সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃ্‌ত্ত (৭ম )

 ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃ্‌ত্ত (৭ম )





ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃ্‌ত্ত (৭ম )




বাণ নাটমন্দিৰৰ পৰবৰ্ত্তী নামকৰণ

 (বাণ  থিয়েটাৰ  পাৰ্টি)


বাণ থিয়েটাৰৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক নথি-পত্ৰৰ অভাৱত এই বাণ নাট মন্দিৰটোৰ নাম কেতিয়া বাণ থিয়েটাৰলৈ পৰিবৰ্তন হ'ল তাৰ সঠিক দিনবাৰ নিৰূপণ কৰিব পৰা নাযায় যদিও ১৯১২ চনত সেইসময়ৰ তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ সম্পাদক  ঁডালিম চন্দ্ৰ বৰাদেৱে সম্পাদক "টাইমছ অফ আছাম" , ' বিশ্ববাৰ্ত্তা' আদি কাকতৰ সম্পাদকলৈ লিখা ইংৰাজী চিঠিত বাণ থিয়েটাৰ নামটোৰ উল্লেখ কৰিছিল। গতিকে সহজেই অনুমেয় যে জন্মলগ্নৰ কিছুদিনৰ ব্যৱধানতে নাটমন্দিৰটোৰ নাম বাণ থিয়েটাৰ ৰখা হৈছিল। এই বিষয়ত আটাইতকৈ নিৰ্ভৰযোগ্য তথ্য হ'ল তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ ১৯০৮ চনৰ ১৮ বছৰীয়া কাৰ্য্য-বিৱৰণী। এই কাৰ্য-বিৱৰণীৰ পৰা স্পষ্টকৈ জনা যায় যে "সভাই ১৯০৬ চনত ষোল্ল বছৰত ভৰি দিয়াৰে পৰাই অৰ্থাৎ ১৯০৬-৭ চনৰ বছৰ দুটাত নতুন উদ্যমেৰে যিকেইটা কাম হাতত লৈ সমাপ্ত কৰিলে তাৰ ভিতৰত 'পূৰ্ব্বনিৰ্ম্মিত নামঘৰত ৩৭৫্ টকাৰ এটা ষ্টেজ ৰাখিলে, ১৫০্ টকামানৰ বাদ্য-যন্ত্ৰ কিনি  ঁ‌লক্ষ্মীৰাম বৰুৱাদেৱৰ তত্ত্বাৱধানত এটা কনচাৰ্ট-পাৰ্টি খুলি সেই ষ্টেজৰ অন্তৰ্ভুক্ত কৰিলে আৰু মুঠ ৫২২্ টকা ৯ পাই খৰছ কৰি  'বাণ থিয়েটাৰ'  নামটি এটা থিয়েটাৰ পাৰ্টি গঠন কৰিলে।"  লগতে  ঁ‌মানিকচন্দ্ৰ বৰুৱা আৰু ঁ‌হৰিবিলাস আগৰৱালাদেৱৰ  যুটিয়া অভিমতমৰ্ম্মে অযথা খৰছান্ত হোৱাৰ পক্ৰিয়া এটা পৰিহাৰ কৰি পূৰ্ব্বনিৰ্ম্মিত নামঘৰটো চহৰৰ মধ্যবৰ্ত্তী আন ঠাইলৈ স্থানান্তৰ কৰাৰ পৰিবৰ্তে আগৰ ঠাইতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ইয়াৰ পৰা সহজেই পতীয়মান হয় যে নিশ্চিতভাৱেই ঁ‌গোহাঁ‌ঞি বৰুৱদেৱে তেখেতৰ সম্পাদকীয় প্ৰতিৱেদন আৰু  'মোৰ সোঁ‌ৱৰণীত' উল্লেখ কৰামতেই ১৯০৬-৭ চনৰ কিছু আগতেই নামঙ্কিত হোৱা মঞ্চটোৰ নামৰ আধাৰতে এই বাণ থিয়েটাৰ সমিতিখন গঠন কৰিছিল। পিছত ১৯০৮ চনৰ ৭ অক্টোৱৰ তাৰিখে ঁহেমচন্দ্ৰ গোস্বামীদেৱৰ সভাপতিত্বত বহা পৃথক অস্তিত্বৰে নামাঙ্কিত আৰু পৰিচালিত প্ৰথম বাণ থিয়েটাৰৰ সভাখনতো তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ পূৰ্ব্বৰ সিদ্ধান্তটোকে নিয়ম অনুযায়ী মাথোন গ্ৰহণ কৰি লোৱাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছিল।

          

          বাণ থিয়েটাৰৰ জনক তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ উক্ত ১৮ বছৰীয়া প্ৰতিৱেদন আৰু ঁ‌গোহাঁ‌ঞি বৰুৱাদেৱৰ  'মোৰ সোৱঁ‌ৰণীৰ' বিৱৰণ এই প্ৰসঙ্গত একমাত্ৰ বিশ্বাসযোগ্য, গ্ৰহণযোগ্য আৰু তথ্যনিৰ্ভৰ আধাৰ। কাৰণ বাণ থিয়েটাৰৰ নিৰ্ম্মাণকাৰ্য্যত ঁ‌গোহাঁ‌ঞি বৰুৱাদেৱেই অগ্ৰণী ভূমিকা পালন কৰিছিল আৰু তেখেতেই দ্বিতীয়বাৰৰ বাবে ১৯০৬ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ১৯০৯ চনৰ এপ্ৰিল মাহলৈকে বাণ থিয়েটাৰৰ নিৰ্ম্মাতা তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰো সম্পাদক আছিল। তেখেতেৰ কাৰ্য্যকালতে বাণ থিয়েটাৰৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্ম্মাণকাৰ্য্য সম্পূৰ্ণহৈ উঠে। সেই সময়ত তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ সভাপতি আছিল ঁ‌ভৱানীচৰণ ভট্টাচাৰ্য্যদেৱ।


      ঁ‌গোহাঁ‌ঞি বৰুৱাদেৱৰ 'মোৰ সোঁ‌ৱৰণী' বহুত পলমকৈ ১৯৭১ চনতহে প্ৰকাশহৈ ওলায়। তাৰ আগতে বিভিন্ন প্ৰৱন্ধকাৰে লিখা বিৱৰণসমূহত বাণ থিয়েটাৰৰ নামকৰণ প্ৰসঙ্গত নানান ধৰমৰ পৰস্পৰবিৰোধী বৰ্ণনাহে পোৱা যায়। ঁ‌গোহাঁ‌ঞি বৰুৱা দেৱৰ 'মোৰ সোঁ‌ৱৰণী' প্ৰকাশহৈ ওলোৱাৰ লগেলগেই আন প্ৰৱন্ধকাৰ সকলৰ বিৱৰণসমূহ সম্পূৰ্ণৰূপে নাকচ হৈ যায়। তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ উক্ত ১৮ বছৰীয়া প্ৰতিবেদনৰ পৰা আৰু জনা যায় যে যদিও বাণ থিয়েটাৰে ভৱিষ্যতে পিতৃ অনুষ্ঠান তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ অধীনত কাৰ্য্যনিৰ্ব্বাহ কৰি থকাৰ পোষকতা কৰা হৈছিল, বাণ থিয়েটাৰ পাৰ্টি গঠন হোৱাৰ লগেলগেই এই অনুষ্ঠানৰ আয়-ব্যয়, লক্ষ্য-উদেশ্য আৰু তাৰ সামগ্ৰীক দায়বদ্ধতাৰ লগত তেজপুৰ অঃভাঃ উঃ সাঃ সভাই আনধৰণৰ সম্পৰ্ক ৰখা নাছিল। হ'লেও ১৯৬১ চন পৰ্য্যন্ত বাণ থিয়েটাৰ তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ তদাৰকতে চলিছিল।


        তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ উক্ত ওঠৰ বছৰীয়া প্ৰতিবেদনত অন্তৰ্ভুক্ত আন এটা উল্লেখযোগ্য বিষয় হ'ল যে চহৰৰ আওহতীয়া অঞ্চল এটাত তথাকথিত নাটমন্দিৰটো (নামঘৰ) নিৰ্ম্মাণ হৈ  উঠাত কিছু সদস্য স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছিল। নিকটৱৰ্তী সকলো অঞ্চলৰ লোকৰ সুবিধা হোৱাকৈ চহৰৰ কেন্দ্ৰস্থলত বৰ্তমানৰ সত্যনাৰায়ণ মন্দিৰ থকা চৰকাৰী মাটিলৈ নাট মন্দিৰটো উঠাই নিবলৈ এচাম সদস্য যত্নপৰ হৈছিল। কিন্তু কাষতে বেঙ্গলী ষ্টেজৰ অৱস্থানৰ বাবে ভৱিষ্যতে দুয়োটা সম্প্ৰদায়ৰ মাজত অধিক বিভাজন সৃষ্টি হোৱাৰ আশঙ্কাত এই স্থানান্তৰৰ বিষয়টোৰ সকলো দিশ চালি-জাৰি চাই এটা সুচিন্তিত মত আগবঢ়াবলৈ তেজপুৰ অঃভাঃ উঃ সাঃ সভাৰ দুজন সন্মানীয় সদস্য ঁ‌মাণিক চন্দ্ৰ বৰুৱা আৰু ঁ‌হৰিবিলাস আগৰৱালাদেৱক দায়িত্ব দিয়া হৈছিল। সেই সময়তে নামঘৰটোৰ প্ৰৈস্থিক জোখৰ তুলনাত আপেক্ষিভাবে কিছু বহলকৈ পৰিসৰ বঢ়াবলগীয়া নিৰ্ম্মিয়মান মঞ্চটোৰ দুয়োকাষে ১০-১২ ফুট অতিৰিক্ত মাটিৰ প্ৰয়োজন হোৱাত আন এটা সমস্যাৰ সৃষ্টি হৈছিল। ঁমাণিক চন্দ্ৰ বৰুৱা আৰু  ঁ‌হৰিবিলাস আগৰৱালাদেৱৰ মধ্যস্থতাত এইবাৰো ঁ‌ভৱানীচৰণ ভট্টাচাৰ্য্যদেৱে পূৱ দিশত প্ৰয়োজনীয় মাটি এৰি দিবলৈ ৰাজী হোৱাত এই সমস্যাটোৰ সিমানতে অন্ত পৰে। অত্যন্ত স্পৰ্শকাতৰ এই বিষয়দুটাৰ সমাধানৰ ব্যৱস্থা কৰোঁ‌তে স্বাভাৱিকতে কিছু সময়ৰ প্ৰয়োজন হৈছিল আৰু পলমকৈ ১৯০৭ চনৰ ২৩মে'  তাৰিখে তেখেতসকলে দিয়া যুটীয়া অভিমতৰ ভিত্তিত এটা স্থিৰ সিদ্ধান্তলৈ আহিব পৰা হৈছিল।যথেষ্ট ক্ষীপ্ৰতাৰে আৰাম্ভ কৰা মঞ্চটোৰ নিৰ্ম্মণ কাৰ্য্যত এই বিষয় দুটাই বিৰূপ প্ৰভাৱ পেলাইছিল আৰু দুদোল্যমান অৱস্থাত থকা বিষয় দুটাৰ নিষ্পত্তি হওঁ‌তে সময়ৰ অপচয় হোৱাত মঞ্চটোৰ নিৰ্ম্মাণ-প্ৰক্ৰিয়াৰ গতি অৱধাৰিতভাবেই যথেষ্ট মন্থৰ হৈ পৰিছিল।


     নিৰ্ম্মাণৰ আদি কালছোৱাত যদিও এই মঞ্চটোৰ নাম 'বাণ নাটমন্দিৰ' ৰখা হৈছিল, ঁ‌গোহাঁ‌ঞি বৰুৱাদেৱে 'মোৰ সোঁ‌ৱৰণী'ত তেখেতৰ স্বভাৱজাত সৰস উক্তিৰে কোৱাৰদৰেই পিচত 'থিয়েটাৰ বতাহে' পোৱাত নাটমন্দিৰটোৰ নাম 'বাণ থিয়েটাৰ' ৰখা হৈছিল আৰু সেই নামৰ ভিত্তিতেই নাট্যক্ৰম আৰাম্ভ কৰিব পৰাকৈ বাণ থিয়েটাৰ সমিতিখন গঠন কৰি দিছিল। অৱশ্যে কোমল ধ্বনিৰ অজুহাততেই হওক বা ইংৰাজী 'থিয়েটাৰ' (Theatre) শব্দটোৰ অসমীয়াকৰণৰ প্ৰৱণতাৰ কাৰণেই হওক পিচলৈ সৰ্ব্বসাধাৰণৰ মাজত এই মঞ্চটো বাণ ষ্টেজ আৰু বাণ ৰঙ্গমঞ্চ বুলিও সততে জনপ্ৰিয় হৈ পৰিছিল। আনকি বহুদিন ধৰি বাণ থিয়েটাৰৰ নাটকৰ প্ৰচাৰ পত্ৰিকাতো 'বাণ থিয়েটাৰ' , 'বাণ ৰঙ্গমঞ্চ' আৰু 'বাণষ্টেজ' এই আটাইকেইটা নামেই ব্যৱহৃত হোৱাৰ উদাহৰণ পোৱা যায়।


         এই মঞ্চগৃহ নিৰ্ম্মাণৰ বাবে অসমীয়া-বঙালী আদি ভাৰতীয় সকলৰ পৰা মুঠ ২,৫৮৯্ টকা আৰু ইউৰোপীয়ান চাহাবসকলৰ পৰা মুঠ ৫,০৬৪্ টকা দান-বৰঙনী সংগ্ৰহ কৰা হৈছিল। যিসকল লোকৰ অকুন্ঠ সহযোগত বাণ থিয়েটাৰে প্ৰাণ পাই মূৰ্ত্ত হৈ উঠিছিল সেইসকল জ্ঞাত-অজ্ঞাত ব্যক্তিৰ বদান্যতাৰ প্ৰতি বাণ থিয়েটাৰ চিৰদিন কৃতজ্ঞ হৈ থাকিব। ইয়াৰ উপৰিও এই নাট্যমঞ্চ আৰু প্ৰেক্ষাগৃহ (নামঘৰ) নিৰ্ম্মাণ কৰিবলৈ বুজন পৰিমাণৰ শাল-সোনাৰু-নাহৰ খুটাৰ দাতা ঁ‌ৰামৰতন চৌধুৰী, ঁ‌ভৱানীচৰণ ভট্টাচাৰ্য্য, ঁ‌বেথাৰাম শৰ্ম্মা, ঁ‌চন্দ্ৰ কুমাৰ আগৰৱালা, ঁ‌জয়দেৱ শৰ্ম্মাপণ্ডিত,  ঁ‌বেণুধৰ ৰাজখোৱা, আৰু মৌজাদাৰ ঁ‌ঠাকুৰদাস শৰ্ম্মাকে আদি কৰি মঞ্চৰ মূল ভেঁ‌টি নিৰ্ম্মাণ কৰিবলৈ নিকামূল সত্ৰৰ সত্ৰাধিকাৰ ঁ‌গ্ৰহণচন্দ্ৰ গোস্বামীদেৱে আগবঢ়োৱা পাঁ‌চহেজাৰ ইটাৰ দান বিশেষভাবে উল্লেখযোগ্য আছিল। এইসকল লোকৰ অকৃত্ৰিম আন্তৰিকতা বাণ থিয়েটাৰৰ ইতিহাসত চিৰদিন স্মৰণীয় আদৰ্শহৈ ৰ'ব। লগতে তেজপুৰ অবৈতনিক নাট্যসমাজৰ ছত্ৰছাঁ‌য়াত যিসকলে এই চহৰৰ মাটিত প্ৰথম নাটকৰ বীজ ৰোপণ কৰি থৈ গ'ল, সেইসকল জ্ঞাত-অজ্ঞাত বঙালী-অসমীয়া দুয়োটা সম্প্ৰদায়ৰে নাট্যপ্ৰেমীলোকৰ মহান ত্যাগ, প্ৰচেষ্টা আৰু উদাৰতাৰ স্মৃতি বাণ থিয়েটাৰে চিৰদিন শ্ৰদ্ধাৰে সুঁ‌ৱৰিৱ।



The hundred-year history of Baan Theatre, Tezpur. Editor Sri Bankim Sarmah & Sri Hemanta Kr. Baruah. 


সম্পাদনা কক্ষঃ

 শ্ৰীযুত বংকীম শৰ্মা আৰু শ্ৰীযুত হেমন্ত কুমাৰ বৰুৱাৰ দ্বাৰা সম্পাদিত আৰু  প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত কাৰ্ত্তিক হাজৰিকাৰদেৱৰ  দ্বাৰা প্ৰকাশিত বাণ থিয়েটাৰৰ ইতিহাসসম্বলিত পুথি "ইতিবৃ্‌ত্ত" ৰ পৰা 'ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃ্‌ত্ত'- এই লেখাটিৰ মুঠ ৭টি খণ্ডৰে Sahitya Sofura সাহিত্য সঁ‌ফুৰাত প্ৰকাশ কৰা হ'ল।-- দিগন্ত কুমাৰ ভূঞা, সাহিত্য সঁ‌ফুৰা (গুগল ব্লগ) তেজপুৰ।




Sahitya Sofura সাহিত্য সঁফুৰা
Bankim Sarmah

Sahitya Sofura সাহিত্য সঁফুৰা
Hemanta Kr.Baruah

Sahitya Sofura সাহিত্য সঁফুৰা
Late Kartik Hazarika
 



 






Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়