ফ'ৰ লেনৰ দুখ

baan theatre |
ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৬)
নাটমন্দিৰৰ নামাকৰণ প্ৰসঙ্গ (বাণ-নাটমন্দিৰ):
সেই সভাতো নামাকৰণৰ বিষয়ত দুটা দলৰ মাজত বাক-বিতণ্ডা আৰম্ভ হ’ল।
সেইমতেই দুয়োদলৰ মাজত নাটমন্দিৰটোৰ নামকৰণকলৈ পুনৰ বাক-বিতণ্ডা আৰম্ভ হওঁতেই বাণৰজাৰ ৰাজধানীত নিৰ্ম্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱিত নাটমন্দিৰটোৰ নাম বাণ নাটমন্দিৰ ৰাখি পুৰণি ঐতিহ্যলৈ যথাযুক্ত সন্মান জনোৱাৰ এটা কৌশলী প্ৰস্তাৱ দাঙি ধৰে।
উপস্থিত সকলো সদস্যই বিপুল হাত-চাপৰিৰে ৺ গোহাঁঞিবৰুৱাদেৱৰ প্ৰস্তাৱটোলৈ সমৰ্থন জনোৱাৰ লগেলগেই সভাপতি ৺শৰ্ম্মাপণ্ডিতদেৱে নাট-মন্দিৰটোৰ নাম সৰ্ব্বসন্মতি ক্ৰমে ‘বাণ নাটমন্দিৰ’ ৰখা হ’ল বুলি ঘোষণা কৰিলে। ৺ গোহাঁঞিবৰুৱাদেৱে যথাৰ্থভাবেই তেখেতৰ “মোৰ সোঁৱৰণীত” এই কথা উল্লেখ কৰিছে। নামকৰণ প্ৰসঙ্গত তেখেতে আৰু লিখিছে… “পাছে পাচলৈ থিয়েটাৰৰ বতাহে পাই নাটমন্দিৰৰ অসমীয়া চালিখন উৰুৱাই নিয়াত তাৰ ঠাই ষ্টেজ নামৰ টালিয়ে অধিকাৰ কৰিছে। এতিয়া সেই আলমতে বাণ নাটমন্দিৰটি বাণষ্টেজ নামে জনাজাত হৈছে।” সেইখন সভাতেই নাটমন্দিৰটোৰ নামৰ লগত ৰজিতা খোৱাকৈ এখন নাটক লিখিবলৈ ৺ পদ্মনাথ গোহাঁঞি বৰুৱাদেৱক দায়িত্ব দিয়া হয়। (ক্ৰমশঃ)
The hundred-year history of Baan Theatre.
Editor: Sri Bankim Sarmah & Sri Hemanta Kr. Baruah.
![]() |
বাণ থিয়েটাৰৰ অনুষ্ঠান |
ফাইল ফ'টোঃ বাণ থিয়েটাৰ |
![]() |
বড়ো ভাষাত 'চিৰাজ" |
Comments
Post a Comment
If you have any doubts, please let me know.