সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: ( এক)

 ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (১ ) 



আগকথা


  

অত্যাচাৰী মানৰ বাৰম্বাৰ আক্ৰমণত জুৰুলা আৰু ছেদেলি-ভেদেলি হৈ পৰা অসমীয়া জাতিটোৱে মেৰুদণ্ড পোন কৰি থিয় হ'বলৈ নৌপাওঁতেই ১৮২৬ খৃষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত্ত্মতে অসমত বৃটিছৰ শাসন আৰম্ভ হ'ল। ১৮৩৬চনত বৃটিছ শাসকে অসমৰ চৰকাৰী কাৰ্য্যলয় আৰু পঢ়াশালিত বঙালী ভাষাৰ প্ৰচলন আৰম্ভ কৰিলে। ফলত অসমীয়া ল’ৰা-ছোৱালীয়ে এটা আচহুৱা ভাষাত শিক্ষা ল’বলৈ বাধ্য হ’ল। ইয়াৰ লগে লগে অসমীয়া ভাষাৰ প্ৰচলন আৰু বিকাশ স্তব্ধ হৈ পৰিল। সৌভাগ্যবশত:৺হেমচন্দ্ৰ বৰুৱা,৺গুণাভিৰাম বৰুৱা,৺আনন্দ্ ৰাম ঢেকিয়ালফুকন প্ৰমুখ্যে কেইজনমান জাতীয় চেতনাসম্পন্ন লোকৰ উৎসৰ্গীকৃত মনোভাৱ আৰু নেৰানেপেৰা যত্নত১৮৭৬ চনৰ ২৫জুলাই তাৰিখৰ পৰা অসমৰ পঢ়াশালিত পুনৰ অসমীয়া ভাষাৰ প্ৰচলনৰ ব্যৱস্থা হ’ল। কিন্তু এই বিষয়ত প্ৰয়োজনীয় নীতি-নিৰ্দেশনা জাৰি কৰাৰ ক্ষেত্ৰত পুনৰ ষড়যন্ত্ৰকাৰীসকলে বিধি-পথালি দি অযথা বিলম্ব কৰি থকাত উদাৰচিতীয়া চীফ কমিচনাৰ চাৰ হেনৰী কটন চাহাবৰ অনুগ্ৰহত ১৮৯৮ চনৰ পৰাহে কাৰ্য্যত: অসমৰ মজলীয়া বিদ্যালয়বোৰত অসমীয়া ভাষাৰ প্ৰচলন আৰম্ভ হ’ল। সুদীৰ্ঘ ছয় দশকৰো অধিক কাল উপেক্ষিত আৰু চৰম অৱহেলিত হৈ থকা অসমীয়া ভাষা-সংস্কৃতিৰ অৱস্থা স্বাভাৱিকতে পুতৌজনক অৱস্থালৈ অৱনমিত হ’ল। অকল সেয়েই নহয়,মানৰ অত্যাচাৰী আক্ৰমণত ইতিমধ্যে থানবান হৈ পৰা অসমীয়া জাতিটোৰ সমাজ-জীৱনৰ ঐক্য-সংহতিও দুখলগাকৈ বিনষ্ট হ’ল।


    ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৌশলী আগ্ৰাসনত ভাৰতৰ অন্যান্য প্ৰদেশৰ লগতে চুবুৰীয়া বংগদেশো আমাতকৈ প্ৰায় এশবছৰ আগতেই বৃটিছ শাসনৰ অধিনলৈ যায় আৰু এই প্ৰদেশবোৰত বহু আগতেই আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে সমৃদ্ধ পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ পৰিবলৈ লয়। এইবোৰ অঞ্চলত সামাজিক,অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত পাশ্চাত্যৰ বিজ্ঞানমুখী ধ্যানধাৰণাৰ চিন্তাচৰ্চ্চা আৰম্ভ হয়। 

 বানিজ্য-সম্প্ৰসাৰণৰ সুচল ভৌগলিক অৱস্থানত থকা কলিকতা চহৰকে বৃটিছ শাসকসকলে বন্দৰ-মহানগৰী হিচাপে গঢ়ি তোলে।  ফলত ৰাস্তা ঘাটৰ পৰা আৰম্ভকৰি শিক্ষা-দীক্ষা,বাণিজ্য,দৰ্শন,বিজ্ঞান,সমাজনীতি,অৰ্থনীতি,শিল্প-কলা আদি সকলো দিশতে এই চহৰখনৰ দ্ৰুত উন্নয়ন সম্ভৱহৈ উঠিছিল আৰু ভাৰতৰ আন প্ৰদেশবোৰৰ তুলনাত কলিকতা মহানগৰী পূৱ-পাশ্চাত্যৰ সাংস্কৃতিকৰ সংমিশ্ৰণৰ এক গতিশীল তথা উত্তৰণমুখি নৱ্যসংস্কৃতিৰ বাৰ্ত্তাবাহক হৈ পৰিছিল।

     যিসময়ত অসমত এখনো উচ্চশিক্ষাৰ মহাবিদ্যালয় গঢ়লৈ উঠা নাছিল সেই সময়চোৱাতে উচ্চশিক্ষাৰ বাবে কলিকতালৈ যোৱা অসমীয়া ছাত্ৰহঁতে এই চুবুৰীয়া ৰাজ্যখনৰ শ্ৰীবৃদ্ধি দেখি তবধ মানিছিল আৰু নিজৰ নিচলা ৰাজ্যখনৰ পুতৌলগা অৱস্থাটোৰ কথা ভাৱি লজ্জিত হৈছিল। নিজৰ মাতৃভাষাৰ উন্নতি অবিহনে যে ৰাজ্যখনে কোনো ক্ষেত্ৰতে উন্নতি লভিব নোৱাৰে সেইকথা তেওঁলোকে মৰ্ম্মে মৰ্ম্মে উপলব্ধি কৰিছিল। কলিকতাত পঢ়িথকা এচাম উদ্যোগী অসমীয়া ছাত্ৰৰ মাজত সঘনে এই বিষয়ে চিন্তা-চৰ্চা আৰম্ভ হৈছিল আৰু তাৰ ফলশ্ৰুতিতেই ৺চন্দ্ৰকুমাৰ আগৰৱালা, ৺হেমচন্দ্ৰ গোস্বামী,৺লক্ষ্মীনাথ বেজবৰুৱাৰ,৺পদ্মধৰ বৰুৱা, ৺সত্যনাথ বৰা, ৺কনকলাল বৰুৱা, ৺ৰজনীকান্ত বৰদলৈ, ৺আনন্দচন্দ্ৰ গুপ্ত(আগৰৱালা), ৺গুঞ্জানন বৰুৱা আদি এচাম অত্যুৎসাহী ছাত্ৰৰ সন্মিলিত প্ৰচেষ্টাত ১৮৭৩ চনৰ ২৫ আগষ্ট তাৰিখে কলিকতাৰ ৬৭ নং মীৰ্জাপুৰ ষ্ট্ৰীটৰ অসমীয়া ছাত্ৰহঁতৰ শনিবৰীয়া চাহ-মেলতে জন্ম হ’ল “অসমীয়া ভাষা উন্নতিসাধিনী সভা” চমুকৈ অ:ভা:উ:সা: সভাৰ। এই অনুষ্ঠানটিৰ সংকল্প তথা উদেশ্য অসমীয়া ৰাইজক জনাবলৈ, অসমীয়া লোকৰ মাজত থকা হীনমন্যতা আৰু কু-সংস্কাৰ আঁতৰাবলৈ,পঢ়াশালিৰ পাঠ্যপুথি ৰচনা আদি অনেক গঠনমূলক কামৰ লগতে অসমীয়া ভাষাৰ উন্নতিকল্পে গীত-নাট,কবিতা,গল্প-উপন্যাস,প্ৰৱন্ধপাতি আদি লিখাৰ আৰু চৰ্চ্চা কৰাৰ এটা মানসিকতা অসমীয়ালোকৰ মাজত জগাই তুলিবলৈ অনুস্থানটিৰ তৰফৰ পৰা এখন মাহেকীয়া মুখপত্ৰৰ প্ৰয়োজনীয়তা তেওঁলোকে উপলব্ধি কৰিলে। সেই সময়ত অসমৰ বিখ্যাত ব্যৱসায়ী আৰু গ্ৰন্থ প্ৰকাশক ৺হৰিবিলাস আগৰৱালাৰ পুত্ৰ ৺চন্দ্ৰকুমাৰ আগৰৱালা কলিকতাত এফ্‌,এ মহলাৰ ছাত্ৰ আছিল। তেওঁ স্বইচ্ছাই ইয়াৰ সম্পাদনা প্ৰকাশনা আৰু স্বত্ত্বাধিকাৰৰ দায়ীত্ব ল’বলৈ আগবাঢ়ি আহিল। ১৮৮৯ চনৰ মাঘ বিহুৰ দিনা অ: ভা: উ: সা: সভাৰ প্ৰথম মাহেকীয়া মুখপত্ৰ “জোনাকী”ৰ প্ৰকাশ আৰম্ভ হ’ল। যদিও আমেৰিকান বেপ্তিষ্ট মিছ্নেৰীৰ চাহাবসকলৰ যত্নত ১৮৪৬ চনৰ ১ জানুৱাৰী তাৰিখে নাথান ব্ৰাউনৰ সম্পাদনাত প্ৰথম অসমীয়া আলোচনী”অৰুনোদই” শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল,নানান আনুসংগিক কাৰণত উক্ত আলোচনীখন অসমীয়া সমাজত বহূল প্ৰচাৰিত বা আদৃত নহ’ল। কিন্তু “জোনাকী’ আলোচনীয়ে অসমীয়াৰ মনত তথা সমাজ-জীৱনত জাতীয় ভাৱধাৰাৰ আলোড়ন তুলি যি নৱ্যচেতনাৰ উন্মেষ ঘটালে সি অকল প্ৰশংসনীয়ই নহয় এককথাত তুলনাবিহীনো।  (ক্ৰমশঃ)

The hundred-year history of Baan Theatre,Tezpur.

Editor: Sri Bankim Sarmah & Sri Hemanta Kr. Baruah. 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়