সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৫)

Sahitya Sofura সাহিত্য সঁফুৰা
baan theatre,tezpur

 ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৫)


নাটমন্দিৰৰ জন্ম-বেদনা (অ:ভা:উ:সা: সভাৰ নামঘৰ)


            


ততাতৈয়াকৈ তেজপুৰ অঞ্চলৰ গণ্য-মান্য লোকসকলক মাতি ৺হৰিবিলাস আগৰৱালাদেৱৰ সভাপতিত্বত এখন ৰাজহুৱা সভা পাতি সমজুৱাক সভাৰ উদেশ্য জনোৱা হ’ল। সভাপতি আৰু গোহাঁই বৰুৱাদেৱৰ আৱেগিক আহ্বানৰ অন্তত প্ৰস্তাৱিত নাটমন্দিৰটো সজোৱাৰ সংকল্প গ্ৰহণ কৰা হ’ল। সভাপতি ৺আগৰৱালাদেৱৰ পৰামৰ্শমতে এই নাট মন্দিৰটো তেজপুৰ অ:ভা:উ:সা: সভাক অৰ্পণ কৰি তাৰ নাম থোৱা হ’ল ‘অ:ভা:উ:সা: সভাৰ নামঘৰ’। সংকল্প লোৱা হৈছিল অসমীয়ালোকৰ কাৰণে সুকীয়াকৈ ‘নাটমন্দিৰ’ সজাৰ কিন্তু সেইদিনাৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ’ল নামঘৰ সজাৰ। সম্ভৱতঃ সেইসময়ত সৰহভাগ অসমীয়ালোকৰে নাটমন্দিৰ বা তথাকথিত নাট্যমঞ্চ দেখাৰ প্ৰতক্ষ্য অভিজ্ঞতা বা এই বিষয়ত এটা সম্যক ধাৰণা নাছিল কাৰণেই সকলোৰে মনঃপূত হোৱাকৈ সেইসময়ত প্ৰচলিত নামঘৰ শব্দটোকে গ্ৰহণ কৰি প্ৰস্তাৱিত নাটমন্দিৰটো সজোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।

 ৺গোহাঁঞি বৰুৱাদেৱৰ তৎপৰতাত সেই সভাতে উপস্থিত সমজুৱাৰ পৰা প্ৰায় এহেজাৰ টকাৰ মৌখিক প্ৰতিশ্ৰুতি আদায় কৰি লোৱা হ’ল। এই নামঘৰ নিৰ্ম্মান কৰিবলৈ উপযুক্ত মাটিৰ প্ৰয়োজন হোৱাত তেজপুৰ চহৰৰ পূৱ-উপকণ্ঠ কলিবাৰী অঞ্চলত অৱস্থিত ‘অসম চেট্ৰেল প্ৰেছ’ৰ সমীপৰ এডোখৰ মাটি ১০০(এশ) টকা মূল্যত ৺ৰবিচন্দ্ৰ বৰুৱাদেৱৰ সহযোগত ৺বলীন্দ্ৰ কুমাৰ বৰুৱাৰ পৰা কিনি লোৱা হ’ল।

 এই কিনা মাটিৰ পৰিমান আছিল ১ বিঘা ৩ কঠা ৩ লেচা। এই মাটিৰ পূৱ সীমা সংলগ্ন ৺ভবানী ভট্ৰাচাৰ্য্যদেৱৰ সীমাৰ ঢাপ কাটি নামঘৰ নিৰ্ম্মণ কৰিব পৰাকৈ সমান্তৰাল ভাৱে কিছু মাটি উলিয়াই সীমা-সমস্যাৰ সমাধান কৰা হ’ল। ইয়াৰ পিছতে নামঘৰ নিৰ্ম্মাণৰ কাম আৰম্ভ হ’ল আৰু ৺ঘিনাওন মিস্ত্ৰী নামৰ বিহাৰী মুছলমান লোক এজনৰ সহযোগত প্ৰায় এমাহ সময়ৰ ভিতৰতে উত্তৰা-দক্ষিণাকৈ এশফুট দীঘল আৰু চল্লিশ ফুট বহল এটা বিশাল নামঘৰৰ মূল নিৰ্ম্মাণ-কাৰ্য্য সমাপ্ত হ’ল। এই নামঘৰ নিৰ্ম্মাণত মুঠ খৰচ পৰিল ৩,৫১৫ টকা ১৩ অনা ৬ পাই।

 নামঘৰ নিৰ্ম্মাণ হৈ উঠিল কিন্তু বাকী ৰ’ল অ:ভা:উ:সা: সভাৰ কাৰ্য্যসূচীৰ ১২ নং দফাত সংযোজিত সভাই সজোৱা নামঘৰত এটা ষ্টেইজ ৰখা অৰ্থাৎ নাট্যমঞ্চ সজাৰ পৰিকল্পনাটো। তৎকালিকভাবে  নাট্যমঞ্চটো নিৰ্ম্মাণ কৰি উলিয়াবলৈ যিসকলে সংকল্প গ্ৰহণ কৰিছিল সেইসকল লোকে অনতিপলমে নাট্যমঞ্চটো নিৰ্ম্মাণ কৰি উলিয়াবলৈ তেজপুৰ অ:ভা:উ:সা: সভাৰ ওপৰত নিয়মিতভাবে হেঁচা প্ৰয়োগ কৰিবলগীয়া হ’ল। মূল নামঘৰ নিৰ্ম্মাণতে সংগৃহীত পুঁজি প্ৰায় শেষ হৈ যোৱাত বহু প্ৰত্যাশিত নাট মঞ্চটোৰ কাম আৰম্ভ কৰিব পৰা নহ’ল। সেই কাৰণে  অবিলম্বে অ:ভা:উ:সা: সভাৰ এখন বিশেষ বৈঠক বহুৱাই মঞ্চ নিৰ্ম্মাণৰ বাবে ‘অসমীয়া সাহিত্য উন্নতিৰ পুঁজি’ নামদি পুঁজি সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ল। 

এই পুঁজি সংগ্ৰহ অভিযানত অ:ভা:উ:সা: সভাৰ প্ৰৱীন সদস্যসকলৰ লগতে ৺তাৰিণীচৰণ ভট্ৰাচাৰ্য্যৰ নেতৃত্বত ডেকাচামৰ এটা দলে তেজপুৰ চহৰৰ আশে-পাশে  থকা অঞ্চল বোৰৰ পৰা পুঁজি সংগ্ৰহৰ পূৰ্ণ উদ্যোগ লৈছিল। আনুমানিক ১৯০৩-০৪ চনতে এই নাট্যমঞ্চ নিৰ্ম্মাণৰ প্ৰচেষ্টা শীৰ্ষ বিন্দুলৈ উঠিছিল, খৰতকীয়াকৈ পুঁজি-সংগ্ৰহ্ৰ ব্যৱস্থা কৰা হৈছিল আৰু পৰ্য্যায়ক্ৰমে মঞ্চনিৰ্ম্মাণৰ কাম আগবঢ়াই নিয়া হৈছিল।

 যথেষ্ট ব্যয়বহুল এই কাম অকল ৰাইজৰ পৰা তোলা দান-বৰঙণিৰে সমাধা কৰিবলগীয়া হোৱাত নিৰ্ম্মাণৰ কাম লেহেমীয়া গতিত আগবঢ়াৰ ফলত মঞ্চ আৰু ইতিমধ্যে নিৰ্ম্মাণ হৈ উঠা নামঘৰটোৰ তিনিওদিশ পৰিবেষ্টিত কৰি প্ৰেক্ষাগৃহলৈ ৰূপান্তৰিত কৰাৰ কাম সম্পূৰ্ণ কৰাত বছৰৰ লেখ অতিক্ৰম কৰি গৈছিল।

Sahitya Sofura সাহিত্য সঁফুৰা
বৰ্তমানৰ বাণ থিয়েটাৰ

             সেই সময়ছোৱাত তেজপুৰ অবৈতনিক নাট্যসমাজৰ পৰা অসমীয়া লোকসকল ফালৰি কাটি ওলাই অহাত স্থানীয় বঙালী লোকসকলে নিজাববীয়াকৈ তেওঁলোকৰ মঞ্চটো সুসজ্জিত কৰি তোলাৰ পিচত পশ্চাৎভাগত ব্যৱহৃত পুৰণি দৃশ্যপট আদি কম মূল্যত বিক্ৰী কৰাৰ মনস্থ কৰিলে। জেইলাৰ ৺সোণাৰাম দাস আৰু ৺গোহাঁঞি বৰুৱাদেৱৰ যুটীয়া উদ্যোগত অ:ভা:উ:সা: সভাৰ পূঁজিৰ পৰা তিনিশ পঞ্চাশ টকাৰ অনুদানলৈ প্ৰস্তাৱিত মঞ্চটোৰ কাৰণে উক্ত সামগ্ৰীসমূহ কিনি লোৱাৰ ব্যৱস্থা কৰা হ’ল।  (ক্ৰমশঃ)


The hundred-year history of Baan Theatre,Tezpur,

Editor Sri Bankim Sarmah & Sri Hemanta Kr. Baruah.



Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়