সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

লাল-বাল-পাল আৰু ভাৰতৰ স্বাধীনতা আন্দোলন

Bal Gangadhar Tilak
Bipin Chandra Pal
Lala Lajpat Rai


লাল-বাল-পাল আৰু ভাৰতৰ স্বাধীনতা আন্দোলন


লাল-বাল-পাল আৰু ভাৰতৰ স্বাধীনতা আন্দোলন

--:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ



শৈশৱত প্ৰায়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ৰ কথা ওলালেই লাল-বাল-পালৰ কথা ওলায়।গান্ধী ভাৰতবৰ্ষ লৈ দক্ষিণ আফ্ৰিকাৰ পৰা ঘুৰি আহি স্বাধীনতাৰ মূল নেতৃত্ব লোৱাৰ আগেয়ে স্বাধীনতা আন্দোলনৰ এক শক্তিশালী পৰিৱেশ ৰচনা কৰি স্বদেশী আন্দোলন যিসকলে আগবঢ়াই নিছিল সেই সকলৰ ভিতৰত তিনিটা নাম প্ৰায়ে আলোচিত হয় সেইকেইজন হল ,পাঞ্জাৱ কেশৰী লালা লাজপট ৰয়,বাল গঙ্গাধৰ তিলক আৰু বেঙ্গল টাইগাৰ বিপিন চন্দ্ৰ পাল,যাক একেলগে কোৱা হয় লাল-বাল-পাল।ভাৰতবৰ্ষখন এখন পূৰ্ণ স্বাধীন ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ তিনিও গৰাকী স্বতন্ত্ৰতা সেনানীয়ে যি অহোপুৰুষাৰ্থ ত্যাগ ‌কৰি স্বাধীনতা নেদেখাকৈ আতৰি গল সেয়া নতুন পুৰুষক মাজে মাজে মনত পেলাই থকা প্ৰয়োজন।


সেই সময়ত কংগ্ৰছৰ চৰম পন্ঠী সকল তিনিটা ভাগত বিভক্ত আছিল৷ সন্ত্ৰাসবাদী,ক্ৰান্তিকাৰী আৰু চৰম পন্ঠী।১৯০৫ চনৰ পৰা ১৯১৫ চনলৈ অতি সক্ৰীয় সন্ত্ৰাসবাদী সকলে ভাৱিছিল বোমা,বন্দুকৰ দ্বাৰাহে স্বাধীনতা সম্ভৱ।ৰাছীয়াৰ  বিপ্লৱে আন্দোলনকাৰী সকলক উৎসাহিত কৰে।১৮৯৬ চুৰাট অধিৱেশনত বঙ্কিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম গীত ভাৰতীয় জাতীয় সংগীত হিচাবে ধ্বনিত হয়।তদুপৰি চীনৰ ১৯০৮ চনৰ বিপ্লৱেও তেওঁলোকক উৎসাহিত কৰে।এই দলৰ শ্লোগান আছিল ভাৰতমাতাৰ পূৰ্ণ স্বাধীনতা ।ইয়াৰ মূল শক্তি আছিল১৫ বছৰৰ পৰা ২৫ বছৰৰ যুৱক যুৱতীক অস্ত্ৰচালনা শিক্ষা আৰু সসস্ত্ৰ সংগ্ৰামেৰে ইংৰাজ প্ৰশাসনক সকলো কাম বন্ধ কৰা।ইয়াৰ লগতে স্বদেশী বস্তুৰ ব্যৱহাৰ আৰু বিদেশী বস্ত বৰ্জন কৰাৰ আহ্বান জনোৱা হয়।দ্বিতীয় ভাগ ক্ৰান্তিকাৰি সকলও বিভিন্ন সংগঠনৰ মাজেৰে সংগঠিতহৈ বহুসকেইখন স্বদেশী বতৰি কাকত প্ৰকাশ কৰে।২১ ফেব্ৰুৱাৰী১৯১৫ ত ভাৰতজুৰি এক সসস্ত্ৰ সংগ্ৰাম ৰ গোপন প্ৰস্তুতি চলে।ইতিমধ্যে ইংৰাজৰ গাড়ীলৈ বোমা নিক্ষেপ কৰি খুদিৰাম বসুৰ ফাঁচী হয় আৰু তেওঁৰ সহযোগী প্ৰফুল্ল চাকীয়ে নিজৰ মুৰত গুলীয়াই আত্মত্যাগ কৰে।এই আন্দোলনক লাহোৰ ষড়যন্ত্ৰ নামে খ্যাত।২০০ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰি এই আন্দোলন ইংৰাজে দমন কৰে।এই আন্দোলনৰ এগৰাকী নেতা ৰাজ বিহাৰী পাল জাপানলৈ পলায় যায়।সুভাষ চন্দ্ৰ বসুৰ আগেয়ে তেওঁ জাপান ৰেডিঅ' যোগে ভাৰতবাসীক আন্দোলনৰ বাবে উদ্বুদ্ধ কৰে।
এই সময়চোৱাত আমাৰ অসমতো ইংৰাজক খেদি অসম পূৰ্বৰ স্বাধীনতা ঘুৰাই আনিবলৈ খণ্ড খণ্ড ভাৱে এলানি বিদ্ৰোহ হয়।১৮২৮ চনত গমধৰ কোঁৱৰে ইংৰাজৰ বিপক্ষে বিদ্ৰোহ কৰাত তেওঁক ১৪ বছৰ আজিৰ বাংলাদেশলৈ নি কাৰাবন্দী কৰে।মনিৰাম দেৱানৰ চিঠিৰ ভিত্তিত ৰাজদ্ৰোহৰ অভিযোগত ২৬ ফেব্ৰুৱাৰী,১৮৫৮ ফাঁচী দিয়া হয়।মৰাণ-খামতি আদি বিদ্ৰোহ হয়।১৮৫৭ চনত নগাওঁৰ ফুলগুৰিত আৰু ১৮৬১ চনত পাথৰুঘাটত ইংৰাজ ৰ বিপক্ষে কৃষক বিদ্ৰোহ হয়।২৬ জুলাই ১৯৩০ চনত  পিয়লি ফুকনৰ ফাঁচী হয়।১৫ জুনত১৯৪৩ চনত কুশল কোঁৱৰৰ ফাঁচী হয়।উতালহৈ পৰে তাহানিৰ অসম।
পাঞ্জাৱ কেশৰী লালা লাজপত ৰয় মাত্ৰ২৪ বছৰ বয়সতে চতুৰ্থ কংগ্ৰেছৰ অধিৱেশনত প্ৰতিনিধিত্ব কৰে।তেওঁ উৰ্দ্দু,ইংৰাজী আৰু পাঞ্জাৱী ভাষাত সমানে লিখিব পাৰিছিল।১৮৬৫ চনৰস২৮ জানুৱাৰী তজন্ম হোৱা লাল ১৯২৮ চনৰ১৭ নবেম্বৰত মৃত্যু বৰণ কৰে।এওঁ এগৰাকী উকীল আছিল যদিও স্বদেশী আন্দোলনত জৰিতহৈ তেওঁ ১৯০৭ চনত বিচাৰ বিহীনভাৱে তেওঁক ইংৰাজে ব্ৰহ্মদেশ লৈ নিৰ্বাসন দিয়ে।তেওঁ আমেৰিকালৈ গৈ  Indian Home Rule League  of America  ১৯১৭ চনত নিউইয়কত প্ৰতিষ্ঠা কৰে।১৯২০ চনত ভাৰতলৈ আহে যদিও চাইমন কমিচনত বিৰুধীতা কৰি পুনৰ ১৯২১ চনৰ পৰা ১৯২৩ চনলৈ জেলত থাকে।জেলত থাকোতে তেখেতে The Story of my deportation আৰুUnhappy India নামৰ দুখন গ্ৰন্থ ৰচনা কৰে।


ৱাল গঙ্গাধৰ তিলক  আছিল মহাৰাষ্ট্ৰৰ শক্তিশালী ক্ৰান্তিকাৰী ।তেওঁৰ নাম আছিল কেশৱ গঙ্গাধৰ তিলক।১৮৫৬ চনৰ ২৩ জুলাইত জন্ম হোৱা লোকনায়ক তিলক ১৯২০ চনৰ ১আগষ্টত মৃত্যুবৰণ কৰে।তেওঁক জৱহৰলাল নেহেৰুৱে Father of Indian Revolution  আৰু মাহাত্মা গান্ধীয়েThe Maker of Modern India বুলিছিল।তেওঁ গণিত,সংস্কৃত আৰু আইন বিষয়ৰ পণ্ডিত আছিল।১৮৯৩ চনত তেওঁ গনেশ উৎসৱ আৰু১৮৯৫ চনত শিৱাজী উৎসৱ আৰম্ভ কৰি ভাৰতীয় জাতীয়তাবাদ ক সংগঠিত কৰে।১৯১৬ চনত মহম্মদ আলি জিন্না ৰ সৈতে লক্ষ্নৌ চুক্তি স্বাক্ষৰ কৰি হিন্দু মুছলমানৰ একতাৰে স্বাধীনতা সংগ্ৰামৰ জোৰদাৰ কৰে।১৮৯৮ চনত তেওঁৰ ১৮ মাহ জেলহয়।তদুপৰি তেওঁক ৬ বছৰ ম্যানমাৰলৈ নিৰ্বাসন দিয়া হয়।তেওঁএকেধাৰেআছিলশিক্ষক,গণিতজ্ঞ,দাৰ্শনিক,সাহসী স্বতন্ত্ৰতা সেনানী।

তৃতীয় গৰাকী আছিল কলিকতাৰ বিখ্যাত স্বতন্ত্ৰতা সেনানী বিপিন চন্দ্ৰ পাল যাক জনা যায় বেঙ্গল ট্ৰাইগাৰ বুলি।১৮৫৭ চনৰ ৭ নবেম্বৰত জন্ম হোৱা বিপিন চন্দ্ৰ ১৯৩২ চনৰ ২০ মেত মৃত্যু হয়।লৰ্ড কাৰ্জনৰ বঙ্গ বিভাজনৰ বিপক্ষে তেওঁ আছিল এগৰাকী অগ্ৰদূত ।তেওঁৰ দেউতাক আছিল পাৰ্চিয়ান পণ্ডিত।বিপিন চন্দ্ৰ আছিল সুবক্তা,লেখক,সমাজ সংস্কাৰক আৰু ভাৰতৰ স্বতন্ত্ৰ তা আন্দোলনৰ Father Of revolutionary Thought. প্ৰথম পৰিবাৰ বিয়োগৰ পিছত তেওঁ এগৰাকী বিধবা বিয়া কৰাই আৰ্দশ প্ৰতিষ্ঠা কৰে।ভাৰতীয় উদ্যোগৰ বিকাশ,স্বদেশী বস্তু ব্যৱহাৰ,ধনীক ওপৰত কৰ আৰোপৰ হকে সচেতন কৰে।তেওঁ কয় স্বাধীনতা মোৰ জন্ম স্বত- Freedom is my birth right.
Mahatma Gandhi

এনে সময়তে ১৯১৫ চনত দক্ষিণ আফ্ৰিকাত ২১ বছৰ থকাৰ পিছত মাহাত্মা গান্ধী ভাৰতবৰ্ষ লৈ উভতি আহে আৰু লাহে লাহে ভাৰতৰ স্বাধীনতা আন্দোলন অহিংসা পথেৰে আগুৱাই নিয়ে।কিন্তু উচ্চ শিক্ষিত তিনিগৰাকী মহান ভাৰতীয়ই এদিন আমাৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব লৈ স্বাধীনতা ৰ আগতেই মহাজীৱন প্ৰাপ্তিৰ ইতিহাস ইতিহাসত সোনালী আখৰেৰে লিখি ৰাখি মনত পেলাই ৰাখিব লাগিব।স্বাৰ্থপৰ,সুবিধাবাদী ৰাজনৈতিক সকলে যাতে এই আত্মবলীদানৰ ইতিহাস বিকৃত কৰিব নোৱাৰে সেই দিশতো সতৰ্ক হবই লাগিব ।




Writer: Dilip Kr. Baruah,Tezpur

 

 



editor: diganta kumar bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়