সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৪)

 ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৪)

Sahitya Sofura সাহিত্য সঁফুৰা
baan theatre


তেজপুৰৰ অস্থায়ী মঞ্চত নাট-নিবেদন প্ৰচেষ্টা:


        তেজপুৰ আদালতৰ চিৰস্তাদাৰ ৺লক্ষ্মীকান্ত দাসদেৱৰ ঘৰত সেই সময়ত বছৰি দূৰ্গাপূজা অনুষ্ঠিত হৈছিল। 

কলিকতাত নাটক চোৱা প্ৰাক্তন ছাত্ৰসকল আৰু পিছলৈ অসম চৰকাৰৰ দায়িত্বশীল চাকৰিয়াল,পূজাৰ বন্ধত ঘৰলৈ ঘূৰি অহা ছাত্ৰসকল আৰু স্থানীয় উদ্যোগীলোকৰ সন্মিলিত প্ৰচেষ্টাত ৺দাসদেৱৰ ঘৰৰ দূৰ্গাপূজাতে অস্থায়ী মঞ্চ সাজি নাটক কৰাৰ প্ৰয়াস চলে। 

প্ৰতিবছৰে পূজাৰ বতৰত পৰীক্ষামূলকভাবে তেনেধৰনণে সাজি লোৱা অস্থায়ীমঞ্চতে নাট উপস্থাপনৰ দিহা কৰা হয়। এই অস্থায়ী মঞ্চতে তেওঁলোকে ১৮৯৬ চনত ৺পূৰ্ণকান্ত শৰ্মাৰ ‘হৰিচন্দ্ৰ’ আৰু ৺দূৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ জনপ্ৰিয় ‘মহৰী’ নাটকৰ অভিনয় কৰে । ইয়াৰ পিছত ৺ভৱানীচৰণ ভট্ৰচাৰ্য্যদেৱৰ ঘৰৰ দূৰ্গাপূজাতো অস্থায়ী মঞ্চ সাজি ‘সীতাৰ বনবাস’ নাট মঞ্চস্থ কৰাৰ উদাহৰণ পোৱা যায় ।



তেজপুৰ অবৈতনিক নাট্য-সমাজ(তেজপুৰ এমেচাৰ পাৰ্টি):


        ১৮৯৫ চনত তেজপুৰৰ বঙালী আৰু অসমীয়া উভয় সম্প্ৰদায়ৰ নাট্যপ্ৰেমী লোকসকল একগোট হৈ ‘তেজপুৰ অবৈতনিক নাট্যসমাজ’ নামেৰে এটা সংগঠন গঢ়ি তুলিছিল আৰু উভয় পক্ষৰ সহযোগত বৰ্ত্তমানৰ ‘বেংগলী ষ্টেজ’ থকা ঠাইতে বছৰদিয়েকৰ ভিতৰতে এটা মঞ্চ সাজি ৰ্সেই মঞ্চতে নাট নিবেদন কৰাৰ ব্যৱস্থা কৰি লৈছিল । 

প্ৰতিবছৰে হোৱা দূৰ্গাপূজাত উভয় পক্ষৰ লোকসকলে ইয়াত সহযোগ কৰিছিল আৰু পূজাৰ কেইদিনত এনিশা অসমীয়া সকলে আৰু দুনিশা বঙালীসকলে সেই মঞ্চতে নাট নিবেদন কৰিছিল ।

      এই মঞ্চতে অসমীয়াসকলে ‘সীতাৰ বনবাস’, ‘ভ্ৰমৰংগ’, ‘মহৰী’ আৰু ‘ৰজা হৰিচন্দ্ৰ’ আদি নাটকৰ অভিনয় কৰিছিল । 

অসমীয়া অভিনেতা সকলৰ ভিতৰত ৺ৰাধিকা কান্ত দাস, ৺সোনাৰাম পটংগীয়া, ৺ভৱানীচৰণ ভট্ৰচাৰ্য্য, ৺যোগেশ্বৰ ভূঞা, ৺চম্পকধৰ বৰুৱা, ৺দেৱেশ্বৰ চলিহা(যোৰহাট), ৺ভূৰাম ভূঞা, ৺ৰামেশ্বৰ বৰুৱা(যোৰহাট), ৺পদ্মনাথ গোহাঁঞিবৰুৱা, ৺তাৰিণীচৰণ ভট্ৰচাৰ্য্য, ৺বোধনাথ পটংগীয়া(ছাত্ৰ) আদি আৰু বঙালীসকলৰ ভিতৰত ৺নাৰায়ন বেনাৰ্জী, ৺অমূল্য মুখাৰ্জী, ৺সনৎ কুমাৰ ঘোষ, ৺শ্যামাচৰণ মৈত্ৰ, ৺মনমোহন লাহিড়ী, ৺অনুকুল মুখাৰ্জী, ৺শৈলেন গোস্বামী আদি উল্লেখযোগ্য অভিনেতা আছিল । 

কিন্তু দুৰ্ভাগ্যবশতঃ ১৯০৩ চনৰ(১৮২৫শক) কোনোবা এটা নিশা বঙালীসকলে কৰা নাট নিবেদনতে দুয়োপক্ষৰ মাজত মনান্তৰ আৰম্ভ হ’ল । নাট চাবলৈ নিমন্ত্ৰণ কৰি নিয়া তেজপুৰৰ কেইবাজনো বিশিষ্ট অসমীয়া লোক কিছু পলমকৈ প্ৰেক্ষাগৃহত উপস্থিত হৈ বহিবলৈ উপযুক্ত স্থান নাপাই ঘূৰি আহিবলগা হ’ল । চৰম অপমানত ম্ৰিয়মান হৈ তেওঁলোক বাহিৰে বাহিৰে  সেই সময়ত তেজপুৰত কাৰ্য্যৰত চিনিয়ৰ ই,এ,চি ৺কৃষ্ণ চন্দ্ৰ চৌধুৰীৰ ঘৰত মিলিত হৈ এই অপমানৰ বিকল্প গ্ৰহণ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হ’ল । 

অলোচনাৰ অন্তত তেওঁলোকে অসমীয়া সকলৰ বাবে সুকীয়াকৈ এটা নাট মন্দিৰ সজাৰ সংকল্প গ্ৰহণ কৰি সেই বৈঠকতে এই কামৰ প্ৰাথমিক পূঁজি হিচাপে উপস্থিত সদস্যসকলৰ মৌখিক প্ৰতিশ্ৰুতিত মুঠ ৭০৯ টকা সংগ্ৰহ কৰিলে ।

      বাণ থিয়েটাৰ নিৰ্ম্মাণৰ প্ৰথম বলিষ্ঠ পদক্ষেপ লোৱা সেইসকল চিৰনমস্য ব্যক্তি আছিল যথাক্ৰমে চিনিয়ৰ ই,এ,চি ৺কৃষ্ণ চন্দ্ৰ চৌধুৰী, তহচিলদাৰ ৺ৰবিচন্দ্ৰ শৰ্মা বৰুৱা, চাব-ডেপুটী কলেক্টৰ ৺ভোলানাথ দাস, জেইলাৰ ৺নীলকান্ত বৰুৱা, ৰায়বাহাদুৰ ৺ভৱানীচৰণ ভট্ৰচাৰ্য্য, ৰায়বাহাদুৰ ৺বেথাৰাম শৰ্মা, মৌজাদাৰ ৺ৰামৰতন চৌধুৰী, ৺মহীধৰ ভূঞা আৰু ৺পদ্মনাথ গোহাঞি বৰুৱাদেৱ । পৰ্য্যায়ক্ৰমে আন কেইবাজনো ব্যক্তি বাণ থিয়েটাৰৰ নিৰ্ম্মাণ-কাৰ্য্যত ওতঃ প্ৰোতভাবে জড়িত হৈ পৰিছিল । তাৰ ভিতৰত তেজপুৰলৈ ই,এ,চি হৈ অহা দাৰ্শনিক পণ্ডিত ড: ৺ৰাধানাথ ফুকন, মংগলদৈৰ ই,এ,চি ৺বেণুধৰ ৰাজখোৱা, সংগীত ওজা ৺লক্ষীৰাম বৰুৱা, ৺হৰিবিলাস আগৰৱালা, ৺মানিক চন্দ্ৰ বৰুৱা আৰু এচ,ডি,চি সুপণ্ডিত ৺হেমচন্দ্ৰ গোস্বামী দেৱৰ নাম বিশেষভাবে উল্লেখযোগ্য ।

       ইয়াৰ উপৰিও তেজপুৰ অ:ভা:উ:সা: সভাৰ প্ৰত্যেকজন সদস্য এই বাণ থিয়েটাৰ নিৰ্ম্মাণ কাৰ্য্যত আবেগিক ভাবে জড়িত হৈ পৰিছিল । এই সকল লোকৰ অৱদানৰ কথা বাণ থিয়েটাৰে চিৰদিন শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্মৰণ কৰিব । নাটমন্দিৰ নিৰ্ম্মাণৰ সংকল্প লোৱা সেই বৈঠকতে ৺পদ্মনাথ গোহাঁঞি বৰুৱা দেৱকেই আটাইতকৈ উপযুক্ত লোক বুলি বিবেচনা কৰি এই নাট মন্দিৰ নিৰ্ম্মাণত অগ্ৰণী ভূমিকা ল’বলৈ দায়ীত্ব অৰ্পণ কৰে । লগে লগে কালবিলম্ব নকৰাকৈ আৰম্ভ কৰা হ’ল নাটমন্দিৰ নিৰ্ম্মাণৰ প্ৰস্তুতিৰ।   (ক্ৰমশঃ)


The hundred-year history of Baan Theatre,Tezpur,

Editor Sri Bankim Sarmah & Sri Hemanta Kr. Baruah.



Sahitya Sofura সাহিত্য সঁফুৰা
ফাইলঃ বাণৰ পতাকা উত্তোলন


Sahitya Sofura সাহিত্য সঁফুৰা
ফাইল ফ'টোঃ বাণ থিয়েটাৰ সদস্য
Sahitya Sofura সাহিত্য সঁফুৰা


Sahitya Sofura সাহিত্য সঁফুৰা

Sahitya Sofura সাহিত্য সঁফুৰা





Sahitya Sofura সাহিত্য সঁফুৰা





Sahitya Sofura সাহিত্য সঁফুৰা










Sahitya Sofura সাহিত্য সঁফুৰা



Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়