সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

উইলিয়াম শ্বেক্সপীয়েৰ আৰু তেওঁৰ কালজয়ী নাটক



উইলিয়াম শ্বেক্সপীয়েৰ আৰু তেওঁৰ কালজয়ী নাটক


::দিলীপ কুমাৰ বৰুৱা,তেজপুৰ::

ইংৰাজী ফকৰা যোজনা আমি প্ৰায়ে ব্যৱহাৰ কৰো।আমি কওঁ, All the glitters is not gold.Brevity is the soul of wit এইবোৰ হ'ল শ্বেক্সপীয়েৰৰ বচন।

আকৌ তেওঁ কৈছিল, To do a great right do a little wrong.  ১৬ শতিকাৰ শেষৰ আৰু  ১৭ শতিকাৰ প্ৰথমাৰ্দ্ধৰ ইংলেণ্ডৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ,কবি আৰু অভিনেতা আছিল উইলিয়াম শ্বেক্সপীয়েৰ। তদুপৰি বিশ্ব নাট্যকলাৰ যুগ যুগলৈ চৰ্চিত নাট্যকাৰ শ্বেক্সপীয়েৰ।তেওঁৰ কথা প্ৰায় সকলোৱে কম বেছি পৰিমানে জানো।তদুপৰি ইংৰাজ যুগত চাৰ্লচ লেম্বৰ টেলচ ফ্ৰম শ্বেক্সপীয়েৰ গ্ৰন্থখন বিদ্যালয় ৰ পাঠ্যক্ৰমত অৰ্ন্তভুক্ত আছিল.......,ফলত আমি শৈশৱত লগপোৱা ডাঙৰ ব্যক্তি সকলে শ্বেক্সপীয়েৰ ৰ কাহিনীকৈ আমাক আনন্দ দিছিল।কোনো কোনো কাহিনী অৱশ্যে আমনিও লাগিছিল।আমি কেতিয়াবা উভতি ধৰিছিলো ইংৰাজৰ কাহিনী জানি কি লাভ হব?তেনে ক্ষেত্ৰত আমাক কোৱা হৈছিল মানুহৰ চাৰিত্ৰিক দোষবোৰ সাৰ্বজনীন ।শ্বেক্সপীয়েৰে মানৱ চৰিত্ৰৰ মনোবৈজ্ঞানিক চিত্ৰন তেওঁৰ নাটকত যিদৰে অংকন কৰিছে,তাৰ বাবে যুগে যুগে মানুহে তেওঁৰ নাটক চাব অথবা নাটকৰ কাহিনী শুনিবই লাগিব।তদুপৰি কাহিনী সমূহে অতি মনোৰম।

William Shakespeare's Family

শ্বেক্সপীয়েৰ ৰ জীৱন বৰ ৰহস্যময়ী ।ইমান মহান ব্যক্তিৰ জীৱনৰ বহু সময় অন্ধকাৰ ময়।১৫৬৪ চনৰ ২৬ এপ্ৰিলত জন্মগ্ৰহন কৰা শ্বেক্সপীয়েৰৰ মাত্ৰ ৫২ বছৰ বয়সত ১৬১৬ চনৰ ২৩ এপ্ৰিলত মৃত্যু হয়।ক'ত কেনেদৰে পঢ়িছিল এই বিষয়েও বেলেগ বেলেগ তথ্য পোৱা যায়।অতি অধ্যৱন্ত ঘৰৰ ৮ টা সন্তানৰ তৃতীয় সন্তান হিচাবে তেওঁৰ জন্ম।১৮ বছৰ বয়সতে ২৬ বছৰীয়া এনি হেথাওৰ সৈতে বিয়া হয়।প্ৰথম কন্যা সন্তান এনি চুচানা,তাৰ পিছত দুটি যঁমজ সন্তান হেমনেট আৰু জুভিথ্।এক মাত্ৰ পুত্ৰ হেমনেথৰ দুবছৰ বয়সত মৃত্যু হয়।১৫৯০ চনত শ্বেক্সপীয়েৰ লণ্ডনলৈ আহি লৰ্ড চেম্বাৰলেইন থিয়েটাৰ দলত যোগ দিয়ে,১৫৯৯ চনত টেমচৰ পাৰত নিজৰ থিয়েটাৰ দল গ্লৱ থিয়েটাৰ আৰম্ভ কৰে।

১৫৯০ ৰ পৰা১৬১৩ ৰ ভিতৰত  শ্বেক্সপীয়েৰে ৩৭ খন নাটক ৰচনা কৰে আৰু নাটকৰ অভিনয়ৰ লগতে বহু পৰীক্ষা নীৰিক্ষা চলায়।

তেওঁৰ নাটক সমূহ তিনিভাগত বিভক্ত বুৰঞ্জীমূলক,বিয়োগাত্মক আৰু মিলনাত্মক।তেওঁৰ নাটক  সমূহ ক্ৰমে টেমপেষ্ট,এ মিডচামাৰ নাইট ড্ৰিম,দা উইন্টাৰচ টেল,চিমবেলিন,কিং লিয়েৰ,মেকবেথ,দা কমেডি অৱ এৰৰচ,ওথেলো,হেমলেট-প্ৰিন্স অৱ ডেনমাৰ্ক,ৰোমিও এণ্ড জুলিয়েট,মাৰ্চেন্ট অৱ ভেনিচ  ইত্যাদি।

শ্বেক্সপীয়েৰৰ এগৰাকী মহান কবি।তেওঁ১৫৪ এটা চনেট কবিতা সৃষ্টি কৰে।চনেট বোৰ হ'ল ১৪ শাৰীৰ এক কবিতা বিশেষ।চনেটৰ তিনিটা ভাগৰ এটা ভাগত শ্বেক্সপীয়েৰ চনেট সমূহ ধৰা হয়।তেওঁক ইংলেণ্ডৰ জাতীয় কবিৰ লগতে  ,Bard of Avon(কবিলৈ দিয়া এক সন্মান) বোলা হয়।শ্বেক্সপীয়েৰে প্ৰথম পৰ্যায়ত নাটকত পূৰ্বৰ সংলাপ লেখন শৈলী ব্যৱহাৰ কৰে যদিও পিছলৈ বহু কেইখনত কাব্য ধৰ্মী সংলাপ ব্যৱহাৰ কৰে।তেওঁ প্ৰয়োজনত লোক কথন শৈলী নৰূপত ব্যৱহাৰ কৰা বুলি কোৱা হয়।

তেওঁৰ কিছু চিন্তা বৰ আমোদ জনক।এজন মানুহে এজন মানুহক ভাল পালেও অথবা বেয়া পালেও মনত ৰাখে ।ভাল পালে হৃদয়ত আৰু বেয়া পালে মনত ৰাখে।তেওঁ কৈছিল মূৰ্খই নিজকে জ্ঞানী বুলি ভাৱে,আৰু জ্ঞানীয়ে জানে তেওঁ কিমান মূৰ্খ।শেষত মহামতি শ্বেক্সপীয়েৰে এষাৰ উক্তিকে সামৰিছো You may face many defeats in life,but never let yourself defeated.

 

 

 

Writer: Dilip Kr. Baruah 

 

editor: diganta kumar bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়