সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ছ'লমান ৰুছেডী আৰু মিড্-নাইটচ চিইল্ডেন Salman Rushdie and Midnight's Children



ছ'লমান ৰুছেডী আৰু মিড্-নাইটচ  চিইল্ডেন
Salman Rushdie and Midnight's Children




:::দিলীপ কুমাৰ বৰুৱা,তেজপুৰ--

ছ'লমান ৰুছোডী এগৰাকী ভাৰতীয় মূলৰ অতি বিৰ্তকিত ইংৰাজ ঔপন্যাসিক।

Salman Rushdie
তেওঁৰ জন্ম হয় ১৯৪৭ চনৰ ১৯ জুনত বোম্বাইৰ এক ধনী মুছলমান ব্যৱসায়ী পৰিয়ালত।তেওঁৰ প্ৰকৃত নাম আছিল অনিছ আহমদ ৰুছেডী।ইছলামধৰ্মী পৰিয়ালৰ সন্তান হৈয়ো পিছলৈ তেওঁ ধৰ্ম ত্যাগ কৰি নাস্তিক হয়।তেওঁৰ চতুৰ্থখন উপন্যাসৰ বিপক্ষে ইৰাণৰ ধৰ্মগুৰু আয়াতুল্লা ৰুহোল্লাহ খমৈনীয়ে ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোৰাণ আৰু হজৰত মহম্মদৰ বিপক্ষে মত পোষণ কৰা বুলি তেওঁৰ উক্ত গ্ৰন্থ ষ্টেনিক ভাৰ্চ
( Satanic Verses-১৯৮৮)ক নিসিদ্ধ গ্ৰন্থ ঘোষণাৰ লগতে লেখক ৰুছেডীক হত্যাৰ ফটুৱা জাৰি কৰে।পাকিস্তানত তেওঁৰ গ্ৰন্থ দ'ম কৰি জ্বলাই দিয়ে।প্ৰায় ১০ বছৰ তেওঁ স্কটলেণ্ড য়াৰ্ডৰ পহৰাত পলাই ফুৰিব লগা হয়।আনকি তেওঁৰ গ্ৰন্থ অনুবাদক জাপানি লেখক Hitoshi Igarashi ক ১২ জুলাই,১৯৯১ ত হত্যা কৰা হয়।ৰুছেডীক হত্যাৰ বহু চেষ্টা বিফল হয়।অৱশ্যে দেখা যায় পৃথিৱীৰ নিসিদ্ধ গ্ৰন্থ সমূহ সুপাঠ্য নহয় যদিও,চৰকাৰী নিসিদ্ধ ঘোষণা বা ধাৰ্মিক সংগঠনৰ নিসিদ্ধ ঘোষণাৰ বাবে তেনে গ্ৰন্থৰ বিক্ৰী ভাল হয়।
ৰুছেডীৰ ক্ষেত্ৰটো একে কথাই প্ৰযোজ্য।কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা  ইংৰাজী বিষয়ত ১৯৬৮ চনৰ স্নাতকোত্তৰৰ ডিগ্ৰী  তেওঁ লাভ কৰে। তেওঁৰ প্ৰথম উপন্যাস গ্ৰাইমচ( Grimus) ১৯৭৫ চনত প্ৰকাশ হয়। তদুপৰি তেওঁৰ উপন্যাস কেইখনমান হ'ল Quichotte,StepsvAcross this Line,The Moors Last Sigh,The Golden House,Shame,Shalimar The Clown,Luka and Fire of Life ইত্যাদি।১৯৮৮ আৰু ১৯৯৫ চনত তেওঁ ৱেষ্ট অৱ বুক এৱাৰ্ড লাভ কৰে।ইংৰাজ নাগৰিক ৰুছেডীৰ বিখ্যাত উপন্যাস খন হ'ল ১৯৮১ চনত ৰচনা কৰা মিড্-নাইটচ চিইল্ডেন । যিখনে ১৯৮১চনত বুকাৰ পুৰস্কাৰ লাভ কৰে আৰু এগৰাকী আগশাৰীৰ ইংৰাজ লেখক হিচাপে বিশ্বত তেওঁ জিলিকি উঠে।কিতাপ খনৰ ওপৰত এক চমু আলোচনা তলত দাঙি ধৰিলোঁ।

 মিড্-নাইটচ চিইল্ডেনচ এখন ভাৰতৰ স্বাধীনতা ৰ নিশা অথাৎ১৯৪৭ চনৰ ১৫ আগষ্ট নিশা ১২ বজাত জন্ম হোৱা এটা শিশু ছেলিমৰ মুখেদি এগৰাকী আয়া পদ্মাৰ আগত কোৱা তাৰ নিজৰে কাহিনী,যি কাহিনীত আছে ইতিহাস,মেজিক আৰু উপন্যাসোপম কহিনী।উক্ত মীড্-নাইটত ভাৰতবৰ্ষত মুঠ ১০০১ জন শিশু জন্ম হয় আৰু তেওঁলোকে এক মেজিক শক্তি টেলিপেথী  লাভ কৰে।ছেলিমে প্ৰথমতে জনা নাছিল যদিও তেওঁ পিছলৈ গম পায় তেওঁ সেই শক্তি লাভ কৰিছে।ছেলিমে কৈ যায় তেওঁৰ ককাদেউতা চান আদম এজন কাশ্মীৰৰ চিকিৎসক।তেওঁ নজিম নামৰ কিশোৰীৰ তিনি বছৰ নেদেখাকৈ চিকিৎসা কৰে(যাদুৰ দৰে),দেখাৰ পিছত চান আদম আৰু নাজিমৰ বিয়া হয় আৰু দুয়ো আগ্ৰলৈ আহে।আগ্ৰাত আদম ডাক্তৰ মিঞা আব্দুল্লা নামৰ লোকৰ সমৰ্থক হৈ পৰে।কিন্তু আব্দুল্লাক কোনো লোকে হত্যা কৰাত তেওঁৰ সহায়ক নাদিৰ খাক ঘৰতে গোপনে আশ্ৰয় দিয়ে।ইতিমধ্যে ককাৱকৰ তিনিজনী কন্যা আৰু দুটি ল'ৰা জন্ম হৈছিল।নাদিৰ খাই ডাক্টৰৰ ডাঙৰ ছোৱালী মমতাজৰ সৈতে প্ৰেমত পৰে।দুবছৰ প্ৰেম কৰি নাদিৰে মমতাজক বিয়া নকৰায় পলাই গ'ল।মমতাজে পিছত আমিনা নামলৈ দিল্লীত বিয়া হয় আৰু গৰ্ভৱতী হয়।তেওঁলোকে দিল্লীৰ এজন লোকৰ পৰা ঘৰ এটা কিনে।সেই মালিকৰ পৰিবাৰো একে সময়তে গৰ্ভৱতী আছিল।স্বাধীনতাৰ নিশা দুয়োৰো দুটি ল'ৰা হ'ল।পেৰেৰা নামৰ নাৰ্চ গৰাকীয়ে শিশু দুটাৰ টেগ দুটা বদলি কৰি দিলে।ফলত আমিনাৰ বদলি সন্তান হ'ল ছেলিম।ছেলিমে পিছত গম পালে মিড্-নাইট শিশু হিচাবে তাৰ টেলীপেথী যাদু শক্তি আছে।যাদু শক্তিৰে চেলিমে গম পালে প্ৰায় আধা মিড্-নাইট শিশু ভাৰতত মৃত্যু ঘটিছে,মুঠ৫৮১ জন শিশু বাছি আছে,তাৰে এজন ছেলিম নিজেও।এই সময়তে ছেলিমৰ আঙুলি কাটি তেজ যোৱাত তাক তেজ দিব লগা হ'ল যদিও মাক-দেউতাকৰ তেজ নিমিলাত বাপেকৰ সন্দেহ হ'ল যে ছেলিম সিহঁতৰ নিজা সন্তান নহয়।দেউতাকে মনৰ দুখতে মদখাৱলৈ ললে।মাকে সন্তানকলৈ পাকিস্তানলৈ গ'ল।চাৰিবছৰ পাকিস্তানত থকাৰ পিছত মাক ঘুৰি আহিল।সেই সময়তে ছেলিমৰ নাকত কিবা সংক্ৰমন হোৱাত অপাৰেচন হ'ল আৰু নাক কটা যোৱাত যাদু শক্তি সি হেৰুৱালে।কিন্তু নাকেৰে শুঙিব পৰা এক বিশেষ শক্তি সি লাভ কৰিলে।এইবাৰ ছেলিম মাক ভনীয়েকসহ আকৌ পাকিস্তানলৈ গ'ল আৰু ভনীয়েক তাত ভাল গায়িকা হৈ পৰিল।ছেলিমে এইবাৰ পাকিস্তানৰ সেনাবাহিনীত সোমাই পৰিল।কেনেকৈ সোমাল তাৰ মনত নাই।শুঙা বিশেষজ্ঞ হিচাবে ছেলিম ১৯৭১ চনৰ বাংলাদেশৰ যুদ্ধত ভাগলৈ ঘুৰি আহি পাকিস্তান পালেহি।পাৰ্ব্বতী নামৰ ছোৱালী এজনী সি এই বাৰ লগ পায়।পাৰ্বতীয়ে ছেলিমক পুনৰ ভাৰতলৈ আনে।পাৰ্বতীক বিয়া কৰোৱাৰ  কথা ভাৱি থাকোতেই, পাৰ্বতী শিৱা নামৰ এজনৰ পৰা গৰ্ভাৱতী হয়।সেই সময়ত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল।তেওঁ টেলীপেথী বিশ্বাস কৰিছিল ।আনহাতে পাৰ্বতীয়ে এটা ল'ৰা জন্মদি মৃত্যু হয়৷ প্ৰধানমন্ত্ৰীৰ বিশেষ উদ্যোগত পাৰ্বতীৰ পুত্ৰক উদ্ধাৰ কৰি ছেলিমে নিজৰ লগলৈ আনে আৰু পদ্মা ৰ আগত কোৱা কাহিনী সমাপ্ত হয়।

এই কিতাপখন কেৱল ইংলণ্ডতে এক মিলিয়ন কপি বিক্ৰীৰ অভিলেখ স্থাপন কৰে।৪৪৬ পৃষ্টাৰ কিতাপ খনক সঞ্জয় গান্ধী প্ৰসঙ্গত লিখা কেইটামান বাক্য লৈ ইন্দিৰা গান্ধীয়ে আপত্তি কৰি গোচৰ তৰিব খোজাত ৰুছেডীয়ে উক্ত অংশ সংশোধন কৰে।কিতাপখনে ১৯৯৩ আৰু ২০০৮ চনত দুবাৰ বেষ্ট অৱ দি বুকাৰ প্ৰাইজ লাভ কৰে।

ৰছেডীৰ গদ্য লেখন শৈলীৰ বিশেষত্ব হ'ল বাস্তৱ চৰিত্ৰ চিত্ৰন,অত্যাধিক হাস্যৰস আৰু অসংজত,সংলাপ ধৰ্মীতা।১০ বছৰ অজ্ঞাতবাসত থকাৰ সময়তো তেওঁৰ কলম থমকি ৰোৱা নাছিল।ৰুছেডীয়ে কৈছিল ভাষা এটা শক্তি, এটা ভাৱনাক ইয়াৰ শক্তিৰে জনসাধাৰণককৈ সত্য প্ৰমাণিত কৰিব পাৰি।শেষত তেওঁৰ এক উক্তিৰে সামৰিছো Free societies...are societies in motion, and with motion comes tension,dissent,fiction.Free people strike sparks, and thouse sparks are the best evidence of freedom's existence.



লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

 




সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়