ফ'ৰ লেনৰ দুখ

ঢোল অসমীয়া সংস্কৃতিৰ অন্যতম এক আপুৰুগীয়া বাদ্য:----
পুৰুষ শুৱনি বাদ্য ঢোল:Tarun Oja's Dhool(200 yrs Old)
ঢোল অসমীয়া সংস্কৃতিৰ অন্যতম এক আপুৰুগীয়া বাদ্য। ঢোলক বাদ দি অসমীয়া সংস্কৃতিৰ কথা এক্ষন্তেকো ভাবিব নোৱাৰি। এই বিশেষ 'অৱনধ্য' বাদ্য বিধ বাৰু কেতিয়াৰ পৰা অসমীয়াৰ সংস্কৃতিৰ আগ হ'ল আজিলৈকে উৱাদিহ উলিয়াব নোৱাৰিলো ! ইয়াৰ ধ্বনিৰ তৰঙ্গই উৰ্বৰা শক্তি বৃদ্ধি কৰে বুলি জনশ্ৰুতি আছে। সেয়েহে অতিজৰে পৰা ঢোল পুৰুষ শুৱনি বাদ্য ৰূপে স্বিকৃত হৈ আহিছে।
ড° লীলা গগৈয়ে কৈছিল "ঢোল হৈছে পুৰুষৰ জেউতি চৰোৱা বাদ্য।" সঁচাকৈ খোল, দোল, তালি, চাপৰ, কোবনি, ফৰিঙা, কাতনি, মলুৱা, বৰতি আদি ১১টা অঙ্গৰে ঢোল অসমীয়াৰ পৰিচয়। এহাত চাৰি আঙুল দৈৰ্ঘ্যৰে এই বাদ্যৰ ২৪ খন হাতেৰে ঢোলৰ যি মালিতা আছে সি সঁচাই এক অপূৰ্ব অসমীয়া লোক সংস্কৃতিৰ ভড়াল। মালিতাত বিভিন্ন কথাৰ লগতে সত্য যুগৰ ৬ জন ৰজা, ত্ৰেতা যুগৰ ৪৪ জন দ্বাপৰ যুগৰ ১৬ জন আৰু আহোম স্বৰ্গদেউৰ ৪০ জন ৰজাৰ বিষয়ে জনা যায়।
ঢোল অসমীয়াৰ এক এৰাব নোৱাৰা জাতীয় বাদ্য হ'লেও আশাৰ, শাওন, কাতি, আঘোণ এই চাৰি মাহত ঢোল বাদন নিষিদ্ধ কৰা হৈছে। আহাৰ শাওনত ঢোল বজালে ৰোৱা পোকে খায় আৰু কাতি আঘোণত ঢোল বালে ধান পতান হয় বাবে এই চাৰিমাহত ঢোল নিষিদ্ধ।
ঢোল কিমান পুৰণি বাদ্য ইয়াৰ উৱাদিহ পোৱাটো এক প্ৰকাৰ অসম্ভৱ। অসমৰ প্ৰাচীন শৈল ভাস্কৰ্য্যটো ঢোল বাদনৰে নৃত্যৰত নৰ- নাৰীৰ অনেক মূৰ্তি পোৱা যায়।
ঢোলৰ মালিতাতে আছে যে ,
"সত্যত পাতিলে শ্ৰী ৰাম চন্দ্ৰৰ বিয়া, তেতিয়া বজাই ঢোল সুনন্দী ঢুলীয়া,
ত্ৰেতাত পাতিলে মহাদেউৰ বিয়া, তেতিয়া বজাই ঢোল বিনন্দী ঢুলীয়া,
দ্বাপৰত পাতিলে ৰুক্মিণীৰ বিয়া, তেতিয়া বজাই ঢোল আনন্দী ঢুলীয়া,
কলিত ইন্দ্ৰ ৰজা তলে নামি যায়, সোধন ঢুলীয়াই ঢোল আনিলে নমাই।"
এই তথ্যমতে অসমত ঢোল ১২২৭ খৃষ্টাব্দত চ্যুকাফাৰ লগত অহা বুলি কোৱা হৈছে। কিন্তু অসমৰ ইতিহাসত ঢোল বাদ্য যে তাতোকৈ পুৰণি সেই কথা সপ্তম/অষ্টম শতিকাৰ শৈল ভাস্কৰ্যত খোদিত নৃত্যৰত নৰ-নাৰীৰ মূৰ্তয়েই প্ৰমাণ কৰে।
অৱশ্যে যুগৰ তালিকাত থকা ঢুলীয়া সকলৰ নাম বিভিন্ন লেখাত বিভিন্ন হোৱা দেখা যায় । সত্য কোনটো বিশেষজ্ঞইহে কব পাৰিব। আমি হাততে পোৱা তথ্যটিহে তুলি ধৰিলো।
যি কি নহওঁক সত্য যুগত সোণৰ, ত্ৰেতাত, ৰূপৰ, দ্বাপৰত তামৰ আৰু কলি যুগত ঢোল কাঠৰ আছিল বুলি জনশ্ৰুতি আছে। অসমত 'বিহু' আৰু 'ঢোল' মঙ্গোলীয় কৃষ্টি ৰূপে মান্যতা পালেও ঢোলক মঙ্গল ধ্বনিৰ মান্যতা দি দেৱ বাদ্যৰো অঙ্গ ৰূপে লোৱা দেখা যায়। আজিৰ অসমতো ঢোলৰ ধ্বনি মঙ্গল ধ্বনি, ঢোলৰ চাপৰ সমন্বয়ৰ চাপৰ ৰূপেই বিবেচিত। ই কেনেকৈ আৰ্য্য পৰম্পৰাৰ দেৱ- দেৱীৰ দেব বাদ্য হ'ল সিও গৱেষণাৰ বিষয়।
স্বৰ্গদেউৰ আমোলাত ধৰ্মীয় পূজা-পাতৰ লগতে বিহু পালনৰ নিৰ্দেশনা দিয়াটো এইখিনিতে উল্লেখযোগ্য। ১৬১১শকত স্বৰ্গদেউ শিৱসিংহই শুৱালকুছিত ভৃঙ্গেশ্বৰ দেৱালয়ত বিহু পালন কৰিবলৈ নিৰ্দেশ দিয়াটো এইখিনিতে উল্লেখযোগ্য। তেনেকৈ বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাটত থকা বিশ্বনাথ গোঁসাইকলৈ বিহু মৰা পৰম্পৰা আজিও অক্ষত।
সি যি কি নহওক বিহুৰ বাহ্যিক ৰূপৰ আজি বহু পৰিবৰ্তন হ'ল। আদিম সমাজৰ উদঙ পথাৰৰ মুকলি বিহু এদিন মঞ্চ পালেহি। তাৰ পাছত তাতি চকোৱাৰে ঘেৰা সমাজৰ বৰ চোতাল পালেহি, তাৰ পাছত দেউতাৰ পদুলিয়েদি সোমাই ন জীৱনৰ পকি আলিত উঠিলহি তথাপিও কিন্তু ঢোল,তাল, টকা, গগণা, বাঁহী, সুতুলী আদি একেই আছে আৰু একেই থাকিবও। অৱশ্যে বীণ, তুহিলিং, জেমটং, টোপাটং এইবোৰ আমি নেদেখা হলো। বিজ্ঞ সকলে এইবোৰ আনি ব্যৱহাৰ কৰি দেখুৱাব পাৰিলে ভাল। নহলে যাদুঘৰৰ সমল হ'লে বেয়া লাগিব।DHOOL OJA " Late Tarun Bora (OJA)"
লেখকঃ শান্তনু বৰুৱা,তেজপুৰ
সম্পাদনাঃ দিগন্ত কুমাৰ ভূঞা
Sahitya Sofura ("সাহিত্য সঁফুৰা" )
digantas.blogspot.com
Comments
Post a Comment
If you have any doubts, please let me know.