সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

সাহিত্যৰ কথা :

 সাহিত্যৰ কথা 

  

   এয়া কোনো বৌদ্ধিক আলোচনা নহয় সাহিত্যৰ সন্দৰ্ভত মনলৈ অহা কিছুমান ভাবনাহে । 


আদিম যুগৰ পৰা সভ্যতাৰ উত্তৰণৰ লগে লগে এদিন জুঁ‌ইৰ আৱিষ্কাৰ হ'ল, আৰু তেনেদৰে এদিন মানুহে কৃষি কৰ্মৰে শস্য উৎপাদন কৰিবলৈ ধৰিলে ।

 বিজুঁ‌লী ঢেৰেকনি ৰ'দ বতাহ আকাশ বৰষুণে মানৱৰ প্ৰাণত অনুভূতিৰ সূচনা কৰিলে । 

এজন সৰ্বশক্তিমান ঈশ্বৰৰ কল্পনাই মানুহৰ অন্তৰত থিতাপি ললে । 

আংগিক বাচিক ৰীতিৰে মানুহে ক্ৰমশ ভাব অনুভূতিৰ আদান প্ৰদান কৰিবলৈ শিকিলে । লাহে লাহে নৈৰ পাৰৰ সভ্যতাই সমাজ ব্যৱস্থা আৰু ক্ৰমাগত ভাবে গাওঁ কেন্দ্ৰিক শাসন ব্যৱস্থালৈ উত্তৰণ হল । ৰাজন্যৰ ধাৰণাৰে ৰজাৰ শাসনৰ সূত্ৰপাত হল । এদিন ৰাষ্ট্ৰৰ উদ্ভৱ হল ।


     এই পৰ্যায়লৈকে  ভাবৰ আদান প্ৰদানত মানুহে শব্দৰ ব্যৱহাৰ কৰিবলৈ ল'লে , আৰু এই শব্দই ক্ৰমাগত লিপিৰ স্তৰলৈ উত্তৰণ হল আৰু লাহে লাহে সাহিত্য সৃষ্টিৰ এক পৰিবেশৰ সূচনা হল । 

   ঈশ্বৰে মানুহক বুদ্ধি আৰু চিন্তাশক্তি প্ৰদান কৰিছিল । এই চিন্তাই মানৱ সভ্যতাক এদিন বিকশিত কৰিলে । ৰীতি নীতি আৰু লোকাচাৰে মানৱ কৃষ্টিক সমৃদ্ধ কৰিলে, আৰু ইয়াৰ আধাৰতে ধৰ্মীয় অনুভৱো উদ্ৰেক হল আৰু ক্ৰমাগত ভাৱে সেই আবেগ সমূহ মানুহে লিপিৰ আধাৰত লিপিবদ্ধ কৰিবলৈ ধৰিলে । সেয়াই হ'ল আদিম যুগৰ যুদ্ধবিজয়ীৰ উল্লাস বা দৈবিক  দেৱতাৰ আখ্যান । এনেদৰেই একধৰণৰ সাহিত্য সৃষ্টিৰ এক প্ৰৱনতাই মানৱ সমাজত গা কৰি উঠিলে । 

      বিঃদ্ৰঃ  অতি সংক্ষিপ্ত ভাৱে আমি আমাৰ মনৰ ভাৱহে এইদৰে উল্লেখ কৰিলো ।

  =দেৱব্ৰত শৰ্মা,তেজপুৰ। জয়তু ভাষা জননী 


Debabrata Sharma


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়