সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱা

 দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱা

Sahitya Sofura সাহিত্য সঁফুৰা
সদাগৰ সাউদ ভোলানাথ বৰুৱা


অসমৰ ৰাইজে সৰ্বদা মনত ৰাখিব লগীয়া অন্যতম এগৰাকী যুগন্ধৰ ব্যক্তি হৈছে সাউদ ভোলানাথ বৰুৱা। 


পৌৰাণিক আখ্যানৰ কথা বাদ দি বাস্তৱ জীৱনত জীৱন জোৰা শ্ৰমৰ বিনিময়ত উপাৰ্জনতকৈ বেছি যদি কোনোবাই কিবা দান দিছে তেনে সেই তালিকাৰ ভিতৰত গণিব পৰা ব্যক্তি সকলৰ ভিতৰৰে অনন্য এগৰাকী ব্যক্তি হ'ল সাউদ ভোলানাথ বৰুৱা। 


অসমৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ আৰু বিকাশৰ বাবে জীৱনৰ সমস্ত অৰ্জন দান কৰি যোৱা ব্যক্তি গৰাকীক আপুনি মই বাৰু কিমান জানো ? 


এইগৰাকী ব্যক্তিৰ বিষয়ে জানিবলৈ পুথি পাজিৰো অভাৱ ! তথাপিও ইছমাইল হুছেইন ডাঙৰীয়াৰ সম্পাদনাত ২০১৯ বৰ্ষত যোৰহাটৰ ভোলানাথ বৰুৱা শাখা সাহিত্য সভাৰ পৰা প্ৰকাশ পায় এখনি তথ্য গধূৰ সংগৃহীত প্ৰবন্ধৰ পুথি 'শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা' । 

আমাৰ লেখাটিও পুথি খনৰ লগতে বিভিন্ন জন ব্যক্তিৰ সৈতে হোৱা আলোচনাৰ আলমত যুগুত কৰা হৈছে।


কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ বাবে প্ৰয়োজন হোৱা পুথি পাজিৰ ক্ষেত্ৰত হেম চন্দ্ৰ গোস্বামীয়ে যুগুতাই উলিওৱা সাতোটা খণ্ডৰ অসমীয়া ভাষাৰ চানেকি প্ৰকাশৰ বাবে তেওঁ যদি তেতিয়াৰ দিনত ১০ হাজাৰ টকা নিদিলে  হেতেন  তেন্তে হয়তো আমি ভাষা ৰক্ষাৰ ক্ষেত্ৰত আজি বহু দূৰ পিছুৱাই থাকিলো  হেতেন।


 তদুপৰি অসমীয়া ভাষা সাহিত্যৰ  প্ৰকাশ আৰু প্ৰচাৰৰ বাবে ঊনবিংশ শতিকাৰ শেষৰ ফালে পুথি-পাজি আদি প্ৰকাশৰ বাবে যি অৰ্থৰ প্ৰয়োজন সেই খিনি যদি সাউদ ভোলানাথ বৰুৱাই আগনবঢ়ালে হয় তেনে হেম চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰি উলিওৱা কথা ভাগৱত, কথা গীতা, অঙ্কীয়া নাট, অসমীয়া পুথিৰ বৰ্ণনামূলক তালিকা আদি কেতিয়াও প্ৰকাশ নহ'ল হয় ? এক মাত্ৰ সাউদ ভোলানাথ বৰুৱাৰ বদান্যতাৰ বাবেই এই যুঁজত অসমীয়াই নিজৰ মান ৰক্ষা কৰি ভাষা জননীক জীপাল কৰি তুলিবলৈ সক্ষম নহৈছিলনে ? 


১৯২০ চনতেই তেওঁ অসমৰ কাৰিকৰী প্ৰযুক্তি বিদ্যাৰ প্ৰয়োজনীয়তাৰ কথা ভাবি এক লাখ টকাৰ এটি ন্যাস খুলি ৰাইজলৈ আগ বঢ়াইছিল। তদুপৰি সেই সময়ত গঢ়ি উঠা চাহ বাগান বোৰত যাতে আমাৰ ল'ৰাই ফিটাৰ, কাৰ্পেনটাৰ,মেকানিক আদিৰ কাম পাব পাৰে তাৰ সুবিধাৰ বাবে ঊনবিংশ শতিকাৰ দ্বিতীয় দশকতে তেওঁ নগাঁৱৰ শিলঘাটত এখন টেকনিকেল স্কুল সজাই দিছিলে। 


সঁচা অৰ্থত তেওঁৰ কোনো উচ্চ শিক্ষা নাছিল । জানিব পৰা মতে প্ৰথম শ্ৰেণী লৈকে পঢ়িছিল যদিও তেওঁ অসমৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে প্ৰায় এশ কোটি টকাৰ হাওৰাত থকা স্থাৱৰ সম্পত্তি অসম চৰকাৰলৈ বুলি আগ বঢ়াই গৈছিল। 

কেবল সিমানেই নহয় তেওঁ য'লৈকে গৈছে তাতেই দান কৰিছে মুক্ত হস্তে।

 কাশী হিন্দু বিশ্ববিদ্যালয়ৰ বাবে তেওঁ দান কৰে এক লাখ বিশ হাজাৰ টকা, বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতাল পাতিবৰ বাবে তেওঁ ঊনবিংশ শতিকাত ৩৫ হাজাৰ টকা আগ বঢ়ায়।

কলিকতা বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবেও তেওঁ আগ বঢ়াইছিল তেতিয়াৰ দিনতে নগদ দহ হাজাৰ টকাৰ। বালিগঞ্জৰ বালিকা বিদ্যালয়ৰ বাবে তেওঁ দিয়া পাঁচ হাজাৰ টকাও তেতিয়াৰ দিনত সৰু কথা নাছিল। ঝাৰসোগড়াত কাঠৰ মহলৰ কাম কৰি থাকোতে তেওঁ ৰাইজৰ  সহায় হোৱাকৈ নিজৰ পকেটৰ পৰা দহ হাজাৰ টকা খৰচ কৰি ভোলানাথ বৰুৱা ডিছপেন্সেৰী নামৰ  এখনি ডিছপেন্সেৰী খুলি দিছিল।

ইয়াৰোপৰি সাহিত্যাচাৰ্য হেম চন্দ্ৰ গোস্বামীয়ে জুগুতাই উলিওৱা 'অসমীয়া সাহিত্যৰ চানেকি' প্ৰকাশৰ বাবেও তেওঁ কলিকতা বিশ্ববিদ্যালয়লৈ দহ হাজাৰ টকাৰ অনুদান আগ বঢ়াইছিল। এইবোৰ দানৰ উপৰিও সৰু সুৰাকৈ তেওঁ যে ক'ত কিমানক কি দান দিছিল তাৰ আদি অন্ত পাবলৈ নাই।

লক্ষ্মীনাথ বেজবৰুৱাকো তেওঁ শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু মাধৱ দেৱ নামৰ পুথি খন প্ৰকাশৰ বাবে আৰ্থিক সহযোগীতা আগ বঢ়াইছিল।


সাউদ ভোলানাথ বৰুৱা কিমান জাতীয় বোধ সম্পন্ন সচেতন ব্যক্তি আছিল মন কৰক । যুক্তি তথ্য সকলো থাকিলেও প্ৰমাণ কৰিবলৈ যে অৰ্থৰ প্ৰয়োজন আৰু আৰ্থিক সহযোগীতাৰ বাবে স্বদেশপ্ৰেমী ব্যক্তিৰ প্ৰয়োজন সেই কথা ভোলানাথ বৰুৱাই এক উজ্বল উদাহৰণ।


এবাৰ ১৯২২ চনৰ কথা। কলিকতাত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰাচ্য সন্মিলন (All India Oriental Conference) ৰ ২৯ জানুৱাৰীৰ দিনা বঙলা সাহিত্যৰ বিশিষ্ট গৱেষক পণ্ডিত দীনেশ চন্দ্ৰ সেনৰ সৈতে আমাৰ হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া ভাষা সম্পৰ্কত যথেষ্ট উষ্ণ আলোচনা হয়। ৩০ জানুৱাৰীৰ দিনাও দুয়োৰে যুক্তি তৰ্ক হয়। সেনৰ মতে অসমীয়া এটা ভাষাই নহয় বঙলা ভাষাৰ ৰূপান্তৰ মাথো। গোস্বামী ডাঙৰীয়াই নানান গ্ৰন্থ আৰু পুথি-পাজিৰ প্ৰসঙ্গৰে প্ৰমাণ কৰিছে যে অসমীয়া ভাষা  বঙলাতকৈয়ো পুৰণা আৰু স্বতন্ত্ৰ ভাষা। দুয়োৰে যুক্তি শুনাৰ পাছত কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ আশুতোষ মুখাৰ্জীয়ে দীনেশ চন্দ্ৰ সেনক কলে " অসমীয়া সাহিত্যৰ এইবিলাক যেতিয়া ওলাই পৰিব, তেতিয়া একেবাৰে তোমাৰ মুখ বন্ধ হ'ব।" হয়ো হয় এইবোৰ গ্ৰন্থ এদিন প্ৰকাশ হ'ল। কাৰণ আমাৰ আছিল মুক্ত হস্তে খৰছ কৰিবলৈ অসমী আইৰ সুযোগ্য সন্তান সাউদ ভোলানাথ বৰুৱা। সেই সময়ত যদি এই পুথি বিলাক প্ৰকাশ কৰিব পৰা নগল  হেতেন তেন্তে হয়তো অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিবলৈ বৰ আহুকাল হলে  হেতেন। কিন্তু হেমচন্দ্ৰ গোস্বামীৰ সহায় হ'ল সাউদ ভোলানাথ ।


ভোলানাথ বৰুৱা এজন খাতি ব্যৱসায়ি যদিওঁ সমানেই অসমৰ স্বাৰ্থত আছিল সুগভীৰ চিন্তক আৰু দূৰদৰ্শী।

এই বিষয়ত তেখেতক নিবিৰ ভাবে লগ পোৱা লক্ষীনাথ ফুকনে কি কৈছে,মন কৰক ---

"প্ৰিন্স অৱ ওৱেলচৰ ভাৰত আগমন উপলক্ষে তেওঁ অসম গৱৰ্ণমেন্টক এক লাখ টকা দান দিছে যোৰহাটত প্ৰিন্স অৱ ওৱেচৰ নামে এটি টেকনিকেল স্কুল স্থাপন কৰিবলৈ। চিমলাত থকা  'বৰুৱা আসাম হাউচ' নামৰ তেওঁৰ ঘৰটোৰ পৰা পোৱা আয়খিনি তেতিয়াৰ পৰা বাৰাণসীৰ হিন্দু বিশ্ববিদ্যালয়ে পাব বুলিও তেওঁ ক'লে । মই মাত লগালো, " আপুনি যে প্ৰিন্স অৱ ওৱেলচৰ নামে টেকনিকেল স্কুলটো দিলে , আপোনাৰ নামতে দেখোন দিব পাৰিলে হেতেন।" তেওঁ উত্তৰ কৰিলে, " পাৰিলোহেতেন, পিছে প্ৰিন্স অৱ ওৱেলচৰ নামে টেকনিকেল স্কুলটো দিছোঁ এই বাবেই যে স্কুলটো কেতিয়াও নমৰে। ইংৰাজ গৱৰ্ণমেন্টে প্ৰিন্স অল ওৱেলচৰ নাম থকা স্কুলটো মৰিবলৈ নিদিয়ে।" 


সঁচাকৈয়ে তেখেতৰ অৰ্থৰে আৰু দূৰদৰ্শী চিন্তাৰেই প্ৰিন্স অৱ ৱেলচ জীয়াই থাকিল।

 কেবল সিমাইনে ? জীৱনৰ সমস্ত কষ্ট তেওঁ আনক বিলাবলৈকে কৰি গ'ল যেন ভাব হ'ব যদিহে আপুনি তেখেতক বুজিবলৈ চেষ্টা কৰে। নিজলৈ অকনো একো নাৰাখি সমস্ত উপাৰ্জন লোকলৈ আগ বঢ়াই যোৱা ব্যক্তি আজি কেইজন ওলাব ? 


হওতে গুৱাহাটীত বি, বৰুৱা কলেজ নামে তেওঁৰ স্মৃতিত এখন মহাবিদ্যালয় আছে যদিওঁ এনে হেন মহান দান বীৰ সাউদ ভোলানাথ বৰুৱাৰ দৰে মহান ব্যক্তিৰ বিষয়ে যিমান আলোচনা হব লাগিছিল সিমান হোৱা নাই যেন ভাৱ হয়! অন্ততঃ প্ৰিঞ্চ অৱ ৱেলচ নামটো তেখেতৰ নামত নতুনকৈ নামাংকন কৰি তেখেতলৈ আমাৰ কৃজ্ঞতা প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব নোৱাৰোনে ?  

নতুবা তেনে ধৰণৰ অনুস্থানৰ নাম তেখেতৰ সোঁৱৰণত প্ৰতিস্থা কৰিব নোৱাৰোনে ?


 উল্লেখযোগ্য যে  ১৮৯০ চনতে প্ৰতিষ্ঠা হোৱা অসমৰ এটি প্ৰাচীন অনুস্থান তেজপুৰ অসমীয়া ভষা উন্নতি সাধিনী সভাই সাউদ ভোলানাথ বৰুৱাৰ ৩০ মে' তাৰিখৰ তিৰোভাৱ তিথিটো ২০১৮ বৰ্ষৰ পৰা বাণিজ্য দিৱস ৰূপে উদযাপন কৰি আহিছে আৰু অসমৰ ৰাইজ তথা চৰকাৰকো এই দিনটো বাণিজ্য দিৱস ৰূপে উদযাপন কৰি 'বাণিজ্যে বসতি লক্ষী' কথাষাৰৰ গুহাৰ্থক প্ৰচাৰ কৰিবলৈ অনুৰোধ কৰি আহিছে।


ভোলানাথ বৰুৱাই কিয় জানো বিয়া বাৰুৰ কথা নাভাবিলেই ! সেয়ে মৃত্যুৰ আগে আগে তেওঁৰ সমষ্ট সম্পত্তি ইচ্ছা পত্ৰ যোগে আমাকে বিলাই গ'ল। কেনেকৈ মন কৰক।

তেখেতৰ একান্ত বিশ্বাসী বন্ধু, সম্পৰ্কত ভাগিন মহীনাৰায়ণ বৰা, ভতিজা তৰুণ চন্দ্ৰ বৰুৱা আৰু ককায়েকৰ নাতি লৰা কেশৱাকান্ত বৰুৱাক তেওঁৰ সম্পত্তিৰ ভোগ দখল স্বত্ব দি যায়। এওঁলোকৰ অবিহনে সমস্ত সম্পত্তি বেচি তাৰ ধন অসম চৰকাৰৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে দিয়াৰ ব্যৱস্থা কৰি যায়।

এই উইল বা ইচ্ছাপত্ৰৰ দ্বাৰাই অনুভৱ কৰিব পাৰি যে তেওঁ কিমান মহান আৰু স্বদেশ প্ৰীয় ব্যক্তি আছিল। অথচ জীৱনটো তেওঁৰ সহজ পথৰে বন্ধোৱা পথ নাছিল। অনেক ঘাত প্ৰতিঘাত, দুৰ্ভাগ্য আৰু কষ্টৰে ভৰা আছিল তেওঁৰ জীৱন !

 

হওতে তেওঁ আছিল নাওশলীয়া বৰুৱাৰ ঘৰৰ সন্তান। তেওঁৰ আজো ককাক আছিল শৰাইঘাট ৰণত অংশ লোৱা লাচিত বৰফুকনৰ নৌকাৰ সহযোদ্ধা ময়ুৰধ্বজ খৰঙী বৰুৱা। তেওঁৰ কান্ধতে হাত থৈ লাচিত বৰফুকনে নাৱত উঠি যুদ্ধ যাত্ৰা কৰিছিলে।


নগাঁৱৰ পুৰণি গুদামত ইং ১৮৫৩ চনৰ ২৩ মে' তাৰিখে তেওঁৰ জন্ম হয়। পঢ়াৰ প্ৰতি থকা ধাউতিৰ বাবে তেওঁক ১২ বছৰ বয়সত প্ৰায় ১৫ কিলোমিটাৰ দূৰৈৰ নগাঁওৰ ইংৰাজী বিদ্যালয়ত নাম লিখাই দিয়ে। অশেষ নিকাৰ ভুঞ্জি পঢ়াশুনা কৰাটো শেষলৈ তেওঁৰ বাবে অসম্ভৱেই হৈ পৰিছিল। তাতে আকৌ তেওঁৰ সেই বাল্য কালতেই পিতৃ ঘনশ্যাম বৰুৱাৰ বিয়োগ হোৱাত মনৰ দুখত কাকো নোকোৱাকৈ মাতৃ ভোগদৈ বৰুৱা আৰু তিনি ভাতৃ (এজন জ্যেষ্ঠ দুজন কনিষ্ঠ)ক এৰি গুৱাহাটীৰ ভিনিহিয়েক দত্তনাৰায়ণ বৰাৰ ঘৰলৈ গুছি আহিল । তাতে লগ পালে তেওঁৰ মৰমৰ ভাগিন মহীনাৰায়ণক। দুয়োমিলি কৃষ্ণাৰ্জুন শক্তি হোৱাদি হৈ পৰিল।

 ভোলানাথ বৰুৱা আছিল দূৰদৰ্শী আৰু সময়ক সঠিক ব্যৱহাৰ কৰাত পাকৈত ব্যক্তি। তেওঁৰ তাতে পৰিচয় হ'ল হেমচন্দ্ৰ বৰুৱাৰ সৈতে। তেওঁ দেখিলে হেমচন্দ্ৰ বৰুৱা বিখ্যাত মানুহ। তেওঁৰ সৈতে অহা যোৱা কৰা মানুহবোৰো বেচ ওজন থকা।

 গতিকে এনে মানুহৰ তলে কাম কৰিলে ভৱিষ্যতে কিবা এটা ভাবিব পৰা যাব বুলিয়েই তেওঁ হেমচন্দ্ৰ বৰুৱাৰ ঘৰতে থাকিবলৈ ল'লে। তাতে থাকি প্ৰথম শ্ৰেণী লৈ পঢ়া-শুনাও কৰিলে। কিন্তু দীঘলীয়া সময় বেমাৰে আগুৰি ধৰাত তেওঁৰ আৰু পঢ়া নহ'ল। সেই দুৰ্য্যোগত তেওঁক ছাঁতোৰ দৰে থাকি সুশ্ৰুষা কৰিলে ভাগিন বন্ধু মহীনাৰায়ণে। 

ইফালে হেমচন্দ্ৰ বৰুৱাৰ ঘৰত থাকোতেই তেওঁ ভবা মতে এজন বেছ প্ৰতিপক্তি থকা ব্যাক্তি ফটিক চন্দ্ৰ বৰুৱাৰে তেওঁৰ সম্পৰ্ক  হ'ল। অৱশ্যে এওঁ আছিল আকৌ সম্পৰ্কত ভোলানাথ বৰুৱাৰ পেহাক হাবিৰাম বৰুৱাৰ ল'ৰা। এই ফটিক চন্দ্ৰ বৰুৱায়ে তেওঁৰ ভাতৃ মাণিক চন্দ্ৰ বৰুৱাক কৈ ভোলানাথ বৰুৱাক অসমৰ প্ৰথম পঞ্জীয়নভুক্ত ব্যৱসায়িক প্ৰতিষ্ঠান মেচাৰ্চ বৰৱা ফুকন ব্ৰাদাৰ্ছত মাহে ৩০ টকীয়া চাকৰিত সুমুৱাই দিয়ে। 

সেই সময়ত অন্নদাৰাম ফুকন আৰু মাণিক চন্দ্ৰ বৰুৱাৰ এই প্ৰতিষ্ঠান আছিল অসমীয়াৰ যশ স্বৰূপ। তেওঁ লোকে চাহ কাঠ প্লায়ুডকে ধৰি অনেক কাৰবাৰত হাত দিছিল। তাৰে কাঠৰ কাৰবাৰত ভোলানাথক মেনেজাৰ পাতিছিল। তেওঁ দায়িত্ব লৈয়ে কামৰূপৰ অগাধ জংঘল আৰু ডাঠ হাবিৰে ভৰা ৰাণী, কুকুৰ মৰা, বৰদূৱাৰ আদি অঞ্চলত কাঠৰ কূপ পাতিলে। লগতে মাতি আনিলে ভাগিন বন্ধু মহীনাৰায়ণকো। কোম্পানীক তেওঁ এই যাত্ৰাত বহুত লাভ দিয়ালে। 

কিন্তু গাৰো পাহাৰৰ দামৰা নামে ঠাইত কাঠৰ কাম কৰি সৰু দলং এখন দিব লগা হোৱাত বহু টকা লগাব লগা হ'ল যদিও সিও বাৰিষাৰ ঢলে উতুৱাই নিয়াত আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱে আগুৰি ধৰাত কোনো বনুৱাই হাবিত নোসোমোৱা হ'ল। ফলত কোম্পানীৰ বহুত লোকচান হবলৈ ধৰিলে। বিধিৰ কি বিপাক! তাতে আকৌ অন্নদাৰাম ফুকনৰো অকাল মৃত্যু হোৱাত তেওঁৰো মেনেজাৰি চাকৰি এৰিব লগা হ'ল। উপায় নাপায় তেওঁ ১৮৯০ চনত পেহীয়েকৰ পৰা পাঁচশ টকা লৈ কলিকতালৈ আহি কাঠ ব্যৱসায়ী এজনৰ লগত কাম কৰিলে। 

এইবাৰ আকৌ তেওঁক বেমাৰে পালে। উপায় নাপাই পুনৰ তেওঁৰ ভাগিন বন্ধু মহীনাৰায়ণক মাতি পঠিয়ালে। মহীনাৰায়ণে অফিচৰ কাম কৰে ভোলানাথে হাবিত কাম কৰে। এইদৰে দুপইচামান ঘটি ১৮৯৪ চনত উৰিষ্যাৰ সিংভূম জিলাৰ এখন ডাঠ জংঘল ডাকি লৈ নিজা ববীয়া কাৰবাৰ আৰম্ভ কৰিলে। এইবাৰ ভায়েক গোপীনাথ বৰুৱাকো নগাঁওৰ পৰা মাতি আনি সঙ্গী কৰি ললে। ত্ৰিশক্তিৰ প্ৰভাৱেৰে তেওঁ এবছৰতে এইবাৰ দহ হাজাৰ টকা ঘটি বনাই প্ৰদেশৰ ৰজাৰ পৰা বিশ বছৰলৈ জংঘল এখনেই লিজত লৈ ল'লে। 

ব্যৱসায় বহল হোৱাৰ লগে লগে বৃটিছ চহাব এজনে চলাই থকা বেঙ্গল টিম্বাৰ কোম্পানীৰে লগলাগি বেঙ্গল-নাগপুৰ ৰেলৱে কোম্পানীৰ পৰা ১৫ হাজাৰ শ্লিপাৰৰ ঠিকা লৈ তেওঁ টিম্বাৰ প্ৰিন্স অৱ বেঙ্গল ৰূপে পৰিচিত হব ধৰিলে। আচাননচলত অফিচ পাতি ব্যৱসায় চলাই এইবাৰ বছৰত ত্ৰিশ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ পৰা চক্ৰধৰপুৰ আৰু ১৮৯৮ চনত ঝাৰসোগড়াটো অফিছ ঘৰ পাতি ক্ষমতাশালী ব্যক্তিলৈ পৰিণত হৈ পৰিল। 

তেওঁৰ প্ৰতিপত্তি তেতিয়া ইমানেই প্ৰবল আছিল যে এবাৰ মধ্যভাৰতৰ গঙ্গাপুৰ নামে ৰাজ্য এখনৰ প্ৰজা বিদ্ৰোহ দমন কৰিবলৈ ৰজাই তেওঁৰ পৰা সহায় বিচাৰিছিল। তেওঁৱো সেই বিদ্ৰোহ কৌশলৰে শান্ত কৰাই বৃটিছ চৰকাৰৰো বিশ্বাস ভাজন ব্যক্তিলৈ পৰিণত হৈ পৰিছিল। তাৰেই সুযোগত তেওঁ আন বিভিন্ন ব্যৱসায়ত হাত দিবলৈ সুবিধা পালে। ফলত কাঠ, কয়লা চাহ, প্লাই, মৰাপাট, টিন, কেৰাচিন আদি অনেক বেপাৰত তেওঁৰ বিনিয়োগ বাঢ়ি গ'ল। 

উৰিষ্যাত তেওঁ মৰাপাট ব্যৱসায়ী বুলিয়েই পৰিচিত হৈ পৰিছিল।কটকত তেওঁৰ আঢ়ৈ একৰ জোৰা মাটিত আছিল মৰাপাটৰ গোলা। তাৰ পৰাই তেওঁ কলিকতাৰ জুট মিলবোৰলৈ মৰাপাট যোগান ধৰিছিল। মৰাপাট সংগ্ৰহ কৰিবলৈ তেওঁ কটকৰ পৰা ৩৯ মাইল দূৰৈৰ 'কেন্দুপাটনা' নামে ঠাইত চাৰি একৰ মাটি কিনি এজেন্ট নিয়োগ কৰিছিল। ফলত তেওঁ 'জুট মাৰ্চেন্ট' নামে খ্যাতি লভিছিল। কটকত তেওঁ থাকিবলৈ লোৱা কেন্টনমেন্ট ৰডৰ ওপৰত থকা বি, বৰুৱা হাউচ নামৰ ঘৰতো আজিও আছে বুলি ভুৱন চন্দ্ৰ বৰুৱাই ১৯৬৯ চনত প্ৰকাশিত ভোলানাথ বৰুৱা কলেজৰ ৰূপালী জয়ন্তী সংখ্যাৰ আলোচনীত লিখি থৈ গৈছে।

১৯০০ খৃষ্টাব্দত তেওঁ ৰেওৱাৰ মহাৰাজৰ পৰা এখন বৃহৎ জঙ্গল ৰেলৱে কোম্পানীৰ শ্লিপাৰ যোগানৰ বাবে অনুমোদন লয়। এইবাৰ তেওঁ হাওৰাত অফিছ ঘৰ পাতি ব্যৱসায় বৃদ্ধি কৰিবলৈ ল'লে। 

এইবাৰ ভোলানাথ বৰুৱাই তেওঁক আৰম্ভনিতে সহায় কৰা ফটিক চন্দ্ৰ বৰুৱাৰ গোটেই পৰিয়ালটোকে গুৱাহাটীৰ পৰা কলিকতালৈ আনি সংস্থাপিত কৰিলে। তেওঁ হেনো ফটিক চন্দ্ৰ বৰুৱাৰ সহায়ৰ বাবে তেওঁক কথা দিছিল যে যদিহে তেওঁ ভালকৈ সংস্থাপিত হ'ব পাৰে তেনে তেওঁৰ পৰিয়ালটোক তেওঁ চাব। সঁচাকৈয়ে তেওঁ কথা দি কথা ৰাখিলে। আনকি ফটিক চন্দ্ৰ বৰুৱাৰ দ্বিতীয় সন্তান বিশ্বনাথ বৰুৱাক নিজৰ পুত্ৰৰূপে তুলি লৈ তেওঁ চিৰ কুমাৰ হৈ থকাৰ সিদ্ধান্ত ললে। বিশ্বনাথৰ প্ৰকৃত নাম অৱশ্যে ভূৱন হে আছিল। তেওঁক পোষ্যপুত্ৰ ৰূপে গ্ৰহন কৰি বিশ্বনাথ নাম দিয়ে।

 তেওঁৰ ব্যৱসায়ত অৱশ্যে লক্ষ্মীনাথ বেজবৰুৱাও আৰম্ভনিৰে পৰা সহযোগী হৈ আছিল। প্ৰায় ১৮৯৩ চনৰ পৰাই বেজবৰুৱা তেওঁৰ সহযোগী ব্যৱসায়ী আছিল আৰু ১৯০৪ চনলৈকে দুয়ো একেলগেই বেপাৰ -বণিজ কৰিছিল। ১৯০৬ চনত উৰিষ্যাৰ ময়ুৰভঞ্জৰ ৰজাৰ পৰা এখন বিশাল জংঘলত কাঠৰ কূপ বহুৱায়। তেওঁ এইবাৰ ৰজাৰ সৈতে আন্তৰিকতা গঢ়ি আন এখন কাঠনি লৈ তাতে ৰেল লাইন পতাৰ ব্যৱস্থা কৰাৰ আঁচনি কৰিলে। ৰজাৰ অনুমতি লৈ  এই উদ্দেশ্য তেওঁ এইবাৰ লণ্ডন পালেগৈ। ১৯০৮ চনত তেওঁ বৃটিছ সম্ৰাজ্ঞীক লগ ধৰি বৰ মূল্যবান হীৰাৰ হাৰ উপহাৰ দি আহিল। পাছলৈ নানান ৰাজনৈতিক কাৰণত সেই উদ্দেশ্য সফল নহলেও তেওঁৰ খিতাপ আৰু ব্যৱসায় বৃদ্ধি হ'ল। 

১৮৯৯ চনত তেওঁ লোহা টিন আদিৰ বাকচ বনোৱা কাৰখানা খুলিও বেচ লাভবান হৈছিল। লণ্ডণৰ পৰা লোৰ বাকচ আনি কলিকতাৰ ৰাধা বজাৰত 'ষ্ট্ৰিট ট্ৰাঙ্ক শ্বপ' নামে প্ৰতিষ্ঠান খুলি  বিক্ৰী কৰিছিল। 'শালিমৰা' নামে ঠাইত আছিল তেওঁৰ  বৃহৎ এক আয়ৰণ ফেক্টৰী। ১৯২২ চনত হেমচন্দ্ৰ গোস্বামীয়ে ফেক্টৰীটো দেখি লিখিছে " মানুহজনৰ Business Capacity দেখি আনন্দ পালোঁ, কি ক'ম। বিদেশত আহি এজন কোনো সাৰথি নোহোৱা অসমীয়া মানুহে এনেকৈ কাৰবাৰ কৰা দেখিলে আমাৰ জাতিৰ ভৱিষ্যত সম্বন্ধে অনেক আশা হয়। তেওঁ বোধকৰো ৫০/৬০ লাখ টকাৰ সম্পত্তি কৰিছে।"


তেওঁৰ ব্যৱসায়ৰ তালিকা ইয়াতেই শেষ হোৱা নাই। কলিকতাত তেওঁৰ মিছলেনিয়াচ ষ্টোৰ নামৰ বিবিধ  সামগ্ৰী পোৱা ব্যৱসায়ীক  প্ৰতিষ্ঠানো আছিল। বেলেগে আকৌ বৈদ্যুতিক সামগ্ৰীৰো ব্যৱসায় আছিল। শিলগুটি যোগানৰ কাৰবাৰো কৰিছিল। মুঠতে ব্যৱসায় বুলিলে সমুখত যি পাইছিল একো এৰা নাছিল। তেওঁ আনকি কপাহৰ কাৰবাৰো কৰিছিল আৰু অসমৰ এৰি মূগা পাতৰ বস্ত্ৰ আদিৰো কাৰবাৰ কৰিছিল। (উৎস: জেচমিধ চেমী চুলতানাৰ ' দানবীৰ ভোলানাথ বৰঙৱাৰ বাণিজ্যিক সম্প্ৰসাৰণ) 

সেয়েহে তেওঁৰ ব্যৱসায়িক প্ৰতিপক্তিৰ সমুখত সেই সময়ৰ ভাৰত খ্যাত ব্যৱসায়ী ভগৱান দাস বগুলা, চিমনলাল গান্ধেৰীৱালা, মতিলাল ৰাধাকিষণ প্ৰভৃতি মাৰোৱাৰী ফাৰ্ম বোৰ তেওঁৰ ওচৰত হাত পাতিব লগা হৈছিল।


উল্লেখ্য যে তেওঁৰ এই ব্যৱসায়িক সাম্ৰাজ্যৰ মূল ব্যক্তি আছিল তেওঁৰ অভিন্ন ভাগিন বন্ধু মহীনাৰায়ম বৰা আৰু ভতিজাক তৰুণ বৰুৱা। শেষলৈ তেওঁৰ কাৰবাৰৰ কলেবৰ ইমান বাঢ়িল যে সি আৰু কোম্পানীৰ দ্বাৰা চলোৱা অসম্ভৱ হৈ পৰিল। সেয়েহে এটা লিমিটেড কোম্পানী খুলি কলিকতাৰ প্ৰখ্যাত মাৰ্টিন কোম্পানীক মেনেজিং এজেন্ট নিয়োগ কৰিছিলে। তেওঁ তাৰ আছিল ডাইৰেক্টৰ ।  তৰুণ বৰুৱা আছিল তাৰ মেনেজাৰ । 


অৱশেষত এই বিৰাট কৰ্মযজ্ঞৰ পৰা তেওঁ ১৯১৮ চনৰ পৰা অৱসৰ লয় বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ সেইটো বৰ্ষত তেওঁৰ মূৰত এটি বিষ অনুভৱ কৰাৰ পাছত শৰীৰৰ প্ৰতি গুৰুত্ব দিব লগা হয় আৰু ১৯২২ চনত একেবাৰে অৱস হৈ ১৯২৩ চনৰ ৩০ মে তাৰিখে ৭০ বছৰ বয়সত চিৰশান্তি লাভ কৰিলে। 

ইয়াৰ আগেয়ে ১৯১৪ চনত দিল্লীত হোৱা এটা মটৰ দুৰ্ঘটনাত তেওঁ বেয়াকৈ আঘাটপ্ৰাপ্ত হয় যদিও বেছি কাল তেওঁ বহি নাথাকিল। কামৰ বেলিকা তেওঁ নৰিয়া গাৰেও কামলৈ গৈছিল।


দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ কথা ইমানতে সামৰিব নোৱাৰি। তেওঁৰ আৰু যে কিমান কথা আছে ! ইমান বৃহৎ কাৰবাৰ, ইমান ডাঙৰ ব্যৱসায়ী তথাপি তেওঁ ভাষা, জাতি গাওঁ একো পাহৰা নাছিল। কলিকতাত থকা অসমীয়া ছাত্ৰ-যুৱক সকলক তেওঁ প্ৰায়ে সঙ্গ দিছিল। আনকি অসমৰ উদ্যমি যুৱকক লগ পালে পকেটৰ পইচা দি হলেও কলিকতাত থকাৰ ব্যৱস্থা কৰি দি কিবা কৰাৰ পৰামৰ্শ দিছিল। অসমত কি কৰিবা ইয়াতে থাকা বুলি তেওঁ লক্ষীনাথ ফুকনক তেনেকৈ ৰাখি ইংৰাজী কাকতৰ কামত সুমুৱাৰ চেষ্টাও কৰিছিল।


কথা পাতিব জনাটো যে এটা কলা সেইটো ভোলানাথ বৰুৱাই বাৰুকৈয়ে জানিছিল। বৰ ৰস লগাই কথা পাতিব জানিছিল তেওঁ। আনকি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাইয়ো কৈ গৈছে যে " খুহুতীয়া কথা, ৰঙিয়াল কথা আৰু ঘাইকৈ লোকৰ মন আকৰ্ষণ কৰিব পৰা কথা আৰু ব্যৱহাৰৰে তেওঁ মোক বশ কৰি পেলালে।

 ব্যৱসায় বাণিজ্য লৈ ব্যস্ত থাকিলেও তেওঁ আমন্ত্ৰণ নিমন্ত্ৰণ আদি ৰক্ষা কৰি চলিছিল। বিয়া-বাৰু, জন্ম দিন আদিত ভাগ লব নোৱাৰিলেও উপহাৰ আদি দিয়াত তেওঁ মুঠেও কৃপনালি নকৰিছিল। সোণৰ চেইন, সোণৰ আঙঠি, সোণৰ পিন, ব্ৰুচপিন, বালা, নগদ ধন আদি দি হলেওঁ তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰিছিল। নিজেও সোনৰ ফ্ৰেমৰ চশমা পিন্ধি চাহাবি ঢংত আছিল যদিও প্ৰতি নিয়ত ধৰ্ম পুথি পঢ়িছিল। সেয়ে হলেও খং তেওঁৰ লগৰি আছিল। ক্লাৱ  আদিত গৈ ভাল পাইছিল। পাশ্চাত্য সংস্কৃতিও আঁকোৱালি লৈছিল মুঠতে যিটো য'ত লাগে তাকে তেওঁ খাপ খুৱাই লব পাৰিছিল।

তেওঁ আনকি কলিকতাৰ পৰা টিন, কাঠ টকা পইচা আদি পঠাই নগাঁও অঞ্চলৰ বিভিন্ন ঠাইত নামঘৰ মন্দিৰ, সত্ৰ আদি সজাই দিছিল যদিও বাহিৰত থাকি নিয়ম নস্ত হোৱাৰ সন্দেহত তেওঁক তেওঁ গঢ়া নামঘৰ সত্ৰটো সোমাব দিয়া নাছিল। সেয়াও তেওঁ  হাঁহি মুখে মাৰ্জনা কৰি বাহিৰৰ পৰাই সেৱা কৰি বিদায় মাগিছিল । তথাপিও তেওঁ অসমীয়া তীৰ্থযাত্ৰী সকলৰ  অসুবিধা নহওক বুলি ভাবি পুৰিৰ জগন্নাথ মন্দিৰৰ গাতে লগা এটুকুৰ মাটি কিনি ঘৰ সজাই অসম মহাপাত্ৰ নামে এজন পাণ্ডাও নিয়োগ কৰি দিছিল। তেওঁক আকৌ পোহপাল দিবলৈ বহুতো খেতিমাটিৰ ব্যৱস্থাও কৰি দিছিল। 

 তেওঁ কিমান বহল অন্তৰৰ মানুহ আছিল ইয়াতকৈ আৰু বহলাই কিবা কব  লাগিবনে ? তেনেকৈ শ্বিলংৰ দৰে স্বাস্থ্য কৰ ঠাই এখনত ভাল থকা মেলাৰ অসুবিধা বুলি জানি আৰ্ল চনাটৰিয়াম নামে অনুষ্ঠান এটিৰ মাটি কিনি প্ৰতিষ্ঠান টো গঢ়াই সমিতি এখনৰ হাতত দি ৰক্ষণাবেক্ষণৰ দায়িত্বলৈকে চিন্তা কৰি অনুষ্ঠানটো জীয়াই তুলিছিল।

উল্লেখযোগ্য যে বৃটিছ চৰকাৰৰ পৰা কাইজাৰ-ই-হিন্দ (Kaiser-I Hind a gold Medal) সন্মানেৰে সন্মানিত তেৱেই একমাত্ৰ অসমীয়া।

কলিকতাৰ হাওৰাৰ ৩৮ নং ডবছন ৰোডত, বিলাসপুৰত, আচানচোলত, কলিকতাৰ ৩২ নং আপাৰ চাৰ্কুলাৰ ৰোডত, দিল্লীৰ জুম্মা মছজিদৰ ওচৰত, চিমলাত, শ্বিলংত, দাৰ্জিলিঙত, ঝাড়সোগৰাত, কলিকতাৰ শিৱপুৰত মুঠতে প্ৰায় দহ খন ঠাইত ভোলানাথ বৰুৱাৰ নিজৰ ঘৰ বাৰি আছিল ।(উৎস নগেন শইকীয়াৰ আধুনিক অসমৰ প্ৰথমগৰাকী সদাগৰ)


এনে এজন বহল অন্তৰৰ অসমপ্ৰেমী ব্যক্তি আৰু বাণিজ্য বিষয়ৰ উজ্বল আদৰ্শক আমি যিমান সমুজ্বল কৰি তুলিব পাৰিম সিমানেই জাতিটোৰ বাবে মঙ্গল নহবনে ?

এই কথা আজি প্ৰতিজন অসমীয়াই নিশ্চয় মনত ৰখা উচিত। 

অন্ততঃ ৩০ মে' তাৰিখৰ তেওঁৰ মৃত্যু তিথি টোক আমি তেজপুৰ অ:ভা:উ:সা: সভাই কোৱাৰ দৰে 'বাণিজ্য দিৱস' ৰূপে পালন কৰি উঠি অহা নৱ প্ৰজন্মক ভোলানাথ বৰুৱাৰ সৈতে পৰিচয় কৰি দিওৱাৰ ব্যৱস্থা কৰিব নোৱাৰোনে ?


          লেখকঃ শান্তনু বৰুৱা,

        সাধাৰণ সম্পাদক,

   তেজপুৰ অ:ভা:উ:সা: সভা,

    কলিবাৰী, ভৱানী চৰণ পথ,

         তেজপুৰ- ৭৮৪০০১.

            ৯৬১৩০০ ৪৫৩৮.

সম্পাদনা কক্ষঃ  'দানবীৰ সদাগৰ সাউদ  ভোলানাথ বৰুৱাৰ ৯৮ সংখ্যক মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য। --- দিগন্ত কুমাৰ ভূঞা,  (Sahitya Safura ) (সাহিত্য সঁফুৰা )

https://digantas.blogspot.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়