সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

সমাজৰ বিশ্বাস, অন্ধবিশ্বাস, কুসংস্কাৰ ইত্যাদি:

 সমাজৰ বিশ্বাস, অন্ধবিশ্বাস, কুসংস্কাৰ ইত্যাদি 


           সমাজ হৈছে চিৰ পৰিবৰ্তনমুখী জটিল ব্যৱস্থা।সমাজ এখন সামাজিক সম্বন্ধৰ জালৰ গাঁঠনি স্বৰূপ। মেক্ আইভাৰ আৰু পেজৰ (Maciver and Page)মতে সমাজ এটা সংগঠন, যাৰ দ্বাৰা সামাজিক প্ৰাণীসমূহে  নিজৰ স্বভাৱ ব্যক্ত কৰে। সমাজ এখন পৰিচালিত হয় নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে।



            আদিম  যুগতো মানুহে  খাদ্য সংগ্ৰহৰ বাবে বনৰীয়া জীৱ জন্তুৰ পৰা নিৰাপদে থাকিবলৈ, চিকাৰৰ সুবিধাৰ বাবে দলবান্ধি এঠাইৰ পৰা আন এঠাইলৈ ঘুৰি ফুৰিছিল। এজন ব্যক্তি নতুবা কোনো প্ৰাণীয়ে কেতিয়াও অকলশৰীয়াকৈ থাকিব নোৱাৰে। সেয়ে ক'ব পাৰি মানুহ হৈছে সামাজিক প্ৰাণী। সমাজ হৈছে মানুহৰ এটি গোট। যি গোটে নীতি-নিয়ম বজাই ৰাখি শৃংখলাবদ্ধ ভাৱে সমাজখন পৰিচালনা কৰাত সহায় কৰে। ৰীতি-নীতিয়ে সামাজিক সম্বন্ধ গঠন কৰে।

আদিম যুগত মানুহে হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে নানা প্ৰাকৃতিক দুৰ্যোগ, যেনে বতাহ, বৰষুণ, বিজুলী, ঢেৰেকণি, ভূমিকম্প আদি বাবে ভয় খাইছিল। এইবোৰ কোনো শক্তিৰ প্ৰকোপ বুলি ভাবি হয়তো পৰিত্ৰাণ পাবলৈ পূজা - অৰ্চনা কৰিবলৈ লৈছিল। কালক্ৰমত ইয়াৰ পৰাই ধৰ্মৰ উৎপত্তি হ'ল। . নৈতিক নীতি - নিয়ম মানি চলা, নিজৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰি যোৱাটোৱেই সমাজত ধৰ্মৰ প্ৰচলনৰ কাৰণ। 

কিন্তু এচামৰ মতে প্ৰাকৃতিক বস্তু, ভুত,-প্ৰেত, প্ৰেতাত্মা আদি পূজা কৰিবলৈ লোৱাতে ধৰ্মৰ প্ৰৱৰ্তক হ'ল  বুলি মতপোষণ কৰে। জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্ৰাত ধৰ্মীয় প্ৰভাৱো   সমাজ ব্যৱস্থাৰ অন্যতম বৈশিষ্ট। অতি প্ৰাচীন কালৰে পৰা সমাজৰ সামাজিক, আৰ্থিক, সাংগঠিনক দিশত ধৰ্মৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সহজ-সৰল, নিৰক্ষৰ আৰু গ্ৰাম্যবাসীৰ মাজত ধৰ্মৰ প্ৰভাৱ বিস্তাৰিত হোৱাটো তেনেই স্বাভাৱিক।

             সমাজত ধৰ্মসমূহ মানিবলৈ যাওঁতে কিছুমান বিশ্বাস, অন্ধবিশ্বাস আৰু কুসংস্কাৰ জড়িত হৈ পৰিছে। অন্ধবিশ্বাস এটি সাধাৰণ শব্দ যদিও ইয়াকে বিষয়বস্তু কৰি বিভিন্ন আলোচনা - বিলোচনা, বাক-বিতণ্ডাৰ অন্ত নাই। অতীতৰে  পৰা আজি একৈশ শতিকাৰ বিজ্ঞানৰ অগ্ৰগতিৰ যুগতো কিন্তু কিছুমান বিশ্বাস, অন্ধবিশ্বাস সমূলি বাদ দিব পৰা নাই। অন্ধবিশ্বাস বিলাক যে কেৱল অশিক্ষিত বা পিছপৰা বুলি ভবাসকলৰ মাজতে সীমাবদ্ধ হৈ আছে তেনে নহয়। শিক্ষিত আৰু অতি আধুনিক বুলি ভবাসকলৰ মাজলৈকে ই ক্ৰমান্বয়ে শিপাই আছে।

              সাধাৰণে আমি মা-দেউতা, গুৰু জনা নতুবা মান্যজনৰ পৰা সততে নানাধৰণৰ হকা বাধা পাই আহিছোঁ। এই হকা-বাধা বোৰো যে অন্ধবিশ্বাস আমি গমেই নাপাওঁ। জন্মৰ পিছৰে পৰা মৃত্যুলৈকে মানৱ জীৱনত  জন-বিশ্বাস বোৰে ঠাই পাই আহিছে। একোটি সন্তান জন্মৰ পিছত সন্তানটোৰ ভাগ্য লিখিবলৈ বাটিত ভোজনি, কিতাপ - কলম সজাই, বন্তি এগছি জ্বলাই বিধতা মতা হয়। যদি পুত্ৰ সন্তান জন্ম হয় তেন্তে উৰুলি দিয়া হয়। কাৰণ পুত্ৰই বংশৰক্ষা  কৰিব বুলি বিশ্বাস। অন্যহাতে কন্যা সন্তান জন্ম হ'লে  ডলা-কুলা কোবোৱা হয় কাৰণ কন্যা সন্তান ডাঙৰ হ'লে আনৰ ঘৰলৈ বিয়া দি উলিয়াই দিব লাগিব বুলি বিশ্বাস কৰে। নৱজাতক শিশুটোৰ নাড়ী সৰিলে সাত বা ন' - দিনত বাহিৰলৈ উলিওৱা হয়। সেই দিনা পূবলৈ মুখকৰি কলৰ আগলিপাতত ধেনু কাঁড়, কিতাপ কলম, সোণ ৰূপ সজাই সেই বস্তু কেইপদ স্পৰ্শ কৰিবলৈ দিয়া হয়। সন্তানটোৱে যিটো বস্তু স্পৰ্শ কৰিব সেই বিষয়ৰ প্ৰতি ভৱিষ্যতে ৰাপ উপজিব বুলি বিশ্বাস। উক্ত দিনা সন্তানটোক পিৰাত নতুন বস্ত্ৰ পাৰি দি তাৰ ওপৰত শোৱাই কাণৰ কাষত পটাগুটি বজোৱা হয়। ইয়াৰ কাৰণ সন্তানটোৰ শ্ৰৱন আৰু বাকশক্তিৰ পৰীক্ষা লোৱা হয়। এই বিশ্বাস কিন্তু আজিৰ অতি আধুনিক যুগতো আছে আৰু ই এক পৰম্পৰাগত ৰূপলৈ পৰিবৰ্তিত হৈছে। অন্যহাতে এই পটাগুটি বজোৱা পদ্ধতিত বিজ্ঞানৰ প্ৰভাৱক নুই কৰিব নোৱাৰি।


              এইখিনিতে কেইবছৰৰ মানৰ আগতে "অসমীয়া প্ৰতিদিন" কাকতত প্ৰকাশিত শ্ৰী মতী মৰমী শৰ্মাৰ "চকুপানীবোৰ কোনোবাই মচি দিবনে" শীৰ্ষক লেখাটোৱে মোৰ মনত আজিও হাহাকাৰ কৰে। উক্ত লেখাত শ্ৰীমতী শৰ্মাই উল্লেখ কৰিছিল যে সমাজত সততে  প্ৰচলিত শব্দ "নাপায়"। শ্ৰীমতী শৰ্মাৰ স্বামীৰ মৃত্যু হোৱা  তিনি মাহৰ পাছতো তেখেতক মাছ - মাংস খাবলৈ দিয়া নাছিল আনকি মাছ-মাংস স্পৰ্শ কৰিলে গা ধুব লাগে। সৰু সন্তানক মাছৰ কাঁইট বাচি দিলেও পুনৰ গা ধুব লাগে। মৃতজনক জ্বলাই  শেষ কৰি দিয়া হ'ল। সন্তানৰ বাবে যিগৰাকী জীয়াই আছে তেওঁ খাই- বৈ সূস্থ হৈ  থাকিলেহে সন্তানৰ ভৱিষ্যত গঢ়িব পাৰিব। কাৰোবাৰ ইচ্ছাক দমন কৰি ৰখাতো কেনে লোকাচাৰ। এই কথাই আজিও মোৰ মনত ৰেখাপাত কৰি আছে । অৱশ্যে অসমীয়া  আহোমকে  ধৰি প্ৰায়বোৰ  অসমীয়া সমাজত এনে নিয়ম নাই।


               ছোৱালী প্ৰথম ঋতুমতী হ'লে সূৰ্য আৰু চন্দ্ৰ, আনকি পুৰুষৰ মুখ নেদেখাকৈ কোঠাত পাঁচদিনৰ পৰা ন-দিনলৈ ৰখা হয়। এনে কৰিলে সৰু অৱস্থাৰ পৰাই পুৰুষৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাৰ ৰাখিব বুলি বিশ্বাস কৰে। অতীততে নাৰীৰ জীৱনৰ স্বাভাৱিক পৰিবৰ্তনবোৰৰ সম্পৰ্কে সজাগ হ'বলৈ  তথা পূৰ্ণ অনুশাসনৰ মাজত ৰাখিবলৈ এই নিয়মবোৰ প্ৰৱৰ্তন হৈছিল। এগৰাকী ছোৱালী "চুৱা" বা বিধুতি অৱস্থাত কেঁচুৱা চুব নাপায়, পুৰুষক স্পৰ্শ বা  খোৱা বস্তু স্পৰ্শ কৰিব নাপায়।যদি স্পৰ্শ কৰা হয় তেন্তে পুৰুষৰ আয়ুস কমে বুলি বিশ্বাস কৰা হয়। বিধুতি  হৈ থকা কেইদিন মহিলাসকলে সেন্দূৰ  ব্যৱহাৰ কৰিব নাপায় বুলি বিশ্বাস কৰা হয়। কিয় নাপায় তাৰ কিন্তু যথাৰ্থ সমিধান নাই। কথা হ'ল সধবাসকলে সেই তিনি দিন পতিৰ বৰ্তমানত বিধবাৰ দৰে থকাৰ কিবা যুক্তি আছে জানো? আইতাহঁতে কোৱা শুলিছোঁ পানী আৰু সেন্দূৰত চুৱা নাই বুলি। এই দুইবিধ সদায় পবিত্ৰ।

            পৰীক্ষাত পৰীক্ষাৰ্থী সকলে গোলাকাৰ বস্তু, যেনে - - আলু, কণী, বিলাহী, ৰঙালাও খাই পৰীক্ষাত বহিলে শূন্য পায় বুলি বিশ্বাস। যাত্ৰাৰ সময়ত ভৰা কলহ বা আন যিকোনো ভৰা পাত্ৰ চাই গ'লে যাত্ৰা শুভ আৰু কৰ্ম সিদ্ধি হয় বুলি বিশ্বাস কৰা হয়। অন্যহাতে যাত্ৰাৰ সময়ত পিছফালৰ পৰা মাত লগালে যাত্ৰা নষ্ট হয় বুলিও অন্ধবিশ্বাস আছে।

          বিয়াৰ দিনা কাহিলি পুৱাতে কইনাগৰাকীক দৈয়ন দি প্ৰথমে এজোপা ফলধাৰী গছ চাবলৈ দিয়া হয়। এনে কৰিলে কইনাগৰাকী সন্তানৱতী হ'ব বুলি বিশ্বাস।

              অন্যহাতে সমাজৰ জনসাধাৰণৰ মঙ্গল কামনা কৰি ম'হ-ছাগলী, হাঁহ - কুকুৰা, পাৰ বলি দিয়া হয়। এনে কৰি আমি জীৱকুলৰ প্ৰতি ঘোৰ অন্যায় কৰা নাই নে? এক শ্ৰেণীৰ মঙ্গলৰ বাবে আন এক শ্ৰেণীক ধ্বংস কৰিছোঁ। ই কেনে বিশ্বাস?

              লোক জীৱনত প্ৰচলিত কিছুমান আদৰ্শগত বিশ্বাস প্ৰতীকাত্মক ৰূপেই হ' ল - - জনবিশ্বাস। উদাহৰণস্বৰূপে ক'ব পাৰি সৰু ল'ৰা-ছোৱালীয়ে নখ কামোৰাৰ কথা। নখ কামোৰি থাকিলে নখ কামুৰিব নাপায় বুলি কওঁ। আজিও মাতৃসকলে নিজৰ সন্তানক নখ কামুৰিব নাপায় বুলি বাৰণ কৰে। কাৰণ দাঁতেৰে নখ কামোৰোতে নখত লাগি থকা মলিবোৰ পেটলৈ গ'লে বেমাৰ হ'ব পাৰে। কিছুমান লোকে ভাত খাওঁতে হাতৰ তলুৱা চেলেকি খায়। আইতাই কৈছিল তলুৱা চেলেকি খালে দৰিদ্ৰ হয়। তলুৱা চেলেকি খোৱাৰ লগত অন্ধবিশ্বাস জড়িত হৈ আছে যদিও কিন্তু আদৰ্শগত নীতিও সন্নিৱিষ্ট হৈ আছে। হাতৰ তলুৱা চেলেকি খোৱাতো লেতেৰা স্বভাৱ আৰু দেখাতো দৃষ্টিকটু। এনেধৰণৰ বিশ্বাস বিলাক অন্ধবিশ্বাস বুলি উলাই কৰিব নোৱাৰি। এনে কিছুমান বিশ্বাসৰ লগত বিজ্ঞানসন্মত যুক্তিও জড়িত হৈ আছে।

              হাতৰ পৰা গিলাচ, বাটি পৰিলে আলহী আহিব বুলি বিশ্বাস। বাওঁ চকু লৰিলে প্ৰিয়জন আহিব বুলি বিশ্বাস কৰা হয়। বাওঁহাতৰ তলুৱা খজুৱালে হাতৰ পৰা  ধন ওলাই যোৱা, সোঁহাতৰ তলুৱা খজুৱালে হাতলৈ ধন অহা বুলি বিশ্বাস কৰা হয়।অন্যহাতে সপোনত আগদাঁত সৰা, নতুন ঘৰ বন্ধা দেখিলে আপোন বা আত্মীয় লোকৰ মৃত্যু হয় বুলি বিশ্বাস কৰা হয়।

            মুখলগা বিশ্বাসটো কেৱল অসমতে প্ৰচলিত এনে নহয়. পৃথিৱীৰ প্ৰায় সকলো ঠাইতে এই বিশ্বাস আছে।মুখ নালাগিবৰ বাবে কেঁচুৱাক ক'লা কাজলৰ ফোঁট দিয়া, হাতত, কঁকালত ক' লা সূতাত কড়ি, জালৰ গুৰা বান্ধি পিন্ধোৱা হয়। মুখলগা ভাঙিবলৈ মন্ত্ৰ মাতি পানী জৰা, জুইত শুকান জলকীয়া, বগা সৰিয়হ ফুটোৱা প্ৰথা বৰ্তমানেও প্ৰতিখন সমাজত প্ৰচলিত হৈ আছে।


                সমাজৰ প্ৰতি ঘৰতে   কিছুমান সৰু সুৰা  বিশ্বাস  পালন কৰা  হয়। আমাৰ দৈনন্দিন কাম-কাজ, জীৱ-জন্তু, চৰাই আদিৰ সৈতে কিছুমান বিশ্বাস জড়িত হৈ আছে। আহাৰ থিয় হৈ খালে কুকুৰৰ পেটলৈ যোৱা, মেকুৰীয়ে ভৰিৰ তলে সৰকিলে আয়ুস টুটা, কাউৰীয়ে বাৰীৰ চুকত ৰমলিয়ালে আত্মীয়ৰ মৃত্যু বাতৰি অনা বুলি বিশ্বাস কৰে।হাতে হাতে জলকীয়া, নিমখ দিলে কাজিয়া লগা, ছোৱালীয়ে পাণৰ আগ খালে দূৰলৈ বিয়া হোৱা, খিৰিকীৰে বস্তু সৰকাই দিলে ঘৰৰ লক্ষ্মী ওলাই যায় বুলি বিশ্বাস কৰা হয়।


  বৰ্তমান সমাজত অতি ভয়াবহ অন্ধবিশ্বাস আৰু কু-সংস্কাৰ হ'ল ডাইনী হত্যা। 


এই অন্ধবিশ্বাসত ঠায়ে ঠায়ে অনেক দূৰ্ভগীয়া পুৰুষ - মহিলাক  নিষ্ঠুৰ ভাৱে হত্যা কৰা হয়। প্ৰথমে মহিলাসকলকহে ডাইনী বুলি হত্যা কৰা হৈছিল। কিন্তু কালক্ৰমত পুৰুষ - যুৱক-যুৱতী আনকি কম বয়সীয়া ল'ৰা-ছোৱালীও এনে ৰোষৰ বলি হৈছে। এই ডাইনী প্ৰথা খৃষ্টীয় পোন্ধৰ শতিকাৰ পৰাই বৰ্তমানলৈ প্ৰচলিত হৈ আছে।

             


অসমৰ জনজাতি সমাজ যেনে - - - ৰাভা, মেছ-কছাৰী, চাহ জনগোষ্ঠীৰ মাজত ডাইনী হত্যাৰ মানসিকতা বাঢি় আহিছে। ডাইনী বুলি সমাজত ওলোৱা গুজৱ বা ব্যক্তিগত আখেজৰ বাবে মহিলা বা পুৰুষসকলক চৰম শাস্তি প্ৰদান কৰা হয়। যিবোৰ শুনিলে গাৰ নোম শিয়ৰি উঠে।

        

   নিৰক্ষৰ লোকৰ সমাজত অন্ধ বিশ্বাস আৰু কু-সংস্কাৰাচ্ছন্ন হোৱাতো তেনেই স্বাভাৱিক। গ্ৰাম্যলোকৰ সংখ্যা গৰিষ্ঠ ইয়াৰ ব্যতিক্ৰম নহয়। ধৰ্মৰ বিশ্বাসৰ প্ৰাধান্য লাভ কৰা অঞ্চলত আৰু জনগোষ্ঠীভেদে ভাৰতীয় তথা অসমৰ সমাজত আজিও পৰম্পৰাক পৰিহাৰ কৰি নতুন আদৰ্শ, মূল্যবোধ গ্ৰহণ কৰিব পৰা নাই। সাজ-পাৰ, ৰীতি - নীতি, খাদ্যাভ্যাস, কৃষিকৰ্ম, সংস্কাৰ কাৰ্য্য, উৎসৱ - পাৰ্বণত অন্ধবিশ্বাস জড়িত হৈ আছে। নিজে  নজনাকৈ আমি কিমান যে অন্ধবিশ্বাস পালন কৰিছো সেয়া আমি গমেই নাপাওঁ।

            বৰ্তমান সমাজৰ দ্ৰুত পৰিবৰ্তন হ'ব ধৰিছে। হাতে হাতে ম'বাইল, ইন্টাৰনেটৰ অগ্ৰগতিৰ বাবে আজিৰ প্ৰজন্মই গুৰুজনাৰ, পিতৃ-মাতৃ বা সমাজৰ অন্য লোকৰ প্ৰতিটো কথাই অন্ধবিশ্বাস বুলি ভাবি মানিব নিবিচাৰে। কিন্তু সমাজৰ অন্তঃগাঁঠনিত এইবিলাকৰ মূল্য একেবাৰে নুই কৰিব নোৱাৰি। ভাল বিশ্বাসবিলাক মানিলৈ সমাজ জীৱনৰ সাধাৰণ শিষ্টাচাৰ বোৰ ৰক্ষা কৰিলে নৈতিক চৰিত্ৰ গঠনত সহায়ক হ'ব।

 

(বিঃ দ্ৰঃ এই লেখাটো আইতা এগৰাকীৰ পৰা কিছুমান কথা  জানিলৈ লিখা হৈছে --ঃ লেখিকা)

 

লেখিকাঃ উৰ্বশী বৰগোহাঁই

লেখিকাঃ উৰ্বশী বৰগোহাঁই।

   






সম্পাদনাঃ দিগন্ত কুমাৰ ভূঞা 

Sahitya Sofura( সাহিত্য সঁফুৰা)

digantas.blogspot.com 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়