Assamese Poem--
বিদায় হে ধৰিত্ৰী আই, বিদায়.
 |
নয়ন জ্যোতি ভট্টাচাৰ্য্য |
বিদায় হে ধৰিত্ৰী আই, বিদায়
:নয়ন জ্যোতি ভট্টাচাৰ্য্য:
চাৰিওফালে মাথোন
স্তব্ধতাৰ নিশব্দতা।
শৃংখলিত মানব সত্বা
আজি ভয়ত তস্ত্ৰমান,
শোকত ম্ৰিয়মান।
আসন্ন অপ্ৰতিৰোধ্য এক নেদেখা যুঁজৰ বাবে
মানবৰ অক্ষমতাৰ হুংকাৰ।
জীৱশ্ৰেষ্ঠ মানব আজি ভয়ত কঁপিছে,
থৰ থৰকৈ কঁপিছে
চিটিকি চিটিকি উফৰি পৰি,
ক্ৰমশ নিঃশেষ হৈ যাবলৈ ধৰিছে
অন্তৰৰ শেষকন সাহ।
কিলবিলাই ঘুৰি ফুৰা
অদৃশ্যমান
এজাক অজাত শতৰুৰ
দগাযুদ্ধৰ কবলত পৰি
ক্ষণ গণি ৰৈ আছো মাথোঁ
আসন্ন মৃত্যুৰ বাবেই।
সমগ্ৰ পৃথিৱী আজি কঁপি উঠিছে,
মৰণপণ কৰিছে জীয়াই ৰাখিবলৈ
আমাৰ মানবী সত্তাক।
চিৰসেউজ ধৰিত্ৰী আইৰ
কোমল বুকুৰ মাজত
সৃষ্টিৰ মন্ত্ৰৰেই
জন্ম দিয়া অজাত শতৰুয়ে
আজি ঘেৰি ধৰিছেহি মহামানৱক।
মহামানৱৰ যন্ত্ৰবৎ জীৱনক।
নিৰবচ্ছিন্ন ভাবে, নিদ্ৰাহীনতাৰে
সভ্যতাৰ সীমা উলঙ্ঘি
সফলতাৰ জখলা বগাই
উশৃংখলিত হোৱা মানবজাতি
আজি তস্ত্ৰমান,
কম্পমান মাথোন
আসন্ন মৃত্যুৰ ভয়ত।
কিলবিলাই খেদি ফুৰা
নেদেখা সেই মানবসৃষ্ট
জাক জাক দানবৰ খেদাত।
সময় নাছিল আমাৰ কাৰোৰে হাতত।
এক পৰাধীন জীৱনৰ
উজ্জ্বল ভৱিষ্যতৰ সন্মোহনত
দৌৰিছিলো মাথোন আমিবোৰ
মানবতাক ক'ৰোবাতে পিছপেলাই থৈ।
নিজৰ সন্তানকেইটাও ব্যস্ত হ'বলগীয়া হৈছিল
বৈপ্লৱিক বিবৰ্তনৰ মেৰবেহুৰ, মেৰপেচত।
জীৱশ্ৰেষ্ঠ মানবৰ নিষ্প্ৰীহতালৈ চাই
নিৰৱে মাথোন চকুলো টুকিছিল আয়ে।
আজি সেই ধৰিত্ৰী আইৰ
শাপেৰেই, শৰ্পিত হৈ
আতৰি আহিছো আমি
এজনে, আনজনৰ নিচেই ওচৰৰে পৰা।
আসন্ন মৃত্যুৰ ছটফটনি দেখি
নিজে জী থকাৰ মোহত
দলিয়াই পেলাইছো সকলোকে।
নিজৰ তেজ সম্বন্ধৰ কথাবোৰেও
আমনি দিয়া নাই আমাক।
মৃত্যুৰ কিৰিলিবোৰে ৰিঙিয়াই মাতিছে
অমানিশাৰ ঘোৰ আন্ধাৰেৰে ভৰা
এক ভয়াবহ গুহাৰ দিশে।
শুকাই নোহোৱা হৈছে চকুৰ পানীবোৰ
কৰাল মাৰি কৰ্কশ হোৱা
আশাহীন ভবিষ্যতলে মাথোন
চোচোৰাই নিবলৈ বিচাৰিছো
ভয়ত জথৰ হৈ পৰা
ভয়াৰ্ত দেহাটোৰেই,
ক্ৰমশ দুৰ্বল হৈ পৰা
মোৰ এই মৰা মনটোকে লৈ।
সেইয়া... সেইয়া যেন দেখিছোঁ মই
মোৰ মৃত্যুৰ পৰোৱানা লৈ
মোৰ সন্মুখত থিয় দি থকা
অজাত শতৰুৰ গণিব নোৱাৰা জাকটোক।
জোৰ কৰিয়েই সিহঁতবোৰ সোমাই আহিছে
মোৰ মুখৰ ভিতৰলে,
ডিঙিটোত যেন চেপা মাৰি ধৰিছেহি মোক।
মুহুৰ্ততে হাজাৰ হাজাৰ পোৱালি দিছেহি
মোৰ ডিঙিত,
মোৰ শ্বাসনলীত,
মোৰ হাওঁফাওঁত।
মোৰ দেহত আজি মাথোঁ
তাৰেই উপস্থিতি।
মই কাটি পেলোৱা গছকেইডালো
নাই আজি মোৰ কাষৰতে।
উশাহ ল'ব যেন পৰা নাই মই।
বতাহৰ অনুপস্থিতিতেই
ক্ৰমশ বাঢ়িবলৈ ধৰা
সেই কিলবিলাই থকা পোকবোৰে
খুলি খুলি খাবলৈ ধৰিছে
মোৰ দুয়োটা হাওঁফাওঁ
দুয়োটা হাতেৰেই নিজেই চেপি ধৰিছো
মোৰ শুকাই যাব খোজা ডিঙিটোক
ইফালে সিফালে চাইছো,
চাইছো বহুদূৰলৈকে
নাই দেখোন, কোনো নাই।
নাই মোৰ মা, মোৰ দেউতা
নাই মোৰ প্ৰিয়তমা
নাই মোৰ সন্তানবিলাক
নাই আত্মীয় স্বজন
নাই কোনো বন্ধু।
অকলশৰেই আহিছিলো
আজি, যামগৈয়ো অকলশৰেই।
মাথোন উপলব্ধি কৰিছো
মোৰ চাৰিওফালে
এক স্তব্ধতাৰ নিশব্দতা
ভয়ত ত্ৰস্তমান
শোকত ম্ৰিয়মান
এক অপ্ৰতিৰোধ্য নেদেখা যুজত হাৰি
ক্ৰমশ নিঃশেষ হৈ
অকলশৰীয়াকৈ যাবলৈ ওলাইছো মই,
মোৰ মৃতদেহটোৰ আশাত
সন্মুখৰ পথাৰখনত
কিৰিলি পাৰি ৰৈ থকা
শগুণজাকৰ নামত উচ্ছৰ্গা কৰিয়েই।
দুখেৰে নিজেই নিজকে কৈছো,
বিদায়!
হে সুন্দৰ ধৰিত্ৰী আই, বিদায়!
---- শ্ৰী নয়ন জ্যোতি ভট্টাচাৰ্য্য।
Comments
Post a Comment
If you have any doubts, please let me know.