ফ'ৰ লেনৰ দুখ

গড়গাওঁৰ ট্ৰেজিক হিৰ'
কবিঃ শ্ৰী নয়নজ্যোতি ভট্টাচাৰ্য্য
১৪।০৫।২০২১
পূৰ্ণিমাৰ নিশাৰ দিখৌখন
আজি উচ্ছাসহীন !
নিমাত - নিতাল ।
বৈ গৈছে মাথোন
বৈ যাব লাগে বাবেই ,
নাই কোনো উছাহৰ ঢৌ।
দিখৌৰ পাৰত নাই আজি
দিখৌখনলৈকে
থৰ লাগি চাই থকা
গড়গাওঁৰ
ট্ৰেজিক হিৰ'ৰ উপস্থিতি ।
বিষাদ নগৰী নাজিৰাৰ
সেই অনামিকা দুৱৰাৰ
অনুপস্থিতিৰ বেদনাক বুকুতে লৈ
বহি থকা নাই আজি
গড়গাওঁৰ ট্ৰেজিক হিৰ'
দিখৌৰ পাৰত ।
আৰু সেয়েহে !
সেয়েহে
বৰ অকলশৰীয়া অকলশৰীয়া
ভাব এটাৰে
নিৰবে বৈ গৈছে মাথোন
আজিৰ এই দিখৌ নৈখন।
মন যোৱা নাই !
কিন্তু
কৰিবনো কি ।
বৈ যাবইটো লাগিব ।
আৰু সেয়েহে
বৈ গৈছে মাথোন
নিমাতে - নিতালে
স্পন্দনহীনতাৰে ।
মনত অলেখ দুখৰ বোজা লৈ !
কালিলৈ দিনৰ ঠিক দহবজাত
পুণৰ সেই ঘন্টা বাজি উঠিব।
সদায় অহাৰ দৰেই
নাজিৰাৰ হায়াৰ চেকেণ্ডেৰী
স্কুলৰ সন্মুখত আহি ঠিয় হ'বহি
অনামিকা দুৱৰা ।
কিন্তু !
কালিলৈযে নাথাকিব তাত
গড়গঞা প্ৰেমিক কবিৰ উপস্থিতি।
নাথাকিব আৰ চকুৰে
প্ৰেয়সীক চাবলৈ ।
অৱশ্যে !
অৱশ্যেই থাকিব এটা
ট্ৰেজেডিৰ আভাস ।
থাকিব এটা সেমেকা সেমেকা ভাব
গড়গঞা ট্ৰেজিক হিৰ'ৰ অনুপস্থিতিৰে
কিছু গোমা হৈ পৰিব সেই
হায়াৰ চেকেণ্ডেৰী স্কুলৰ পৰিবেশটো ।
অনামিকাই বাৰু বুজিব পাৰিবনে ?
বুজিব পাৰিবনে যে
দিনে-নিশাই
টেলিপেথিৰ মায়াজালেৰে
তাইক আছন্ন কৰি ৰখা
গড়গঞা ট্ৰেজিক হিৰ'
বিষাদ নগৰী নাজিৰাৰ
নষ্টালজিক কবি
পল শেনচোৱা যে আৰু নাই।
শ্ৰী নয়নজ্যোতি ভট্টাচাৰ্য্য
১৪।০৫।২০২১
Comments
Post a Comment
If you have any doubts, please let me know.