সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

আইদেউ আৰু প্ৰতাপ বৰুৱা

 

sahitya sofura
Aideu Handique

*আইদেউ আৰু প্ৰতাপ বৰুৱালৈ শ্ৰদ্ধাৰে*

  আইদেউ সন্দিকৈ মানেই জ‍্যোতিৰ জয়মতী। সেয়ে প্ৰতাপ বৰুৱাকো স্মৰণ কৰি আইদেউ সন্দিকৈৰ বিষয়েও এষাৰ লিখি দুয়োগৰাকী শিল্পীলৈ শ্ৰদ্ধা জনাব বিচাৰিছোঁ। 

জয়মতী বোলছবিৰ কেমেৰা মেন আছিল ভূপাল শংকৰ মেহতা আৰু  সহকাৰী কেমেৰা মেন আছিল প্ৰতাপ বৰুৱা। সেয়ে অসমৰ প্ৰথম কেমেৰামেন প্ৰতাপ বৰুৱা। প্ৰতাপ বৰুৱা অসমৰ প্ৰথম পাঁচজন চিত্ৰ শিল্পীৰো এজন আছিল। তেওঁ অঁকা চিত্ৰ তেজপুৰ যাদুঘৰত সংৰক্ষিত হৈ আছে। অতি কম আয়ু লৈ অমৰত্ব লাভ কৰা এই শিল্পী গৰাকী লাহোৰৰ ফিল্ম প্ৰতিস্থান fezi sound Equipment company ৰ পষ্টাৰ ডিজাইনাৰো আছিল লগতে বিশ্ব বৰেণ‍্য 'Kodak Fellowship of London' ৰ সন্মানীয় সভ‍্যও আছিল।১৯১১ চনত জন্ম লৈ ১৯৩৭ চনতে মৃত‍্যু হোৱা মাত্ৰ ২৭ বছৰীয়া জীৱন কালৰ ভিতৰত তেওঁ আঁকি যোৱা ১৯৩০ চনৰ 'আপেল' বিষয়ৰ চিত্ৰখনেই আছিল অসমৰ  প্ৰথম খন স্থিৰ চিত্ৰ। এনে স্থিৰ চিত্ৰ ভাৰততে বিৰল। তদুপৰি উল্লেখযোগ‍্য যে ১৯৩৩ চনত তেওঁ 'আৱাহন' ৰ আলোচনীত অঁকা 'দাম্পত‍্য অভিনয়' শীৰ্ষক চিত্ৰ খনেই আছিল প্ৰথম অসমীয়া চিত্ৰকৰে অঁকা ৰঙীন কৌতুক চিত্ৰ। 

এতিয়া আহো আইদেউ সন্দিকৈৰ বিষয়ে। আইদেউ সন্দিকৈ আছিল জয়মতীৰ মূল চৰিত্ৰত। ১৯৩৩ চনত প্ৰথম অসমীয়া বোলছবি 'জয়মতী কুৱৰী'ৰ চৰিত্ৰ সমূহ নিৰ্বাচন হ'ল যদিও নাৰী চৰিত্ৰ পোৱা হোৱা নাছিল। নাৰী চৰিত্ৰ বিচাৰি জ‍্যোতি প্ৰসাদৰ কি অৱস্থা হৈছিল সেয়া ফণী শৰ্মাৰ ৰং-বিৰংৰ পাতত স্পষ্ট হৈ আছে। তেওঁ লিখিছে  "দানিয়েল খৃষ্টান মানুহ। অভিনেত্ৰী বিচাৰি দৰঙৰ চাৰিসীমাৰ পথাৰ পিতনি ডোবাৰ মাজেৰে গাড়ী চলাই গাড়ীৰ হৰ্ণ দিয়াৰ আৱশ‍্যক নোহোৱা কৰিছিল।....ষ্টাৰ্ট হলেই গাড়ীয়ে দানিয়েলৰ ইচ্ছাত চলে। নিমখহাৰামী নকৰে। ......অভিনেত্ৰী বিচাৰি  যোৱা গাড়ীৰ নম্বৰ প্লেটত পথাৰৰ বোকা পানীৰে কৰাল মাৰি থকাত নম্বৰ লব নোৱাৰে।" ...  "গোলাঘাটৰ গুণীন বৰুৱাৰ চিঠি পাই জ‍্যোতি ককাইদেৱে নিজে দুমাহৰ আগতে ডালিমী, জয়মতী, আৰু ৰাজ মাওৰ কাৰণে গোলাঘাটলৈ গৈছিল। চৰকাৰী আলিত গাড়ী ৰাখি এমাইল একাঠু বোকা ভাঙি মহুৰা গাৱঁত মনেখোৱা ৰাজমাও আৰু জয়মতী পালে। দুয়ো গৰাকীয়ে বোলে পূৰ্বৰ ৰাজঘৰীয়া বংশৰ। গতিকে লগত লিগিৰী আলধৰাও আহিছে।   

এইখিনিতে অকমান ফ্লেছ বেক কৰিব খুজিছোঁ। 


১৯১৬ চনত জন্ম হোৱা অসম ছাত্ৰ সন্মিলনীৰ তেজপুৰ শাখাটোৰ নাম আছিল ঊষা ছাত্ৰ সভা। তেওঁলোকে ১৯২৩ চনত  সিদ্ধান্ত ললে যে অসমত বীৰ পূজাৰ প্ৰয়োজনৰ বাবে বাৰ্ষিক লাচিত দিৱস, চিলাৰায় দিৱস আৰু জয়মতী দিৱস পালন কৰা উচিত। 


এনে উদ্দেশ‍্যৰে ১৯২৮ চনত অনুস্থিত হোৱা জয়মতী দিৱসত সভাই জয়মতী কুৱৰী নাট খন মঞ্চস্থ কৰিছিলে। ইয়াতে ফণী শৰ্মাই গদাপানীৰ ভাৱত দুৰ্দান্ত অভিনয় কৰিছিলে। বিষ্ণু ৰাভায়ো ১৯৩০ চনত কলকাতালৈ গৈ মণি ৰায়ৰে লগ লাগি আৰ্গ ফিল্ম কোম্পানী গঢ়ি জ‍্যোতি প্ৰসাদক জয়মতী কৰাৰ সহযোগ আগবঢ়ালে। আৰু এদিন ১৯৩৩ চনত ভোলাগুৰি চাহ বাগিছাত গঢ়ি উঠিল অসমৰ প্ৰথম ফিল্ম কোম্পানী 'চিত্ৰলেখা মুভিটন ফিল্ম ষ্টুডিঅ।


' গোলাঘাট মহুৰামুখৰ পানী দিহিঙীয়া গাৱঁৰ নীলকান্ত সন্দিকৈ আৰু লক্ষ্মী সন্দিকৈৰ জীয়ৰী ১৬ বছৰীয়া সুন্দৰী গাভৰু  আইদেউ সন্দিকৈক জয়মতীৰ নাম ভূমিকাৰ বাবে নিৰ্বাচন কৰা হল। তেনেদৰে বেতনিবাৰীৰ পৰা মাকন দত্তক ডালিমীৰ বাবে, মোহিনী ৰাজকুমাৰীক আনিলে ৰাজমাওৰ বাবে এইদৰে প্ৰায় বিশ গৰাকী মান অভিনেত্ৰীক গোটাই পিতাই আনি অভিনয় শিকাই চিনেমা কৰাৰ মৰসাহ কৰিছিল জ‍্যোতিপ্ৰসাদে। 


সুৱৰ্ণৰেখা শইকীয়াক সেউতী, ৰেৱতী হাজৰিকাক পাটমাদৈ, উপা কাকতীক সোৱণশিৰি লিগিৰী, ভনিটি বুঢ়াগোহাইক তৰবৰীৰ ৰূপত, দীনেশ্বৰী ৰায় ভূঞাক লিগিৰী আৰু ব্ৰতেশ্বৰী ৰাজকুমাৰী তথা হেমপ্ৰভা কাকতীক ৰাজসভাৰ লিগিৰী ৰূপত নিৰ্বাচিত কৰি তেজপুৰৰ বামুণী পাহাৰৰ তলত  গুৱাহাটীৰ বশিষ্ঠাশ্ৰম আৰু পানী টেঙ্কীৰ কাষ আদিতো শ্বুটিং কৰা হৈছিল।


চিনেমাত অভিনয় কৰাৰ  বাবে আৰু অভিনয়ত হলেও আন পুৰুষক বঙহৰ দেউ বুলি সম্বোধন কৰাৰ বাবেই আইদেউ সন্দিকৈক গাৱঁৰ ৰাইজে এঘৰীয়া কৰিলে। বাৰীৰ চুকত ঘৰ সাজি দি জুই-পানী নিষেধ কৰিলে। আনকি খোৱা পানী টুপিৰ বাবেও সুকীয়াকৈ পুখুৰী থিক কৰিদিয়া হল। সেই দিনত শিক্ষাৰ মুখ নেদেখা আৰু পৃথিৱীৰ চাৰিসীমা নজনা মানুহৰ বাবে ই হয়তো সাধাৰণ কথাই আছিল পাছে আজি সময় সলনি হল। মানুহ শিক্ষিত হল আৰু সেয়ে এতিয়া স্থানীয় মানুহেও আইদেউৰ ত‍্যাগক শ্ৰদ্ধা জনায় তেওঁৰ নামত বিদ‍্যালয় গঢ়ি তুলিছে। লেখিকা সন্থাই তেওঁৰ নামত বঁটা প্ৰদান কৰিছে। চৰকাৰে পলমকৈ হলেও ১৯৮০ চনত ৬০০ টকীয়া মাহিলী শিল্পী পেঞ্চন দিলে। ফিল্ম সন্থাই হুইল চেয়াৰকে দিলে। এইদৰে পোৱা-নোপোৱাৰ আলি দোমোজাত,  সুখে দুখে জীৱনৰ ৮২ টা বছৰ অতিবাহিত কৰি  ২০০২ চনৰ ১৭ ডিচেম্বৰ তাৰিখে তেওঁ শেষ উশাহ কণ লৈ বিদায় মাগিলে।

  


Writer: Santanu Baruah,Tezpur

sahitya sofura
Santanu Baruah







Editor: diganta kumar bhuyan,

Sahitya Sofura 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়