সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

চৰুপ আস্ৰই আৰু অসমৰ পঢ়াশালি


চৰুপ আস্ৰই আৰু অসমৰ পঢ়াশালি

অৰোণোদয়, নাথান ব্ৰাউন, নিধীলেবি ফাৰৱেল আদিৰ কথা ওলালেই অসমৰ আৰম্ভণ কালৰ শৈক্ষিক  বহু পুৰনি কথাই মনত পৰি যায়।১৮৪৪ চন । সেয়া আছিল অসমৰ শিক্ষা ব‍্যৱস্থাৰ আদিকালৰ কথা। নাথান ব্ৰাউনে খৃষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ‍্যে শিৱসাগৰৰ পৰা খোজকাঢ়ি কাঢ়ি যোৰহাট কাছাৰীলৈ আহি মানুহ বোৰক কাচঁৰে তৈয়াৰী প্ৰিজমৰ দ্বাৰা সূৰ্য্যৰ সাটোতা ৰঙৰ সমাহাৰৰে  ৰামধেনু দেখুৱাই কৈছিল এয়া তোমালোকৰ ৰামৰ ধেনু । তেওঁ প্ৰিজমৰ দ্বাৰা মানুহক ভ্ৰান্ত ধাৰনাৰ পৰা আতৰি আহি বিজ্ঞান মনস্কতাক গুৰুত্ব দিবলৈ অনুৰোধ কৰি নিজৰ ধৰ্ম প্ৰচাৰৰ ব‍্যৱস্থা কৰি  মানুহক পৃথিৱীৰ আকাৰ, সূৰ্য্যৰ সম্পৰ্ক আদিৰ কথাকৈ  দিন ৰাতি কেনেকৈ হয় বুজাই দিছিল। ফলত মানুহৰ মনত তেওঁ অদ্ভূত কথা কোৱা মানুহ বুলি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। শেষলৈ তেওঁ অহা গম পালে মানুহে তেওঁক বেঢ়ি কুঢ়ি ধৰিছিল আৰু পৃথিৱীৰ বাতৰি ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। সেই আপাহতে তেওঁ হিন্দু শাস্ত্ৰৰো আলোচনা কৰি মানুহক প্ৰকৃত জ্ঞানৰ বাবে পঢ়াশুনা কৰিবলৈ উপদেশ দিছিল। এই কথাই যুৱ চামটোক শিক্ষাৰ প্ৰতি আগ্ৰহি কৰি তুলিছিল । আনকি সেই কালৰ অসমৰ যুৱৰাজ কামেশ্বৰ সিংহয়ো প্ৰিজমৰ দ্বাৰা সৃষ্ট ৰামধেনু চাবলৈ ইচ্ছা প্ৰকাশ কৰাত নিধীয়ে তেওঁক প্ৰিজমৰ দ্বাৰা ৰামধেনু দেখুৱাই সন্তুষ্ট কৰাত ব্ৰাউন চাহাবলৈ বুলি এটি দৃষ্টি নন্দন ওলোমা বন্তী উপহাৰ দিছিলে। এনেবোৰ কথা কাণ্ডৰ পাছত সমগ্ৰ যোৰহাটত শিক্ষাৰ ধাউতি বাঢ়িবলৈ ল'লে।ব্ৰাউন, বঞ্চন, নিধি হতেঁও এই সুবিধাতে ল'ৰা বোৰক "চৰুপ আস্ৰই" নামে সৰু কিতাপ এখন পঢ়িবলৈ দিছিল । পিছে আমাৰ বহুতে জাত যোৱাৰ ভয়ত সেইবোৰ নুচুইছিল । অৱশ‍্যে তাৰ মাজতো দুই একে মনে মনে পঢ়ি পাছত চৌকাত জাপিছিল। গাওঁৰ মুখিয়াল সকলে কথাটো চিন্তা কৰি বিদ‍্যালয়ৰ প্ৰয়োজন অনুভৱ কৰিলে। কিন্তু সেইকালত শিক্ষা সকলোৰে বাবে নোহোৱাত দুই এক পণ্ডিতে সমাজৰ পৰা এঘৰীয়া হৈয়ো সৰ্ব সাধাৰনক শিক্ষাৰ সোৱাদ দিবলৈ আগ বাঢ়ি আহিছিল। তেনেকৈয়ে গঢ়ি উঠা অনুস্থান আছিল 'এঘৰীয়া দেউৰ পঢ়াশালি ' । আন এখন আছিল বুঢ়া গোহাই চুবুৰীৰ ওচৰৰ 'কণ বামুণৰ পঢ়াশালি ' আদি।

এদিন এনেকৈয়ে অসমত শিক্ষা ব‍্যৱস্থাই গা কৰি উঠিছিল। অসমৰ যুৱচামে এদিন এনে বুনিয়াদৰ পৰাই মহাবিদ‍্যালয়, বিশ্ব বিদ‍্যালয় পৰ্য্যন্ত গঢ়িবলৈ আগ বাঢ়ি আহিছিল।। ইয়াত এই চাহাব সকলৰ ভূমিকা আছিল সঁচাকৈয়ে প্ৰসংশনীয়।এই খিনিতে নাম ল'ব লাগিব বৃটিছ চাহ খেতিয়ক জৰ্জ উইলিয়ামচনৰ। তেওঁ অসমৰ কাৰিকৰী শিক্ষাৰ বাবে চিন্তা কৰি ১৮৯৫ চনতেই দহ হাজাৰ পাউণ্ড উইল কৰি গৈছিল। তেওঁৰ মৃত‍্যু হয় ১৮৯৫ চনত। কিন্তু সেই ধন ব‍্যৱহাৰ হয়গৈ ১৯২৮ চনত। 

সাউদ ভোলানাথ বৰুৱাৰ দহ লাখ টকাৰ সৈতে এই অৰ্থৰেই গঢ়ি তোলা হৈছিল যোৰহাটৰ 'প্ৰিন্স অৱ ৱেলছ' নামৰ অনুস্থানটো। অসমৰ শৈক্ষিক আৰু বৌদ্ধিক আলোচনাত এই কথাবোৰ নিশ্চয় স্মৰণীয় হৈ ৰব। 









৩০ মে তাৰিখটো যিহেতু তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ মৃত‍্যু তিথিটো বাণিজ‍্য দিবস ৰূপে পালন কৰাৰ আহ্বান জনাই আহিছে সেয়েহে এই দিবসৰ কথাবোৰ নিশ্চয় ৰাইজে মনত ৰাখিব।



(বি:দ্ৰ:  আমি ওপৰত উল্লেখ কৰা 'চৰুপ আস্ৰই' নামৰ পুথি খনৰ সম্ভেদ পালে আমাক জনাবলৈ বিনম্ৰ অনুৰোধ জনালো----লেখক)



লেখক: শান্তনু বৰুৱা, কলিবাৰী, ভৱানী চৰণ পথ,তেজপুৰ
SANTANU BARUAH












Edited by : Diganta Kr.Bhuyan



 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়