সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা (২য় খণ্ড )

 তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা (২য় খণ্ড )

মুঠতে সঁচা অৰ্থত তেওঁ আছিল এজন সব‍্যসাচী শিল্পী।  স্কুলত পঢ়ি থকা অৱস্থাত তেওঁ তেজপুৰৰ ঊষা ছাত্ৰসভাৰ হাতে লিখা আলোচনী *আজলী" ৰো আছিল সম্পাদক* । তাতে তেওঁ হেণ্ডেল পেইনৰে  অঁকা ছবিও এই লেখকৰ হাতত সংৰক্ষিত হৈ আছে।  এইদৰে ছেন্টপল, ৰিপন, ভিক্তোৰিয়া, কাৰমাইকেল, স্কটিছ চাৰ্চ  আদিৰ পৰা বহিস্কৃত হোৱাৰ পাছতো তেওঁক পুলিচে বিচাৰি য'তে ত'তে খানা তালাচ কৰিব ধৰিলে। ইফালে ককায়েক নন্দলাল বাংলাদেশ ৰাইফলচৰ বিষয়া। হাত দীঘল মানুহ। ককায়েকে চেষ্টা কৰিছে কৰবাত ল'ৰাটোক সোমোৱাই দিয়া যাওক। নন্দলালে তেওঁৰ হাতত চিঠি এখনো দিলে তেজপুৰ আৰক্ষী বিষয়াক দিবলৈ।


BISHNU RABHA & PHANI SHARMA
সেয়েহে ফণী শৰ্মাৰ সৈতে ৰেষ্টুৰেন্ট এখনত চাহ খাই থাকোতে ফণী শৰ্মাই বিষ্ণু ৰাভাক সুধিলে 'থানালৈ কিয় গৈছিলি'? বৰ সাধাৰণ ভাৱে বিষ্ণু ৰাভাই ক'লে যে তেওঁক ঢাকা ৰেজিমেন্টৰ কৰ্ণেল ডি, স্মীথে অসমৰ জ‍্যেষ্ঠ আৰক্ষী বিষয়া কালাঘান চাহাৱৰ জৰিয়তে ডি,এচ,পি, চাকৰি দি মকৰল পত্ৰ এখন দিছিল। ফালি থৈ আহিলো। ( উৎস:ফণী শৰ্মাৰ ৰং,বিৰং) 

এনে অদ্ভূত ধৰণৰ স্বাভিমানী পুৰুষ আছিল বিষ্ণু ৰাভা। ফণী শৰ্মাৰে প্ৰগাঢ় বন্ধুত্ব থকাত দুয়ো একে লগে গুৱাহাটীৰ মেচুৱা বজাৰ, খলিল বজাৰৰে জড়িত থাকি কোঠাএটা ভাড়াত লৈ মাছ ঘিও, চাউল,কণী আদিৰো বেপাৰ কৰিছিলে। পাছে ৰাতি ৰাতি গীতৰ মজলিছত বহি পুৱা ৰেল ধৰিব নোৱাৰাত বেপাৰ চেপেটা লাগিল । তেনেতে বৰপেটালৈ ফুটবল খেলিবলৈ আমন্ত্ৰণ পোৱাতহে যেনিবা ৰক্ষা !  তাতে দুয়ো  ব্ৰজ শৰ্মাক ল'গ পাই এজনে  নাটকত ধৰিলে আনজনে অসমীয়া চিনেমা শিল্পৰ উদ্দেশ্যৰে কলকাতা পালেগৈ। ৰাভা দেৱে মণি ৰায়ক লগ পাই ।

১৯৩১ চনত *আৰ্গ ফিল্ম কোম্পানী* খুলি জ‍্যোতি প্ৰসাদৰে আলচ কৰি   প্ৰথম অসমীয়া  ছবি "জয়মতী" উলিওঁৱাত সহায় কৰিলে। 

এইদৰে ১৯৩৫ চনৰ পৰা ১৯৪৮ চনলৈ মাত্ৰ ১২ টা বছৰৰ ভিতৰত তেওঁ ২৩ খন 'পালা'ৰে ৭৪ খন ৰেকৰ্ডত গীতে মাতে বাণীবদ্ধ ৰূপেৰে অসমীয়া সংস্কৃতিক বিশ্ব সংস্কৃতিৰে চিনাকী কৰাই দিলে। ১৯৩৫ চনত ৬ বছৰীয়া শিশু শিল্পী সাধনা বৰুৱাক HMV ত গীত গোৱাই শিশু প্ৰতিভাৰ স্ফূৰণ ঘটালে। কণমানি মমতা বৰুৱাক ৪ বছৰ বয়সতে ' পালা' ত গীত গোৱালে । 

আকৌ, ১৯৩৮  চনত তেওঁ যোৰহাটৰ জীয়ৰী তেজপুৰৰ বোৱাৰী প্ৰফুল্ল বালা বৰুৱা আৰু তেখেতৰ ভগ্নী প্ৰিয়বালা দত্তক গীত গোৱাই প্ৰথম মহিলা শিল্পীৰ ৰেকৰ্ড উলিয়ালে । ১৯৩৭ আৰু ৩৮ ত  তেতিয়াৰ সকলোৰে মৰমৰ ডাঙৰ মইনা ভূপেন হাজৰিকাক জ‍্যোতি ককাইদেউৰ সহযোগত তেৱেই গোৱালে  "কাষতে কলচি লৈ" আৰু "আজলী হিয়াঁৰ মাজে বিজুলি বাণ    মাৰে" শীৰ্ষক গীত দুটি । 

 মুঠতে শিল্প কৰ্মৰ এই বিৰাট ব‍্যস্ততাৰ মাজতে তেওঁ ১৯৩৭ চনৰ ২৪ নৱেম্বৰৰ দিনা সহ শিল্পী যোৰহাটৰ প্ৰিয়বালা দত্তক কলকাতাতে বিয়াও কৰালে। কিন্তু কি যে দুৰ্ভাগ‍্য ! মাত্ৰ এমাহৰ অন্তত ২২ ডিচেম্বৰৰ দিনা প্ৰিয়বালাৰ মৃত‍্যু হ'ল। দুখত মানুহজন বলিয়াৰ দ'ৰে হ'ল ! ঘৰ বাৰি এৰি মনৰ সন্তাপত জনজাতীয় গাওঁবোৰৰ  য'ত ত'ত তেওঁ ঘুৰি ফুৰা হ'ল ! কিন্তু তেজত থকা শিল্পী মনটোৰ বাবে তাতো সৃষ্টিৰ গজালি গজিল। তেওঁ জনজাতীয় লোক বাদ্যবোৰ দেখি সেইবোৰ আঁকি বিৱৰণ সহ এটি পাণ্ডুলিপি প্ৰস্তুত কৰিলে। নাম দিলে "চিফুঙৰ সুৰ"। 


১৯৩৯ ত জীৱেশ্বৰ গোস্বামী, সুৰেশ গোস্বামী, পূৰ্ণ শৰ্মা বৰঠাকুৰ, প্ৰভাত শৰ্মা,গজেন বৰুৱা আদিক লৈ "কামৰূপী নৃত‍্য সংঘ" নামে অনুস্থান এটি গঢ়ি অসমৰ সংস্কৃতিক ভাৰতীয় সংস্কৃতিৰে পৰিচয় কৰোৱাব বিচাৰিলে। সেয়া যে এক অনন্য ইতিহাস ।  আলোচনা কৰিলে  বহু দীঘলীয়া হব। মাত্ৰ ইয়াকে কৈ থও যে তেওঁলোকে যেনেতেনে দুপইচা যোগাৰ কৰি কলকাতাৰ আইডিয়েল হ'লৰ ডৰমিটৰীতে থাকি 'গ্লৱ থিয়েটাৰ', 'ষ্টাৰ থিয়েটাৰ', লাহোৰৰ 'ৰিজেন্ট হ'ল' আদিত এনে চমৎকাৰ অনুস্থান পৰিবেশন কৰিলে যে ভাৰতীয় সংস্কৃতিৰ খবৰ ৰখা মানুহে আমাৰ কৃষ্টি দেখি অবাক বিস্ময় মানিলে । ১৬ মাৰ্চৰ দিনা তেওঁ গ্লৱ থিয়েটাৰ হ'লত বড়ো সকলৰ জাৰাপাগ্লা  নৃত‍্যক বুনিয়াদ কৰি তাণ্ডৱ নৃত‍্যৰ সৃষ্টিৰে এনে সাংঘাতিক নৃত‍্য প্ৰদৰ্শন কৰিলে যে বংগৰ সদাচাৰী নৃত‍্যৰ জনক গুৰু সদয় দত্তই সুধিয়ে পেলাইছিল  *ওহে চোক্ৰা, তোমাৰ নৃত‍্যে এত' সৰলতা আৰ পৱিত্ৰতা কথা থেকে পেলেন* ?  বিষ্ণু ৰাভাৰ যি উত্তৰ আছিল আৰু অসমৰ নৃত‍্য কলাৰ যি বুৰঞ্জী আছিল সেয়া ক'লেও এটা নিবন্ধত শেষ কৰা অসম্ভৱ ! নৃত‍্যৰ কথা কবলৈ গ'লে বেলেগে এদিন আলোচনা কৰিব লাগিব।  তেনেকৈ গীতৰ কথাও। এই বোৰৰ বিষয়ে পাছত কেতিয়াবা নিশ্চয় আলোচনা কৰিব পৰা যায়। 
 
জ্যোতি-বিষ্ণু-ফণী(ত্ৰীমূৰ্তি)
কেৱল যে বিষ্ণুৰাভা দিৱসতহে  বিষ্ণুৰাভাৰ বিষয়ে আলোচনা হব লাগে তেনে কথা নিশ্চয় নাই । ৰাভা দেৱে এইদৰে পত্নী বিয়োগৰ সন্তাপত ঘুৰি ফুৰি থাকোতে মাইচুং যোৰা পৰ্বতৰ পৰা নৰ্বো পাহাৰলৈ ঘুৰি ফুৰিছিল। তেওঁৰ প্ৰতিভা আৰু ব‍্যক্তিত্বত মোহিত হৈছিল সমগ্ৰ মানুহ। য'তেই গৈছিল ত'তেই জ্বলাই গৈছিল মুকুতিৰ একো একোকুৰা প্ৰচণ্ড জুই। গাওঁবোৰত তেওঁৰ সন্মানাৰ্থে বাজি উঠিছিল লোক বাদ্য ৰুমু, জুমু, পচাং, চিহিং আদি ৰ ঐক‍্যতান। 

এইদৰে এবাৰ নগা পৰ্বতলৈ গৈ আত্মগোপন কৰি থাকোতে  ১৯৩৪ চনত ৮০০ পৃষ্ঠাৰ নগা বুৰঞ্জীয়ে লিখি উলিয়ালে। বাজেয়াপ্ত হোৱাৰ ভয়ত সেইখনৰ পাণ্ডুলিপি তেওঁ তেওঁৰ বন্ধু মুকাৰশ আঙ্গামীৰ হাতত দিলে। মিজোৰামলৈ গৈ বন্ধুত্ব গঢ়িলে চেতু আঙ্গামীৰে আৰু এদিন মিজো ভাই সকলৰ সন্মুখত তিনি ঘন্টা ধৰি মিজোৰামৰ বুৰঞ্জী কলে। নলবাৰীত আত্মগোপন কৰি থকা অৱস্থাত দুহেজাৰ পৃষ্ঠাত চাৰি হাজাৰ বছৰ পুৰণি অসমৰ বুৰঞ্জী লিখিলে। তেওঁ জ‍্যোতি প্ৰসাদৰ গীতৰ সুৰ চানেকি সম্পূৰ্ণ কৰি *জ‍্যোতিৰ গান* নামৰ পাণ্ডুলিপি প্ৰস্তুত কৰি সেইখন যলৈকে গৈছিল লগত লৈ গৈছিল। পাছলৈ মানুহৰ  দুৰ্দশা দেখি পুণৰ সাম্ৰাজ‍্যবাদী বৃটিছৰ ভণ্ডামীৰ বিৰুদ্ধে তেওঁ জ্বলি পকি উঠিল।
 
বিষ্ণুৰাভাৰ বাসগৃহ,তেজপুৰ

 ক্ৰমশ....








লেখক: শান্তনু বৰুৱা,তেজপুৰ
SANTANU BARUAH





















সম্পাদনা: দিগন্ত কুমাৰ ভূঞা, 
সাহিত্য সফুঁৰা (ব্লগ)


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়