সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

নাট্যকাৰ বিজয় তেন্ডুলকাৰ আৰু ঘাঁচীৰাম কটোৱাল

Bijay tendulkar
 নাট্যকাৰ বিজয় তেন্ডুলকাৰ আৰু ঘাঁচীৰাম কটোৱাল ,চুপ!আদালত চলি আছে ইত্যাদি

:==দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

ভাৰতৰ এগৰাকী প্ৰখ্যাত নাট্যকাৰ বিজয় তেন্ডুলকাৰৰ জন্ম মহাৰাষ্ট্ৰৰ ৬জানুৱাৰী,১৯১৮ চনত আৰু মৃত্যু ১৯ মে ,২০০৮ চনত ৮০ বছৰ বয়সত।তেওঁ নতুন ধৰণৰ সমাজৰ বাস্তৱ চিত্ৰ থকা নাটকৰ কাহিনী ৰচনা আৰু পৰিচালনা কৰি পাঁচ দশকজুৰি মাৰাঠী নাট্য জগতত তোলপাৰ কৰাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ব নাট্যশিল্পত প্ৰতিষ্ঠা লাভ কৰে।


তেওঁৰ ঘাঁচীৰাম কটোৱাল নাটকখনি  ৬০০০ বাৰ মঞ্চত অভিনীত হোৱাৰ লগতে ব্ৰাহ্মন সমাজক হেয় কৰাৰ অভিযোগ ত পুনে চহৰত নিষিদ্ধ কৰা হৈছিল।তেওঁ মুঠ ২৮ খন নাটক ৰচনাৰ উপৰিও ১৯ খন চিনেমাৰ চিত্ৰনাট্য ৰচনা কৰে।

১৯৬৫ চনত তেওঁলৈ আগবঢ়োৱা হয় সাহিত্য অকাডেমীৰ পুৰস্কাৰ আৰু মহাৰাষ্ট্ৰৰ গৌৰৱ পুৰস্কাৰ,১৯৮৪ চনত ভাৰত চৰকাৰৰ পদ্মভূষন আৰু সংগীত নাটক অকাডেমি ৰ  ১৯৯৮ চনত ফেলচিপ আৰু ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাও আগবঢ়ায়। 

মাত্ৰ ৬ বছৰতে কলম হাতত তুলি লোৱা তেণ্ডুলকাৰ ১৪ বছৰ বয়সতে ভাৰতৰ স্বাধীনতা আন্দোলনত জৰিতহৈ পঢ়া সামৰি থয়।ইয়াৰ পিছত প্ৰ'ফ ৰীডাৰ পিছলৈ সাংবাদিক হিচাবে কৰ্মজীৱন আৰম্ভ কৰা বিজয়ক ,প্ৰহ্লাদ কেশৱ নামৰ  এজন মাৰাঠী লেখকে লগ পায়  আৰু সাহিত্য, বিশেষকৈ নাটক সৃষ্টিৰ বাবে উদগনি দিয়ে।তেওঁৰ  কেইখনমান নাটক হ'ল গৃহস্ত,শ্ৰীমন্ত,মনাচ নৱাচ বে'ত,শান্ততা!কৰ্ট চালু আহে(১৯৬৭),শখাৰাম বাইণ্ডাৰ(১৯৭২),ঘাঁচীৰাম কটোৱাল(১৯৭৩) ইত্যাদি ।তেওঁৰ কেইখনমান প্ৰসিদ্ধ চিনেমা নিশান্ত(১৯৭৫),মন্থন(১৯৭৫),আক্ৰোশ(১৯৮০),অদ্ধ সত্য(১৯৮৩),,আঘাট(১৯৮৫) ইত্যাদি ।আমি অতি চমুকৈ দুখন নাটক আলোচনা কৰো। 


 প্ৰথমখন নাটক হ',"শান্ততা! কৰ্ট চালু আহে" যাক অসমীয়া কৰা হৈছে "চুপ!আদালত চলি আছে।"নাটখন ইতিমধ্যে ইংৰাজী,হিন্দীকে ধৰি প্ৰায়বোৰ ভাৰতীয় ভাষালৈ অনুবাদ হৈছে।ইয়াত আমাৰ ন্যায় ব্যৱস্থা,সামাজিক মানসিকতা,নাৰীৰ প্ৰতি দেখুৱা বৈষম্যমূলক আচৰণ নাটকৰ মাজৰ এখন নাটকৰ জৰিয়তে দাঙি ধৰিছে , যি দৰ্শকৰ অনুভৱক জোকাৰি যায়।

নাটক খনত--, এখন গাঁৱত এক জীৱন্ত‌ কাছাৰীৰ(Living Court) ব্যৱস্থা কৰা হৈছিল। আগতীয়া আয়োজনৰ বাবে সদ্যহতে অবৈধ্য গৰ্ভধাৰণৰ বাবে শিক্ষয়িত্ৰী পদ হেৰুৱা লীলা বেনাৰ সময়তকৈ কিছু আগতে আহি স্থানীয় মি:খাচীকৰৰ লগ লাগি ষ্টেজ ঘৰৰ দুবাৰ খোলে। গাঁৱৰ পুৰণি ষ্টেজ আৰু সাংস্কৃতিক কেন্দ্ৰ।হলটোৰ দুৱাৰ দুখন,ৱালত ডাঙৰ মানুহৰ ফটো,এখন গনেশৰ ফটো। কিন্তু খবৰ দিয়া হ'ল যে আইনজ্ঞ সকল বিশেষ অসুবিধাৰ বাবে গ্ৰাম্য কাছাৰী(   Living Court)লৈ নাহে। এজনৰ নহাৰ কাৰণ অতি সাধাৰণ,তেওঁৰ পানী লাগিছে।অগত্যা সকলোৱে মিলি এখন প্ৰৰ্দশন মূলক বিচাৰ সভা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিচাৰক' হল মি: খাচীকেৰ,কিন্তু তেওঁ বিচাৰ প্ৰক্ৰিয়া কেনেকৈ চলে সেই বিষয়ে নাজানে।তথাপি তেওঁ বিচাৰক হ'ল।আচামী হ'ল লীলা বেনাৰ। 'গীতা'ৰ অভাৱত চুই শপত ল'বলৈ এখন 'অক্সফড অবিধান'কে অনা হ'ল।

অভিযোগ অনা হ'ল যে অভিযুক্ত বেনাৰে অবৈধ্যভাৱে গৰ্ভ ধাৰণ কৰি সমাজক হেয় কৰি তুলিছে,।ফলত ৩০২ ধাৰাত তেওঁ অভিযুক্ত হৈছে।সাাক্ষী বাদীৰে গোচৰ আগবাঢ়ে ।সমাজৰ মহিলা সকলেও বিষয়টো মাতৃত্বৰ প্ৰতি অপমান আক্ষা দিলে।শেষত বিচাৰকে অভিযুক্তাৰ মন্তব্য বিচৰাত তেওঁ মানব শিশুটো জন্মদি মাতৃত্বক মমতাৰে ডাঙৰ কৰাৰ ইচ্ছা অৱগত কৰিলে।কিন্তু বিচাৰকে  অৱশেষত ৰায় দিলে যে উক্ত অবৈধ্য ভ্ৰণ হত্যা কৰা হওক।বিচাৰৰ ৰায় শুনি লীলা বেনাৰ মুচকচ গ'ল। নাটকখনত--, পুৰুষতান্ত্ৰিক সমাজৰ ন্যায় ব্যৱস্থা ,মধ্যবৃত্ত সমাজৰ  মানবতাবোধ আদি সকলো প্ৰহসনৰ যোগেদি দাঙি ধৰা হৈছে।

দ্বিতীয় খন নাটকত ঔৰঙ্গাবাদৰ অতি দৰিদ্ৰ আৰু সৎ সৰল ব্ৰাহ্মণ ঘাঁচীৰাম সৱল দাস , নিজৰ পত্নী আৰি একমাত্ৰ গাভৰু কন্যা গৌৰী সহ পুনেলৈ আহে সন্মান সহ জীয়াই থাকিবলৈ।পুনেৰ শাসন কৰ্তা নানা ফাৰ্নান্ডেচ যি শাসকীয় ক্ষমতাৰে নকৰা কাম একো নাই।নাৰী কেলেংকাৰী,আত্যাচাৰ,হত্যা,দূৰ্নীতি সকলোৰে তেওঁ মূল মানুহ।ঘাঁচীৰামে দেখিলে চহৰত ৰঙা কাপোৰ নোহোৱাকৈও ষাড়ে সৰু মানুহ খুচিবলৈ খেদি ফুৰে।চুৰি নকৰাকৈও ঘাঁচীৰাম চোৰ হ'ল,অপৰাধ প্ৰমানহৈ তাৰ জেল হ'ল।সি বুজি পালে যিবোৰ চোৰ তেওঁলোক শাসকৰ পক্ষত থকাৰ বাবে চোৰ নহয়,আনবোৰ  চোৰ নোহোৱাকৈ সৰু মানুহ চোৰ হয়।চহৰলৈ অহা সপোন ভাগি গ'ল।জেলৰ পৰা ওলায় নিজকে পৰিস্থিতিৰ লগত,স্থিতাৱস্থাৰ লগত জীয়াই থাকিবলৈ সি তাক সলনি কৰি গোলাপীৰ নামৰ অসৎ মহিলাৰ তলত কাম কৰি নিজৰ ছোৱালী গৌৰীক নানাৰ হাতত অৰ্পন কৰি ঘাঁচীৰামে কটোৱাল চাকৰি পালে।ক্ষমতাই ঘাঁচীৰামকো বলীয়া কৰিলে।মাজে মাজে সি মানসিক দ্বন্দ্বত ভোগে।ইপিনে গৌৰীয়ে নানাৰহৈ অবৈধ্য গৰ্ভধাৰণ কৰে।গৰ্ভপাত কৰাবলৈ গৈ গৌৰীৰ মৃত্যু হ'ল।ঘাঁচীৰামে জানে নানাৰ লগত যুঁজ দি সি জিকিব নোৱাৰে ।সি বিদ্ৰোহ কৰিব বিচৰাত ঘাঁচীৰামক জেলত ভৰাই থয় নানাই।সেইসময়তে জেলত থকা ২২ জন ব্ৰাহ্মণ ৰ উশাহৰ কষ্ট হৈ মৃত্যু হয়।উক্ত হত্যা দোষত দোষী হয় ঘাঁচীৰাম।শেষত ঘাঁচীৰামৰ মৃত্যুদ্বন্দ্ব হয়।এই খন নাটক ঐতিহাসিক নহয়,ব্ৰাহ্মণ বিৰুধী,শিৱ সেনাৰ অভুত্থান বিৰোধী আদি সমালোচনা হয় যদিও ৰাষ্ট্ৰ ব্যৱস্হাত সঁচা সৰু মানুহৰ   আপোচ কৰাৰ পিছতো কেনে হব পাৰে এক ডাঙৰ শিহৰণকাৰী মৰ্মদ উপস্থাপনা এই নাটক।তেওঁ আমাৰ ন্যায় ব্যৱস্থা ৰ ওপৰত এক অতি বাস্তৱ মন্তব্য দিয়ে যেতিয়া আইনে  আপোনাৰহৈ কাম কৰে তেতিয়া বৰ ভব্যগব্য যেন লাগে,যেতিয়া আপোনাৰ বিপক্ষে কৰে তেতিয়া এনে লাগে যে ই যেন তেজপুজ ওলায় থকা ঘেলঘেলীয়া ফোঁহাহে।Justice has a strange way of looking gorgeous when it work for you.When against you it resembles a fury cankerous mole.



লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ




সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
সাহিত্য সঁফুৰা-অসমীয়া (ব্লগ)

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়