সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

সংস্কাৰ (To make better by removel of faults and errors) কি? বিভিন্ন দিশত সংস্কাৰঃ

 সংস্কাৰ (To make better by removel of faults and errors) কি? বিভিন্ন দিশত সংস্কাৰঃ  

 

বিজ্ঞান হৈছে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য আৰু ইয়াৰ বিচাৰ বিশ্লেষণ কৰি ৰহস্য উদ্ঘাটন কৰা। আমাৰ শিশু তথা নৱপ্ৰজন্মক বিজ্ঞান মানসিকভাৱে গঢ়ি তুলিবলৈ তেওঁলোকৰ যিকোনো কাৰ্য্য বা ঘটনা প্ৰবাহৰ বিষয়ে তথ্য পাতি সংগ্ৰহ কৰি তাৰ সত্যাসত্য বিচাৰ কৰি সত্য, শুদ্ধ সিদ্ধান্তত উপনীত হ'ব লাগিব।


মানৱ সভ্যতা হৈছে বিজ্ঞানৰ প্ৰতিশ্ৰুতি। বিজ্ঞান মানসিকতাই মানুহক জ্ঞানৰ পোহৰে আগবাঢ়ি যাবলৈ, সুসভ্য অৱস্থাত উপনীত হ'বলৈ প্ৰেৰণা দিয়ে।


আমাৰ মনে সকলো সময়তে চিন্তা কৰি থাকিলেও সকলো চিন্তাক কাৰ্যকৰী নকৰে। বুদ্ধিৰে চালিজাৰি চাইহে তাৰ মাজৰ পৰা কিছু চিন্তাক কামলৈ ৰূপান্তৰিত কৰে। সেই একেবোৰ কামকে বাৰে বাৰে কৰি থাকোঁতে সেই কাম আমাৰ অৱচেতন মনত থিতাপি লয়। তাকেই মানৱ প্ৰকৃতি, ব্যক্তিত্ব আৰু আধ্যাত্মিক ভাষাত সংস্কাৰ বোলে। এই সংস্কাৰ এবাৰ গঠন হ'লে তাক এৰা টান। আত্মা এক চৈতন্য শক্তি, ইয়াৰ মৃত্যু নাই। ই এঠাইৰ পৰা আন এঠাইলৈ গুছি যায়।


সংস্কাৰ এবাৰ গঠন হ'লে তাক সহজে ত্যাগ কৰিব নোৱাৰি, সেয়ে এটা শৰীৰ ত্যাগ কৰি অন্য নতুন শৰীৰলৈ গুছি গ'লেও লগত সংস্কাৰ লৈ যায়। এনে সংস্কাৰ হৈছে পূৰ্বজনমৰ সংস্কাৰ। সেয়ে আমি কেতিয়াবা দেখিবলৈ পাওঁ অতি কম বয়সতে কিছুমান ল'ৰা-ছোৱালীয়ে আচৰিত কৰ্ম কৰে। কিছুমানে ভূগোলৰ, কিছুমানে বিজ্ঞানৰ টান টান প্ৰশ্নৰ উত্তৰ দিব পাৰে। আন কিছুমান ল'ৰা-ছোৱালীয়ে শাস্ত্ৰৰ শ্লোক কন্ঠস্বৰ কৰাৰ লগতে ইয়াৰ গভীৰ অৰ্থও ব্যাখ্যা কৰে। ই অতি আচৰিত। এইয়া পূৰ্বজনমৰ সংস্কাৰৰ ফল।


মা-দেউতাৰ পৰাও সন্তানে সংস্কাৰ পায়। মাক - দেউতাকৰ ব্যৱহাৰ, ব্যক্তিত্ব, শিষ্টাচাৰ, মিতব্যয়ী, নম্ৰতা আদি সংস্কাৰ সন্তান সকলেও পায়।সংস্কাৰ শব্দৰ পৰাই সংস্কৃতি শব্দটো আহিছে। বহু মানুহৰ সংস্কাৰ যেতিয়া মিলি যায় আৰু সকলোৱে একে ধৰণৰ কাম কৰিব লয় তেতিয়া সেই কামটো সেই লোকৰ সংস্কৃতি। অসমৰ সকলো মানুহৰ অসমীয়া ভাষা কোৱাৰ সংস্কাৰ আছে। সেয়ে অসমীয়া ভাষা অসমৰ এটা সংস্কৃতি।


ল'ৰা-ছোৱালী অলপ ডাঙৰ হ'লেই লগৰ সমনীয়া লগত খেলা-ধূলা কৰে, কথা পাতে। এইদৰে লগৰীয়াৰ লগত ন ন কথা শিকিব পাৰে। তাৰে কিছুমান কথা বা কামৰ প্ৰতি খুউব আকৰ্ষিত হয়। সেই কাম বাৰে বাৰে কৰিবলৈ লয়। ইয়ো লগৰীয়াৰ পৰা পোৱা সংস্কাৰ।


মনৰ দৃঢ়তাৰ পৰাও সংস্কাৰ সৃষ্টি হ'ব পাৰে।
উদাহৰণ স্বৰূপে মহাত্মা গান্ধীৰ কথা ক'ব পাৰি। 
মহাত্মা গান্ধীয়ে অহিংসা আৰু সত্যৰ অস্ত্ৰৰে ব্ৰিটিছসকলৰ লগত যুঁজিবলৈ সাজু হৈছিল। তাৰ মূলমন্ত্ৰ আছিল দৃঢ়তা। সেই দৃঢ়তাই মহাত্মা গান্ধীৰ চাৰিত্ৰিক বৈশিষ্ট্যক গঢ় দিছিল সত্যবাদী আৰু অহিংসাক ৰূপত। এই দুয়োটা গুণ আছিল মহাত্মা গান্ধীৰ সংস্কাৰ।



আত্মাৰ ওপৰত তৰপে তৰপে সংস্কাৰ লাগি আত্মাৰ মূল ভূত গুণক ঢাকি ধৰে। আত্মাৰ এই মূল ভূত গুণ হৈছে অনাদি সংস্কাৰ। সৃষ্টিৰ সকলো মানৱ আত্মাৰ যি ভূত গুণ সিয়েই হৈছে আত্মাৰ অনাদি সংস্কাৰ। আত্মাৰ বহুতো ভাল গুণ বা সংস্কাৰ আছে। শান্তি, আনন্দ, প্ৰেম, সুখ, পৱিত্ৰতা, শক্তি আৰু জ্ঞান - - - এই সকলো আত্মাৰে ধৰ্ম। ইয়াত কোনো হিন্দু, শিখ, খ্ৰীষ্টিয়ান, মুছলমান বুলি কথা নাই। ই হৈছে মানৱ ধৰ্ম। এই সকলো গুণৰাশি যি ব্যক্তিৰ ভিতৰত দেখা যায় তেওঁ ধাৰ্মিক ব্যক্তি আৰু যি ব্যক্তিৰ এই গুণৰাশিৰ  অভাৱ তেওঁ অধৰ্মী ব্যক্তি। বিভিন্ন পৰিস্থিতিত সংস্কাৰে নিজৰ বাটেৰে বাট বোলে। সেয়েহে সৰুৰ পৰাই আমি অতি সাৱধান হোৱা উচিত। সংস্কাৰ গঠন হ'বই, যাতে সুসংস্কাৰ গঠন কৰি সু-নাগৰিক হ'ব পাৰি তাৰ বাবে চেষ্টা কৰিব লাগে।


মনৰ চিন্তা উৎপন্ন কৰাৰ শক্তি আছে। সেই চিন্তৰ পৰাই আমি অনুভৱ কৰোঁ। অনুভৱৰ পৰাই আমাৰ ব্যৱহাৰ হয়। ব্যৱহাৰৰ পৰাই আমাৰ কৰ্ম হয় আৰু কৰ্মৰ পৰাই অভ্যাসে গঢ় লয়। অভ্যাসৰ সমষ্টিয়েই আমাৰ ব্যক্তিত্ব গঠন হয়। এই ব্যক্তিত্বই মানুহৰ ভাগ্য নিৰ্ণয় কৰে।


সমাজৰ ক্ষুদ্ৰ সংস্কৰণ স্বৰূপ শিক্ষানুষ্ঠান সমূহ বহু সময়ত সামাজিক ব্যাধিবোৰৰ দ্বাৰা প্ৰভাৱিত হয়। শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ দ্বাৰা সমাজৰ কেতবোৰ অলিখিত, অঘোষিত নিয়ম-নিদেৰ্শনাৰ মাজত আৱদ্ধ সেই কথা বুজিব পাৰি। শিক্ষক - শিক্ষয়িত্ৰীক সমাজে নম্ৰতা, ভদ্ৰতা, শৃংখলাবদ্ধতা, অৰ্হতা, সততা, আদৰ্শৱান হোৱাতো বিচাৰে। সেইদৰে শিক্ষাৰ্থীৰ ওপৰতো  সমাজ এখনৰ যথেষ্ট চাপ পৰে। শিক্ষাৰ্থী হিচাপে ব্যৱহাৰ কেনে হোৱা উচিত, শৈক্ষিক ফলাফল কেনে হোৱা উচিত আদি দিশত সমাজে ভূমিকা নিৰ্ধাৰণ কৰে। গুৰুত্বপূৰ্ণ কথা হ'ল, যদি সমাজে কোনো দিশত অতিপাত হস্তক্ষেপ কৰি ব্যক্তিক নীতি-নিৰ্দেশনা দিবলৈ যায় তেনে ই এক ব্যাধি ৰূপে পৰিগণিত হ'ব পাৰে। ব্যাধিৰ উপস্থিতিৰ কথা আহিলেই আহিব পাৰে সংস্কাৰৰ কথা।শ্ৰেণীকোঠাত যদি এজন ছাত্ৰক আন এজন ছাত্ৰৰ প্ৰতি প্ৰতিযোগিতামূলক ভাব পোষণ কৰিবলৈ শিকোৱা হয়, পৰীক্ষাত ভাল নম্বৰ পাবলৈ যদি শিক্ষাৰ্থীযে হিংসা - দ্বেষৰ মনোভাৱ পুহি ৰাখে তেনে পৰ্যাপ্ত মূল্যবোধৰ শিক্ষাৰ পাঠদানেও সমাজ সলনিত অৰিহণা যোগাব নোৱাৰে। গতিকে সামাজিক ব্যাধি ৰোধত শিক্ষাৰ ভূমিকাৰ প্ৰাথমিক চৰ্তটো হ'ল শ্ৰেণীকোঠাৰ পৰিবেশ সংস্কাৰ সাধন।


সংস্কাৰ আৰু সুশাসন - - - - সমগ্ৰ প্ৰশাসন যন্ত্ৰক অধিক পৰিমাণে কাৰ্য্যকৰী কৰিবৰ বাবে প্ৰক্ৰিয়াটোক নতুনত্ব অনাটো অতিকৈ প্ৰয়োজন। সাম্প্ৰতিক অৱস্থাৰ প্ৰশাসনক এক যোগাত্মক পৰিবৰ্তনৰ দিশত অগ্ৰসৰ কৰাৰ বাবে মানৱ সম্পদসমূহৰ সংশোধন হোৱাতো জৰুৰী। চৰকাৰী কৰ্মকৰ্তাসকলৰ কৰ্মক্ষম বৃদ্ধি কৰিব লাগিব। সম্পূৰ্ণৰূপে প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰী অবিহনে নাগৰিকক সেৱা প্ৰদান কৰাটো কঠিন কাম।গতিকে সুশাসনৰ বাবে সু-সংস্কাৰ হোৱাটো অতি প্ৰয়োজন।


বৰ্তমান সময়ত অসমকে ধৰি সমগ্ৰ বিশ্বতে কভিড-১৯ নামৰ মহাব্যাধিয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। 


 সামাজিক দূৰত্বকৰণ, মাস্ক পিন্ধা, সঘনাই হাত ধোৱা, জন সমাগম কমোৱা, অবাৱত ঘৰৰ বাহিৰলৈ নোলোৱা। স্বাস্থ্য বিভাগৰ এই নীতি - নিদেৰ্শনা বোৰ সকলোৱে মানি বিশ্ববাসীক অসমীয়া লোকো যে সংস্কাৰৱান তাৰ পৰিচয় দাঙি ধৰিব পাৰি। অন্যহাতে নিজে সুৰক্ষিত হোৱাৰ লগতে পৰিয়ালৰ বাকী লোকসকলো সুৰক্ষিত হ'ব, সমাজৰ আনলোক সকলো সুৰক্ষিত হ'ব।সাৱধানতাই এই মহাব্যাধিৰ মহা ঔষধ।


আমি ঘৰখনতে সন্তান সকলক শিশু অৱস্থাৰ পৰাই কু-সংস্কাৰ আৰু বদ অভ্যাসে কিদৰে নিজৰ লগতে, পৰিয়ালৰ আৰু সমাজৰ ক্ষতি সাধন কৰি উন্নতিত বাধা প্ৰাপ্ত কৰে সেই শিক্ষা দিব লাগিব। কাৰণ ঘৰখনেই হৈছে শিশুসকলৰ শিক্ষাৰ প্ৰথম কঠিয়া তলি। কুসংস্কাৰ আৰু বদ অভ্যাস পৰিহাৰ কৰি সংস্কাৰমূলক কামৰ বাবে শিশু অৱস্থাৰ পৰাই শিক্ষা দিলে নিশ্চয় সমাজ নিকা হৈ জনমানসত জিলিকি উঠিব। 

Writer: Urbashi Borgohain


 **উৰ্বশী বৰগোহাঁই **(২১/০৫/২০২১)








edited by: Diganta kumar bhuyan.

Sahitya Sofura

digantas.blogspot.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়