তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা (শেষ খ ণ্ড)
বিষ্ণু ৰাভা এইবাৰ কমৰেড বিষ্ণু ৰাভা হ'ল। ভাৰত ত্যাগ আন্দোলনত স্বদেশ প্ৰেমৰে জুই যেন গীত লিখিলে। কবিতাৰে জুই চটিয়ালে।
উদাত্ত কন্ঠে গালে:---
*আমাৰ দেশ আমাৰ মাটি*
*ৰোৱা আমাৰ ধান*
*জান গলেও প্ৰাণ গলেও* *নিদিও আমাৰ ধান*।
নিজ হাতেৰে চিত্ৰ খচিত বন্দুক বেয়নেটৰ সচিত্ৰ পুথিৰে *Tactics and Strategy of Revolution"* প্ৰকাশ কৰি প্ৰয়োজন হ'লে ৰাইজক বন্দুক বেয়নেটৰ সন্মুখতো যুঁজিব পৰাকৈ প্ৰস্তুত কৰি তুলিছিল। ১৯৪৭ ৰ স্বাধীনতাক তেওঁ এক প্ৰহসন বুলি কৈছিল,------
*ইয়ে আজাদী ঝুঠা হ্যে দেশ কি জনতা ভুখা হ্যে* বুলি পুণৰ জনতাক প্ৰকৃত স্বাধীনতাৰ বাবে যুঁজিবলৈ আহ্বান কৰিছিল।
এইবোৰ কাৰণতে তেওঁৰ মূৰৰ দাম হৈছিল ১০ হাজাৰ টকা। তেওঁক বিচাৰি গঞাৰ ওপৰত চলিল অত্যাচাৰ। বৰপেটাৰ খুচৰাৰতাৰীৰ ৰজনী ৰাভা আৰু পানীখাইটি বোন্দাৰ জানকী তেৰণৰ ওপৰত কুমায়ুণ ৰেজিমেন্টে জ্বলা চিগাৰেট দি পুৰি পুৰি ৰাভাৰ সম্ভেদ বিচাৰিলে। নিৰ্বিচাৰে হত্যা কৰিলে। কিন্তু বিষ্ণু ৰাভাৰ সম্ভেদ তেওঁলোকে দিয়া নাছিল। ছয়গাওঁৰ ধনুপৰা গাৱৰ প্ৰতাপ চন্দ্ৰ ৰাভাই অজানিতে কথা ওলোৱাৰ ভয়ত দাঢ়ি কটা 'ৰেজৰ' দি নিজৰ জিভা কাটি এক বিৰল আত্মত্যাগৰ নিদৰ্শন দেখুৱাইছিল। চৰকাৰক ভয় খাইয়ো সৰ্ব সাধাৰণ মানুহে ৰাভাৰ আদৰ্শ আৰু স্বদেশ প্ৰেমক জলাঞ্জলি দিয়া নাছিল। কিন্তু তেতিয়াও আমাৰ বহু নেতাই বৃটিছৰ ভণ্ডামিক সহযোগ কৰি খিতাপ লোৱাত ব্যস্ত আছিল।
জ্যোতি প্ৰসাদেও সেয়েহে কব লগা হৈছিল, *তোমালোকে ঘাহনি এৰি কাৰ্পেটলৈ উঠিছা আৰু মই কাৰ্পেট এৰি ঘাহঁনিলৈ নামিছো*।
এনে সময়তে ১৯৪৮ চনত পশ্চিম বংগৰ বীৰ ভূম অধিবেশনত বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ বিপ্লৱী কাৰ্য্যসূচীৰ প্ৰচাৰ চলি থাকোতে দমদম, বচিৰহাট আদিত অস্ত্ৰাগাৰ লুন্থন হোৱাত চৰকাৰে দলক
বে -আইনী ঘোষণা কৰিছিল।
এনেবোৰ কাৰণতে ৰাভা দেৱে জুমাই সিং নাম লৈ ১৯৪৮ ৰ পৰা ১৯৫২ চনলৈ অজ্ঞাত বাসত থাকোতে বেলশৰৰ কমৰেড নবীন মেধীৰ জীয়ৰী কনকলতা মেধীক বিয়া কৰালে। বৈবাহিক জীৱন এক প্ৰকাৰ অজ্ঞাত বাসতে গ'ল। কনকলতা আইদেউৱো নাৰী মুক্তি সংগ্ৰামৰে জড়িত হৈ পৰিল। এইদৰে সংগ্ৰাম আৰু বিপ্লৱৰ মাজেৰে ঘুৰি ফুৰোতেই ১৯৫৭ আৰু ১৯৫৯ ত তেওঁ পৃথ্বীৰাজ আৰু হেমৰাজ নামৰ দুটি সন্তানৰ পিতৃ হ'ল। পিছে দুয়োটা সন্তান এমা ডিমা অৱস্থাত থাকোটেই ১৯৬২ ৰ ৫ জানুৱাৰীৰ দিনা কনকলতা আইদেউৰ ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হ'ল। কথাতেই কয় দুখৰ ৰাতি নুপুৱাই ! তেওঁৰ ক্ষেত্ৰতো সেয়ে হ'ল ! ১৯৬২ ৰ ১৯ নৱেম্বৰৰ দিনা কমিউনিষ্ট হোৱাৰ বাবেই দেশীয় চৰকাৰে তেওঁক চীনৰ গুপ্তচৰ সজাই গ্ৰেপ্তাৰ কৰি উৰিষ্যাৰ বৰহমপুৰ জেইলত বন্দী কৰি থ'লে। ন-মাহ বন্দিত্বৰ পাছত ১৯৬৩ চনৰ ২৪ আগষ্টৰ দিনা তেওঁক মুক্তি দিয়ে। এইখিনিতে উল্লেখ যোগ্য যে ১৯৫৫ চনত পাৰ্টীৰ কামত সভা এখনলৈ যাওতে তেওঁক পুস্প মাল্যৰে আদৰণী জনাইছিল এগৰাকী ভূদান আন্দোলনৰে জড়িত নেত্ৰী মোহিনী বসুমতাৰীয়ে। সেই কালত স্ত্ৰীয়ে পুৰুষক ফুলৰ মালা পিন্ধোৱা মানে বিবাহ তূল্য কথা। সেয়েহে ৰাইজে কনকলতা মেধীৰ মৃত্যুৰ পাছত তেওঁৰ কনমানি সন্তান দুটিৰ কথা ভাবি ৰাভাদেৱৰ হাতত মোহিনী ৰাভাক অৰ্পণ কৰাত মুছলপুৰত তেওঁক বিয়া কৰাই তেজপুৰলৈ লৈ আহে। পাছলৈ তেও্ঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী ৰূপে ১৯৬৭ চনৰ ২৩ ছেপ্তেম্বৰত অনিন্দ সুন্দৰ ৰাভাৰ জন্ম হয়। ৰাভা দেৱে মৰমতে মাতিছিল মেণ্ডেলা বুলি। যি কি নহওক বৰহমপুৰ জেইলত বন্দী অৱস্থাত তেওঁ প্ৰাগজ্যোতি কলা পৰিষদ নামে এটি সামাজিক সাংস্কৃতিক প্ৰকল্প তৈয়াৰ কৰে। ২৫ লাখ টকীয়া এই প্ৰকল্প তেওঁ ১৯৬০ চনৰ ১৬ মেৰ দিনা অসমৰ মূখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ যোগেৰে কেন্দ্ৰীয় সাংস্কৃতিক আৰু বৈজ্ঞানীক গৱেষণা বিভাগৰ মন্ত্ৰী হুমায়ুণ কবিৰলৈ প্ৰেৰণ কৰে। হুমায়ুণ কবিৰে এই প্ৰকল্প পাই ৰাভাৰ পাণ্ডিত্বত্যত মোহিত হৈ তেওঁক প্ৰধান মন্ত্ৰীৰে ল'গ কৰাই দিব খুজিলে। কিন্তু বিষ্ণু ৰাভা কি ধাতুৰে গঢ়া মানুহ আছিল তেওঁ জনাই নাছিল ! কাৰো দ্বাৰা কেতিয়াও প্ৰলোভিত আৰু প্ৰভাৱিত নোহোৱা ৰাভাদেৱে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে। এইবাৰ মন্ত্ৰীয়ে তেওঁৰ সাহিত্য প্ৰকাশৰ বাবে এক লাখ টকাৰ প্ৰস্তাৱ দিলে। ৰাভাদেৱে মাথো ক'লে মোক পইচা নালাগে মোক মাত্ৰ আপোনাৰ পুলিচ মিলিটেৰীয়ে বাজেয়াপ্ত কৰা কাগজ পত্ৰ বোৰ ঘুৰাই দিয়ক। হুমায়ুণকবিৰ এইবাৰ নিৰূপায় হৈ তেওঁলৈ সাংস্কৃতিক বিভাগৰ সঞ্চালক পদ যাচিলে আৰু শেষলৈ আকাশবাণী কেন্দ্ৰৰ সঞ্চালক পদো যাচিলে কিন্তু তেওঁ মাত্ৰ তেওঁৰ বাজেয়াপ্ত কৰা ৰচনা সমূহেই বিচাৰিলে। কিন্তু হায়! কি যে দূৰ্ভাগ্য ! তেওঁৰ মৃত্যুৰ লগে লগে ১৮০ খন বহু মূল্যবান কথা লিপিবদ্ধ কৰা ডায়েৰী বোৰ হেৰাল ! বিভিন্ন ৰচনা বোৰো হেৰাল! থাকিলগৈ মাত্ৰ কেইখিলা মান কাগজ, দুখন মান চিত্ৰ মাত্ৰ !!
১৯ জুনৰ পুৱতি নিশা ২.৪৫ বজাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ ১নং বিচনা খনত চিৰ শান্তিত শুই পৰিছিল বহেমীয়ান শিল্পী গৰাকী। কাষত ফণী শৰ্মাই কব লাগিছে ময়ো গৈ আছো বিষ্টু! ভনীয়েক মনমোহিনী মেছে হিয়া ঢাকুৰি কান্দিব লাগিছে "খুটু তই কলৈ গলি" বুলি। কাষৰ বেঞ্চত অচেতন হৈ পৰি ৰৈছে মোহিনী ৰাভা! ভতিজাক পান্টু ৰাভাৰ কাষত হতভম্ব দুই মৰমৰ পুত্ৰ মুনমুন আৰু থুনথুন ! জীৱন নাটৰ কল্যাণ খৰমান বাই কোনো অজান দেশলৈ গল গৈ শিল্পী জন! বিষ্ণু ৰাভা আজি নাই! সঁচা কথা । কিন্তু তেওঁ জীয়াই থাকিব প্ৰতিজন সংগ্ৰামীৰ উমাল বুকুত। সাম্যবাদৰ জয় যাত্ৰাৰ লগে লগে তেওঁ জীৱন্ত হৈ উঠিব। কলাগুৰু, নটৰাজ, সৈনিক শিল্পী, চিত্ৰকৰ, ভাস্কৰ কি নাছিল তেওঁ ? তেওঁ অকলেই আছিল এক বিৰাট সংগঠন। সেয়েহে বংগৰ শোণিতী কুমাৰ চট্টোপধ্যায়ে ৰাভাক পূৰ্ণ মানৱ, চুফি দৰ্শণৰ বিশিষ্ট মানৱ, ইনছাৱ-এ-কমিন বুলি অভিহিত কৰিছিল। মহান গণ শিল্পী হেমাঙ্গ বিশ্বাসে তেওঁক সৰ্বতোমুখী গুণী পুৰুষ বুলি অভিহিত কৰিছিল আৰু ৰাভাৰ দৰে বিৰল প্ৰতিভাৰ অধিকাৰী সংগ্ৰামী ব্যক্তিত্বৰ লগত তুলনা কৰিব পৰা লোক সমগ্ৰ বঙ্গতে নাই বুলি শ্ৰদ্ধা জনাইছিল। বুৰঞ্জী ৰত্ন বেণুধৰ শৰ্মাই তেও্ঁক জীয়া গদাধৰ বুলি কৈছিল। কলকাতাৰ শান্তি নিকেতনত ফুটবল খেলিবলৈ গৈ গধূলি এখন গীতৰ সভাত ভাগ লৈ বঙালী, নেপালী, অসমীয়া , উৰিয়া, বড়ো, আদি ভাষাৰে মুঠ ১৪ টা ভাষাত ১৭ টা গীত গাই সকলোকে অবাক কৰি তুলিছিল তেওঁ। বংগৰ সুৰ সাগৰ হিমাংশু দত্তই ৰাভা দেৱৰ গীত গোৱাৰ অপূৰ্ব প্টদক্ষতা দেখি তবধ মানিছিল। যোৰহাটৰ সংগীত বিষয়ৰ আলোচনা সভাত আমন্ত্ৰিত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওস্তাদ ওমৰ খাঁ আৰু দেবেন্দ্ৰ বাৰ্মাই ৰাভাৰ সাৰ গৰ্ভ ভাষণ শুনি তেওঁলোকৰ বাবে ওখ কৈ ৰখা আসনত বহিবলৈ অস্বীকাৰ কৰিছিল। কি যে অদ্ভূত প্ৰতিভাৰ মানুহ আছিল এই বিষ্ণু ৰাভা ! এবাৰ তেজপুৰতে তেওঁক সভা এখনলৈ বুলি 'খোল' বাই আদৰি লৈ আহোতে 'বোল'টো ভূল হোৱাত তেওঁ খোলটো লৈ নিজেই বজাই আহিছিল। জাপি নাছ, সত্ৰীয়া , কালীয় দমন, ওজাপালি, শিৱ আৰু তাণ্ডৱৰ পৰা আৰম্ভ কৰি কিযে ক'ত কি কৰা নাছিলে তেওঁ ! তাৰ হিচাপ কোনে দিয়ে ? আপুনি বাৰু কেতিয়াবা মাগুৰ নৃত্য দেখিছেনে ? মহাজনী নৃত্য একা ? থাকক দিয়ক এইবোৰ। কৈ থাকিলে লিখি থাকিলে শেষেই নহব !
অসমত এটা পূৰ্ণাঙ্গ জাতীয় নাট শালা, এটা পূৰ্ণাঙ্গ ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু শিল্পীৰ প্ৰকৃত মৰ্য্যাদা বিছাৰি তেওঁ ৰাজনীতিও কৰিছিল। ১৯৬৭ চনত তেওঁ ৰাজ্যপালৰ ভাষণৰ বিৰ্তকত অংশ লৈ এটি উৰ্দু কবিতাৰ পংত্তিৰে স্পষ্ট কৰি দিছিল-
*মই মোৰ ৰাইজৰ চকুলো*
*লৈ আহিছো* ,
*মোৰ বুঢ়া তৰোৱালত*
*শান দি আনিছোঁ*,
*তাৰেও যদি কাম নহয়*,
*তেনে হে ভাৰত মাতৃ* !
*মই তোমালৈ*
*কঢ়িয়াই আনিছো*
*এক সংগ্ৰাম*,
*মহা সংগ্ৰাম*।।
- ০ -
।। সমাপ্ত।।
লেখক: শান্তনু বৰুৱা,তেজপুৰ
 |
SANTANU BARUAH |
সম্পাদনা; দিগন্ত কুমাৰ ভূঞা
সাহিত্য সঁফুৰা-অসমীয়া (ব্লগ)
Comments
Post a Comment
If you have any doubts, please let me know.