সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

মহাদেৱ শৰ্মা

 মহাদেৱ শৰ্মা

আমি কৃতজ্ঞ হোৱা উচিত

এগৰাকী ব‍্যক্তি, যি অসম এছেম্বলিত ১৯২৪ চনত প্ৰথম অসমীয়া ভাষাত ভাষণ দি অসমীয়া যে অসমৰ ভাষা তাক স্পষ্ট কৰি দিছিল। ১৯২০ চনৰ ১৭ মাৰ্চ তাৰিখৰ বিধান পৰিষদত অসমত যে অবৈধ অনুপ্ৰৱেশকাৰীয়ে সমস‍্যাৰ সৃষ্টি কৰিছে তাক প্ৰথম উত্থাপন কৰা মানুহ জন আছিল তেওঁ। তেওঁ  আছিল অসমৰ ভৱিষ‍্যত স্বৰূপ কন কন ল'ৰা-ছোৱালীৰ নৈতিক চৰিত্ৰ গঠনৰ বাবে অসমত ছপা যন্ত্ৰ আদিৰ মহাৰ্ঘৰ দিনতো মুঠ ৩৮ খনকৈ বিভিন্ন পুথিৰ প্ৰণেতা মহাদেৱ শৰ্মা।  

সাতটাকৈ গুটি ধানৰ ভড়াল থকা এটা আঢ্যৱন্ত পৰিয়ালৰ পৰা আহি তেওঁ আমাক নেতৃত্ব দিছিল সাহিত‍্য, সংস্কৃতি আৰু ৰাজনীতিৰ ক্ষেত্ৰ খনত। তেওঁ আছিল তেজপুৰ লোকেল বৰ্ডৰ প্ৰথম সভাপতি। তেজপুৰৰ ৰাম কৃষ্ণ সেৱাশ্ৰমৰো প্ৰথম অসমীয়া সভাপতি। এজন নৈস্থিক হিন্দু ব্ৰাহ্মণ হৈয়ো তেওঁ আছিল তেজপুৰ ঈদ মেহফিলৰ সভাপতি হব পৰাকৈ নিকা অন্তৰৰ মানুহ। 

বৃটিছ বিৰোধী আন্দোলনত তেজপুৰ কাৰাগাৰত বন্দি হৈ থাকোতে বিপ্লৱী বন্দিৰ প্ৰাণত মাতৃ প্ৰেম জগাই তুলিবৰ বাবে তেওঁ চণ্ডী পাঠ কৰিছিল। নিজৰ জীয়ৰীৰ বিয়াত কাৰাবন্দীত্বৰে আহি কন‍্যা সম্প্ৰদান দিছিলে। তথাপিও আপোচ কৰা নাছিল। তেওঁ অনেক জনৰ সহযোগত নিজৰ শ্ৰম আৰু ঘামেৰে জীপাল কৰি তুলিছিল তেজপুৰ অ:ভা:উ:সা:সভা, তেজপুৰ সাহিত‍্য সভা,  চিত্ৰলেখা ৰঙ্গমঞ্চ তথা অনেক সৰু বৰ অনুস্থানৰ। কৰ্মৰ চিন স্বৰূপে তেওঁ গঢ়া ১৯৪৮ চনৰ শোণিতপুৰ প্ৰাচ‍্য বিদ‍্যালয়, জয়দেৱ বিদ‍্যাৰ্থী ভৱন আৰু গৌৰীমা প্ৰাথমিক বিদ‍্যালয়ে আজিও সুঘোষিত কৰিছে তেওঁৰ কৃতি আৰু কৃতিত্তৰ। 


মহাদেৱ শৰ্মাৰ জন্ম ১৮৮৮ চনৰ ১০ জুলাইত। ১৯০৭/৮  চনত তেখেতে এণ্ট্ৰেন্স পাছ কৰি কোচবিহাৰৰ ভিক্তোৰীয়া কলেজত নাম লিখাই। পাছত কলকাতাৰ বিদ‍্যাসাগৰ কলেজৰ পৰা আই,এ, পাছ কৰে । পাছত স্কটিছ চাৰ্চ কলেজত পঢ়ি থকা অৱস্থাত পিতৃ বিয়োগ হোৱাত পঢ়া সমাপ্ত কৰি পিতৃৰ পদাঙ্ক অনুসৰণ কৰি স্বদেশ আৰু স্বজাতিৰ বাবে নিজকে উচৰ্গা কৰে। উল্লেখযোগ‍্য যে ১৮৮৫ চনৰ শুভ সাধিনি সভা, ১৮৯৮ চন মানত ৰায়ত সভা, ১৮৯০ চনৰ তেজপুৰ অভাউসা সভা, ১৯০১ চনৰ আসাম ছেন্ট্ৰেল প্ৰেছ আদি গঢ়োতা সকলৰ অন‍্যতম আছিল তেখেতৰ পিতৃ জয়দেৱ শৰ্মা। জয়দেৱ শৰ্মা আছিল তেজপুৰ নৰ্মাল স্কুলৰ ১৫ টকীয়া বেতন পোৱা তাহানিৰ দিনৰ শিক্ষক। 

হৰিবিলাস আগৰৱালা দেৱৰে লগ লাগি তেখেতে শিক্ষকতা এৰি ব‍্যৱসায়ত হাত দিয়ে। তেওঁ আসাম বন্তীৰে জৰিত থকাৰ বাবে তেজপুৰৰ প্ৰথম সাংবাদিক ৰূপেও  পৰিচিত। পুত্ৰ মহাদেৱেও ১৯২০ চনত তেজপুৰ চৰকাৰি হাইস্কুলত শিক্ষকতা কৰিছিল কিন্তু বৃটিছ বিৰোধী অসহযোগ আন্দোলনত ভাগ লৈ ১৯২১ চনত শিক্ষকতাই বাদ দিয়ে। ১৯৫৯ চনত অসম মইনা পাৰিজাত জন্ম দিয়াত তেওঁ 'ককা মহাদেৱ শৰ্মা' নামে পৰিচিত আছিল। মইনাৰ কোমল মনত নীতি শিক্ষাৰ বীজ ৰোপন কৰিবলৈকে তেওঁ মুখপত্ৰ 'মইনা' সম্পাদনা কৰিছিল। ইয়াৰোপৰি ১৯২৪ চনৰ পৰা ১৯৩০ চনলৈকে ৬ বছৰ ধৰি কলকাতাৰ পৰা জীপাল কৰি ৰাখিছিল 'অৰুণ' নামৰ মাহেকীয়া আলোচনীখন। তাৰ পাছত ' অকন' খনো তেওঁৰ সম্পাদনাত প্ৰকাশ হৈছিল।

( শিশুৰ চৰিত্ৰ গঠন হব পৰাকৈ তেওঁ কিমান পুথি লিখিছিল তাৰ সঠিক হিচাপ নাজানো যদিও‍ জনা খিনিৰ তালিকা এখন দিলো । হাতত থাকিলে জনাব। এই আশাৰে-)

১/ শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱ, ২/স্বামী বিবেকানন্দ, ৩/ যীশুজীৱন (১৯১১ ), ৪/ বুদ্ধদেৱ(১৯১৪ ), ৫/ অসমীয়া ভাষাত প্ৰথম হজৰত মহমদৰ বিষয়ে লিখা 'মহমদ চৰিত' (১৯২৮), ৬/ বাপুজী,  ৭/ গুৰুনানক, ৮/ মহাবীৰ তীৰ্থঙ্কৰ, ৯/ সন্ত চৰিত(১৯৬৩ ), ১০/ শ্ৰী মন্ত শঙ্কৰ লীলা প্ৰসঙ্গ, ১১/ কস্তুৰবা গান্ধী, ১২/ সাবিত্ৰী, ১৩/ পঞ্চৱতী(১৯৫৭), ১৪/ শ্ৰী শ্ৰী গৌৰীমা(১৯৬২), ১৫/ অসমীয়া ল'ৰাৰ কথা ৰামায়ণ, ১৬/ কথা মহাভাৰত, ১৭/ উপনিষদৰ কাহিনী(১৯৫৬), ১৮/ পুৰাণৰ উপাপখ‍্যান, ১৯/ জয়মতী উপাখ‍্যান, ২০/ মইনা হতঁৰ ৰামকৃষ্ণ কথা ২১/ ৰসামৃত(১৯৬৯), ২২/ মৌ কোঁহ, ২৩/ দহৰ লাঠি একৰ বোজা, ২৪/ গাৱলীয়া জীৱন, ২৫/ অমৃত ধাৰা(সংগ্ৰহ), ২৬/ কিৰণমালা (এইখন আছিল বিদ‍্যালয় সমূহৰ পাঠ‍্যপুঁথি), ২৭/ ৰাসলীলা(১৯৫৭), ২৮/ বুৰঞ্জীৰ কথা, ২৯/ কৰ্মযোগ, ৩০/ ভক্তি মহিমা, ৩১/জৰথুশাস্ত্ৰ, ৩২/ শ্ৰী শ্ৰী ৰামকৃষ্ণ উপদেশামৃত, ৩৩/ স্বামী বিবেকানন্দৰ বাণী সংগ্ৰহ, ৩৪/ ১৯৫২ চনত প্ৰকাশ কৰিছিল 'লোকপ্ৰীয় গোপীনাথ বৰদলৈ' ৩৫/ ১৯৫৮ চনত প্ৰতিস্থা হোৱা অসম প্ৰকাশন পৰিষদৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখনো আছিল তেওঁ লিখা 'কথা মহাভাৰত'। ইয়াৰোপৰি ৩৬/ ১৯৬৪ চনত চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ 'কথা মহাভাৰত' খনো তেওঁ আমাৰ ভাষালৈ অনুবাদ কৰি ভাষা সাহিত‍্যৰ ভড়াল চহকী কৰি থৈ গৈছে। ৩৭/ 'ভাৰতৰ ঋষিমুনি সকল' তেওঁৰ আন এখন অনুদিত গ্ৰন্থ। তেওঁৰ আন তিনিখন প্ৰকাশিত উল্লেখযোগ‍্য গ্ৰন্থ হ'ল ৩৮/ 'খলিফা চাৰিজন', ৩৯/ ৰবীন্দ্ৰনাথ ঠাকুৰ, আৰু আনখন অতি প্ৰয়োজনীয় তথ‍্যৰে ৪০/ 'স্বাধীনতা আন্দোলনৰ কৰ্মীবৃন্দ'। তেওঁ মৰাশ নামে ছদ্মনাম লৈ লেখা মেলা কৰা বুলিও জনা যায়। বাঁহীৰ  ৪ৰ্থ বছৰ ২য় সংখ‍্যাত তেওঁ শঙ্কৰ দেৱৰ বিষয়েও লিখিছিল।  

 ১৯৬৬ চনত তেওঁক অসম সাহিত‍্য সভাই বেণুধৰ শৰ্মাৰ সভাপতিত্বত বহা সভাত তেওঁক শিশু সহিত‍্যিক হিচাপে সম্বৰ্ধনা জনোৱা হৈছিল। ১৯৬৮ চনৰ ৭ ছেপ্তেম্বৰৰ দিনা তেওঁৰ মৃত‍্যু হয় ।




লেখক: শান্তনু বৰুৱা,তেজপুৰ





edit: diganta kumar bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়