সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

নৌকাৰ কিছু কথা




নৌকাৰ কিছু কথা

 নাওঁৰ কথা ওলালে আমাৰ শৈশৱলৈ মনত পৰে। বাৰিষাৰ নৈৰ পানী যেতিয়া পথাৰত এবুকু এডিঙি হয় তেতিয়াই  আমি চাৰি ডালমান কলগছ কাতি বাহঁৰ শলাৰে ঠিলা দি ভোৰ বনাই খেলো, মাছ ধৰো। এইবোৰ আজি সাধু কথা হল। কিন্তু তাহানিখন  নাৱৰ আদি পাঠ  'ভোৰ' সাজিয়ে লৈছিল অসমৰ ল'ৰা ছোৱালীয়ে। পাছে আজি ই বৰ সোনকালে অতীত হবলৈ ধৰাত বুৰঞ্জীৰ কিছু কথা আলোচনালৈ আনিব বিচাৰিছোঁ।
কলগছৰে  তৈয়াৰি "ভোৰ"


           তেজপুৰৰ চামধৰা গড় আৰু ভৰলীমুখত বংগৰ  আবুবক্কৰ আৰু সত্ৰাজিতৰ মিলিত সৈন‍্যৰ বিৰুদ্ধে এবাৰ এখন বৰ ডাঙৰ ৰণ হৈছিল। ১৬১৫ চনৰ এই ৰণ খনৰ পাছৰপৰাই স্বৰ্গদেও প্ৰতাপ সিংহই চামধৰা আৰু কলিয়াবৰৰ গুৰুত্ব বুজি অসমৰ সামৰিক ঘাটিক উজনি আৰু নামনি নামে  দুটা ভাগত ভাগ কৰিছিল। উজনি অঞ্চল বৰবৰুৱাৰ অধিনত আৰু নামনি অঞ্চল বৰফুকনৰ অধিনত ৰখা হৈছিল।  সেই মতে নৌ সেনাধ‍্যক্ষও দুজন নৌ বিষয়াৰ অধিনত দিয়া হৈছিল। উজনিত আছিল নাওবৈচা ফুকন । তেওঁৰ তলত ৰাজহুৱা অনুস্থানৰ নাওঁ, ফুৰা-চকা কৰিবলৈ থকা চৰা নাওঁ আৰু তিনি হাজাৰ নাওঁবৈচা, পাইক তথা নাওশলীয়া ফুকন সকল আছিল। ইয়াৰে আকৌ চোলাধৰা ফুকনৰ তলত আছিল স্বৰ্গদেৱৰ ফুৰা-চকা কৰা চৰা নাওঁ, নাওঁশলীয়া আৰু নাওবৈচা সকল। সেইদৰে  নামনিৰ নৌ সেনাধ‍্যক্ষ আছিল পানী ফুকন। তেওঁৰ তলত আছিল সেনানাওঁ, নাওঁবৈচা, নাওশলীয়া ফুকন আদি। নামনিত থকা পানী ফুকনৰ  সামৰিক গুৰুত্ব আছিল অসীম। সামৰিক দিশৰে তেওঁক নৌসেনাধ‍্যক্ষ বা Admiral বুলিব পাৰি। 



 এই তথ‍্যবোৰেই প্ৰমাণ কৰিব যে অসমৰ সমাজ জীৱনত নাওঁৰ ভূমিকা কিমান গভীৰ আছিল। উল্লেখযোগ‍্য যে ১৬১৫ চনৰ ভৰলীমুখৰ যুঁজৰ আগেয়ে বৰবৰুৱাই আছিল অসমৰ মূখ‍্য সামৰিক বিষয়া। তেতিয়া নৌ সেনাৰ মূখ‍্য বিষয়া আছিল পানীসিয়া।পাছলৈ কলিয়াবৰৰ পৰা গুৱাহাটীলৈ এই সমগ্ৰ নামনি অঞ্চলৰ মূখ‍্য সেনা বিষয়া বৰফুকনৰ অধিনলৈ যোৱাৰ পৰা নৌসেনাধ‍্যক্ষ হলগৈ পানী ফুকন। গুৱাহাটীত  বৰফুকনৰ দোপদৰ (বিচাৰালয়/কাৰ্য্যালয়) আছিল  আৰু পানীফুকনৰ আছিল উত্তৰ গুৱাহাটীত। জয়ধ্বজ সিংহৰ দিনত মিৰজুমলাই যেতিয়া অসম আক্ৰমন কৰিলে তেতিয়া স্বৰ্গদেৱে এটা ডাঙৰ ভূল কৰিলে। তেওঁ মনথিৰ ভড়ালী নামে অনা-আহোম এজনক সেনাপতি পাতিলে। আহোম সেনাৰ দস্তুৰ মতে হেংডাংৰ নিৰ্দেশ কেৱল আহোমেহে দিব পাৰে। গতিকে মনথিৰৰ নিৰ্দেশ কোনো আহোমে নমনাত এক প্ৰকাৰ বিনা যুদ্ধই মিৰজুমলা গড়গাঁও পালেগৈ। ফলত তেওঁৰ লগত অহা অনেক অনুসন্ধান কাৰি বিষয়া আৰু বিদেশী বুৰঞ্জীবীদ আহি অসমৰ বহু কথা সংগ্ৰহ কৰি পাছত প্ৰকাশ কৰিলে। অসমৰ বিষয়ে সেয়েহে আজি বিদেশী বুৰঞ্জীতহে বহু তথ‍্য পোৱা যায়। সেই মতে  মিৰ জুমলাৰ লগত অহা বুৰঞ্জীবিদ চাহাবুদ্দিন তালিচে তেওঁৰ 'ফাঠিয়া-ই-ইব্ৰীয়া' পুথিত লিখা কথা খিনি চাওক -, " অসমত সৰু বৰ নাওঁ* *অপৰিমিত আছিল। ৰমজান মাহৰ ভিতৰতে ৩২ হাজাৰ নাওঁ গুৱাহাটী চাপিছিল। মিৰজুমলাই অসম জয় কৰোতে ১ হাজাৰতকৈ অধিক নাওঁ লগত লৈ যায়।  সেই বিলাকৰ কিছুমান ৬০ ৰ পৰা ৮০ জন কৈ নাৱৰীয়া আছিল।"* গ‍্যেইট চাহাবেও "পাদচাহনামা" ৰ পৰা উদ্ধৃতি দিওতে ১৬০৫ পৃষ্ঠাৰ পৰা ১৬২৭ পৃষ্ঠালৈ থকা  অসমৰ সমৰ সজ্জাৰ বিষয়ে লিখিছে, "অসমীয়া সেনাই বামত যেনেকৈ গড় মাৰি যুঁজ কৰিছিল,  পানীতো থিক তেনেকৈ পানীগড় মাৰি যুঁজ কৰিছিল। অসমৰ বাহিৰে ভাৰতৰ আন কোনেও পানী গড় মাৰিব নাজানিছিল।"  
 
অসমীয়াৰ নৌকা খেল-ধেমালি

এই কথাবোৰৰ পৰাই জনা যায় যে নাওঁৱেই আছিল আমাৰ সমাজৰ Life line স্বৰূপ। সেয়েহে বিদেশী আক্ৰমণকাৰীয়ে সদায় অসমৰ অৰ্থনীতিত মাৰ মাৰিবৰ বাবে আন আন সামগ্ৰীৰ লগতে নাওঁবোৰ অধিগ্ৰহন কৰি লৈ গৈছিল। গৌৰীনাথ সিংহৰ দিনত কেপ্তেইন ৱেলছে মোৱামৰীয়া বিদ্ৰোহ দমন কৰি বংগ দেশলৈ উভতি যাওতে ১৭৯৩ খৃষ্টাব্দত ২ হাজাৰ খন নাওঁ লগত লৈ গৈছিল। সামৰিক গুৰুত্বৰ দৰে সামাজিক গুৰুত্বটো নাওঁৰ চাহিদা আছিল অসমত লেখত লব লগীয়া। নাও বোৱাত আমাৰ সৈন‍্য  কিমান ওস্তাদ আছিল সেই কথা শৰাইঘাট ৰণত প্ৰমান হৈছে। এবাৰ ১৬৬৯ চনৰ এখন জল যুঁজত অসমৰ এজন নৌ সেনাপতি কোৱা মিৰ্ধা মোগলৰ হাতত নাৱে সৈতে আতক হ'ল আৰু মোগল শিবিৰলৈ লৈ গ'ল। বাটত যাওতে কোৱা মিৰ্ধাই গীত জুৰিলে। চাপৰি বজাই তাল মিলালে। মোগলৰ চৰীয়া পৰীয়াই সেয়া ধেমালি বুলি আনন্দ কৰি থাকোতে তালত তাল মিলাই চকুৰ পচাৰতে নাওঁ বাই পলাই সাৰিল। ৰাম সিংহৰ মুখৰ পৰা তেতিয়া ওলাইছিল , "অসমীয়া চৰ্দাৰ জন কেনে শিয়ান " এনে বহু গৌৰৱৰ কথা আছে যিবোৰ নাৱৰ বিষয়ে কৰা আলোচনাত আলোকপাত কৰা প্ৰয়োজন। এটা সময়ত আমাৰ সমাজ জীৱনত নাওঁৰ প্ৰভাৱ ইমান আছিলে যে  নৱম শতিকাত নৈত হোৱা নাৱৰ যান-যত মাৰিবলৈকে ৮২৯ খৃষ্টাব্দত (মন কৰক আজিৰ পৰা ১,১৯১ বছৰ পূৰ্বে) হৰ্জৰ বাৰ্মাই শিলালিপিৰ দ্বাৰা আধ‍্যাদেশ জাৰি কৰি ক'ব লগা হৈছিল । ৰাজকীয় গুণ টনা নাওঁ নৈৰ কাষেৰে চলিব আৰু মাছমৰীয়াৰ নাওঁ নৈৰ মাজত চলিব লাগিব। ইয়াৰ অন‍্যথা হ'লে পঞ্চ বুটিকা দণ্ড মানে ১০০ কড়ি জৰিমনা ভৰিব লাগিব। এই লিপি আজি তেজপুৰৰ ভৈৰৱপদৰ পানী যুৱলিত ৰ'দে বৰষুণে দাঁত নিকতাই পৰি আছে। যেন "উলংগ দেশত কাম কি ধোবাৰ "! ইয়াৰ আগৰ জনা কামৰূপ নৃপতি বনমাল বাৰ্মাই আকৌ  তেওঁৰ নাৱৰ বিষয়ে তাম্ৰ লিপিত কি লিখি থৈছে চাওক। তেওঁ লিখি থৈ গৈছে যে ,তেওঁৰ দেশত থকা নাওঁবোৰ অলংকাৰৰে ভূষিত সুন্দৰী বেশ‍্যাৰ দৰে মনোমোহা। নাৱত লগাই থোৱা জুনুকা বোৰ বতাহত নুপুৰৰ শব্দৰ দৰে বাজি থকাকৈ শ্ৰুতি মধুৰ আৰু নাৱৰ পাল বোৰ কোনো নৰ্তকৰ আগমনত কঁপি উঠা নৰ্তকীৰ বুকুৰ কঁপনিৰ দ'ৰে কম্পিত । 

নাৱৰ সৌন্দৰ্য্যক লৈ গৰ্ব কৰাৰ কথাই নিশ্চয় তাহানিৰ নাৱৰ গুৰুত্বকে প্ৰমাণ কৰিছে। তাৰো আগৰজনা নৃপতি কুমাৰ ভাস্কৰ বাৰ্মাৰ দিনত  আকৌ তাম্ৰলিপ্তী  আৰু উপৰিপট্টন নামৰ দুটি বন্দৰৰ বিষয়েও বহু কথা জনা গৈছে। য'ত কুমাৰ ৰজাই তাম্ৰলিপ্তিৰ পৰা নৌকাৰে  হিউৱেন চাঙক চীনলৈকে পথোৱাৰ প্ৰস্তাৱ দিছিল। অৰ্থাৎ সেই সপ্তম শতিকাতে আমাৰ চীনলৈকে নৌকা যাত্ৰা কৰিব পৰা সম্ভাৱনীয় পথ আছিল। ইয়াত তাম্ৰলিপ্তী মানে হৈছে বন্দৰ। আনহাতে উপৰিপট্টন তেজপুৰৰ এক সামৰিক নৌ ঘাটি বুলি যুক্তি ডাঙি ধৰিছে বিশিষ্ট প্ৰত্নতত্ববিদ ড০দীনেশ চন্দ্ৰ সৰকাৰে। য'ত গৌড় দেশৰ বিশাল সেনা বাহিনীৰ সৈতে  কামৰূপ ৰজাৰ দুই তৰুণ ভাতৃ সুপ্ৰতিস্থিত বাৰ্মা আৰু ভাস্কৰ বাৰ্মাই ঘোৰতৰ যুঁজ দিয়াৰ কথা তাম্ৰপত্ৰত লিখা হৈছে। এই তাম্ৰ পত্ৰ ডুবিৰ তাম্ৰপত্ৰ নামে খ‍্যাত আৰু ই সংৰক্ষিত। অৱশ‍্যে ওপৰত উল্লেখ কৰা বনমাল দেৱৰ তেজপুৰ তাম্ৰপত্ৰ খন পোৱা হোৱা নাই যদিও ১৮৪০ খৃষ্টাব্দত বৃটিছ বিষয়া ড০ জেনকিন্সে তোলা ফটো কপি এখন "জাৰ্নেল অৱ এছিয়াটিক চছাইটি" ত পোৱা হৈছে ।  মুঠতে এইটো ঠিক যে আমি যদি নাৱক লৈ গৰ্ব কৰিব নিশিকো তেনে  আমি আমাৰ স্বাভিমানকলৈয়ো গৰ্ব কৰিব নিশিকিম। সেয়েহে আকাশে-বতাহে, পানীয়ে- পথাৰে আমি অসমৰ হৃত গৌৰৱ উদ্ধাৰৰ বাবে সচেষ্ট হব লাগে। অন‍্যথা এই বোৰ হেৰাই গ'লে আমাৰ জাতীয় সৌৰ্য্যৰ আঁত দালেই নোহোৱা হৈ যাব। 


লেখক--:শান্তনু বৰুৱা
কলিবাৰী, ভবানী চৰণ পথ, তেজপুৰ।




সম্পাদনা: দিগন্ত কুমাৰ ভূঞা



Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়