সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

“পতিতা ৰুণজুণৰ সেই নিশাটো”

  

Shitya sofura

 
 পতিতা ৰুণজুণৰ সেই নিশাটো” 







পতিতা ৰুণজুণৰ সেই নিশাটো” 

ৰচনাঃ দিগন্ত কুমাৰ ভূঞা                      

                         ()

   খনিন্দ্ৰ দত্ত গড়কাপ্তানী বিভাগৰ ইঞ্জিনিয়াৰ। তেওঁৰ পিতৃ পদুম দত্তই অৱসৰৰ কিছুদিন আগতে পুতেক খনিন্দ্ৰক তেওঁ চাকৰি কৰা গড়কাপ্তানী বিভাগৰ  মন্ত্ৰীৰ হাতে-ভৰিয়ে ধৰি চাকৰিটোত সুমুৱাই দিয়ে।

 পদুম দত্ত সিপুৰীলৈ যোৱা আজি ৪ বছৰেই হ', সেই দুখতে তেওঁৰ পত্নী মাধুৰীমা দত্তও  দুবছৰ আগতে স্বৰ্গগামী হ'ল। পদুম-মাধুৰীমাৰ  ঘাট-মাউৰা একমাত্ৰ পুত্ৰ খনিন্দ্ৰ অকলশৰীয়া হ'ল। 

বিয়াখন পাতিম পাতিম বুলি ভাবি থাকোতেই খনিন্দ্ৰৰ বয়সে ৪০ৰ দেওনা পাৰ কৰিলে, কিন্তু কিহৰ অভাবত খনিন্দ্ৰই বিয়াখন নপতাকৈ আছে সেই বিষয়ে তাৰ  বন্ধুমহলৰ দুই এজনে অৱশ্যে জানে। 

এৰা! বিয়া খনিন্দই পাতিছিল। কলেজত পঢ়ি থাকোতেই চপ্নাৰ প্ৰেমত পৰিছিল খনিন্দ্ৰ, লাহে লাহে চপ্না আৰু খনিন্দ্ৰৰ প্ৰেমৰ কাহিনিগৈ বিবাহ বান্ধোনৰে পূৰ্ণতা পাইছিল, বৈবাহিক জীৱন সিহঁ‌ত হালৰ ছয়মাহলৈকে ঠিকেই চলিছিল, কিন্তু ফেচবুকত চিনাকী এজন পৰপুৰুষৰ প্ৰেমত বলিয়াহৈ এদিন স্বপ্না পলাই গ'ল। খনিন্দ্ৰই পাগলৰ দৰে স্বপ্নাক বিচাৰিলে, কিন্তু স্বপ্না আৰু উভতি নাহিল। স্বপ্নাই কিয় তাক প্ৰতাৰণা কৰিলে? কিহৰ অভাৱ আছিল খনিন্দ্ৰৰ ? টকা-পইচা- যৌৱন সকলোৱেইটো আছিল তাৰ? নিজৰ জীৱনটোৰ ওপৰতেই তাৰ ঘৃণা উপজিল। 

আজি সি  নিশাটোৰ বাবে ৫০০০ টকাৰ বিনিময়ত এজনী পতিতাক তাৰ নিজৰ গাড়ীত বহুৱাই ঘৰলৈ লৈ আহিছে। মাক-দেউতাক মৰাৰ পিছত ঘৰ একেবাৰে মুক্ত, ঘৰত কামকৰা হৰিশ্চন্দ্ৰও আজি গাঁ‌ওৰ ঘৰলৈ গ'ল। 

আজি খনিন্দই কিয় পতিতা ৰুণজুণক তাৰ ঘৰলৈ আনিছে সি নিজেও একো  নাজানে , আচলতে  সি স্বপ্নাৰ প্ৰবঞ্চনাৰ পাছত  লাহে লাহে মদ পিবলৈ আৰাম্ভ কৰিলে, আৰু লাহে লাহে এটা ঘোৰ মদাহীত পৰিণত হ'ল। স্বপ্নাক নিজৰ জীৱনটোতকৈ সি অধিক ভাল পাইছিল, কিন্তু তাই তাক অকলশৰীয়াকৈ এৰি থৈ পৰ পুৰুষলৈ পলাই গ', আৰু সেই দুখ পাহৰিব নোৱাৰি মদৰ নিচাত সি ডুবি থাকিবলৈ ল'লে।

স্বপ্নাই এৰি যোৱাৰ পিছত নিজৰ কোঠালিতে ওৰেদিন মদৰ নিচাত সি পৰি থাকিবলৈ ল'লে। লাহে লাহে অফিচলৈও যাবলৈ এৰিলে, তাৰ মনৰ ভিতৰত জীয়াই থকাৰ যেন কোনো ইচ্ছাই নাছিল।

নিশা ১০ বজাত খনিন্দ্ৰই ওৱাই চ'পৰ পৰা মদৰ বটল কিনি ঘৰলৈ উভতিছিল, কিছুদুৰ অহাৰ পাছত হঠাৎ অন্ধকাৰ ৰাস্তাৰ সোঁ‌মাজত গাড়ীৰ লাইটৰ পোহৰত অচিনাকী এজনী ছোৱালী হাত দাঙি ৰৈ থকা দেখি ব্ৰেক মাৰি গাড়ী খন ৰাখি দিলে, আৰু ধমকীৰ সুৰত ছোৱালীজনীক ক'লে, "ঐ ছোৱালী গাড়ীৰ আগত পৰি মৰিবলৈ আহিছ' কিয় -?"  ছোৱালীজনী গাড়ীৰ ওচৰলৈ আহি দৰ্জাখনত হাত থৈ তাই ক'লে, "মৰিবলৈ অহা নাই চাৰ মই জীয়াই থাকিবলৈহে আহিছো, চাৰ মোক বচাওক, বিনিময়ত আপোনাক খুচ কৰি দিম, চাৰ মোৰ মুখখনলৈ চাওকচোন, মই ধুনীয়া নহয়নে

খনিন্দ্ৰই আচৰিত হৈ অবাক দৃষ্টিৰে তাইলৈ চালে, আৰু তাৰপিছত ক'লেমোৰ ওচৰৰ পৰা আঁতৰি যোৱা, তুমি ভবাৰ দৰে মই  তেনে মানুহ নহয়। ছোৱালীজনী আৰু কাষলৈ আহি কলে, প্লিজ চাৰ, এবাৰ মোলৈ চাওক না চাৰ, মোৰ নাম ৰুণজুণ, মই সঁ‌চাই ধুনীয়া নহয় জানো, মই বহুত সুখ দিব পাৰিম চাৰ....

খনিন্দ্ৰই পুণৰ ধমক দি ক'লে, তোমাক কৈছো নহয় এতিয়াই মোৰ ওচৰৰ পৰা আঁ‌তৰি যোৱা , তাৰ ধমকীত ছোৱালীজনীয়ে হয়তো  অলপ ভয় খালে।তাৰপাছত তাই ক'লে,  "চাৰ, মোৰ অলপ টকাৰ বহুত দৰকাৰ আছিল, ৫/৬ হেজাৰ মান টকা লাগিছিল বৰ জৰুৰী।" খনিন্দ্ৰ মনে মনে থকা দেখি তাই পুণৰ ক'লে,  "চাৰ, পাঁ‌চ হেজাৰ টকা মোক দিয়ক,  বিনিময়ত আপুনি মোক য'লৈকে নিব বিচাৰে মই তালৈকে যাম, মাত্ৰ মোক টকাখিনি দি হেল্প কৰক চাৰ।

খনিন্দ্ৰই ঘপকৈ গাড়ীৰ ড'ৰ খুলি কৈ উঠিলগাড়ীত বহা। ৰুণজুণ ঘপকৈ গাড়ীৰ সন্মুখৰ আসনত খনিন্দ্ৰৰ কাষতে বহি ল'লে, আৰু ফাষ্ট গিয়েৰ,চেকেণ্ড গিয়েৰ.....গাড়ী ৫০ কিঃমি গতিৰে চলিবলৈ ধৰিলে।

 

প্ৰকাণ্ড লোহাৰ গেইটখন খুলি গাড়ীখন গেৰেজত সুমুৱাই , ৰুণজুণক হাতত ধৰি খনিদ্ৰই ঘৰৰ দৰ্জাখুলি ভিতৰ সোমাল, সি গোটেই কামখিনি আজি ইমান কম সময়ত কৰিলে যে, নিজেই আচৰিত হ'ল। 

 তাৰপিছত সি  কিদৰে কি কৰিব কি নকৰিব একোকেই বুজিব পৰা নাছিল।  ভাবিলে দুইপেগ মদ খাই ল'লে মনলৈ সাহস আহিব। ৰুণজুণক বিছনাখনত বহিবলৈ কৈ, ভবা মতেই সি হুইস্কীৰ বটল খুলি ঘপাঘপ দুটা পেগ বনাই গিলিলে আৰু ৰুণজুনলৈ চাই সুধিলে তুমি খাবা নেকি ? তাই ক'লে,  'চাৰ, বেয়া নাপাব মোৰ এইবোৰ বস্তুৰ অভ্যাস নাই, আৰু প্লীজ মোৰ সন্মুখত আপুনিও এইবোৰ বস্তু নাখাব, মদৰ গোন্ধ পালেই মোৰ মূৰ ঘূৰাই আৰু,বমি ভাৱ আহে। তাইৰ কথা শুনি খনিন্দ্ৰ যেন অলপ অপ্ৰস্তুত হ'ল।খনিন্দ্ৰই সোধো নোসোধোকৈ তাইক সুধিলে, 'কথা এটা  সোধো বেয়া নাপাবা, তাই মুৰ জোকাৰি সমিধান দিলে আৰু ক'লে, 'সোধক......' খনিন্দ্ৰই বেৰত ওলমি থকা মেডোনা'টো খনলৈ চাই তাইক সুধিলে, তোমাৰ লগত বিছনাত শোৱা সকলে মদ নাখাইছিল নেকি?

তাই তপৰাই কৈ উঠিল, “ চাৰ, আচলতে মদ চিগাৰেট-বিড়ি এইবোৰ বস্তু মোৰ একেবাৰে সহ্য নহয়, প্লীজ চাৰ, আপুনিও এইবোৰ নাখাব প্লীজ…..এইবোৰ নিচা আপুনি কিয় কৰে ?

তাইৰ কথা শুনি, খনিন্দ্ৰই যেন কব নোৱাৰাকৈ হাতত লৈ থকা মদৰ গিলাচটো খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলে, আৰু একেথৰে ৰুণজুণৰ মুখলৈ চাই ৰ, ইমান সময় সি যেন তাইৰ মুখলৈ মন দি চোৱাই নাছিল, ইমান ধুনীয়া মৰম লগা এজনী ছোৱালী, সাইলাখ সৰগৰ অপেশ্বৰীৰ দৰে সুন্দৰী, কিন্ত ইমান ধুনীয়া ছোৱালীজনীয়ে বেশ্যাবৃত্তি কিয় ললে ? তাৰ মনত বহুত প্ৰশ্নই খেলাই গ, আৰু সি তাইক সুধিলে, 'ৰুণজুণ, তুমি ইমান ধুনীয়া মৰমলগা কমবয়সীয়া ছোৱালী হৈ এই লেতেৰা ধান্দাত কিয় নামিলা? সমাজততো অনেক ভাল ভাল কাম আছে, তুমি এই জঘন্য কাম কিয় বাচি ললা? যিটো কামত  প্ৰতি মুহূৰ্তত তোমাৰ বিপদৰ শংকা থাকে ?'

ৰুণজুণে একো উত্তৰ নিদি একেথৰে তালৈ চাই থকাত তাৰ হঠাত যেন লাজ লাগি গ'ল।  ইফালে তাইৰ চকু মুখত আছিল প্ৰশ্নবোধক ভাৱ, অবাকহৈ তাৰ মুখলৈ তাই চাই থাকিল। খনিন্দ্ৰৰ প্ৰশ্নবোৰত হয়তো তাই অবাক হৈছিল, আৰু তাই ভাবিলে এনেদৰেটো আগতে কোনেও তাইক এইবোৰ প্ৰশ্ন সোধা নাই, ইমান দিনে তাইৰ শৰীৰটোৰ বাদে অইন কোনো কথাতেটো কোনেও গুৰুত্ব দিয়া তাইৰ মনত নপৰে।

হঠাতে তাই কৈ উঠিল, “চাৰ মই যাও, মোৰ দেৰি হৈছে, জলদি যি কৰে কৰক আৰু মোৰ পইচাখিনি দিয়কখনিন্দ্ৰই তাইক কলে, ৰুণজুণ মই তোমাক পাঁচ হেজাৰ নহয় দহ হেজাৰ টকা দিম, কিন্তু তুমি সমস্ত ৰাতিটো মোৰ লগত থাকিব লাগিব……,

ৰুণজুণে বিছনাত চিত হৈ শুই হাতখন খনিন্দ্ৰৰ ফালে মেলি কৈ উঠিল, ‘আগতে টকাখিনি দিয়ক…..,

খনিন্দ্ৰই পাঁচখন দুইহেজাৰ টকীয়া নোট তাইলৈ আগবঢ়াই দিলে, তাই হিচাপ কৰি নগদ দহ হেজাৰ টকা তাইৰ বেগত ভৰাইলৈ খনিন্দ্ৰৰ ফালে এক দুষ্টামি হাঁহিমাৰি কলে, আপুনি বহুত ধুনীয়া চাৰ……আৰু মৰমীয়াল……

খনিন্দ্ৰ হঠাৎ ভিতৰলৈ গৈ এটা গিলাচ আনি পুণৰ বটলৰ পৰা মদ ঢালি পিবলৈ ধৰিলে, আৰু এটা চিগাৰেট জ্বলাই দীঘলীয়া হোপা দি বিছনাৰ কাষত থকা চকীখনত বহি পৰিল।

কি কৰিব কি নকৰিব একো ভাবি নাপায় খনিন্দ্ৰই গিলাছে গিলাছে মদ পিবলৈ ধৰিলৈ, বটলটোৰ তলিত লাগি থকাখিনিও উবুৰিয়াই এক সোহায় গিলি থলে, আৰু চিগাৰেট এটা জ্বলালে।

নিশা ১২ বাজিছিল, তাইৰ হয়তো চিলমিল তোপনি গৈছিল, হঠাৎ তাই চিগাৰেটৰ ধোঁৱাৰ গোন্ধত কাঁহি উঠিল, আৰু তাই কৈ উঠিল, চাৰ, মই আপোনাক কৈছিলো নহয় মোৰ চিগাৰেট, মদৰ গোন্ধ সহ্য নহয় বুলি, প্লীজ চাৰ, মোৰ সন্মুখত এইবোৰ নাখাব, প্লীজ চাৰ,বাহিৰলৈ গৈ খাই আহক।খনিন্দ্ৰই চৰী বুলি কৈ বাহিৰলৈ উঠি যাবলৈ ধৰোতেই,  তাই পুনৰ কৈ উঠিল, চাৰ আপুনি এইবোৰ কিয় খায় ?

খনিন্দ্ৰই কলে, এইবোৰ নিচাই মোক জীয়াই ৰাখিছে, নহলে জীয়াই থকাৰ বহুত কষ্ট, ‘মনৰ দুখ বোৰ পাহৰি থাকিবলৈ মই মদ খাও চিগাৰেত হোঁপো…..!

ৰুণজুণে কলে, জীয়াই থাকিবলৈ কিয় কষ্ট হৈছে আপোনাৰ? কি হৈছে আপোনাৰ ? চাৰ,  এইবোৰ বস্ত আদৰিলৈ জীৱনটোক তিল তিল কৈ ধ্বংস হৈ যাবলৈ নিদিব…..জীৱনটোক নৰক যন্ত্ৰনা নিদিব………….

 খনিন্দ্ৰই লগে লগে কৈ উঠিল, ‘তুমি ?' তোমাৰ জীৱনটোলৈ এবাৰ কিয় নোচোৱা ? তোমাৰ জীৱনতোক কি কৰ্মৰে আদৰি লৈছা, যি কৰ্মৰ ভবিষ্যত অন্ধকাৰ, শূণ্যতুমিনো তোমাৰ জীৱনটোক কি স্বৰ্গ সুখ দিছা ? খনিন্দ্ৰই একে উশাহতে কৈ থকা কথাবোৰ একেথৰে তাৰ মুখলৈ চাই শুনি থাকিল তাই, আৰু কব নোৱাৰাকৈ তাইৰ চকুৰ পৰা পানী ববলৈ ধৰিলে। খনিন্দ্ৰই তাইৰ চকুত চকুপানি দেখি আচৰিত হৈ পৰিল, আৰু মনে মনে ৰ………………………

 

কিছু সময় দুয়োজনেই মনে মনে থাকিল। তাৰপিছত চকুৰ পানী মুচি মুচি তাই কৈছিল…….., একো নকৰে নেকি? আপুনি হেজাৰ টকা দিছে, যি কৰে কৰক, মোৰ শৰীৰটো ৰাতিটোৰ বাবে আপোনাক বিক্ৰি কৰিছো……..

খনিন্দই কলে, মোৰ একো কৰাৰ ইচ্ছা নাই ৰুণজুণ….. তুমি শোৱা যদি শোৱা………..,

ৰুণজুণে আচৰিত হৈ কলে, ‘ইচ্ছা নাই? ,কিয়? তেন্তে কিয় ইমানবোৰ টকা মোক দিলে?

সেইবোৰ প্ৰশ্নৰ খনিন্দ্ৰই একো উত্তৰ নিদিয়াকৈ, সি তাইক কলে, তুমি মোক সুধিছিলা নহয় মই কিয় মদ,চিগাৰেট এইবোৰৰ নিচা কৰো? তুমি মোৰ কথাবোৰ  শুনিবা ?

তাই মুৰ জোকাৰি সমিধান দিলে…………….

খনিন্দ্ৰই কবলৈ ধৰিলে, ‘তেন্তে তুমি মোৰ অতীত কাহিনী শুনা, মই এৰিথৈ অহা দিনবোৰৰ ঘটনা তুমি শুনা, ত প্ৰবঞ্চনা বিশ্বাসঘাতকতাৰ আঘাতৰ উপৰি আঘাত মই সহ্য কৰি গৈছিলো, পাইছিলো অন্তৰত বহুত কষ্ট……………………,

খনিন্দ্ৰই অনৰ্গল তাৰ অতীত জীৱনৰ সমস্ত কাহিনি কৈ গল আৰু ৰুণজুণে তাৰ কাহিনি শুনি শুনি কেতিয়া তোপনিত লাল কাল হল খনিন্দ্ৰই গমেই নাপালে।

 বাহিৰত চৰাই-চিৰিকতিৰ মাতত খনিন্দ্ৰই ৰাতিপুৱাৰ সম্ভেদ পালে, ওৱালত ওলমি থকা ঘড়ীটোত তেতিয়া পুৱা ৪ বজাৰ সংকেত দিলে……,সি বাহিৰলৈ ওলাই গ…, মৃদু বতাহ এচাটি আহি তোৰ গায়ে-মুখে চুই যোৱাত তাৰ মনটো ভাল লাগি গ…..ভিতৰলৈ আহি দুকাপ চাহ বনাই একাপ ৰুণজুণলৈ লৈ গ…., ৰুণজুণ যাবলৈ সাজু হৈ থকা দেখি সি কলে, ৰুণজুণ তুমি যোৱাই নেকি ? চাহ কাপ খাইলোৱা………., আৰু এটা কথা, ‘তোমাৰ মবাইল নম্বৰটো মোক দিবানে ?’

তাই কলে, ‘কি কৰিব মোৰ মবাইল নম্বৰ লৈ……., ঠিক আছে দিম বাৰু…. তাই খনিন্দ্ৰক নম্বৰটো দি যাবলৈ ওলাল…………..,

খনিন্দ্ৰই কলে ৰবা মই থৈ আহিম,

তাই কলে, মই অকলেই যাম চাৰ আপুনি যাব নালাগে………

খনিন্দ্ৰই তাইক কলে, ‘আজি তুমি আহিবা ? মই তোমালৈ Call কৰিম,আৰু লৈ আহিমগৈ…, আহিবানে….?

ৰুণজুণে কোনো উত্তৰ নিদি কোবাকুবিকৈ খনিন্দ্ৰৰ ঘৰৰ পৰা ওলাই গৈ এখন ই-ৰিক্সা মাতিলে….

 

                                                         ()

নিশা ৮ বজাত ৰুণজুনক খনিন্দ্ৰই ফোন কৰি তাৰ ঘৰলৈ লৈ গলহি…..নিশা দুয়ো অহাৰ গ্ৰহণ কৰি বিচনাত বহি কথা পাতিবলৈ ধৰিলে……………..

তাই খনিন্দ্ৰক তাইৰ নিজৰ কথাবোৰ কবলৈ ধৰিলে,

বি.. পাছ কৰাৰ পাছত, এল.এল.বি. 3rd semesterত পঢ়ি থাকোতেই যোৱা বছৰ কভিদ পজিটিভ হৈ দেউতাৰ অকাল বিয়োগ ঘটিল…., চৰকাৰী ৰাষ্টাৰ কাষত সাধাৰণ কাপোৰ বেচা দোকান এখন কৰিয়েই মা’, মই আৰু ভন্তীকলৈ আমাৰ চাৰিজনীয়া পৰিয়ালটো দেউতাই পোহপাল দি আছিল……., দেউতাৰ মৃত্যুৰ পাছত ঘৰখনত বেমাৰী মাআৰু ক্লাচ নাইনট পঢ়ি থকা ভনীজনীক লৈ মই ধোঁৱা-কোৱা দেখিবলৈ ধৰিলোঁ…., মাৰ ঔষধ, আৰু তিনিটা পেটৰ বাবে ভাতৰ জোগাৰ আৰু এল. এল. বি. ডিগ্ৰীটো লোৱাই হল মোৰ বৰ্তমান আৰু ভবিষ্যত। তাৰ বাবে মই সকলো কাম কৰিবলৈ সাজু চাৰ।

 চৰকাৰী আৱাসিক কলনী এটাৰ তিনি চাৰি ঘৰত মাহেকীয়া হিচাপত দৈনিক আগবেলা বাচন ধোৱা আৰু ভাত ৰন্ধা কাম কৰিবলৈ ললো, আৰু পিচবেলা লৰা-ছোৱালী কেইটামানক পঢ়াই চাৰিহেজাৰ টকা পাওঁ, সময় মিলাই মাজে মাজে কলেজলৈও যাও, ৰোণা মহামাৰীৰ বাবে যোৱা বছৰ ক্লাচ নহলেই, এতিয়া ভালকৈ ক্লাচবোৰ নোহোৱাত মোৰ সুবিধাই হৈছে, তথাপি কষ্ট কৰি আছো এল. এল. বি.টো পাচ কৰিব লাগিবই, কলেজৰ কিতাপ বহু ৰাতিলৈকে পঢ়ো।কালি আপুনি দিয়া দহহেজাৰ টকাৰে ভনী জনীক অনলাইন ক্লাচৰ বাবে আজি মবাইল এটা কিনি দিলো…….

খনিন্দ্ৰই তাইৰ কথাবোৰ একান্ত মনে শুনি থাকিল……..,আৰু তাই অনৰ্গল কৈ গ

ৰাতিপুৱা ৫ বজাত চাহ একাপ আৰু কাটা বিস্কুট দুখন খায়ে পুৱা ৭ বজালৈ এঘৰত জাৰু দিয়া,কাপোৰ ধোৱা, বাচন ধোৱা কাম কৰি পাওঁ পোন্ধৰশ টকা, আন এঘৰত ৭ বজাৰ পৰা ৯ বজালৈ বাচন ধোৱা , ব্ৰেকফাষ্ট বনাই পাও এক হেজাৰ টকা, ৯ বজাৰ পৰা ১২ বজালৈ বুঢ়া-বুঢ়ী এহাল থকা ঘৰ এখনত কাপোৰ ধোৱা, বাচন ধোৱা আৰু ভাত ৰান্ধি পাও দুই হেজাৰ টকা, একো নোখোৱাৰ বাবদ এইমাহৰ পৰা তিনিও ঘৰৰ মালিকৰ পৰা আৰু পাঁচশ পাঁচশ টকা বঢ়াই লৈছো………পুৱা ঘৰতে চাহ একাপৰ লগতে কাটা বিস্কুট দুখনে দুপৰীয়ালৈকে কতাব লগা হয় চাৰ………

খনিন্দ্ৰই সুধিলে, সেই ৰাতিপুৱাই চাহ একাপ আৰু বিস্কুট দুখন খাই তুমি কেনেকৈ ইমান সময় থাকিব পাৰা ? তোমাৰ কষ্ট নহয় নে ?

তাই কলে, ‘ প্ৰথমে দুদিন মান কষ্ট হৈছিল, পেটটো পাকমাৰী ধৰে, পেটৰ টেঙা পানী ওলাই আহে, মুৰটো ঘুৰাই অচেতন হৈ পৰি যাম যেন লাগে, পানী এগিলাচ খায় দিলে অলপ ভাল পাওঁ……., কেতিয়াবা ভোকত থাকিব নোৱাৰা হলে, ৰাতি মালিকৰ ঘৰৰ মানুহে খায় এৰা চুৱা বোৰ খায় পেলাওঁ…….ভোকৰ জ্বালা সহ্য কৰিব নোৱাৰি সেই পঁচি গোন্ধাই যোৱা খাদ্যবোৰ ভক্ষণ কৰোতে মোৰ দেউতাৰ মুখ খনলৈ বৰকৈ মনত পৰে…….

তথাপি মনত মোৰ এটা বিশ্বাস আছে , ভাল দিন আমাৰ আহিবই, মই মাআৰু ভনীজনীক কৈছিলো, ‘আমাৰ জীৱনত এদিন সুখ আহিবই, ঈশ্বৰে ইমান কষ্ট বেছিদিন আমাক নিদিয়ে…….’ 

 

সেমেকি অহা চকু দুটা মোহাৰি, তাৰপিছত বুলি খনিন্দ্ৰই তাইৰ মুখলৈ চাই থাকিল…….

তাই আকৌ কবলৈ ধৰিলে,

মাৰ ঔষধ-চিকিৎসা, ভনীজনীৰ পঢ়াৰ খৰছ, তিনিটা পেটৰ ভাতৰ খৰছ, ঘৰ ভাড়া, উশাহ নোপোৱা হলো মই , মাৰ ঔষধতে লাগে মাহে এক ডেৰ হেজাৰ টকা, দেউতাৰ দিনৰ পৰা থকা ঘৰটোৰ ভাড়া দুইহেজাৰ টকা মই অকলে কি কৰিম……

যি খিনি টকা ইনকাম কৰো, সেই টকাৰে মই কোনো ফালে মিলাব নোৱাৰা হলো, আৰু শেষত বাধ্যহৈ মই এই বেশ্যাবৃত্তিত নামি পৰিলো চাৰ…., ৰুণজুণে কথা কব নোৱাৰা হৈ উচুপি উচুপি হুকহুকাই কান্দি পেলালে……,

খনিন্দ্ৰ নিৰোপায় হৈ পৰিল, তাইক সি কি বুলি সান্তনা দিব একো ভাবিব নোৱাৰি তাইক জোৰেৰে সাৱতি ধৰি সিও উচুপি উঠিল……., উচুপি উচিপি তাই পুনৰ কবলৈ ধৰিলে, ‘ মাআৰু ভনী জনীক মই এটা কল চেণ্টাৰত কাম কৰো বুলি ফাঁকি দি নিশা ৰাজ পথলৈ ওলাই আহো, আৰু কামাতুৰ পুৰুষৰ শয্যা সংগিনী হৈ নিজেই নিজৰ দাম থিক কৰি পৰিয়ালটোৰ বাবে ইনকাম কৰোঁ….., কিমান কষ্ট সহ্য কৰিম আৰু মই, হিংস্ৰ জন্তৱে আক্ৰমণ কৰাৰ দৰে মোৰ শৰীৰটো কত জনে নেফানেফ কৰি পেলাই, মই সহ্য কৰি যাও, ভাবো এদিন মোৰ ভাল দিন আহিব……,

তাই কথা কব নোৱাৰা হৈ পৰিল, মাথো চকুৰ পানী আৰু উচুপি উচুপি খনিদ্ৰৰ কান্ধত মুৰটো থৈ সি পিন্ধি থকা চাৰ্টটো তিয়াই পেলালে…….খনিদ্ৰই তাৰ চকুপানী ধৰি ৰাখিব নোৱাৰিলে, সি তাইক জোৰৰে সাবতি ধৰিলে…….

                        ()

তাৰ পিছত ৰুণজুণ সদায় খনিন্দ্ৰৰ লগত নিশা অতিবাহিত কৰিবলৈ ধৰিলে…., লাহে লাহে মদ আৰু চিগাৰেটৰ অভ্যাস খনিন্দ্ৰই এৰিবলৈ ধৰিলে, অফিচলৈ দৈনিক যাবলৈ ল’লে, সি যেন বহুত পৰিবৰ্ত্তন হ’ল….।প্ৰতি নিশা ৰুণজুণ আহে, কথা কয় সি শুনে, আৰু তাইক কিছু টকা দি সহায় কৰে সেইটো যেন তাৰ নতুন নিচালৈ সলনি হ’ল………

আজি খনিন্দ্ৰই ৰুণজুণক হঠাৎ আচৰিত কৰি বিয়া কৰোৱাৰ প্ৰস্তাৱ দিলে, তাই বিয়াৰ কথা শুনি সপোন নে দিঠক একো ত’ত ধৰিব নোৱাৰি, দেউতা দেউতা বুলি চিঞৰি চিঞৰি তাইৰ কান্দি দিবলৈ মন গ’ল……..

                                                     (ঘ)

কৰ্টত ৰেজিষ্টাৰী বিয়াখন পাতি খনিন্দ্ৰ আৰু ৰুণজুণ মহাভৈৰৱ মন্দিৰলৈ গৈ মহাদেৱৰ আশীৰ্বাদ ল’লে।

এনেদৰেই দুইজনৰ বিয়াখন হৈ গ’ল, ৰুণজুণৰ এল. এল. বি পঢ়াৰ সপোন যেন পুৰ্ণ হ’ব , তাইৰ ঈশ্বৰৰ ওচৰত থকা বিশ্বাসৰ বাবেই হয়তো ভাল দিন অহাৰ সপোন দিঠকত পৰিপূৰ্ণ হ’ল।ৰুণজুণ হতঁ থকা ভাড়া ঘৰতো এৰি দি তাইৰ মা’ক ভনীয়েক নীলা খনিন্দ্ৰ আটাইকেজন এটা পৰিয়াল হৈ একেলগে থাকিবলৈ ল’লে…….

অহা সোমবাৰে মা’কৰ উন্নত চিকিৎসাৰ বাবে চাৰিওজনৰ মাদ্ৰাজলৈ যোৱাৰ ফ্লাইতৰ টিকতৰ Confirmation message টো এইমাত্ৰ খনিন্দ্ৰৰ ম’বাইললৈ আহিল।

                                                       =সমাপ্ত=

 

 

Comments

  1. অতি সুন্দৰ। পঢ়ি ভাল লাগিল।

    ReplyDelete

Post a Comment

If you have any doubts, please let me know.

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়