সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (2)

 

Baan Theatre,Tezpur

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (2)





তেজপুৰত সাহিত্য উদ্যম:

     সু-সাহিত্যিক তথা আইজীৱি ৺লম্বোধৰ বৰাদেৱৰ উদ্যোগত ১৮৯০ চনৰ ২৩ নবেম্বৰ তাৰিখে তেখেতৰ তেজপুৰত অৱস্থিত বাসগৃহৰ চ’ৰাঘৰতে জন্ম হয় "অসমীয়া ভাষাৰ আলোচনা সভা”। অসমীয়া ভাষাৰ উন্নয়নৰ বাবে এই সভাই আহোপুৰুষাৰ্থ কৰিছিল।

 দুৰ্ভাগ্যজনক ভাবে দুবছৰৰ পিছতে ১৮৯২ চনৰ ১২ এপ্ৰিল তাৰিখে লম্বোদৰ বৰাদেৱৰ অকাল-মৃত্যু হয়। এইজন স্থিতিপ্ৰজ্ঞ পুৰুষে  তেওঁৰ ৩২ বছৰীয়া চুটি জীৱনটোতে অসমীয়া ভাষাৰ উন্নয়নৰ বাবে পঢ়াশালিৰ পাঠ্যপুঠিৰ পৰা আৰম্ভ কৰি অনেক তথ্যগধুৰ প্ৰৱন্ধ-পাতি লিখি অসমীয়া ভাষাত এটা সুকীয়া মাত্ৰাদান কৰিথৈ গৈছে। তেৱেই প্ৰথম মহামতি সুশ্ৰুত সূদ্ৰ্কৰ বিশ্ববিখ্যাত কালজয়ী সংস্কৃত নাটক ‘মৃচ্ছকটিকম’ৰ অসমীয়া অনুবাদ ‘মাটিৰ গাড়ী’, কালিদাসৰ সংস্কৃত নাটক ‘অভিজ্ঞান শকুন্তলম’ৰ অসমীয়া অনুবাদ ‘শকুন্তলা’ আৰু কালিদাসৰ অমৰকাব্য ‘মেঘদূত’ আৰু ‘কুমাৰসম্ভৱ’ৰ সহজ-সৰল অসমীয়া  ভাঙনি কৰি অসমীয়া ভাষাৰ প্ৰথমজন অনুবাদ-সাহিত্যিক হিচাবে নিজকে এখন সন্মানীয় আসনত প্ৰতিষ্ঠা কৰি থৈ গৈছে।

     লম্বোদৰ বৰাদেৱৰ অকালমৃত্যুত  এই সভাৰ  দায়িত্ব বহন কৰে তাহানিৰ দৰং জিলাৰ বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকাশিত প্ৰথম মাহেকীয়া অলোচনী “আসাম দৰ্পন”ৰ  সম্পাদক তথা ‘তেজপুৰ ৰাইত-সভা’ৰ প্ৰধান উদ্যোক্তা ৺লক্ষীকান্ত বৰকাকতি দেৱে । আদিৰে পৰাই ৺লম্বোদৰ বৰাদেৱৰ এই প্ৰচেষ্টাত সততে সহায়-সহযোগ আগবঢ়াইছিল যথাক্ৰমে ৺কালিনাথ হাজৰিকা,৺জয়দেৱ শৰ্মা পণ্ডিত আৰু ৺ঘনকান্ত চলিহাদেৱে ।

 পিচলৈ ১৮৯৭ চনৰ ১ জানুৱাৰীৰ পিচত এই সভাৰ নামৰ কিছু পৰিৱৰ্ত্তন কৰি ‘তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা” ৰখা হয় । অসমীয়া ভাষা-সংস্কৃতি আৰু অসমৰ সৰ্ব্বাংগীন বিকাশসাধনৰ স্বাৰ্থত এই সভাই অবিৰত সংগ্ৰাম চলাই যাবলৈ তৎকালিক ভাবে ৬(ছয়)টা প্ৰতিবাদী আৰু গঠনমূলক কাৰ্য্যসূচী লৈ কাম আৰম্ভ কৰি দিয়ে আৰু পিচত তাৰ লগত আন ১২(বাৰ)টা দফা সংযোজন কৰি আটাইকেইটা দফা কাৰ্য্যকৰী কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলায় । ইয়াৰে ১২(বাৰ)নম্বৰ দফাত সংযোজিত হৈছিল “সভাই সজোৱা নামঘৰত এটা ষ্টেইজ ৰখা”ৰ প্ৰসংগটো ।  (ক্ৰমশঃ)


The hundred-year history of Baan Theatre,Tezpur,

Editor Sri Bankim Sharma & Sri Hemanta Kr. Baruah


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়