্যাকৰণীক ভুল ভাষাত থাকিব পাৰে।তেওঁ নিজৰ ঘৰ সম্পৰ্কে ডাঙৰ কথা কৈছিল ,নিজৰ ঘৰ মানুহৰ এনে এটুকুৰা ঠাই য'লৈ যিকোনো পৰিস্থিতিত যিকোনো সময়ত  মানুহ সোমাব পাৰে।শেষত কবিৰ এফাকি কবিতাৰে সামৰিছো...
I’ve tried the new moon tilted in the air
Above a hazy tree-and-farmhouse cluster
As you might try a jewel in your hair.
I’ve tried it fine with little breadth of luster,
Alone, or in one ornament combining
With one first-water star almost as shining.



লেখক: দিলীপ কুমাৰ  বৰুৱা,তেজপুৰ

 

সম্পাদনা মেজৰ পৰা..........

Robert Frost
Robert Frost in 1941
Robert Frost in 1941
BornRobert Lee Frost
March 26, 1874
San Francisco, California, US
DiedJanuary 29, 1963 (aged 88)
Boston, Massachusetts, US
OccupationPoet, playwright
Alma materDartmouth College
(no degree)
Harvard University
(no degree)
Notable worksA Boy's Will, North of Boston[1]
Notable awardsPulitzer Prize for Poetry, Congressional Gold Medal
Spouse
Elinor Miriam White
(m. 1895; died 1938)
Children6

Signature


সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়