সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

মহাশ্বেতা দেৱী আৰু অৰণ্যৰ অধিকাৰ

মহাশ্বেতা দেৱী আৰু অৰণ্যৰ অধিকাৰ

 

মহাশ্বেতা দেৱী আৰু অৰণ্যৰ অধিকাৰ


-----------:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ




মহাশ্বেতা দেৱী বঙলা সাহিত্যৰ এগৰাকী অতি শ্ৰেষ্ঠ লেখিকা তেওঁপদ্মশ্ৰী,পদ্মবিভূষন,বঙ্গ বিভূষণ আদি সন্মান লাভ কৰাৰ উপৰিও ১৯৯৬ চনত ভাৰতৰ সৰ্ব্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ লাভ কৰে।তেওঁ ১০০ খন উপন্যাসৰ উপৰিও বহু চুটিগল্প ৰচনা কৰে।

অৰণ্যৰ অধিকাৰ উপন্যাসৰ বাবে ১৯৭৯চনত তেওঁ সাহিত্য অকাডেমীৰ  পুৰস্কাৰ লাভ কৰে।১৯২৬চনৰ ১৪ জানুৱাৰীত আজিৰ বাংলাদেশৰ অতি ধনী পৰিয়ালত জন্ম গ্ৰহণ কৰা মহাশ্বেতাৰ ২৮ জুলাই ২০১৬ চনত কলিকতাত মৃত্যু হয়।
তেওঁ লেখিকাই নহয় এগৰাকী
সংগ্ৰামী মানৱাধিকাৰ কৰ্মি।লেখিকাৰ ব্যক্তিগত জীৱন বহু ঘটনা-পৰিঘটনাৰে ভৰা।আই পিটি আই আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা বিজন ভট্টাচাৰ্যৰ সৈতে বিয়া হয় যদিও বিবাহ বিচ্ছেদ হোৱাত পুনৰ অসিত গুপ্তৰ লগত বিয়া হয়।তেওঁৰ প্ৰথম পিনৰ পুত্ৰ নবাৰুণ ভট্টাচাৰ্যও এগৰাকী লেখক।বহু বছৰলৈ লেখিকাক নিজ পুত্ৰক লগ ধৰিবলৈ প্ৰথম স্বামীৰ পৰা দিয়া নহৈছিল।ই আছিল তেওঁক দুখ।


আমাৰ সময়ত সাহিত্য অকাডেমীৰ পুৰস্কৃত কিতাপ নপঢ়াটো সন্মানৰ কথা।মোৰো দুটি গল্প,এটা কবিতা সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰিছে,বিভিন্ন ভাৱে মই তলৰ পৰ্যায়ত অকাডেমীৰ লগত জৰিত যদিও মই অনুভৱ  কৰো যে আজিকালি সাহিত্য অকাডেমীৰ পুৰস্কাৰ বাতৰি হে হয়।পাঠকৰ আগ্ৰহ নাই পঢ়াৰ।আগেয়ে জ্ঞানপীঠ পোৱা কিতাপ হ'লে বৌদ্ধিক হুলস্থূল হয়।মৃত্যুঞ্জয় বহুবাৰ নপঢ়া অসমীয়া কমেই আছে।অৰণ্যৰ অধিকাৰ কিতাপৰ দোকান আহি পোৱাতো ডাঙৰ খবৰ আছিল।বহুবাৰ তেজ গৰম কৰি পঢ়িছো এই কিতাপ।


অৰণ্যৰ  অধিকাৰ উপন্যাসৰ পটভূমি চোটনগপুৰৰ মুণ্ডা জনজাতি সকলৰ‌ সংগ্ৰাম ।ইয়াৰ মুখ্য চৰিত্ৰ হ'ল বীৰছা মুণ্ডা যি সৰুৰ পৰা অৰণ্যৰ লগতে উমলি যামলি ডাঙৰ হৈছে। অৰণ্য জনজাতি সকলৰ মাক।আধুনিক মানুহৰ কুটিলতা,ৰাজনৈতিক ষড়যন্ত্ৰ বুজি নাপায় জনজাতীয় মানুহে।সিহঁতৰ ওপৰত সাম্ৰাজ্যবাদী ইংৰাজে জাপি দিলে জমিদাৰী আৰু মাটিৰ খাজনা ব্যৱস্থা।নিজৰ মাটি-অৰণ্যৰ অধিকাৰলৈ মুণ্ডা-বিদ্ৰোহ হ'ল।দৰিদ্ৰ বীৰছাই সৰুৰ পৰাই নিমখ অকন খাবলৈ নাপাইছিল।সি সুন্দৰ বাঁহী বজায়।ছাগলী চৰাবলৈ গৈ বাঁহী বজাওঁতে ছাগলীয়ে জমিদাৰৰ ফচল খোৱাত নিৰ্যাতিত হয় বীৰছা।অৰণ্যৰ সৈতে তাৰ নীবিড় ভালপোৱা।ধনি মুণ্ডা হ'ল এজন বয়োজেষ্ঠ মুণ্ডা ,এক ফিৰিঙতি।ধনীয়ে ১০ জন মুণ্ডা যুৱকক সংগ্ৰামী সজাইছে।মুণ্ডা জনজীৱনৰ অৰণি সি।ধনীয়ে দেখা পালে বীৰছাৰ চকুত জন্মগত একুৰা জুই-এক জাতীয় সংগ্ৰামী সত্তা।মুণ্ডাৰহৈ ভৱিষ্যতে সংগ্ৰাম কৰিব পৰা একুৰা সংগ্ৰামী জুই যেন সি শৈশৱতে বহন কৰিছে।ধনীয়ে উদীপ্ত কৰিলে বীৰছাক।অৰণ্য হ'ল মুণ্ডাৰ যুগ যুগ চলি অহা অধিকাৰ -বীৰছাক ধনীয়ে শিকালে।কলে জাতীয় বীৰত্বৰ সাধুবোৰ-জাতীয় দুখবোৰ।মিচনেৰীত ইংৰাজী পঢ়িবলৈ গ'ল বীৰছা।বন্ধু হ'ল অমূল্যৰ।কিন্তু বীৰছাৰ পঢ়া আধৰুৱা হ'ল।চাহেব চাহেব এক টুপী গোন্ধ পালে সি।
বীৰছা ঘুৰি আহিল এক অস্থিৰ মনলৈ। অশান্ত,চঞ্চল হ'ল তাৰ মন।গাভৰুৰ প্ৰেমৰ ৰিমজিম পৰিৱেশ আহিল।একোৱে অশান্ত বিপ্লৱী মন শান্ত কৰিব নোৱাৰিলে তাক।অৰণ্যক,মাটিক আৰু বেছি ভাল পাবলৈ শিকিলে বীৰছাই।সাম্ৰাজ্যবাদী ইংৰাজ আৰু দেশীয় সামন্তবাদৰ বিপক্ষে তীৰ ধনুৰ সংগ্ৰাম ৰ প্ৰস্তুতি চলিল।এক ৰাজনৈতিক বিদ্ৰোহ প্ৰস্তুতি আৰম্ভ হ'ল- উলগুনানৰ শেষ নাই,ভগৱানৰ মৰণ নাই।বীৰছা হৈ পৰিল মুণ্ডাৰ ভগৱান।জাতীয় বীৰ।কিন্তু বীৰছাক ইংৰাজে গ্ৰেপ্তাৰ কৰি প্ৰথম বাৰ মুক্তি দিলে।বীৰছাহৈ উঠিল শক্তিশালী মুণ্ডাস্বাভিমানী সত্তা।ইপিনে তাৰ বন্ধু অমূল্য ইংৰাজৰ চাকৰিয়াল হৈ অন্যায় চলালে বীৰছাৰ বিপক্ষে।আমোলাতন্তৰ প্ৰতীক অমূল্য।মুণ্ডা কেইজনমানে ধনৰ বিনিময়ত বীৰছাক দ্বিতীয় বাৰ ধৰাই দিলে ।বীৰছাৰ প্ৰাণদণ্ডৰ আদেশ হ'ল।কিন্ত জেলৰ ভিতৰতে বিহ খুৱাই মৰা হ'ল ২৫ বছৰীয়া বীৰছাক।জনজাতীয় মানুহৰ এনেকুৱা হাজাৰ কুৰাজুই মুণ্ডাৰ সংগ্ৰামৰ বিফলতাৰ পিছত নুমাই গ'ল।সচাকে নুমাল জানো আজিও প্ৰশ্ন?


মুণ্ডা বিদ্ৰোহ ৰ ৭০ বছৰ পিছত এই উপন্যাসে ধৰি ৰাখিলে ক্ষুদ্ৰ জাতিৰ সাহস,সংগ্ৰামক,বীৰছা ভগৱানক।মহাশ্বেতাই কেৱল সচা সৰু মানুহৰ কথা নিলিখে বহুবোৰ সংগ্ৰামত তেওঁ জৰিত হৈ পৰে।কলম  তেওঁৰ নি:স্ব মানুহৰ হাতীয়াৰ।আমাৰ বহু লেখকৰ দৰে সাহিত্য প্ৰতিভাৰে ৰজাঘৰীয়া সুৰ আওঁৰোৱা নাছিল মহাশ্বেতাই।

মহাশ্বেতাৰ মতে একেটা জীৱনতে তেওঁ বহুবাৰ জন্ম লভিলে।সচাকে এটা জীৱনতে এজন মানুহে নতুন নতুন জ্ঞান লৈ বহুবাৰ জন্ম হয়।সাধাৰণৰ পৰা মানুহ ,মানুহৰ বাবে দেৱতা হ'ব পাৰে।তেওঁ অৰণ্যৰ অধিকাৰত লিখিছিল উলগুলানৰ শেষ নাই-মানুহৰ যুদ্ধৰ শেষ নাই।অসম,মণিপুৰ,কাশ্মীৰ,ছত্তিশগড়,ঝৰখণ্ড,উৰিষ্যা সকলোতে ক্ষুদ্ৰ জাতিসত্তাৰ সংগ্ৰাম চলিছিল,চলিবই।নিজৰ মাটি,নিজৰ অৰণ্য,নিজৰ ভাষা-সংস্কৃতি নিজৰ জাতীয় স্বাভিমানলৈ ,অধিকাৰলৈ যুদ্ধ চলিবই।সাহিত্য কেৱল মধ্যবিত্ত ৰ প্ৰেমৰ দলিলেই নহয়, ই হ'ব লাগিব কৃষক আৰু বন্ধা শ্ৰমিকৰ তেজ আৰু ঘামৰ কাহিনীও।আৰক্ষী ,সেনাৰ দ্বাৰা ধৰ্ষিতা নাৰীৰ জীৱন বেদনাও।সাহিত্যৰ ভাষাৰো লেখিকাই পৰিৱৰ্তন আনিলে।

আজিৰ দ্ৰৌপদীৰ চিঞৰ লেখিকাৰ ভাষাত-  "হেথা কোনো পুৰুষ নাই ,যে লাজ কৰবেক।কাপড় মোৰে পৰাতে দিব না।লে এনকাউন্টাৰ কৰ। এনকাউন্টাৰ কৰ।"এনেদৰে আমি প্ৰন্তীয় চাহ বনুৱাৰ মুখৰ ভাষা,মৰাণ,মটক,বড়ো,মিচিংৰ শোষিতৰ শক্তিশালী ভাষা কেতিয়া ব্যৱহাৰ কৰিম।জ্যোতিৰ দৰে কেতিয়া প্ৰান্তীয় ভাষাৰে ক'ম মই গান্ধীৰ বহীত নাম লিখোৱা নাই বাপেকে। লেখিকাৰ মতে মধ্যবৰ্গীয় নেতৃত্বক মই ঘৃণা কৰো,এওঁলোক বৰ পাষণ্ড ।সকলো সংগ্ৰাম দবাই ৰাখিব জানে। মহাশ্বেতাৰ মতে সময় মানুহৰ শোকতকৈ শ্ৰেষ্ট।শোক তীৰভূমি,সময় জাহ্নবী।ব্যক্তিগত শোকক কলমেৰ মানুহৰ শোক গাথাঁ,সংগ্ৰামৰ তুহঁ জুইৰ কথা লিখিলে মহাশ্বেতাই।আকৌ তেওঁ কলে  সপোন দেখাৰ অধিকাৰ মানুহৰ প্ৰথম মৌলিক অধিকাৰ।প্ৰকৃতাৰ্থত লেখক হ'বলৈ নিপীড়িত -শোষিতৰ মানুহৰ মাজত থাকিব লাগিব।লেখা আৰু ব্যক্তিগত জীৱন বিচ্ছিন্ন হ'ব নোৱাৰিব-তেওঁৰ বলীষ্ঠ মত।শেষত মমতা বেনাৰ্জী ক সমৰ্থন কৰাক লৈ লেখিকা সমালোচিত হৈছিল।তথাপি জনগোষ্ঠীয় প্ৰতিবাদী সত্তাৰ সৈতে  মনিপুৰৰ পৰা কাশ্মীৰলৈ লেখিকা সংপৃক্তহৈ আছিল ।মৃত্যুৰ পিছতো আছে ,থাকিবই,যেনেদৰে জীয়াই আছে জ্যোতিপ্ৰসাদ,বিষ্ণুপ্ৰসাদ,ভূপেনদাৰ দৰে দেশে দেশে অলেখ স্বাধীন চিতীয়া শিল্পী,লেখক। যুগে যুগে জীয়াই থকাৰ ,সন্মানৰ মূল স্বত্ত হ'ল নি: স্ব লোকৰ জীৱন,সমস্যা,সংগ্ৰামৰ লগত  সংপৃক্ততা।মহাশ্বেতাৰ এখন বিখ্যাত উপন্যাস হল হাজাৰ চৌৰাশীৰ মা।গৰ্কিৰ মাৰ ভাৱনাৰে লিখা।দ্ৰোপদীও সুন্দৰ উপন্যাস।মুঠ লেখিকাৰ প্ৰকাশিত গ্ৰন্থ ১২০ খন।শেষত লেখিকাৰ কলমেৰে সামৰিছো-  All through my life,I 've done whatever I felt like doing.

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়