সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

*ভেলা ডিঙৰা নৌকা ইত‍্যাদি*

*ভেলা ডিঙৰা নৌকা ইত‍্যাদি*

লেখক: শান্তনু বৰুৱা, তেজপুৰ

বৰ গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবি নাওঁ বা নৌকাৰ বিষয়ে অলপ আলোকপাত কৰিব খুজিছোঁ।
আপুনি যদি ইয়াত যোগ দিব 
বিচাৰে আমাৰ সকলোৰে বাবে 
উপকাৰ হব।
                                                                          গতিকে শেষলৈকে পঢ়ি মন্তব‍্য
 দিব বুলি আশা কৰিলো।


নাওঁ বা নৌকা অসমীয়াই ক্ৰমে পাহৰিব ধৰা এটি বিষয়। অথচ আজিৰ পৰা মাত্ৰ চাৰে তিনিশ বছৰ পূৰ্বে ১৬৭১ চনৰ শৰাইঘাট ৰণৰ সময়ত  ৬০ ৰ পৰা ৮০ জন মানুহ ধৰা ১১/১২ বেওঁ জোখৰ ৪০ খন নাৱৰে যুদ্ধৰ বাবে অহৰ্নিশে অসম সেনা সাজু হৈ আছিল । (ইতিহাস বিদ ড০ জন পিটাৰ ৱেড) গুৱাহাটী আৰু গড়গাওঁ নাওঁশালিৰ নাৱৰ বাবে বছৰেকত ১০,৫৬০ জন নাৱৰীয়াৰ আৱশ‍্যক হৈছিল।টিলিকিতে ভৰি পৰিছিল শয়ে শয়ে যুঁজৰ নৌকা। নাৱে নাৱে গঢ়ি তোলা হৈছিল যুদ্ধৰ সেঁতু। যেনে শৰাইঘাট। যাৰ বিষয়ে ইউৰোপিয়েন ইতিহাস বিদ ড০ জনপিটাৰ ৱেডে কৈছিল যে ব্ৰহ্ম পুত্ৰ নদৰ ওপৰত দলং বনোৱা কৌশল আন দেশে নকল কৰিছিল বুলি। কিন্তু আজি যেন আমি উদাসিন এই নাৱৰ ইতিহাসক লৈ। 
শৰাইঘাট দলং (অসম)


এটা সময় আছিল যেতিয়া নাওঁ বা নৌকা আছিল অসমৰ সমাজ জীৱনৰ জীৱন ৰেখা স্বৰূপ Life line.  যাতায়তৰ বাবে ভেলা, ডিঙৰা,নৌকা আদি আছিল আমাৰ পৰিচিত শব্দ। এইবোৰৰে বেহা বেপাৰ, যাতায়ত, যুদ্ধ সকলো হৈছিল। "আমাৰ মুদৈ গৈ ঢাকাত বেহাই গৈ" বুলি এষাৰ কথাই আছিল। 'সাউদৰ গীত' আমাৰ লোক কৃষ্টি আছিল। পাছে আপুনি শুনিছেনে এই সাউদৰ গীত ? মই অৱশ‍্যে শুনা নাই। এটা সময়ত আমাৰ গাওঁ বোৰৰ নাম আছিল সাউদৰ চুক, সাউদৰ চুবুৰি আদি । মুদৈ নামে এটি ব‍্যৱসায়ৰে জড়িত শ্ৰেণীয়ে আছিল। তেওঁলোকে নাওঁলৈ বেপাৰ-বণিজ কৰিছিল। বেপাৰ গহীন হ'লে বোধকৰো সাউদ নাম পাইছিল।  সাউদৰ নাওঁখন পালতৰা আছিল আৰু আকাৰত ডাঙৰ আছিল বাবে তাতে থকা খোৱাৰ সুবিধা আছিল। সাধাৰণতে তেনে নাৱক ডিঙা বা ডিঙৰা বুলিছিল। 


এই ডিঙাবোৰৰ সমুখ ভাগৰ টিঙত  বিভিন্ন কাৰো- কাৰ্য্যৰে আমাৰ বাঢ়ৈ সকলে মগৰ আৰু ৰাজ হংসৰ নক্সা কাটি নাওঁখনক দৃষ্টি নন্দন ৰূপ দিছিল। এইবোৰেই  আছিল তাহানিৰ বিখ‍্যাত ৰাজহংস নাওঁ, মগৰি নাওঁ আদি। এইবোৰ চলাবলৈ বা বান্ধিবলৈ, গঢ়িবলৈ বা যুঁজিবলৈ, উঠিবলৈ বা ফুৰিবলৈ কিমান যে শ্ৰেণিৰ বৃত্তিয়াল লোক আছিল সেয়া আজি অনুসন্ধানৰ বিষয় ! এই নিৱন্ধটি লিখি থাকোতে আমি 'কাৰ্পেনটাৰ'ৰ সলনি 'বাঢ়ৈ' শব্দটো মনত পেলাবলৈকে আধাঘন্টা সময় নষ্ট কৰিব লগা হ'ল। তেনে আজিৰ প্ৰজন্মৰ সন্মুখত মুদৈ বা সাউদৰ অৱস্থা কি হব  সেয়া সহজেই অনুমেয়!! 


অতিজতে আমাৰ অধিকাংশ গাওঁৰ নাম আছিল নৌকা শিল্পৰে জড়িত যেনে সাউদৰ চুক, সাউদৰ পাৰা, সাউদৰ চুবুৰি, সাউদৰ ভিঠা, মুদৈ গাওঁ, মুদৈ চুক, নাওঁশলীয়া গাওঁ আদি। মানুহৰ উপাধিও আছিল সেই বৃত্তিৰে জড়িত মুদৈ, বৰমুদৈ, সাউদ আদিৰে। এতিয়া বহুতেই হয়তো সেই উপাধি বা বৃত্তিৰে নিজৰ চিনাকি দিব'ই লাজ কৰিব। বোধকৰো এই বাবেই আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে নৌকাৰে সম্পৰ্কিত এই সমস্ত ইতিহাস! আজিৰ কথা বাদেই দিয়ক, আবাহনৰ ১১শ বছৰৰ ৫ম সংখ‍্যাত ৰাম চন্দ্ৰ দাসে  লিখা কথা খিনি মন কৰক "ধনশিৰী পাৰত মুদৈ গাওঁ আছে। ঠায়ে ঠায়ে মুদৈ উপাধিৰো মানুহ আছে। পাছে, আজি আৰু ডিঙা বা ডিঙা বেহোৱা পাকৈত সাউদ সকল আজি নাই। এনে হেন উন্নত যুগতো বেপাৰ কি বস্তু, খায় নে পিন্ধে আজিৰ অসমীয়াই প্ৰকৃততে 
একো কব নোৱাৰে । অসমীয়া আজি নিজৰ ঘৰতে আলহী। এটা প্ৰাচীন, বৃহৎ জাতিৰ এনে অৱনীতি সঁচাকৈয়ে পৰিতাপৰ বিষয়.....। " আবাহনৰ যুগতেই এনে কথা হ'লে এতিয়াৰ সময়ত কি হব ?  এটা সময়ত আমাৰ আছিল বিভিন্ন নাওঁ যেনে,  ভেলা, ডিঙৰা, পালতৰা , গুণ টনা, জাপ নাওঁ, গুটি নাওঁ, চৰা নাওঁ, মগৰি নাওঁ, শিহু নাওঁ, হিলৈ চৰা নাওঁ, তুলুঙা নাওঁ, মাৰ নাওঁ, বচাৰি, পানচৈ, কুশা, কুশ, কপিকল, হয়কলি, চিলাপাতি পানচৈ ইত‍্যাদী।  ইয়াৰ ভিতৰত মাৰ নাওঁ, হিলৈচৰা, বচাৰি, কুশা, কুশ আদি নাওঁ যুদ্ধত ব‍্যৱহাৰ হৈছিল। এই সামৰিক গুৰুত্ব থকা নাওঁবোৰৰ বাবে বচা বচা মানুহ আৰু বিষয়া আছিল। আহোম যুগত এনে নৌকা বাহৰৰ বাবে বিশেষ কিছুমান নদীয়াল চকি বা সমৰ ঘাটি আছিল। তেনে বিখ‍্যাত চকি এখন আছিল হাদিৰা চকি। ইয়াৰোপৰি পাণ্ডু, কালজোৰা, আগিয়াঠুৰি, ৰংমহল, পানী গড়, ইটাখুলি, অশ্বক্লান্ত, কামাখ‍্যা, শৰাইঘাটত আছিল আমাৰ নৌ যুদ্ধৰ সৰু সৰু সামৰিক ঘাটি। নগাওঁৰ কলং, কপিলীৰ মুখত আছিল বিখ‍্যাত কাজলী মুখ চকি। য়গুৱাহাটীৰ এটা অঞ্চল আছিল আন এক সামৰিক গুৰুত্ব থকা নৌ বাহৰ বৰ্তমানৰ দীঘলী পুখুৰী। ইয়াত নাৱৰ ঘুলি আছিল। আহ বুলিলেই ওলাই আহিব পৰাকৈ ঠাকে ঠাকে জল যান বোৰ সজাই থোৱা আছিল। সেইদৰে অসমৰ অন‍্যতম নৌ বাহৰ আছিল তেজপুৰৰ ভৰলী মুখ। অসমৰ নিৰাপত্তাৰ ককাঁল স্বৰূপ কলিয়াবৰৰ পৰা ভৰলীমুখৰে জামুগুৰি অঞ্চল সামৰি 'সলা' আছিল গুৰুত্বপূৰ্ণ নৌ সেনা বাহৰ। তেনেকৈ দিখৌ মুখটো আছিল অনেক যুঁজাৰু নাওঁৰে এখন গুৰুত্বপূৰ্ণ নদীয়াল চকি। এইদৰে দেখা যায় যে নাওঁ আছিল অসমৰ জাতীয় গুৰুত্ব থকা সম্পদ। অসমৰ যাতায়তি ব‍্যৱস্থা আৰু সমৰাস্ত্ৰত নাওঁৰ ভূমিকা আছিল আতাইটকৈ বেছি। কিন্তু কি আচৰিত ! এই বিষয়ৰ ওপৰত আজি নাই আমাৰ  বিশেষ চৰ্চা বা গৱেষণা! অথচ পদ্ম পুৰাণ আদিত থকা বেউলা লক্ষিন্দৰৰক লৈ আমাৰ কিমানযে কথা ! গুৱাহাটীৰ কাষৰ ছয়গাওঁৰ লক্ষিন্দৰৰ পৰা ধুবুৰিৰ নেতাই ধুবুনি ঘাটলৈ কিমানযে আবেগ !...........




লেখক: শান্তনু বৰুৱা, তেজপুৰ
সম্পাদক, অ: ভা: উ: সা:









Editor: Diganta Kr. Bhuyan


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়