শ্ৰীনিবাস আয়েংগাৰ ৰমানুজন আৰু ভাৰতীয় গণিতশাস্ত্ৰ
==দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ।
বিদ্যালয়ত পঢ়ি থাকোতে গণিত বিষয়ক হৰণ অংক বিষয়ক পাঠ দান কৰোতে শিক্ষকক এজন ছাত্ৰই প্ৰশ্ন কৰিলে ,--'চাৰ,শূন্যক শূন্যৰে হৰণ কৰিলে কি হ'ব।' ছাত্ৰ জনৰ কথাত লৰা-ছোৱালীবোৰে হাঁহিবলৈ ধৰিলে।শিক্ষকে তেতিয়া ক'লে যে এওঁ গণিতৰ এটা ডাঙৰ প্ৰশ্ন কৰিছে।তোমালোকে জানি আচৰিত হ'বা যে শূন্যক শূন্যৰে হৰণ কৰিলে শূন্যও নহয়,একও(১) নহয়।এটা নতুন গণিতীয় সংখ্যা হয় অসীম বা ইনফিনিতি।প্ৰশ্ন কৰা এই সৰু ল'ৰাটোৱে অতি কম বয়সতে বিশ্বৰ গণিতত ৰমানুজন নামে খ্যাতি লাভ কৰিলে।তেওঁৰ সম্পূৰ্ণ নাম আছিল শ্ৰীনিৱাস আয়েংগাৰ ৰমানুজন।
১৮৮৭ চনৰ ২২ ডিচেম্বৰত জন্ম হোৱা এই বিখ্যাত গণিতজ্ঞ জন মাত্ৰ ৩২ বছৰ জীয়াই আছিল।১৯২০ চনৰ ২৬ এপ্ৰিলত তেওঁৰ যক্ষ্মাৰোগ ত শোকাৱহ ভাৱে মৃত্যু হয়।শৈশৱৰ পৰাই দৰিদ্ৰতাৰ সৈতে অহৰহ যুঁজ দিয়া ৰামানুজনে কেৱল গণিত বিষয়ৰ বাদে সকলো বিষয়তে পৰীক্ষা সমূহত ভাল সুখ্যাতি দেখুৱাব নোৱাৰিছিল ,ফলত ডিগ্ৰী লাভ কৰিবলৈ সমৰ্থ নহল।গণিত তেওঁৰ ইমানেই প্ৰিয় বিষয় আছিল যে মন্দিৰৰ মজিয়াতে গণিতীয় জটিল জটিল সমাধান কৰি তেওঁ মুগ্ধহৈ পৰিছিল।বহু কষ্টৰ মুৰত চাকৰি এটা যোগাৰ কৰি তেওঁ কোনোমতে মাক আৰু পৰিবাৰক ভৰণ পোষন দিব পাৰিছিল।
উল্লেখযোগ্য যে ২১ বছৰতে ৰমানুজমৰ ১০ বছৰীয়া জানকী নামৰ ছোৱালীৰ সৈতে বিয়া হয় আৰু তাৰ পিছতে তিনিও মাদ্ৰাজলৈ চাকৰি বিচাৰি আহে।মাদ্ৰাজতে মানব কম্পিউটাৰ সদৃশ চাকৰি এটাত যোগ দিয়ে।এই আৱস্থাত তেওঁৰ অৱস্থা ইমান বেয়া আছিল যে ভাৰাঘৰত তেওঁ নিজে মজিয়াত শুই মাক আৰু পৰিবাৰক বিছনাৰ ওপৰত শুৱাইছিল।
আমি ভাৰতীয় হিচাবে গৌৰৱ কৰিব পাৰো যে খৃ:পূ: ১২০০ পৰাই ভাৰতবৰ্ষই গণিত বিষয়ত বহু দিশত সফলতা লাভ কৰে।আৰ্যভট্ট,ব্ৰহ্মগুপ্ত,ভস্কৰ (প্ৰথম আৰু দ্বিতীয়),বৰাহমিহিৰ আদি প্ৰাচীন ভাৰতীয় বিখ্যাত গণিতজ্ঞ আছিল।বিশেষকৈ গণিতৰ পাটীগণিত,বীজ গণিত,সমতল ত্ৰিকোনমিতি,দ্বি ঘাত সমীকৰণ,দশমিক পদ্ধতি,চাইন আৰু কোচাইনৰ ধাৰণা প্ৰচীন ভাৰতীয় গণিতজ্ঞ সকলে বিকশিত কৰিছিল।আনকি শূন্য (০) আৰু দশমিক পদ্ধতিৰ জ্ঞানো আৰ্যভট্টই (খৃঃপূৃঃ৫৯৮-৬৬৮)আয়ত্ব কৰিছিল,সেয়েহে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ তেওঁৰ নামেৰে নামাকৰণ কৰা হয়।
ৰামানুজন আছিল প্ৰাক স্বাধীনতা যুগৰ, এই চহকী ভাৰতীয় গণিত ধাৰাৰ যোগ্য প্ৰতিনিধি।কিন্তু তেওঁ আছিল অতিকৈ দৰিদ্ৰ।৩১ জানুৱাৰী,১৯৩১ চনত মাদ্ৰাজৰ কেইজন মান লোকৰ সহায়ত ৰমানুজমে তেওঁ সমাধান কৰা গণিতৰ জটিল সমাধান কিছুমান সেই সময়ৰ কেম্ব্ৰিজ বিশ্ব বিদ্যালয়ৰ গণিতৰ প্ৰধান আচাৰ্য ড: জি .এছ. হাৰ্ডীলৈ পঠাই দিলে।হাৰ্ডীয়ে ৰমানুজনৰ সমাধান দেখি আচৰিত হ'ল।
গুণীৰ গুণ বুজি হাৰ্ডীয়ে ৰমানুজনৰ ততালিকে লণ্ডনলৈ মাতি পঠালে।ব্ৰাহ্মনৰ ল'ৰা ইলেণ্ডলৈ যোৱাত পৰিয়ালৰ বাধাৰ সন্মুখিন হয় যদিও পিছত সকলোৱে তেওঁক যাবলৈ দিবলৈ সন্মত হয়।ইংলেণ্ড পাই ৰমানুজনে হাৰ্ডীৰ তত্বাবধানত অতি জটিল জটিল গণিতীয় তত্ব বিশ্লেষণ কৰি এগৰাকী প্ৰখ্যাত গণিতজ্ঞ হিচাবে অলপ দিনতে কেম্ব্ৰিজত জিলিকি উঠে।কেম্ব্ৰিজত ৰামানুজনে ২১ খন নতুন গণিতীয় তত্ব উদ্ভাৱন কৰে।এই গৱেষণা তত্ব বোৰ হ'ল --, সংখ্যাতত্বৰ চক্ৰীয় পদ্ধতি,অসমতাৰ বীজ গণিত,উপ বৃত্তাকাৰ ফলন,অনৱচ্ছিন্ন ভগ্নাংশ ইত্যাদি।
১৯১৮ চনত প্ৰথম ভাৰতীয় হিচাবে ৰামানুজন লৈ আগবঢ়োৱা হ'ল ফেল অৱ ৰয়েল চোচাইটিৰ সন্মান।এই খবৰ ভাৰত পোৱাৰ পিছত মাদ্ৰাজৰ ট্ৰিনিটি কলেজে তেওঁক ২৫০ পাউণ্ডৰ ফেল ঘোষনা কৰে আৰু এই টকাৰে তেওঁৰ পৰিয়ালক ভৰণ পোষণৰ লগতে ৰাহি সকলো ধন দুখীয়া ছাত্ৰৰ কল্যাণত খৰচ কৰে।ৰমানুজন ৬ বছৰ ইংলণ্ডত থাকি গণিতৰ বহু বিৰল সেৱা আগবঢ়াই।
এবাৰ হাৰ্ডীয়ে ৰমানুজনক সুধিছিল বিশ্বৰ গণিতজ্ঞ সকলে উলিয়াব নোৱৰা সমাধানবোৰ অতি সহজে তেওঁ কিদৰে উলিয়াব পাৰে।অতিধৰ্ম প্ৰাণ ৰমানুজনৰ মতে তেওঁৰ মনৰ ভিতৰত হেনো এক ঐশ্বৰিক শক্তিয়ে কাম কৰে আৰু গণিতীয় সমাধান কৰাত সহায় হয়।অৱশ্যে হাৰ্ডীয়ে যিহেতু ভগৱান বিশ্বাস নকৰিছিল গতিকে ৰমানুজনৰ কথা বিশ্বাস কৰা নাছিল, কিন্তু তেওঁৰ আই কিউ ১৮৫ বুলি হাৰ্ডীয়ে মানি লৈছিল।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰা অৱস্থাতে তেওঁ যক্ষ্মাৰোগ ত আক্ৰান্ত হয়,কিন্তু ৰোগ গোপন কৰি বৰ কষ্টৰে তেওঁ গৱেষণা সমাপ্ত কৰে।ইয়াৰ পিছত ২৭ মাৰ্চ ১৯১৯ চনত তেওঁ অসুস্থতাৰে ভাৰতবৰ্ষলৈ ঘুৰি আহে।ঘৰলৈ অহাৰ এবছৰ পিছতে মাত্ৰ ৩২ বছৰত এই মহান গণিতজ্ঞ জনৰ মৃত্যু হয়৷
(সবিশেষৰ বাবে মোৰ ভাৰতীয় বিজ্ঞানী খন পঢ়িব পাৰে)।ভাৰতৰে দুৰ্ভাগ্য যে এনে মহান গণিতজ্ঞ জন আমি অকালতে হেৰুৱালো।
==দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ।
editing: diganta kumar bhuyan
Comments
Post a Comment
If you have any doubts, please let me know.