সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

মাটিৰ হাকিমঃ হোমেন বৰগোহাঞি

সাহিত্য সঁফুৰা SAHITYA SAFURA


মাটিৰ হাকিমঃ হোমেন বৰগোহাঞি

 

১৯৫৭ চন ;

ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিবেশন বহিছিল জালুকবাৰীত। প্ৰধানমন্ত্ৰী নেহৰুকে 

ধৰি দেশৰ প্ৰায় সকল আগশাৰীৰ নেতা সমবেত হৈছিল জালুকবাৰীৰ অধিবেশনত। প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰী সকল উপস্থিত থকাৰ বাবে সেই অধিবেশনত জিলা প্ৰশাসনে মোতায়ন কৰিছিল এজন দণ্ডাধীশক। তেতিয়াৰ 'মাটিৰ হাকিম' সেই যুৱক দণ্ডাধীশজন ৰাজনীতিক সকলৰ বহুতৰে কাম-কাজত যেন সন্ত্তষ্ট হোৱা নাছিল। গতিকেই অসন্তুষ্টি প্ৰকাশ কৰিবলৈ নিৱন্ধ লিখিলে। আৰম্ভণী সেয়াই। ১৯৫৫ চনত অসম অসামৰিক সেৱাত যোগ দিয়া বিষয়াজনে চৰকাৰৰ ভুল নীতি সমূহৰ সমালোচনা অব্যাহত ৰাখিলে। ফলত চৰকাৰো বিতুষ্ট হ'ল ; বিষয়া জনৰ বিৰূদ্ধে গোচৰ তৰিলে। 

চৰকাৰী বিষয়াজন ঠিয় হ'লগৈ আদালতৰ কাঠগড়াত। বিচাৰ হ'ল , আন শাস্তি নহ'ল। চৰকাৰী বিষয়া হৈ চৰকাৰী নীতিৰ মুকলিকৈ সমালোচনা কৰাৰ অভিযোগত বিষয়াজন 'ভৎৰ্সনা পাবৰ যোগ্য' বুলি আদালতে ৰায় দিলে। আদালতৰ এই ৰায় শুনালৈকে অসামৰিক সেৱাৰ বিষয়াজনৰ চাকৰিকাল ১৩ বছৰ পূৰ হৈছিল। তেতিয়াই গ্ৰহণ কৰিলে সেই সিদ্ধান্ত--ত্যাগ কৰিলে অসম অসামৰিক সেৱা। সেয়া ১৯৬৮ চনৰ কথা। 

এতিয়া প্ৰশ্ন আহিল : কৰিব কি ? সেই সময়তেই মালিগাঁৱৰ 'শ্ৰীগুৰু প্ৰেছ' দুই স্বত্বাধীকাৰী আগবাঢ়ি আহিল এখন সাপ্তাহিক কাকত প্ৰকাশৰ প্ৰস্তাব লৈ সদ্য পদত্যাগী বিষয়াজনেও সন্মতি দিলে। এদিন কাকতখন প্ৰকাশ পালে। বিৰল সফলতা আহিল ।দিনটো আছিল ৬৮' ৰ 'গান্ধী জয়ন্তী '।

 তাৰ পিচত এখনৰ পৰা এখনকৈ বহু কেইখন দৈনিক , সাপ্তাহিক কাকতৰ দায়িত্ব গ্ৰহণ কৰি ৰাজ্যৰ সংবাদ মাধ্যমটোকেই যেন নেতৃত্ব দিলে। তাহানিৰ সেইজন 'মাটিৰ হাকিমেই  হ'ল আজি অতীত হৈ যোৱা হোমেন বৰগোহাঞি চাৰ। অধুনালুপ্ত তাহানিৰ কাকতখন হ'ল 'সাপ্তাহিক নীলাচল'।

 ৫৭' চনত জালুকবাৰীত যদি কংগ্ৰেছ অধিবেশন অনুষ্ঠিত নহ'লহেতেন হোমেন গোহাঞিয়ে হয়তো নিজ  অসন্তোষ্টি  লিখিত ভাবে প্ৰকাশ নকৰিলে হেতেন। 

( বিঃদ্ৰঃ উক্ত লেখাটি Whatsapp Group এটিৰ পৰা সংগ্ৰহ কৰি  সম্পাদনা কৰা হ'ল।)

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়