সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কবিতাঃ "মই জীয়াই আছো"

 মই জীয়াই থাকিমঃ




জীয়াই আছো! এৰা! জীয়াই আছো।

এয়ে সত্য বাৰ্তা মোৰ সাম্প্ৰতিক সময়ত,

কাইলৈৰ কথা হয়তো নাজানো , জনাতো অসম্ভৱ!

জীৱজগতত যেন আজি মায়া নাই,মোহ নাই; মায়াৰ জগতত মাথো সংহাৰৰ বন্যা।

প্ৰকৃতিয়ে লৈছে প্ৰতিশোধ!

বাটে-ঘাটে তাণ্ডৱ প্ৰকৃতিৰ,

মহামাৰীৰ ৰণদংগা বাজিছে চৌদিশে,

শৱ, মৃতশৰীৰৰ জ্বলন্ত ধোঁ‌ৱাই শ্মশান পূৰ্ণতাৰে অসহ্যকৰ প্ৰতিযোগিতাৰ খেল।

কোন জীৱন্ত কোন মৃত, আজি কাৰ ষড়যন্ত্ৰতৰ অমানিশাৰ কুটিলতাত

স্তৰে স্তৰে স্তূপীকৃত শ্মশানযাত্ৰী প্ৰতিযোগীৰ।

তথাপি মই জীয়াই আছো,

এয়েই সত্য।

সঁ‌চা! জীয়াই আছো,

এৰা! জীয়াই আছো এইয়ে সত্যবাৰ্তা সাম্প্ৰতিক সময়ৰ।

জীৱন!

যৌৱন!!

সম্পদ- লালসা-বাসনা,

ধন দৌলত....!!!

আজি যেন,

মূল্যহীন এক শব্দ।

চৌপাশৰ সেউজীয়াৰ

বুকুত বিছাৰিছো

মাথোঁ পবিত্ৰ অম্লজান।

এৰা! মই জীয়াই আছো!!

সমাজনীতি-ৰাজনীতি,

যুক্তি-দৰ্শন, কৃষ্টি-সংস্কৃতি,ঐতিহ্য-পৰম্পৰা,

আজি স্তব্ধ এটি দৃশ্যহীন অদৃশ্য অপশক্তিৰ হাতোৰাত।

মানুহ মানুহৰ পৰা

আজি যেন ক্ৰমশঃ

দূৰত্ব, আৰু দূৰত্ব

এটি ভাইৰাচৰ ষড়যন্ত্ৰত।

জীয়াই আছো,

এৰা! জীয়াই আছো!!

ভাৱ হয়, ভাৱ হয়,

প্ৰকৃতি ধ্বংসকাৰীহঁ‌ত

সাৱধান,

ঈশ্বৰ ক্ৰোধান্বিত!

যেন প্ৰতিশোধ!

নে এয়া সৃষ্টি শেষৰ

ৰাগ কৈলান-খৰমান।

জীয়াই আছো!

এৰা! জীয়াই আছো

এয়ে সত্য বাৰ্তা মোৰ সাম্প্ৰতিক সময়ত।

জীৱশ্ৰেষ্ঠ মই!

নমৰো, নাহাৰো মই,

মোৰ অহংকাৰ,

মোৰ মনোবল,

মোৰ স্বভীমানৰে,

মই জীয়াই থাকিম,

জীয়াই ৰাখিবলৈ

আপ্ৰাণ চেষ্টা কৰিম,

মোৰ আশে-পাশে থকা স্বজাতি মানৱক।

মোৰ মানসিক শক্তি,ধৰ্য, মনোবল আৰু সাহসৰে মই তোক ধ্বংস কৰি,

জীয়াই ৰাখিম মোক,

মোৰ স্বজাতিক।

ধৰি ৰাখিম মই মোৰ

দম্ভ-অহংকাৰক!

এৰা! জীয়াই আছো

আৰু

জীয়াই থাকিম!

সাৱধান!

ভয়ক মই জয় কৰিম,

তোৰ কুটিল ষড়যন্ত্ৰৰ

মই চিকাৰ নহও!

মই জীয়াই থাকিম,

জীয়াই থাকিম আমি।

= দিগন্ত কুমাৰ ভূঞা

5-30 A.M. May 7,2021.

তেজপুৰ।

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়