সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৩)

Sahitya Sofura সাহিত্য সঁফুৰা
Baan Theatre


ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্তঃ (৩)

 তেজপুৰত নাট্যচিন্তাৰ আভাষঃ 

 
অসমৰ সকলো জনগোষ্ঠীৰ মনত ধৰ্ম্মীয় চেতনাৰ জাগৰণ তুলিবলৈ প্ৰায় পাঁচশ বছৰ আগতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম্মিয় উপাখ্যানৰ আধাৰত সৰ্ব্বপ্ৰথম কইবাখনো অংকীয়া নাট ৰচনা কৰি তাত গীত-বাদ্য আৰু কাব্যিক সংলাপৰ ৰহন সানি এক সুকীয়া নাট্যশৈলীৰ পাতনি মেলিছিল আৰু মহাপুৰুষজনাৰ জীৱনকালতে সেই নাটবোৰ পৱিত্ৰ ধাম, নামঘৰ আদিত উপস্থাপনৰ দিহা কৰিছিল ।
SriSri Sankardev
মহাপুৰুষজনাৰ সেই নাটকেইখন আৰু পিচলৈ তেওঁৰ অনুগামীসকলে তেনে আৰ্হিত ৰচনা কৰা অংকীয়া নাটবোৰ অসমৰ গাঁৱে-ভূঞে থকা নামঘৰবোৰত অহৰহ চলি আহিছিল । সৰ্ব্বসাধাৰণৰ মনত এই নাটবোৰে যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু স্বাভাৱিকতে কমবেচি পৰিমানে প্ৰত্যেকজন অসমীয়া এই নাট্যশৈলীটোৰ প্ৰতি অৱগত আছিল ।

 যদিও তাহানিৰ দৰং জিলাৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ ছিপাঝাৰ,মংগলদৈ আদি ঠাইত ওজাপালি,খুলীয়া-ভাওনা,পুতলানাচ,নাগৰা নাম আদি পৰম্পৰাগত লোকনাট্যৰ প্ৰভাৱ আছিল, সদৰ তেজপুৰ অঞ্চলৰ নামঘৰবোৰত অনুস্থিত হৈ থকা জনপ্ৰিয় ভাওনা-শিল্পৰ বাহিৰে আন লোক-নাট্যৰ প্ৰভাৱ পৰা নাছিল। 


Sahitya Sofura সাহিত্য সঁফুৰা
তাহানিৰ বাণ থিয়েটাৰ


অসমত আধুনিক নাট্য-চিন্তাৰ আভাষঃ



    অসমৰ আধুনিক কলা-কৌশল সমৃদ্ধ নাট্যচিন্তাৰ প্ৰভাৱ পৰিছিল চুবুৰীয়া বংগদেশৰ পৰাই ।ওঠৰশ শতিকাৰ মাজ ভাগৰ পৰাই বংগদেশত পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত নিত্য-নতুন বিজ্ঞান-দৰ্শনৰ চিন্তাচৰ্চ্চা আৰম্ভ হৈছিল । চহকী ইংৰাজী ভাষাৰ মাধ্যমেৰে ভাৰতৰ শিক্ষিত সমাজে  পৃথিবীৰ নানা জাতিৰ নানান ভাষাত সৃষ্টিহোৱা সাহিত্য তথা নাট-কবিতা-প্ৰৱন্ধ আদি পঢ়াৰ  সুযোগ  আহি পৰিছিল । আধুনিক নাট্যকলাৰ  বিভিন্ন কলা-কৌশলৰ প্ৰয়োগ আৰু সম্ভাৱনীয়তাৰ ওপৰত বংগদেশত বহূলভাৱে চিন্তা-চৰ্চ্চা আৰম্ভ হৈছিল । তেওঁলোকে পৰম্পৰাগত যাত্ৰা-অভিনয়ৰ লেখীয়া নাট্যশৈলীৰ উত্তৰণ ঘটাই আৰাম্ভ কৰে নতুন আংগিকৰ নতুন আধুনিক নাটক  বংগদেশৰ প্ৰাণকেন্দ্ৰ কলিকতা মহানগৰীত গঢ়লৈ উঠে ত্ৰৈমাত্ৰিক অবয়ৱৰ প্ৰচিনিয়াম মঞ্চবোৰ ।

 আৰাম্ভ হয় নতুন নতুন আংগিক আৰু বিষয়বস্তুৰ ওপৰত নাটক লিখাৰ আৰু উপস্থাপনৰ প্ৰয়াস ।

 কলিকতাত শিক্ষা সমাপ্ত কৰি ইতিমধ্যে অসমলৈ ঘূৰি অহা প্ৰাক্তন ছাত্ৰসকল আৰু কলিকতাত তৎকালীন পাঠৰত ছাত্ৰসকলে এই মঞ্চবোৰত অভিনীত হোৱা আধুনিক শৈলিৰ এই নাটবোৰ বিস্ময়-বিমুগ্ধ হৈ চাইছিল আৰু অসমতো তেনেধৰণৰ নাটক কৰাৰ দূৰ্ব্বাৰ হেঁপাহ মনতে পুহি ৰাখিছিল । 

সেই সময়ৰ বংগদেশৰ বিখ্যাত নট ৺শিশিড়কুমাৰ ভাদুৰী , ৺নন্দলাল বসু, ৺দুৰ্গাদাস বেনাৰ্জী, ৺সুৰেন ঘোষ(দানীবাবু), ৺অহীন্দ্ৰ চৌধুৰী আদিৰ অভিনয়ে তেওঁলোকক বাৰুকৈয়ে আকৃষ্ট কৰিছিল । (ক্ৰমশঃ)

The hundreed-year history of Baan Theatre,Tezpur(Assam)
Editor: Sri Bankim Sarmah & Sri Hemanta Kr. Baruah.

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়