ফ'ৰ লেনৰ দুখ

*মোৰ বাট নুবুলিবি*
মোৰ বাট নুবুলিবি
তহঁত ভিতৰতে থাক
অ' ভিতৰতে থাক।
এই বতাহ ছাতি বৰ ভয়াবহ
তিলতিলকৈ শেষ কৰিব তোক
এক ভয়াবহতা, এক দুৰ্বিষহতাই পৰিচয় কৰাব
এখন অচিন পৃথিৱীৰ,
তই বিচ্ছিন্ন হৈ যাবি আপোনজনৰ।
এই সাম্ৰাজ্য, বিভূতি-বৈভৱ, মান-অভিমান
নিঃশেষ হব পলকতে এখিলা সৰা পাত হৈ।
এই বতাহ ছাতি বৰ ভয়াবহ
তোৰ যন্ত্ৰণা কাতৰ চিঞৰ শুনিবলৈ
আলফুলীয়া হাতৰ পৰশেৰে
যাতনাক উপশম ঘটাবলৈ
তোৰ কাষত কোনো নাথাকিব।
তই মাথো যুঁজিব লাগিব অকলশৰে
তই যে পৰাভূত সৈনিক।
তোৰ মৰণ কাতৰ আৰ্তনাদে
চাৰি বেৰত থেকা খাই
প্ৰতিধ্বনি হব।
অ' তহঁত ভিতৰতে থাক।
মোৰ দৰে কাঁইটৰ শেতেলিৰ মাজলৈ নাহিবি
মোৰ বেদনাক্লিষ্ট সময় খিনিত
মূৰত আলফুলে বুলাই দিয়া
আইৰ চেনেহী হাতৰ পৰশ পাবলৈ,
কাৰোবাৰ বুকুত মূৰ থৈ উচুপি উঠিবলৈ,
"তোমাৰ একো নহয় দেউতা" বুলি কোৱা
এষাৰ মাত পাবলৈ ব্যাকুল হৈ পৰিছিলো।
অন্তিম বিন্দু নিশ্বাসলৈকে
মাথো বিচাৰিছিলো আপোনজনৰ মাত।
কিন্তু সকলো শূন্য....
মোৰ এই আত্মাভিমান, আভিজাত্যৰ
যৱনিকা পেলাই
বহু যোজন দূৰত, অযুত নিলগত
এটি শামুকৰ খোলা হৈ...
মাথো পৰি ৰ'লো।
সেয়েহে কৈছো
তহঁতে মোৰ বাট নুবুলিবি
তহঁত ভিতৰতে থাক
অ' তহঁত ভিতৰতে থাক।।
মিনাক্ষী দেৱী, তেজপুৰ
সুন্দৰ। ভাল লাগিল।
ReplyDelete