সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ক'ৰোণা আৰু গুৰুজনাৰ নীতি

ক'ৰোণা আৰু গুৰুজনাৰ সত্ৰীয়া ধুতি নীতি
 ক'ৰোণা বিষানুয়ে  যি মহামাৰীৰ ৰূপ লৈছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ  পৰামৰ্শ এনেধৰণৰঃ-

১. সঘনাই চাবোনেৰে হাত ধোৱা
২. মুখ ঢাকি হাঁচি-কাঁহ মৰা
৩.  মাস্ক (Mask) ব্যৱহাৰ
৪. সামাজিক দূৰত্ব বজাইৰখা
৫. ঘৰৰ‌ বাহিৰলৈ পিন্ধি যোৱা কাপোৰ যোৰ খুলি লগে লগে চাবোনেৰে হাত মুখ ধুই চেনিটাৰাইজ কৰা
আৰু পৰিষ্কাৰ কৈ থকা ইত্যযাদি ইত্যাদি।

ওপৰত উল্লেেে কৰা নীতি-নিয়ম সমূহ পঞ্চদশ শতিকাতে শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰ সমূহত পালন কৰি অহা আমি দেখিবলৈ পাওঁ।

 মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰ দেৱে ধৰ্মীয় আচাৰ পালনৰ মাধ্যমদি ভালেমান উপায় অৱলম্বণ কৰি অসমৰ সামাজিক জীৱন সংস্কাৰৰ কৰি থৈ গৈছিল।

 সত্ৰ সমূহত থকা শিষ্য সকলে সৰু কালৰ পৰা সকলো নীতি নিয়ম পালন কৰিলেও ভগৱন্তৰ "শৰণ" লোৱাৰ পাছতহে ধূতি - নীতি সমূহ কটকটীয়াকৈ পালন কৰাতোহে বাধ্যতামূলক। এই "শৰণ" লোৱা ব্যৱস্থাতো যদিও ধৰ্মৰ লগত জড়িত আছে তথাপিও ইয়াৰ মাজেদি শতকৰা ৯৫% স্বাস্থ্য বিজ্ঞান সন্মত  আৰু ৫% মনোবিজ্ঞানৰ লগত জড়িত।

পুৱা শুই উঠি বিভিন্ন ঔষধিযুক্ত গছৰ ঠাৰিৰে বা এঙাঁৰেৰে দাত ঘঁহা হয় আৰু মলত্যাগ কৰি মাটি পানী লৈ ওপৰে তলে পিঠিয়া-পিঠিকৈ প্ৰথমে দ্বাদশবাৰ দ্বিতীয়তে এশবাৰ ঘঁহি ঘঁহি হাত ধুই উলূখেৰেৰে নখ পৰিষ্কাৰ কৰিব লাগে। সত্ৰৰ ভিতৰত ভকতসকলে আলাপ আলোচনাত বহোতে অধিকাৰ জনৰ পৰা কিছু দূৰত্ব ৰাখিহে বহে। এই সামাজিক দূৰত্ব কিমান স্বাস্থ্য সন্মত সেই কথা আমাক গুৰুজনাই পঞ্চদশ শতিকাতে শিকাই গৈছিল। এতিয়া এইবোৰ আমাক চৰকাৰেহে শিকাবলগীয়া হৈছে। সত্ৰ সমূহলৈ অহা বাহিৰৰ দৰ্শনাথী সকলে প্ৰথমে বাটচৰতে জোতা, চেণ্ডেল খুলি, হাত মুখ পানিৰে ধুই সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিছিল, গুৰু আসনৰ ওচৰত আঠু লওতে অধিকাৰ জনে নিৰ্মালি কিছু আতৰৰ পৰা দলিয়াই দিছিল। বুঢ়া ভকতৰ পৰা আৰম্ভ কৰি শিশু ভকত সকলেও কিবা বস্তু দিব লগীয়া হ'লে ওচৰতে থৈ দিব লাগে যাতে ইজনৰ হাতৰ লগত সিজনৰ হাত স্পৰ্শ নকৰে কিয়নো ব্যক্তিৰ পৰা ব্যক্তিলৈ ভাইৰাছ যাতে বিয়পিব নোৱাৰে এই কথা গুৰুজনাই আমাক শিকাই গৈছিল।‌ নামঘৰীয়াই নামঘৰত প্ৰৱেশ কৰোঁতে প্ৰথমে  মনিকূটৰ ওচৰৰ পৰা সম্পূৰ্ণ নামঘৰ পৰিষ্কাৰ কৰি ধূপ, ধূনা, চাকি-বন্তি জলাইছিল। সত্ৰৰ দেউৰী বিলনীয়াই মুখত গামোচা পিন্ধি প্ৰসাদ বিতৰণ কৰিছিল তদুপৰি নাম প্ৰসংগ কৰোতে ভকত সকলে ইজনৰ পৰা সিজনে দূৰত্ব ৰাখিহে বহিছিল কিয়নো বেমাৰৰ বীজাণু সহজে যাতে বিয়পিব নোৱাৰে। ভকত সকলে পুৱা গধূলি কৰা নাম প্ৰসংগৰ ফলত শ্বাসতন্ত্ৰৰ শক্তিবাঢ়ে আৰু হাত চাপৰিয়ে পেশীৰ সঞ্চালন কৰি সুৰ তাল, মান, জ্ঞানে, ব্যক্তি জনৰ মন প্ৰফুল্লিত কৰি ৰাখে। গুৰু জনাৰ মাটি আখৰাৰ লগত যোগ ব্যায়মৰ যি সম্বন্ধ আছে সেইয়া ৰামদেৱৰ আগতেই আমাক গুৰু জনাই শিকাই গৈছে।

কৰ'না ভাইৰাছ ৰুধিবৰ বাবে চৰকাৰে বাৰে বাৰে শিকাই আছে বাহিৰত পিন্ধি যোৱা কাপোৰ যোৰ মূখত পিন্ধা মাস্ক বাহিৰতে খুলি তাক যেন বাহিৰতে আতৰাই ৰাখে। সত্ৰৰ ভকত সকলেও কামে কাজে বাহিৰলৈ গ'লে বাহিৰত পিন্ধি যোৱা কাপোৰ যোৰ সলায় গা-ধূই পৰিষ্কাৰ কাপোৰ পিন্ধিহে সত্ৰৰ ভিতৰ সোমাইছিল। বাহী কাপোৰ পিন্ধা, স্নান নকৰাকৈ কোনো বস্তুয়েই তেওঁলোকে গ্ৰহণ নকৰিছিল।

বৰ্ত্তমান  চৰকাৰে যিবোৰ নীতি নিয়ম মানিবলৈ বাৰে বাৰে দুৰদৰ্শন, ৰেডিঅ'ত সকীয়াই আছে সেইবোৰ আমাৰ গুৰু জনাই ৫০০ বছৰৰ আগতে শিকোৱা স্বাস্থ্য বিধিহে শিকাই আছে। যাৰ বাবে আমি পুৰণি অভ্যাস হেৰুৱাই নতুনকৈ শিকিব লগীয়া হৈছে। মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতিক ধৰ্ম, সাহিত্য, পৰিৱেশ কলাৰ মাজেদি কিদৰে সমৃদ্ধ কৰি পৃথিৱীৰ ভিতৰতে জাকত জিলিকাই থৈ গৈছে তাক পুনৰ বাৰ দোহাৰাৰ প্ৰয়োজন নাই। গতিকে চালি জাৰি চালে আমি দেখা পাওঁ আজি কৰ'না মহামাৰীয়ে গুৰু জনাৰ সত্ৰীয়া ধূতি-নীতিক আৰু প্ৰাসংগিক কৰি তুলিছে।

- শ্ৰী অন্জু দত্ত বৰা
  তেজপুৰ

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়