সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

গুস্তাভ ফ্লেৱাৰ্ট gustav flaubert

গুস্তাভ ফ্লেৱাৰ্ট gustav flaubert

ফৰাচী লেখক গোস্তাভ ফ্লেৱাৰ্ট আৰু মেডাম ৱভাৰী


-----:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

মই ২৫ বছৰ মহাজাতি কাকতৰ সাংবাদিক আৰু লেখক আছিলো।১৫ বছৰ আজিৰ অসমৰ সাংবাদিক আছিলো।অসম আন্দোলনত লেখাৰ বাবে বিহালী আৰক্ষী বিষয়া সোনাৰাম বৰাৰ দ্বাৰা গ্ৰেপ্তাৰহৈ মই অতি বেছি নিৰ্যাতন ভোগ কৰি এবছৰ দুৰাৰোগ্য ৰোগত চিকিৎসাধীন হওঁ।মহাজাতিৰ সম্পাদক ড.পূৰ্ণনাৰায়ন সিংহ,প্ৰণৱ সিংহ,পঙ্কজ নাৰায়ণ সিংহ মোৰ সাহিত্য-সাংবাদিকতাৰ গুৰু আছিল।মহাজাতিৰ সেইসময়ৰ দুগৰাকী সহ সম্পাদক‌ ৰঞ্জন কাকতি আৰু তৰুণ দাসো আছিল আমাৰ চিন্তাৰ গুৰুজন।তৰণ দাসদেৱে প্ৰায়ে এজন মানুহৰ কথা কৈছিল তেওঁ হল গোস্তাভ ফ্লেৱাৰ্ট আৰু তেওঁৰ গ্ৰন্থ মেডাম ৱভাৰী।তৰুণ দাই ৰঙা চাহ খাই খাই কৈ থাকে কাহিনী আৰু আমি শুনো।

 গুস্তাভ ফ্লেৱাৰ্ট gustav flaubert

 

গোস্তাভ ফ্লেৱাৰ্ট এগৰাকী ফৰাচী ঔপন্যাসিক।১৮২১ চনৰ
১২ডিচেম্বৰত জন্ম হোৱা লেখকৰ ১৮৮০ চনৰ ৮মাৰ্চত মৃত্যু হয়।ৰোগে গোস্তাভ ফ্লেৱাৰ্টক বাধ্য কৰিছিল সাহিত্য চৰ্চা কৰিবলৈ।পেৰিছত পঢ়ি থকা গোস্তাভ ফ্লেৱাৰ্ট ২২ বছৰতে মৃৰ্গিৰোগ (epilepsy)  হয় আৰু পঢ়া এৰি নি:সঙ্গ ঘৰুৱা জীৱন কটাব লগাত পৰে আৰু ৰোগকো নেওচি তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰে।কিছুদিনৰ পিছতে তেওঁৰ চিকিৎসক পিতৃৰ বিয়োগ হয়।কিছুদিনৰ বাবে তেওঁ লুইছ কলেট নামৰ কবি এগৰাকীক বিয়া কৰায় যদিও বৈবাহিক জীৱন ভাগি যায়।জীৱনৰ শেষৰ পিনে ভনীয়েকৰ ধাৰৰ বোজা নিজে বহন কৰি তেওঁ দৰিদ্ৰ হৈ পৰে।তেওঁ বৰ জেদী প্ৰকৃতিৰ লোক আছিল,ধনী অধ্যৱন্তলোক চিন্তাৰ দৰিদ্ৰ আৰু অতি ৰক্ষণশীল বুলি নিজৰ অনুভৱ ব্যক্ত কৰিছিল ।


মাডাম ৱভাৰী লিখাৰ আগেয়ে বহুৱোৰ উপন্যাস লিখে যদিও ,

এই উপন্যাসৰ কাহিনীয়ে তেওঁক চিৰস্মৰণীয় কৰিলে।উপন্যাসৰ চমু কাহিনী এনেধৰণৰ।চাৰ্লচ ৱভেৰী এজন অতি অসুখী টিকিৎসক।দেউতাকৰ সপোন পুৰা কৰিবলৈ গৈ তেওঁ চিকিৎসক হ'ল।বেয়া পালেও নিজৰ বৃত্তি বৰ কষ্টৰে চলাই গ'ল।৪৫ বছৰীয়া বিধবা এগৰাকীক বিয়া কৰাই যদিও তেওঁও কম দিনতে ঢুকাল।এদিন এজন ৰোগী চাবলৈ গৈ চাৰ্লচ ৰোগীৰ কন্যা এমাৰ সৈতে প্ৰেমত পৰিল।দুয়োৰে বিয়া হ'ল ।এজনী ছোৱালী ৱাৰ্থৰ জন্ম হ'ল।কিন্তু এমা আছিল অতি উচ্চাকাংক্ষী ।তাই সংসাৰত একেবাৰে সুখী নাছিল ।ৰোমান্সকৰ সপোন দেখা বিলাসী এমাই লিয়ন নামৰ এজনৰ সৈতে পৰকীয়া প্ৰেমত পৰিল।কিন্তু এমা বিবাহিত বুলি গম পাই লিয়ন পলাল পেৰিচলৈ ।দ্বিতীয় বাৰ এমা প্ৰেমত পৰিল ধনী ৰ'দল্ডৰ সৈতে।এমাৰ লাহে বিলাসৰ  খৰচ বাঢ়ি যোৱাত ধাৰ বাঢ়ি গ'ল।এমা ধৰুৱা বুলি জানি ৰ'দল্ড পলাল।ধাৰৰ চিন্তাতে এমা বেমাৰী হ'ল।বৰ কষ্ট কৰি চাৰ্লচে এমাক ভাল কৰি বেলেগ চহৰলৈ লৈ গ'ল বন্ধু এজনৰ পৰামৰ্শত।আন এখন চহৰলৈ গৈ পুনৰ এমাই লগ পালে লিয়নক।আকৌ  প্ৰেমক সম্বন্ধ গোপনে চলি থাকিল।ধাৰ বাঢ়ি যোৱাত এমাই সকলোৰে পৰা টকা বিচাৰি নাপায় উপায়ন্তৰহৈ  বিষ পান কৰি আত্মহত্যা  কৰে।এমাৰ ধাৰ কষ্টৰে  চাৰ্লচে মাৰে।এদিন বাকচত এমাৰ প্ৰেম পত্ৰ সমূহ পাই এমাই কেনেকৈ গোপনে তেওঁক ঠগি আছিল চাৰ্লচে গম পালে।চাৰ্লচে সেয়া দুভাগ্য বুলি সহজে মানি লয়।এদিন হৃদপিণ্ডৰ ক্ৰীড়া বন্ধহৈ চাৰ্লচৰ মৃত্যু হ'ল।ছোৱালী জনী ঘাটমাউৰা হ'ল।কাহিনী সমাপ্ত হ'ল।

তেওঁৰ মূল কথা হ'ল I believe that if one always looked at the skies ,one would end up with wings.
সংস্কৃতি ৰ ওপৰটো বহুবোৰ আলোচনা কৰিছিল ফ্লেৱাৰে।মানুহৰ উপাধী,গোত্ৰ ব্যৱস্থাৰ ওপৰটো সন্ধালনি আলোচনা কৰিছিল তেওঁ।তেওঁৰ মতে মানুহৰ হৃদয়খনৰো ভোক লাগে,আহাৰৰ বাবে  চঞ্চলহৈ থাকে।কেৱল পেটৰ ভোকৰ বাবে মানুহ জীয়াই নাথাকে।তেওঁৰ মতে মানৱ জীৱনৰ সকলোবোৰ মিছা,আধা সঁচা কেৱল মানুহৰ শিল্প কৰ্ম,সৃষ্টি।বেছি পঢ়া ভাল,কিন্তু বেচি কিতাপ পঢ়িলেও মন খেলিমেলি হ'ব পাৰে বুলি তেওঁ ভাৱে।।মানুহ বেছিকৈ অসুখী হ'ব বিচাৰিলে,সকলো কলাগত কৰ্ম এৰি আপোনভোলাহৈ ঘৰতে বহি থাকিলেই হ'ল,তেওঁৰ মত।তেওঁৰ এষাৰ কথাৰে সামৰিছো  The more humanity advance,the more it is disgarded.



-----:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

 



Editor: Diganta Kr. Bhuyan 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়