সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

সাউদ ভোলানাথ বৰুৱা

Saud Bholanath Baruah

 সাউদ ভোলানাথ বৰুৱা


*বাণিজ‍্য দিৱস*

  --- লেখক: শান্তনু বৰুৱা,তেজপুৰ

অসমৰ এগৰাকী নমস‍্য ব‍্যক্তি সাউদ ভোলানাথ বৰুৱা। যি জীৱনৰ সমগ্ৰ উপাৰ্জন দান কৰি গল অসমৰ বুনিয়াদী শিক্ষাৰ বিকাশৰ বাবে । ১৯২০ চনতে তেওঁ অসমৰ কাৰিকৰী প্ৰযুক্তিবিদ‍্যাৰ ভেটি গঢ়ি তুলিবৰ বাবে এক লাখ টকাৰ অনুদান আগবঢ়াইছিল। 

প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে তেওঁ ১৯২০ চনমানত ১০০ কোটি (এশ কোটি )টকাৰ সম্পদ অসম ৰ বাবে আগ বঢ়াইছিল। মৃত‍্যুৰ আগে আগে ইচ্ছাপত্ৰত লিখি থৈ গৈছিল অসমৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে জীৱনৰ সমষ্ট সম্পত্তি। কিয়নো ঘৰুৱা অৱস্থাৰ হঠাত অবনতি হোৱাৰ বাবে তেওঁ সাত কি,মি, দূৰৈৰ স্কুলত পঢ়িব লগা হোৱাৰ উপৰিও শেষত গুৱাহাটীৰ পেহাকৰ লগত থাকিও পঢ়িব লগা হৈছিল। গতিকে শিক্ষাৰ প্ৰয়োজনীয়তাক তেওঁ ভালকৈয়ে বুজি পাইছিল। পিছে তেওঁ লোকৰ বোজা হব নুখুজি বৰুৱা ফুকন ব্ৰাদাৰ্ছৰ ৩০ টকীয়া মেনেজাৰ হৈ কৰ্ম জীৱন আগ বঢ়ালে। তথাপি দুৰ্ভাগ‍্যই লগ নেৰাত তেওঁ বৌৱেকৰ পৰা ৫০০ টকা লৈ কলকাতা পালেগৈ আৰু ১৮৮০ চনত বি, ব্ৰাদাৰ্চ নামে প্ৰতিস্থান খুলি কাঠৰ কামত হাত দিলে। লগ লাগিল লক্ষ্মীনাথ বেজবৰুৱা। দুয়ো ১৮৯৩ চনৰ পৰা ১৯০৪ চনলৈকে যৌথ ভাবে ব‍্যৱসায় আগ বঢ়াই নিলে।১৮৯৪ চনত তেওঁ উৰিষ‍্যাৰ সিংভূম জিলাৰ এখনি ডাঠ কাঠনি বাৰী ডাকিলৈ কাৰবাৰ আৰম্ভ কৰিলে। কাঠৰ পইচা তেওঁ টিন, কপাহ, মৰাপাট, কয়লা আদিতো লগাব ধৰিলে। এইদৰে এদিন ১৯০৬ চনত তেওঁ উৰিষ‍্যাৰ ময়ুৰ ভঞ্জ ৰজাৰ পৰা এথন ডাঠ হাবি ২০ বছৰৰ বাবে লৈ বৃহৎ কাৰবাৰ এটি হাতত ললে। ই ইমানেই বহদাকাৰ আছিল যে হাবিৰ কাঠ তানিবলৈ তেওঁ ৰেলৰ আৱশ‍্যকতা অনুভৱ কৰিলে। সেয়েহে ১৯০৮ চনত তেওঁ লণ্ডনলৈ গৈ ৰেলৰ অনুমোদন বিছাৰি ৰাণীক লগ ধৰি হীৰাৰ হাৰ উপহাৰ দি আহিছিল। এনে বিচক্ষণতাৰ বাবেই তেওঁক কলকাতাৰ 'টিম্বাৰ প্ৰিন্স অৱ বেঙ্গল' বুলি অভিহিত কৰিছিল আৰু উৰিষ‍্যাত 'জুট মাৰ্চেন্ট' ৰূপে খ‍্যাত হৈছিল। তেওঁৰ প্ৰাচুৰ্য্যৰ সমুখত সেই সময়ত ভাৰত বিখ‍্যাত ব‍্যৱসায়ী ভগৱান দাস বগুলা, চিমনলাল গান্ধেৰীৱালা, মতিলাল ৰাধাকিষণ প্ৰভৃতি মাৰোৱাৰী ফাৰ্ম বোৰে হাত পাতিব লগা হৈছিল।



ভাবিলে দুখ লাগে যে ১৯২৩ চনত তেওঁৰ মৃত‍্যুৰ লগে লগে তেওঁ যেন হেৰাই গ'ল সাধাৰণ মানুহৰ দ'ৰে। অথচ জীৱন কালত তেওঁ কি ক'ৰা নাছিল ? কলকাতা বিশ্ববিদ‍্যালয়ত অসমীয়া বিভাগ খোলাৰ বাবে আৰু হেমচন্দ্ৰ গোস্বামীৰ 'অসমীয়া সাহিত‍্যৰ চানেকী' সাঁত খণ্ডত প্ৰকাশ কৰিবৰ বাবে  ১০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছিল। সেয়েহে ১৯২২ চনত কলকাতা বিশ্ববিদ‍্যালয়ৰ সমাবৰ্তন অনুস্থানত সাউদ ভোলানাথ বৰুৱাক প্ৰশংসা কৰি আশুতোষ মুখ‍্যোপধ‍্যায়ে কৈছিল "Mr. Bholanath Baruah one of the most enlightened sons of Assam, has offered a handsome donation of rupees ten thousand to meet the cost of publication of the Assamese selection".ইমানেই নহয় তেওঁৰ দানৰ তালিকাখন আৰু দীঘলীয়া। কলিয়াবৰ সত্ৰৰ নামঘৰৰ মণিকুট আদি নিৰ্মাণৰ বাবে কলকাতাৰ পৰা টিং আদি অনাই নিৰ্মাণ কৰাই দিছিল। পুৰীৰ জগন্নাথ মন্দিৰলৈ অহা অসমৰ যাত্ৰীৰ বাবে অসম মহাপাত্ৰক ঘৰে মাটিয়ে খেতিয়ে পথাৰে দান দিছিল। কাশী হিন্দু বিশ্ব বিদ‍্যালয়ত পঢ়া অসমীয়া ছাত্ৰৰ দুটাকৈ বিশেষ বৃত্তিৰ বাবে তেওঁ বি, বৰুৱা স্কলাৰশ্চিপৰ নামত এক লাখ বিশ হাজাৰ টকাৰ অনুদান মদন মোহন মালব‍্যৰ হাতত দি আহিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ শঙ্কৰদেৱ মাধৱ দেৱ গ্ৰন্থ খনিও তেওঁৰ ধনৰে প্ৰকাশ হৈছিল।

তেওঁৰ দানৰ তালিকা আৰু দীঘলীয়া। কিন্তু সোঁহাতে  দান কৰা কথা বাওঁ হাতেও জানিব নাপায় বুলি কোৱা বৰুৱা বংশৰ মানুহ খিনিৰ আদৰ্শৰ বাবে বহু কথাই জনা নগল। তথাপিও হাততে পোৱা তথ‍্যৰ পৰা সাউদ ভোলানাথে দান কৰা তালিকা এখন যোৱা বৰ্ষত আমি সাউদৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা তেজপুৰ অ:ভা:উ:সা: সভাৰ বাণিজ‍্য দিৱসৰ নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰিছিলো। সেয়েহে বাহুল‍্য নকৰি কব খোজো যে তেওঁৰ মৃত‍্যু তিথিটো ( ৩০মে) আহক আমি বাণিজ‍্য দিৱস ৰূপে পালন কৰো। যোৱাবাৰ আমি অ:ভা:উ:সা: সভাৰ পৰা আৰম্ভ কৰা এই উৎসৱ এইবাৰ নগাওঁ, যোৰহাট আদি চহৰত অনুস্থিত হোৱাটো উল্লেখযোগ‍্য।






 লেখক: শান্তনু বৰুৱা,তেজপুৰ

শান্তনু বৰুৱা




 শান্তনু বৰুৱা,
  সম্পাদক,
তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা,
কলিবাৰী, তেজপুৰ।


সম্পাদনা: দিগন্ত কুমাৰ ভূঞা,তেজপুৰ
 digantas.blogspot.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়