অৰূপ কুমাৰ দত্ত আৰু কাজিৰঙা ট্ৰেইল
লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।
Arup Kumar Dutta and Kaziranga trial
:=Dilip Kumar Baruah,TEZPUR.
অসম অসমীয়াৰ বাবে নিৰবে কাম কৰা বহু লোক আছে তাৰ ভিতৰত অৰূপ কুমাৰ দত্ত ৰ নাম উল্লেখ কৰিব লাগিব।
 |
অৰূপ কুমাৰ দত্ত ৰ লগত লেখক |
অৰূপ কুমাৰ দত্ত এনে এগৰাকী লেখক যি , মোৰ শিশু উপন্যাস সাহিত্যৰ গুৰু।নৱকান্ত বৰুৱা চাৰৰ সঞ্চালনাত অসম শিশু ন্যাসে পতা প্ৰথম খন কৰ্মশালাত তেখেত আমাৰ প্ৰশিক্ষক হিচাবে আহে আৰু কেনেকৈ অসম উত্তৰ পূৰ্বাঞ্চলৰ লোক জীৱনকলৈ কেনেকৈ কাহিনী লিখিব পাৰি তেখেতে লগতে বহি আমাক শিকালে।মোক তেওঁৰ এখন ইংৰাজী কিতাপ ,Revange খন দিয়ে।কিতাপ খন খামতি সকলৰ হাতী চিকাৰৰ মনোৰম কাহিনী।কিতাপখন মই কমেও ১০ বাৰ পঢ়িছো।কিতাপ খন পঢ়িয়ে যোৱা ৩০ বছৰত অসমত ঘুৰি ঘুৰি ১০০ৰো অধিক শিশু উপন্যাস মই লিখিলো।ইয়াৰে প্ৰথমখন ড.ভৱেন্দ্ৰ নাথ শইকীয়া দেৱৰ সঞ্চালনাৰ কৰ্মশালাত সংশোধনৰ পিছত ঢেকীয়াপতীয়াৰ নাচ নামৰে নেচনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰি হিন্দী লৈ অনুবাদ কৰে আৰু কিতাপখন মহাৰাষ্ট্ৰৰ অষ্টম মানৰ অতিৰিক্ত পাঠ্যপুথি অৰ্ন্তৰভুক্ত হ'ল।
এনে এজন কেৱল ইংৰাজী ভাষাত মনোৰম কাহিনী লেখক মোৰ গুৰু হ'ল অৰূপ কুমাৰ দত্ত ।
দত্তদেৱ যোৰহাটৰ জেবি কলেজৰ অধ্যাপক আছিল যদিও পেশাগত লেখক হোৱাৰ তাৰণাত অধ্যাপক ৰ চাকৰি ত্যাগ কৰি গুৱাহাটী ত থাকি ইংৰাজীত সাহিত্য চৰ্চা কৰি আছে।বৰ্তমানে বিশ্বৰ প্ৰায়বোৰ ভাষালৈ দত্ত দেৱৰ কিতাপ অনুদিত হৈছে,বিশ্বজুৰিয়ে তেখেতৰ বহু মুগ্ধ পাঠক আছে ।
১৯৪৬ চনৰ ২ জুলাই তাৰিখে যোৰহাটৰ ওচৰৰ এখন চাহ বাগিচাত জন্ম হোৱা দত্তৰ দেউতাকৰ নাম গিৰিশ দত্ত আৰু মাকৰ নাম ইন্দিৰা দত্ত।হিমাচল প্ৰদেশৰ লৰেন্স স্কুলৰ পৰা ১৯৬২ চনত চিনিয়ৰ কেম্ব্ৰিজ পাছ কৰি তেওঁ ৰামজন কলেজ দিল্লীৰ পৰা১৯৬৬ চনত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৬৯ চনত দিল্লী বিশ্ববিদ্যালয় ৰ পৰা ইংৰাজীত স্নাতকোত্তৰৰ পাছ কৰি যোৰহাটৰ জে বি মহাবিদ্যালয় ৰ ইংৰাজী প্ৰৱক্তাৰ পদত যোগদি লিখাৰ বাবে চাকৰি ত্যাগ কৰি গুৱাহাটী ত থাকিবলৈ লয়।অলপ দিন আগতে গুৱাহাটী ত হোৱা ব্ৰহ্মপুত্ৰ লিটাৰেৰী ফেষ্টিভেলত তেখেতক লগ পাওঁ।

লিখাৰ বাবে তেখেত বহুকেইটা পুৰস্কাৰ আৰু সন্মানৰে বিভূষিত হয়।২০১৪ চনত জীৱনজোৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ তেওঁ লাভ কৰে।১৯৭৯ শঙ্কৰচ এৱাৰ্ড,২০১৮ চনত পদ্মশ্ৰী পুৰস্কাৰ পায়।১৯৭৯ চনত লিখা কাজিৰঙা ট্ৰেইল ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ শিশু পুথিৰ পুৰস্কাৰ নেচনেল বুক ট্ৰাষ্টৰ পৰা লাভ কৰে।এই কিতাপ খন ইতিমধ্যে ভাৰতীয় সকলো ভাষাৰ উপৰিও ইংৰাজী,জাপানী,কোৰিয়ান,ক্ৰীচ,ৰাচীয়ান আদি ভাষালৈ অনুদিত হৈ বিশ্বত গৌৰৱ বঢ়াইছে।২০০১ চনত জাপানৰ এখন আলোচনীয়ে এইখন বিশ্বৰ উত্তম শিশু সাহিত্য ঘোষনা কৰে।এই কাহিনীৰ ভিত্তিত দি ৰাইনো চিনেমা হৈছে1 তেওঁৰ প্ৰায়বোৰ কাহিনীৰ পটভূমি অসম।তেওঁৰ শিশু গ্ৰন্থ ১৮ খন আৰু ডাঙৰৰ বাবে লিখা কিতাপ ১৭ খন।এতিয়াও নিয়মীয়া কৈ তেখেতে লিখি আছে।বহু কেইখন সৰ্বভাৰতীয় ইংৰাজ পত্ৰিকাৰ নিয়মীয়া লেখক দত্ত দি আছাম ত্ৰিবুন কাকতৰ নিয়মীয়া নিবন্ধকাৰ।তেওঁৰ জনপ্ৰিয় কিতাপ কেইখনমান হল Kaziranga Trial(1978),Trouble of Kolongijan(1982),The beg(2018),The Blind Witness(1983),The Story about Tea(1985),The Lure of Zangrila(1986),Revenge(1989),Smack(1990),Save the Pool(1990),Oh dear(1997),Advancer of Omnibus(2014),The Anagarika's Swansong(2009),Advancer Stories Golden Set(2003),The boy who became king(2004),
ইত্যাদি ।
তেওঁৰ কাজিৰঙা ট্ৰাইল খনৰ মূল শিশু চৰিত্ৰ হল তিনিটা ক্ৰমে ধনী,বুবুল আৰু জোনতি আৰু এজনী হাতী নাম মাখনি ।কাজিৰঙাৰ ওচৰৰ এখন গাঁৱৰ এই মনোৰম কাহিনী,যি বিশ্বতে শিশুৰ অতি জনপ্ৰিয়। তেওঁৰ চাহ বিষয়ক কিতাপ খন বিশ্বৰ বহু ভাষালৈ অনুদিত।তদুপৰি প্ৰত্যেক খন কিতাপেই ইংৰাজী পাঠকৰ অতি জনপ্ৰিয় বেষ্ট চেলাৰ।
মাজতে দি প্ৰিন্সচ টেইল নামৰ এখন কিতাপ অসমৰ ইংৰাজী ভাষাৰ অতিৰিক্ত পাঠ্যপুঠি হিচাবে চলিছিল। শেষত মোৰ শিশু কাহিনী লেখাৰ গুৰু অৰূপ কুমাৰ দত্ত ওপৰত লিখিবলৈ পায় মই মনত গভীৰ প্ৰশান্তি লাভ কৰিলোঁ আৰু আমাৰ ইংৰাজী পঢ়া ছাত্ৰ-ছাত্ৰীক দত্ত দেৱৰ বিশ্বতে পঢ়া কিতাপবোৰ পঢ়িবলৈ অনুৰুধ জনালোঁ ।
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
সম্পাদনা কক্ষ :
অৰূপ কুমাৰ দত্তৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংগ্ৰহ কৰি তলত তথ্যসমূহ হুবহু দিয়া হ'ল:
সাহিত্য কৰ্ম:
- ইউনিকৰ্নিচ (১৯৯১)
- চাহ গৰম, দা টি ষ্টৰী (১৯৯১)
- নেচাৰ কুইজ বুক (১৯৯১)
- দা খঙীয়া বৰুৱাছ অফ ঠেঙাল (১৯৯৪)
- হেমাৰ ব্ল' (১৯৯৬)
- ইণ্ডিয়ান ৰেলৱেছ, দা ফাইনেল ফ্ৰণ্টিয়াৰ (২০০২)
- দা ৰভিং মিনিষ্ট্ৰেল (২০০২)
- জ্যোতি প্ৰসাদ, প্ৰিন্স অফ বিউটি (২০০৩)
- পথৰুঘাট (২০১০)
১৯৮২ চনত দিল্লীত এক বঁটা প্ৰদান অনুষ্ঠানত অৰূপ কুমাৰ দত্ত
কল্প-সাহিত্য
- কাজিৰঙা ট্ৰেইল (১৯৭৮)
- ট্ৰাবল এট কলঙিজান (১৯৮২)
- দা ব্লাইণ্ড ৱিটনেছ (১৯৮৩)
- এ ষ্টৰী এবাউট টি (১৯৮৫)
- দা লুৰ অফ ঝাংৰিলা (১৯৮৬)
- ৰিভেঞ্জ (১৯৮৬)
- স্মেক (১৯৯০)
- চেভ দা পুল (১৯৯০)
- অহ! ডিয়াৰ (১৯৯৭)
- দা ক্ৰিষ্টেল কেভ (১৯৯৭)
- ফুটপ্ৰিন্টছ ইন দা চেণ্ড (১৯৯৯)
- দা কাউণ্টাৰফেইট ট্রেজাৰ (২০০১)
- এডভেণ্টচাৰ ষ্টৰীছ গোল্ডেন ছেট (২০০৩)
- দা বয় হু বিকাম কিং (২০০৪)
- দা অনাগৰিকাছ শ্বানচং (২০০৯)
- এডভেণ্টচাৰ অম্নীবাছ (২০১৪)
বঁটা আৰু সন্মান
- কাজিৰঙা ট্ৰেইল (১৯৭৮), ট্ৰাবল এট কলঙিজান (১৯৮২), দা ব্লাইণ্ড
ৱিটনেছ (১৯৮৩) আৰু স্মেক (১৯৯০) গ্ৰন্থলৈ চিল্ডৰেন বুক ট্ৰাষ্টৰ চিল্ডৰেন
বুক পুৰস্কাৰ।
- ১৯৭৯ চনত আন্তৰ্জাতিক শিশু বৰ্ষ উপলক্ষে প্ৰদান কৰা শংকৰ বঁটা
- জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাউণ্ডেচন বঁটা, ১৯৮২
- ৰিভেঞ্জ কিতাপৰ বাবে ১৯৮৭ চনৰ এনচিইআৰটি বেষ্ট বুক অফ দা ইয়াৰ বঁটা
- সাংবাদিকতাৰ বাবে শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা, ২০০৪
- এছচিয়েছন অফ ৰাইটাৰছ আৰু ইলাষ্ট্ৰেটৰছ ফৰ চিল্ডৰেনৰ জীৱনজোৰা সাধনা বঁটা, ২০১৪
- ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা, ২০১৮
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট ডিগ্ৰী, ২০১৮
Comments
Post a Comment
If you have any doubts, please let me know.