সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা


*তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা*(প্ৰথম খণ্ড)


*তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা*

ইতিহাসক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ইতিহাসক বাদ দি ভবিষ্যতলৈ চোৱাটোও ধৃষ্টতা মাত্ৰ। সেয়েহে এই অতীত আৰু বৰ্তমানৰ সু সমন্বয়ৰ বাবে সাংস্কৃতিক কাৰিকৰৰ প্ৰয়োজন। বিষ্ণু প্ৰসাদ ৰাভা আছিল তেনে এজন সামাজিক কাৰিকৰ। কোটি কোটি লাখ লাখ সাধনাৰ ফল এই অসমীয়া কৃষ্টি বুলি যি জনে অনুভৱ কৰিছিল, পেট যেতিয়া উদং কৃষ্টি জানো জীয়াই থাকিব বুলি যিজনে প্ৰশ্ন কৰিছিল সেই জনেই আছিল বিষ্ণু প্ৰসাদ ৰাভা। 

সঁচা সৰু মানুহৰ বন্ধু, গণ সংস্কৃতি আৰু লোক সংস্কৃতিৰ এজন যুগন্ধৰ ব‍্যক্তি। অসমৰ প্ৰতিখন গাওঁ আছিল যাৰ ঘৰ। প্ৰতিটো গোষ্ঠীৰ কৃষ্টি আছিল যাৰ কন্ঠস্থ। যাৰ আপোচহীন মনে অহৰহ বিচাৰি ফুৰিছিল অসমৰ যাউতি যুগীয়া গৰিমা মণ্ডিত সমন্বয়ৰ সুৰ। তেওঁ আছিল এড্ ডি কেম্প (Ade-de-Camp) অৰ্ডাৰ অৱ বৃটিছ এম্পেৰ'ৰ সন্মানৰে সন্মানিত চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভা।


 
 দিলীপ, গোলাপ, নন্দলাল, বিষ্ণু, ৰঞ্জিত আৰু কমলা, মনমোহিনী তথা লখিমী এই আঠ জন বাই ভাই ভনীৰে সমৃদ্ধ আছিল তেওঁৰ পৰিয়াল। ১৯০৯ চনৰ ৩১ জানুৱাৰীত  বাংলাদেশৰ তাৰানগৰ লাইন বেৰেকত জন্ম হৈছিল বিষ্ণু প্ৰসাদ ৰাভাৰ।পাঁচটাকৈ ঘোঁৰাই টনা বাগীৰে অহা-যোৱা কৰিছিল স্কুল।  পিছে বাল্য কালতেই ১৯১৭চনত তেওঁৰ পিতৃ বিয়োগ হোৱাত তেওঁলোকৰ পৰিয়ালটো উঠি আহিল তেজপুৰলৈ। ফলত তেওঁৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈছিল কলিবাৰীত থকা তেজপুৰ অ:ভা:উ:সা: সভাৰ  বাণ থিয়েটাৰৰ কাষত। জন্মগত প্ৰতিভা আৰু বাণ ৰঙ্গমঞ্চৰ বা লাগি সুৰেৰে, নৃত‍্যৰে, বাদ্যৰে, অভিনয়ৰে, তুলিকাৰে কলমেৰে তেওঁ গঢ়ি উঠিল এজন শিল্পী ৰূপে। শিল্পী হ'লে অন্যায়ৰ বিৰুদ্ধে যুঁজ হব'ই । কোনো প্ৰকৃত শিল্পীয়ে অন্যায় সহ‍্য কৰিব নোৱাৰে। বিষ্ণু ৰাভাৰ ক্ষেত্ৰতো সেয়েহে হ'ল।  প্ৰবল প্ৰতাপী বৃটিছ বিষয়া এড্ ডা কেম্পৰ পুত্ৰ হৈয়ো তেওঁ আছিল বৃটিছৰ বিৰুদ্ধে এক মূৰ্তিমান বিভীষিকা। প্ৰায় আঢ়ৈ হাজাৰ বিঘাৰ মাটিৰ মালিক হৈয়ো তেওঁ আছিল নি:স্ব! ৰাইজৰ হৈ কাম কৰাৰ দোষত তেওঁ মাৰ খাইছিল, আত্মগোপন কৰিব ল'গা হৈছিল , ফটা কামিজ চিঙা চেণ্ডেল পিন্ধি অসমৰ প্ৰায় প্ৰতি খন গাওঁ ভ্ৰমি ফুৰিছিল। বৃটিছৰ ভ্ৰষ্টাচাৰ আৰু সাম্ৰাজ‍্যবাদী চৰিত্ৰক উৎখাত কৰিবৰ বাবে তেওঁ গঢ়ি তুলিছিল *মুক্তি ফৌজ, নাৰী মুক্তি সংঘ আৰু সংগঠিত কৰিছিলে কৃষক বণুৱা পঞ্চায়তৰ*। কিন্তু অসমৰ সৰহ সংখ‍্যক সংগ্ৰামী নেতা আছিল তেতিয়াও বৃটিছৰ সেৱক মাত্ৰ! সেয়েহে অসহ‍্য হৈ তেওঁ কোচ বিহাৰৰ ভিক্টোৰিয়া কলেজত পঢ়ি থকা অৱস্থাত ১৯৩০ চনত  ৰাজভৱনৰ দুৱাৰ মুখত চ'ক পেঞ্চিল দি লিখি থৈ আহিছিল বগা চাহাৱ ৰিজেন্ট হাটচিনচন আৰু ক'লা চাহাৱ দেৱান খাস্তগিৰ বিৰুদ্ধে সেই বিখ‍্যাত কবিতাটি -----------,

*ৰাজ‍্যে আছে দুইটি পাঠা*

*একটি কালু একটি সাদা*

*ৰাজ‍্যেৰ যদি মঙ্গল চাও*

*দুইটি পাথাই বলি দাও* ।।

ফলত কলেজ এৰিব ল'গা হ'ল। তেনেকৈ ১৯৩১ চনত ৰংপুৰৰ "কাৰমাইকেল কলেজ চৌহদত উৰি থকা ইউনিয়ন জেক নমাই ত্ৰিৰঙ্গ পতাকা উৰুৱাই দিয়া মানুহজনো আছিল বিষ্ণু প্ৰসাদ ৰাভা"।

  এইদৰে ১৯২৬ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিকত অবিভক্ত দৰং জিলাৰ ভিতৰত প্ৰথম হৈ *মহাৰাণী ভিক্তোৰীয়াৰ পৰা *কুইন এম্প্ৰেজ বঁটা পোৱা* এই মেধা ল'ৰাজনে স্বদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত আপোচ কৰিব নোৱাৰাৰ বাবেই ইখনৰ পাছত সিখন কলেজত নাম লগাই লগাই শেষত  পঢ়িবলৈ কলেজেই নোহোৱা হৈছিল।

অথচ ১৯২৬ চনত তেওঁ আছিল চেন্ট্পল কলেজৰ ক্ৰিকেট কেপ্তেইন । ১৯২৮ ত ৰিপন কলেজৰ আছিল ফুটবল কেপ্তেইন। এইদৰে কাৰমাইকেল কলেজ, চেন্ট্ জেভিয়াৰ্চ আৰু ঢাকাৰ স্কটিচ চাৰ্চ কলেজৰো আছিল তেওঁ ফুটবলৰ কেপ্তেইন । হকীও ভাল খেলিছিল। উল্লেখযোগ‍্য যে ৰংপুৰ লালবাগৰ কাৰমাইকেল কলেজত পঢ়ি থাকোতে *তেওঁ সৰস্বতী গোসাঁনী আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ মূৰ্তিও নিজ হাতে গঢ়িছিল*। মুঠতে সঁচা অৰ্থত তেওঁ আছিল এজন সব‍্যসাচী শিল্পী।

 ক্ৰমশঃ    

২য় খণ্ড ১৮ জুনত......

SANTANU BARUAH

 

 

 

 

 

 

লেখক: শান্তনু বৰুৱা,কলিবাৰী,ভবানী চৰণ পথ,তেজপুৰ 


সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়