Posts

Showing posts from June, 2020

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

চৰুপ আস্ৰই আৰু অসমৰ পঢ়াশালি

Image
চৰুপ আস্ৰই আৰু অসমৰ পঢ়াশালি অৰোণোদয়, নাথান ব্ৰাউন, নিধীলেবি ফাৰৱেল আদিৰ কথা ওলালেই অসমৰ আৰম্ভণ কালৰ শৈক্ষিক  বহু পুৰনি কথাই মনত পৰি যায়।১৮৪৪ চন । সেয়া আছিল অসমৰ শিক্ষা ব‍্যৱস্থাৰ আদিকালৰ কথা। নাথান ব্ৰাউনে খৃষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ‍্যে শিৱসাগৰৰ পৰা খোজকাঢ়ি কাঢ়ি যোৰহাট কাছাৰীলৈ আহি মানুহ বোৰক কাচঁৰে তৈয়াৰী প্ৰিজমৰ দ্বাৰা সূৰ্য্যৰ সাটোতা ৰঙৰ সমাহাৰৰে  ৰামধেনু দেখুৱাই কৈছিল এয়া তোমালোকৰ ৰামৰ ধেনু । তেওঁ প্ৰিজমৰ দ্বাৰা মানুহক ভ্ৰান্ত ধাৰনাৰ পৰা আতৰি আহি বিজ্ঞান মনস্কতাক গুৰুত্ব দিবলৈ অনুৰোধ কৰি নিজৰ ধৰ্ম প্ৰচাৰৰ ব‍্যৱস্থা কৰি  মানুহক পৃথিৱীৰ আকাৰ, সূৰ্য্যৰ সম্পৰ্ক আদিৰ কথাকৈ  দিন ৰাতি কেনেকৈ হয় বুজাই দিছিল। ফলত মানুহৰ মনত তেওঁ অদ্ভূত কথা কোৱা মানুহ বুলি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। শেষলৈ তেওঁ অহা গম পালে মানুহে তেওঁক বেঢ়ি কুঢ়ি ধৰিছিল আৰু পৃথিৱীৰ বাতৰি ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। সেই আপাহতে তেওঁ হিন্দু শাস্ত্ৰৰো আলোচনা কৰি মানুহক প্ৰকৃত জ্ঞানৰ বাবে পঢ়াশুনা কৰিবলৈ উপদেশ দিছিল। এই কথাই যুৱ চামটোক শিক্ষাৰ প্ৰতি আগ্ৰহি কৰি তুলিছিল । আনকি সেই কালৰ অসমৰ যুৱৰাজ কামেশ্বৰ সিং...

ছ'লমান ৰুছেডী আৰু মিড্-নাইটচ চিইল্ডেন Salman Rushdie and Midnight's Children

Image
ছ'লমান ৰুছেডী আৰু মিড্-নাইটচ  চিইল্ডেন Salman Rushdie and Midnight's Children :::দিলীপ কুমাৰ বৰুৱা,তেজপুৰ-- ছ'লমান ৰুছোডী এগৰাকী ভাৰতীয় মূলৰ অতি বিৰ্তকিত ইংৰাজ ঔপন্যাসিক। Salman Rushdie তেওঁৰ জন্ম হয় ১৯৪৭ চনৰ ১৯ জুনত বোম্বাইৰ এক ধনী মুছলমান ব্যৱসায়ী পৰিয়ালত।তেওঁৰ প্ৰকৃত নাম আছিল অনিছ আহমদ ৰুছেডী।ইছলামধৰ্মী পৰিয়ালৰ সন্তান হৈয়ো পিছলৈ তেওঁ ধৰ্ম ত্যাগ কৰি নাস্তিক হয়।তেওঁৰ চতুৰ্থখন উপন্যাসৰ বিপক্ষে ইৰাণৰ ধৰ্মগুৰু আয়াতুল্লা ৰুহোল্লাহ খমৈনীয়ে ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোৰাণ আৰু হজৰত মহম্মদৰ বিপক্ষে মত পোষণ কৰা বুলি তেওঁৰ উক্ত গ্ৰন্থ ষ্টেনিক ভাৰ্চ ( Satanic Verses-১৯৮৮)ক নিসিদ্ধ গ্ৰন্থ ঘোষণাৰ লগতে লেখক ৰুছেডীক হত্যাৰ ফটুৱা জাৰি কৰে।পাকিস্তানত তেওঁৰ গ্ৰন্থ দ'ম কৰি জ্বলাই দিয়ে।প্ৰায় ১০ বছৰ তেওঁ স্কটলেণ্ড য়াৰ্ডৰ পহৰাত পলাই ফুৰিব লগা হয়।আনকি তেওঁৰ গ্ৰন্থ অনুবাদক জাপানি লেখক Hitoshi Igarashi ক ১২ জুলাই,১৯৯১ ত হত্যা কৰা হয়।ৰুছেডীক হত্যাৰ বহু চেষ্টা বিফল হয়।অৱশ্যে দেখা যায় পৃথিৱীৰ নিসিদ্ধ গ্ৰন্থ সমূহ সুপাঠ্য নহয় যদিও,চৰকাৰী নিসিদ্ধ ঘোষণা বা ধাৰ্মিক সংগঠনৰ নি...

হবিব তনবীৰ আৰু চৰণ দাস চোৰ

Image
হবিব তনবীৰ আৰু চৰণ দাস চোৰ Habib Tanvir and Charan Das Chour - -: দিলীপ কুমাৰ বৰুৱা, হিপক্এচি (Hypocrisy)  শব্দটোৰ অভিধানিক অৰ্থ অসমীয়া  দিয়া হৈছে ভণ্ডামি বুলি।হিন্দীত কোৱা হৈছে পাখণ্ড বুলি।বৰ্তমান যান্ত্ৰিক সমাজিক ব্যৱস্থাত আমি লগপোৱা ৰাজনৈতিক নেতাৰ পৰা সাধাৰণ কেৰাণী মহৰীলৈ এচামক আমাৰ হিপক্ৰেটচ যেন লাগে।বহুতে ব্যৱস্থাত টিকি থাকিবলৈ হিপক্ৰেটচৰ অভিনয় কৰা বুলি কয়।মই যিজন মানুহ বুলি আনক পতিয়ন নিয়াইছো, সেই জন মই বাস্তৱত নহয়।মই যিবোৰ কথা কৈ আছো,যিবোৰ কথা আনক বিশ্বাস কৰিবলৈ উপদেশ দিছো,সেইবোৰ মই নিজৰ ক্ষেত্ৰত পালন নকৰো।জীৱনটোৱে নাটকতকৈ বেছি অভিনয় সদৃশহৈ পৰিছে।কোনজন অভিনেতা ,কোন জন সঁচা মানুহ চিনিব নোৱৰা আৱস্থা। এই বিষয়ত এগৰাকী ভাৰতীয় নাট্যকাৰ হবিব তানবীৰ ৰ নাটক চৰণ দাস চোৰ এক ডাঙৰ উদাহৰণ।সমগ্ৰ বিশ্বতে এই খন নাটকৰে মানুহৰ হিপক্এচিৰ বিপক্ষে এক প্ৰতিবাদ হিচাবে যুগ যুগলৈ ই জীয়াই থাকিব।প্ৰায় এবছৰ মান আগতে মূল নাটক খন আমি বাণ থিয়েটাৰত চাবলৈ পাওঁ। মূল কাহিনীটো হবিব তনবীয়ে ৰাজস্থানীলোক কথাৰ পৰা লয়।এই কাহিনী প্ৰথম লিখে বজয়ভান দেহেঠাদেৱে।১৯৭৫ চনত ইয়াক চোৰ চোৰ নাম দি মঞ্চস্থ ...

মহাদেৱ শৰ্মা

  মহাদেৱ শৰ্মা আমি কৃতজ্ঞ হোৱা উচিত এগৰাকী ব‍্যক্তি, যি অসম এছেম্বলিত ১৯২৪ চনত প্ৰথম অসমীয়া ভাষাত ভাষণ দি অসমীয়া যে অসমৰ ভাষা তাক স্পষ্ট কৰি দিছিল। ১৯২০ চনৰ ১৭ মাৰ্চ তাৰিখৰ বিধান পৰিষদত অসমত যে অবৈধ অনুপ্ৰৱেশকাৰীয়ে সমস‍্যাৰ সৃষ্টি কৰিছে তাক প্ৰথম উত্থাপন কৰা মানুহ জন আছিল তেওঁ। তেওঁ  আছিল অসমৰ ভৱিষ‍্যত স্বৰূপ কন কন ল'ৰা-ছোৱালীৰ নৈতিক চৰিত্ৰ গঠনৰ বাবে অসমত ছপা যন্ত্ৰ আদিৰ মহাৰ্ঘৰ দিনতো মুঠ ৩৮ খনকৈ বিভিন্ন পুথিৰ প্ৰণেতা মহাদেৱ শৰ্মা।   সাতটাকৈ গুটি ধানৰ ভড়াল থকা এটা আঢ্যৱন্ত পৰিয়ালৰ পৰা আহি তেওঁ আমাক নেতৃত্ব দিছিল সাহিত‍্য, সংস্কৃতি আৰু ৰাজনীতিৰ ক্ষেত্ৰ খনত। তেওঁ আছিল তেজপুৰ লোকেল বৰ্ডৰ প্ৰথম সভাপতি। তেজপুৰৰ ৰাম কৃষ্ণ সেৱাশ্ৰমৰো প্ৰথম অসমীয়া সভাপতি। এজন নৈস্থিক হিন্দু ব্ৰাহ্মণ হৈয়ো তেওঁ আছিল তেজপুৰ ঈদ মেহফিলৰ সভাপতি হব পৰাকৈ নিকা অন্তৰৰ মানুহ।  বৃটিছ বিৰোধী আন্দোলনত তেজপুৰ কাৰাগাৰত বন্দি হৈ থাকোতে বিপ্লৱী বন্দিৰ প্ৰাণত মাতৃ প্ৰেম জগাই তুলিবৰ বাবে তেওঁ চণ্ডী পাঠ কৰিছিল। নিজৰ জীয়ৰীৰ বিয়াত কাৰাবন্দীত্বৰে আহি কন‍্যা সম্প্ৰদান দিছিলে। তথাপিও আপোচ কৰা নাছ...

নৌকাৰ কিছু কথা

Image
নৌকাৰ কিছু কথা  নাওঁৰ কথা ওলালে আমাৰ শৈশৱলৈ মনত পৰে। বাৰিষাৰ নৈৰ পানী যেতিয়া পথাৰত এবুকু এডিঙি হয় তেতিয়াই  আমি চাৰি ডালমান কলগছ কাতি বাহঁৰ শলাৰে ঠিলা দি ভোৰ বনাই খেলো, মাছ ধৰো। এইবোৰ আজি সাধু কথা হল। কিন্তু তাহানিখন  নাৱৰ আদি পাঠ  'ভোৰ' সাজিয়ে লৈছিল অসমৰ ল'ৰা ছোৱালীয়ে। পাছে আজি ই বৰ সোনকালে অতীত হবলৈ ধৰাত বুৰঞ্জীৰ কিছু কথা আলোচনালৈ আনিব বিচাৰিছোঁ। কলগছৰে  তৈয়াৰি "ভোৰ"            তেজপুৰৰ চামধৰা গড় আৰু ভৰলীমুখত বংগৰ  আবুবক্কৰ আৰু সত্ৰাজিতৰ মিলিত সৈন‍্যৰ বিৰুদ্ধে এবাৰ এখন বৰ ডাঙৰ ৰণ হৈছিল। ১৬১৫ চনৰ এই ৰণ খনৰ পাছৰপৰাই স্বৰ্গদেও প্ৰতাপ সিংহই চামধৰা আৰু কলিয়াবৰৰ গুৰুত্ব বুজি অসমৰ সামৰিক ঘাটিক উজনি আৰু নামনি নামে  দুটা ভাগত ভাগ কৰিছিল। উজনি অঞ্চল বৰবৰুৱাৰ অধিনত আৰু নামনি অঞ্চল বৰফুকনৰ অধিনত ৰখা হৈছিল।  সেই মতে নৌ সেনাধ‍্যক্ষও দুজন নৌ বিষয়াৰ অধিনত দিয়া হৈছিল। উজনিত আছিল নাওবৈচা ফুকন । তেওঁৰ তলত ৰাজহুৱা অনুস্থানৰ নাওঁ, ফুৰা-চকা কৰিবলৈ থকা চৰা নাওঁ আৰু তিনি হাজাৰ নাওঁবৈচা, পাইক তথা নাওশলীয়া ফুকন সকল আছিল। ইয়া...

নাট্যকাৰ বিজয় তেন্ডুলকাৰ আৰু ঘাঁচীৰাম কটোৱাল

Image
Bijay tendulkar  নাট্যকাৰ বিজয় তেন্ডুলকাৰ আৰু ঘাঁচীৰাম কটোৱাল ,চুপ!আদালত চলি আছে ইত্যাদি :== দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ভাৰতৰ এগৰাকী প্ৰখ্যাত নাট্যকাৰ বিজয় তেন্ডুলকাৰৰ জন্ম মহাৰাষ্ট্ৰৰ ৬জানুৱাৰী,১৯১৮ চনত আৰু মৃত্যু ১৯ মে ,২০০৮ চনত ৮০ বছৰ বয়সত।তেওঁ নতুন ধৰণৰ সমাজৰ বাস্তৱ চিত্ৰ থকা নাটকৰ কাহিনী ৰচনা আৰু পৰিচালনা কৰি পাঁচ দশকজুৰি মাৰাঠী নাট্য জগতত তোলপাৰ কৰাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ব নাট্যশিল্পত প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ ঘাঁচীৰাম কটোৱাল নাটকখনি  ৬০০০ বাৰ মঞ্চত অভিনীত হোৱাৰ লগতে ব্ৰাহ্মন সমাজক হেয় কৰাৰ অভিযোগ ত পুনে চহৰত নিষিদ্ধ কৰা হৈছিল।তেওঁ মুঠ ২৮ খন নাটক ৰচনাৰ উপৰিও ১৯ খন চিনেমাৰ চিত্ৰনাট্য ৰচনা কৰে। ১৯৬৫ চনত তেওঁলৈ আগবঢ়োৱা হয় সাহিত্য অকাডেমীৰ পুৰস্কাৰ আৰু মহাৰাষ্ট্ৰৰ গৌৰৱ পুৰস্কাৰ,১৯৮৪ চনত ভাৰত চৰকাৰৰ পদ্মভূষন আৰু সংগীত নাটক অকাডেমি ৰ  ১৯৯৮ চনত ফেলচিপ আৰু ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাও আগবঢ়ায়।   মাত্ৰ ৬ বছৰতে কলম হাতত তুলি লোৱা তেণ্ডুলকাৰ ১৪ বছৰ বয়সতে ভাৰতৰ স্বাধীনতা আন্দোলনত জৰিতহৈ পঢ়া সামৰি থয়।ইয়াৰ পিছত প্ৰ'ফ ৰীডাৰ পিছলৈ সাংবাদিক হিচাবে ক...

Dr.Sheela Borthakur

Image
  Dr.Sheela Borthakur ড০ শীলা বৰঠাকুৰ লেখিকা সকলৰ মণিকোঠাৰ কোঠালিয়ে কোঠালিয়ে ভূমুকি মাৰি অগ্ৰণী সকলক এখন চালৰ তললৈ আনি একত্ৰিত কৰা আটাইতকৈ চৰ্চিত মহিলা গৰাকীয়ে হ'ল, ড০ শীলা বৰঠাকুৰ। বিশিষ্ট নৃত‍্য শিল্পী বিষ্ণু ৰাভা বঁটা প্ৰাপক ষড়ানন বৰঠাকুৰৰ সহধৰ্মিনী ড০ শীলা বৰঠাকুৰ আছিল দৰং মহাবিদ‍্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ‍্যাপিকা । তেজপুৰ কণ‍্যা মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিস্থাপক।  Dr. Sheela Borthakur পদ্মশ্ৰী সন্মানেৰে  সন্মানিত  শীলা বাইদেউ আছিল তেজপুৰৰ যশ আৰু খ‍্যাতিৰ এটি সেউজীয়া নাম। ১৯৩৫ চনত যোৰহাটৰ সাংস্কৃতিক পৰিয়াল এটিত  জন্ম লাভ কৰা তেওঁৰ বাল‍্যকাল পাৰ হৈছিল বাংলাদেশৰ ঢাকাত। পিতৃৰ চাকৰি সূত্ৰে তাতে থাকি পাছলৈ যোৰহাটৰ বালিগাৱত পঢ়াশুনা কৰি জগন্নাথ বৰুৱা মহাবিদ‍্যালয়ত নাম লিখায়। সৰুৰে পৰাই নৃত‍্য, গীতত পাৰ্গত আৰু অভিনয় শিল্পৰে মৰম বুটলিবলৈ সক্ষম হোৱা তেওঁৰ কলেজতে  পৰিচয় হয় তেজপুৰীয়া শিল্পী ষড়ানন বৰঠাকুৰৰে। বাইদেৱে ভাটখাণ্ডেৰ পৰা ভায়োলিন বাদ‍্যতো বিষাৰদ উপাধি লৈ  তেখেতৰ বুৎপত্তি প...

এলবাৰ্ট আইনষ্টাইন আৰু জীৱনত সুখৰ সন্ধান

Image
এলবাৰ্ট আইনষ্টাইন আৰু জীৱনত সুখৰ সন্ধান "মানুহ সুখী হ'বলৈ নিজৰ থকাখিনি নথকা জনৰ লগত তুলনা কৰিব লাগে।বেছিভাগ মানুহে নিজকে তেওঁতকৈ বেছি থকা জনৰ লগত তুলনা কৰে আৰু দুখী হয়।তেওঁ কয় ওচৰৰ অট্টালিকাটোলৈ নাচাব,খেৰি ঘৰটোলৈ চোৱা -সুখী হোৱা এয়া তেওঁৰ সুখৰ সূত্ৰ।সুকুমাৰ কলাৰ সাধনা ই মানুহক সকলো সময়তে সুখ দিয়ে।" :-দিলীপ কুমাৰ বৰুৱা,তেজপুৰ   মোৰ পিতৃ আনন্দেশ্বৰ বৰুৱাই তাহানিতে কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰি কলিকতাত স্নতকোত্তৰ আধৰুৱা কৰি গাঁৱত থকাৰ বাবে আমাৰ বিহালীৰ ঘৰখনত সদায় বিজ্ঞানৰ পৰিবেশ বিৰাজ কৰিছিল।ধৰ্ম,জাত-পাত আদিৰ ধাৰণাৰ উদ্ধত সকলো ক্ষেত্ৰতে সকলো কথা বিজ্ঞান মস্কতাৰে চিন্তা কৰি সিদ্ধান্ত ল'বলৈ দেউতাই শিকাইছিল।দেউতাৰ মুখত প্ৰায়ে শুনিছিলো মহান পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ কথা। এলবাৰ্ট আইনষ্টাইন E=mc2 (২কিছু ওপৰত হ'ব)সূত্ৰৰ উদ্ভাৱক আৰু আপেক্ষিকতাবাদ  তত্বৰ উদ্ভাৱক । আপেক্ষিকতা বাদ সাধাৰণ মানুহে বুজি পোৱাকৈ তেওঁ কৈছিল এজনী সুন্দৰী যুৱতীৰ লগত এঘন্টা কটোৱা আৰু এটা গৰম চুলাৰ কাষত এক মিনিট সময় কটোৱাৰ যি অৱস্থা সেয়ে মো...

তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা (শেষ খণ্ড)

Image
তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা ( শেষ খ ণ্ড) বিষ্ণু ৰাভা এইবাৰ কমৰেড বিষ্ণু ৰাভা হ'ল। ভাৰত ত‍্যাগ আন্দোলনত  স্বদেশ প্ৰেমৰে জুই যেন গীত লিখিলে। কবিতাৰে জুই চটিয়ালে।  উদাত্ত কন্ঠে গালে:---   *আমাৰ দেশ আমাৰ মাটি*   *ৰোৱা আমাৰ ধান* *জান গলেও প্ৰাণ গলেও* *নিদিও আমাৰ ধান*। নিজ হাতেৰে চিত্ৰ খচিত বন্দুক বেয়নেটৰ সচিত্ৰ পুথিৰে *Tactics and Strategy of Revolution"* প্ৰকাশ কৰি প্ৰয়োজন হ'লে ৰাইজক বন্দুক বেয়নেটৰ সন্মুখতো যুঁজিব পৰাকৈ প্ৰস্তুত কৰি তুলিছিল। ১৯৪৭ ৰ স্বাধীনতাক তেওঁ এক প্ৰহসন বুলি কৈছিল,------ *ইয়ে আজাদী ঝুঠা  হ্যে দেশ কি জনতা ভুখা  হ্যে* বুলি পুণৰ জনতাক প্ৰকৃত স্বাধীনতাৰ বাবে যুঁজিবলৈ আহ্বান কৰিছিল। এইবোৰ কাৰণতে তেওঁৰ মূৰৰ দাম হৈছিল ১০ হাজাৰ টকা। তেওঁক বিচাৰি গঞাৰ ওপৰত চলিল অত‍্যাচাৰ। বৰপেটাৰ খুচৰাৰতাৰীৰ ৰজনী ৰাভা আৰু পানীখাইটি বোন্দাৰ জানকী তেৰণৰ ওপৰত কুমায়ুণ ৰেজিমেন্টে জ্বলা চিগাৰেট  দি পুৰি পুৰি ৰাভাৰ সম্ভেদ বিচাৰিলে। নিৰ্বিচাৰে  হত‍্যা কৰিলে। কিন্তু বিষ্ণু ৰাভাৰ সম্ভেদ তেওঁলোকে দিয়া নাছিল। ছয়গাওঁৰ ধনুপৰা গাৱৰ প্ৰতাপ চন্দ্ৰ...

তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা (২য় খণ্ড )

Image
 তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা (২য় খণ্ড ) মুঠতে সঁচা অৰ্থত তেওঁ আছিল এজন সব‍্যসাচী শিল্পী।  স্কুলত পঢ়ি থকা অৱস্থাত তেওঁ তেজপুৰৰ ঊষা ছাত্ৰসভাৰ হাতে লিখা আলোচনী *আজলী" ৰো আছিল সম্পাদক* । তাতে তেওঁ হেণ্ডেল পেইনৰে  অঁকা ছবিও এই লেখকৰ হাতত সংৰক্ষিত হৈ আছে।  এইদৰে ছেন্টপল, ৰিপন, ভিক্তোৰিয়া, কাৰমাইকেল, স্কটিছ চাৰ্চ  আদিৰ পৰা বহিস্কৃত হোৱাৰ পাছতো তেওঁক পুলিচে বিচাৰি য'তে ত'তে খানা তালাচ কৰিব ধৰিলে। ইফালে ককায়েক নন্দলাল বাংলাদেশ ৰাইফলচৰ বিষয়া। হাত দীঘল মানুহ। ককায়েকে চেষ্টা কৰিছে কৰবাত ল'ৰাটোক সোমোৱাই দিয়া যাওক। নন্দলালে তেওঁৰ হাতত চিঠি এখনো দিলে তেজপুৰ আৰক্ষী বিষয়াক দিবলৈ। BISHNU RABHA & PHANI SHARMA সেয়েহে ফণী শৰ্মাৰ সৈতে ৰেষ্টুৰেন্ট এখনত চাহ খাই থাকোতে ফণী শৰ্মাই বিষ্ণু ৰাভাক সুধিলে 'থানালৈ কিয় গৈছিলি'? বৰ সাধাৰণ ভাৱে বিষ্ণু ৰাভাই ক'লে যে তেওঁক ঢাকা ৰেজিমেন্টৰ কৰ্ণেল ডি, স্মীথে অসমৰ জ‍্যেষ্ঠ আৰক্ষী বিষয়া কালাঘান চাহাৱৰ জৰিয়তে ডি,এচ,পি, চাকৰি দি মকৰল পত্ৰ এখন দিছিল। ফালি থৈ আহিলো। ( উৎস:ফণী শৰ্মাৰ ৰং,বিৰং)  এনে অদ্ভূত ধৰণৰ স্বাভিমানী পুৰুষ আছ...

বৈজ্ঞানিক ষ্টিফেন হকিং আৰু পৃথিৱীৰ ভৱিষ্যত (Stephen Hawking)

Image
  Stephen Hawking বৈজ্ঞানিক ষ্টিফেন হকিং আৰু পৃথিৱীৰ ভৱিষ্যত দিলীপ কুমাৰ বৰুৱা,তেজপুৰ। কৰুণা বিশ্ব মহামাৰীৰ সময়ত মনলৈ মাজে মাজে ভাৱ আহে পৃথিবীৰ ভবিষ্যত কি হব? মানুহকে ধৰি সমগ্ৰ বিশ্বৰ জীৱ কুল বাছিবগৈ নে? এই বিষয়ে বাৰু মহান বৈজ্ঞানিক সকলে কি ভাৱে?এই দিশত বৰকৈ চিন্তা চৰ্চা কৰিছিল ষ্টিফেন উইলিয়াম হকিঙে। তেওঁ পৃথিৱীত মানুহ তথা জীৱকুলৰ ভৱিষ্যত প্ৰসঙ্গত বৰকৈ চিন্তা চৰ্চা কৰিছিল।   Stephen Hawking কেম্ব্ৰিজৰ বিশ্ববিখ্যাত মহাকাশৰ গৱেষক জীৱন জুৰি মোটৰ নিউৰণ ৰোগী ষ্টিফেন উইলিয়াম হকিঙৰ জন্ম ১৯৪২ চনৰ ৮ জানুৱাৰীত আৰু মৃত্যু হয়‌ ৭৬ বছৰত, ২০১৮ চনৰ ১৪ মাৰ্চত।ৰোগৰ বিপক্ষে অবিৰত সংগ্ৰাম কৰি তেওঁ মানুহৰ কল্যানৰ বাবে চিন্তা চৰ্চা কৰে।তেওঁ নিজৰ জীৱন বিজ্ঞানৰ সেৱাত উৎসৰ্গিত কৰে- I 'm not afraid of death,but I 'm in no hurry to die .I have so much,I want to do first. ষ্টিফেন হকিং একেধাৰে আছিল এগৰাকী মহাকাশৰ বিক বেঙৰ পৰা কৃষ্ণ গহ্বৰলৈ গৱেষক বৈজ্ঞানিক,জীৱন যুদ্ধা,সংগীতপ্ৰেমী,শিশুপ্ৰেমী,মানৱতাবাদী আৰু ভৱিষ্যতৰ পৃথিৱী আৰু মানুহ প্ৰসঙ্গত নতুন চিন্তাৰ বাহক। শৈশৱত সঘন ৰোগৰ...

তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা

Image
*তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা* (প্ৰথম খণ্ড) *তমোহৰদেউ বিষ্ণু প্ৰসাদ ৰাভা* ইতিহাসক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ইতিহাসক বাদ দি ভবিষ্যতলৈ চোৱাটোও ধৃষ্টতা মাত্ৰ। সেয়েহে এই অতীত আৰু বৰ্তমানৰ সু সমন্বয়ৰ বাবে সাংস্কৃতিক কাৰিকৰৰ প্ৰয়োজন। বিষ্ণু প্ৰসাদ ৰাভা আছিল তেনে এজন সামাজিক কাৰিকৰ। কোটি কোটি লাখ লাখ সাধনাৰ ফল এই অসমীয়া কৃষ্টি বুলি যি জনে অনুভৱ কৰিছিল, পেট যেতিয়া উদং কৃষ্টি জানো জীয়াই থাকিব বুলি যিজনে প্ৰশ্ন কৰিছিল সেই জনেই আছিল বিষ্ণু প্ৰসাদ ৰাভা।  সঁচা সৰু মানুহৰ বন্ধু, গণ সংস্কৃতি আৰু লোক সংস্কৃতিৰ এজন যুগন্ধৰ ব‍্যক্তি। অসমৰ প্ৰতিখন গাওঁ আছিল যাৰ ঘৰ। প্ৰতিটো গোষ্ঠীৰ কৃষ্টি আছিল যাৰ কন্ঠস্থ। যাৰ আপোচহীন মনে অহৰহ বিচাৰি ফুৰিছিল অসমৰ যাউতি যুগীয়া গৰিমা মণ্ডিত সমন্বয়ৰ সুৰ। তেওঁ আছিল এড্ ডি কেম্প (Ade-de-Camp) অৰ্ডাৰ অৱ বৃটিছ এম্পেৰ'ৰ সন্মানৰে সন্মানিত চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভা।     দিলীপ, গোলাপ, নন্দলাল, বিষ্ণু, ৰঞ্জিত আৰু কমলা, মনমোহিনী তথা লখিমী এই আঠ জন বাই ভাই ভনীৰে সমৃদ্ধ আছিল তেওঁৰ পৰিয়াল। ১৯০৯ চনৰ ৩১ জানুৱাৰীত  বাং...