সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কৰ'নাৰ ঔষধ

 কৰ'নাৰ ঔষধ



বৰ্তমান বহুল ভাবে প্ৰচাৰ হোৱা এটি বাতৰি হৈছে "কৰ'নাৰ ঔষধ ওলাল !



" ২ ডিঅ'ক্সি- ডি- গ্লুকজ নামে বা চমুকৈ 2-DG নামে এই ঔষধৰ বিষয়ে এতিয়া নানান জনৰ নানান কথা। কিন্তু প্ৰকৃততে ই কি ? 


থোৰতে কবলৈ গ'লে ই হৈছে ভাৰতীয় প্ৰতিৰক্ষা আৰু গৱেষণা উন্নয়ন (DRDO) সন্থাৰ নিউক্লিয়াৰ মেডিচিনৰ সন্ধানৰত শাখা অনুষ্ঠান 'ইনমাচ' (INMAS) ৰ সুদীৰ্ঘ বিশ বছৰীয়া গৱেষণাৰ ফল। 




সহজ কথাত কবলৈ গ'লে পৃথিৱীৰ সকলো দেশৰ সৈনিকে আজি কেৱল মাত্ৰ গুলি-বাৰুদৰে যুঁজ কৰা দৃশ্য মান শত্ৰুৰ সলনি চাৰিটা বৰ ভয়ঙ্কৰ অদৃশ শক্তিৰ বিৰুদ্ধেও যুঁজ কৰিব লগা হৈছে । সেইকেইটা হৈছে CBRN ৰ বিৰুদ্ধে যুঁজ। অৰ্থাৎ কেমিকেল, নিউক্লিয়াৰ, বায়'লজিকেল আৰু ৰেডিঅ'লজিকেল ৱাৰ ফেয়াৰৰ বিৰুদ্ধে কৰা যুঁজ। 


ভাৰতৰ প্ৰতিৰক্ষা আৰু গৱেষণামূলক উন্নয়ন সন্থাই দেশৰ প্ৰতিৰক্ষাৰ বাবে গাইডেদ মিছাইল, পৰমাণু বোমা আদিৰ লগতে সেইবোৰৰ পৰা হ'ব পৰা মাৰাত্মক পৰমাণু সংক্ৰমণ, জৈৱিক সংক্ৰমণ বা ৰিয়েক্টৰৰ কু প্ৰভাৱ আদিৰ পৰা ৰক্ষা পাবলৈকো বিভিন্ন প্ৰতিষেধক প্ৰস্তুত কৰিব লগা হৈছে। তেনে দৰে ভাৰতীয় প্ৰতিৰক্ষা আৰু গৱেষণা উন্নয়ন সন্থাই ইতিমধ্যে প্ৰায় ৩৫ বিধ ঔষধৰ এটি কিট্ চ প্ৰস্তুত কৰি উলিয়াইছে। যেনে পটাচিয়াম আয়'ডাইড, এমিফষ্টিন ইঞ্জেকচন, আলফা কিট' গ্লুট্ৰেট আদি । এইবোৰৰে বিভিন্ন ৰেডিয়েল ইনফেকচন, মাৰাত্মক গেছৰ আক্ৰমণ, ৰিয়েক্টৰৰ পৰা নিৰ্গত অদৃশ লেজাৰ ৰশ্মিৰ আদিৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু অক্সিজেন নিৰ্ভৰশীলতাৰ বাবে শৰীৰত অম্লজানৰ যোগান বৰ কঠিন কাম ৰূপে বিবেচিত হৈ আছিল। যাৰ প্ৰভাৱ কিমান ভয়ঙ্কৰ হব পাৰে আমি এইবাৰ কৰ'নাৰ দ্বিতীয় ঢৌত বিধস্ত ভাৰতৰ কৰ"না ৰোগীৰ ক্ষেত্ৰত দেখা পাইছো। কেনেকৈ অক্সিজেন নিৰ্ভৰ হৈ মানুহ বোৰ মৰিবলৈ লৈছে !



 ডি,আৰ,ডি,অ,'ৰ হাইড্ৰাবাদত থকা Institute of Nuclear Medicine and Allied Sciences (INMAS) এ Dr. Reddys Laboratory ৰ সহযোগত যোৱা ৮ মে' তাৰিখে  এই অক্সিজেন নিৰ্ভৰ ৰোগৰ পৰিত্ৰাণৰ বাবে 2-DG ঔষধ প্ৰস্তুত কৰা বুলি সদৰি কৰি এয়া বিশ বছৰৰ গৱেষণাৰ ফল বুলি ব্যক্ত কৰে। এই ক্ষেত্ৰত এই আৱিস্কাৰৰ সৈতে জড়িত থকা বিজ্ঞানী ডা° সুধীৰ সান্তন আৰু ডা° অনন্ত নাৰায়ণ ভট্ট ই কয় যে ২০২০ চনৰ এপ্ৰিল মাহত পোনতে তেওঁলোকে হাইদ্ৰাবাদৰ Center for cellular and Molecular Biology (CCMB) ৰ গৱেষণাগাৰত কভিড 19 ভাইৰাছৰ ওপৰত গৱেষণা কৰি সুফল পায়। লগে লগেই তেওঁ লোকে বিষয়টো ভাৰতৰ Drug Controller General of India (DCRG) ৰ অনুমোদন লৈ দ্বিতীয় পৰ্য্যায়ত ২০২০ চনৰ মে' মাহৰ পৰা অক্টোবৰ মাহলৈকে দেশৰ ১১খন হাস্পতালৰ ১১০ জন কৰ'না ৰোগীৰ ওপৰত 2-DG প্ৰয়োগ কৰি অক্সিজেন চাপ্লিমেন্টৰ সুফল পায়।  তৃতীয় পৰ্য্যায়ত ডিচেম্বৰ মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈকে ১২০ জন ৰোগীৰ ওপৰত এই ঔষধ প্ৰয়োগ কৰি  তেওঁলোকে অক্সিজেনৰ বাবে হাহাকাৰ কৰি উঠা ৬৫ বছৰ বয়সীয়া ৰোগীয়ো সুষ্ঠ হৈ উঠাত গৱেষণা সন্থাই এই ঔষধ অক্সিজেন আতুৰ ৰোগীৰ পৰিত্ৰাণৰ বাবে প্ৰয়োগ কৰাৰ বাবে প্ৰসস্ত বুলি পতিয়ন যায়। ইতিমধ্যে এই ঔষধ ভাৰত চৰকাৰৰ স্বাস্থ বিভাগেও মঞ্জুৰী দিয়াত ই অক্সিজেন নিৰ্ভৰ হৈ পৰা কৰ'না ৰোগীৰ বাবে মৃত সঞ্জীৱনিৰ দৰে বিবেচিত হৈছে। কিন্তু সেয়ে হ'লেও ই কিন্তু কৰ'নাৰ ঔষধ নহয়। 


দৰাচলতে DRDO ৰ চিকিৎসা ক্ষেত্ৰৰ গৱেষক বিজ্ঞানী সকলে পোনতে ব্ৰেইন টিউমাৰ আৰু কেঞ্চাৰ প্ৰতিৰোধক ঔষধ প্ৰস্তুটিৰ বাবেহে বিভিন্ন পৰীক্ষা কৰি আছিল কিন্তু সেই একেই গৱেষণা কৰ'না ভাইৰাচৰ ক্ষেত্ৰত প্ৰয়োগ কৰি দেখিলে যে গ্লুকজৰ চদ্মবেশী ৰূপত ইয়াক প্ৰয়োগ কৰিলে ভাইৰাছ বোৰে গ্লুকজ বুলি ইয়াক গ্ৰহণ কৰি মৃত্যু মুখত পৰে আৰু শৰীৰটো ল'গে ল'গেই অক্সিজেন আতুৰতাৰ পৰা ৰক্ষা পৰে। এই প্ৰয়োগৰ সফলতাৰে তেওঁলোকে আৱিস্কাৰ কৰিলে যে  অক্সিজেনৰ প্ৰয়োজন হোৱা অৱস্থাত শৰীৰত কি প্ৰয়োগ কৰিব লাগিব। 

ফলত ভাৰত আজি সিমিত সংখ্যাৰ সেই কেইখন দেশৰ শাৰীত উঠিল যি কেইখন দেশে আজি ওপৰত উল্লেখ কৰি অহা CBRN ৰ ওপৰত অক্সিজেন প্ৰয়োগৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।



১৯৮৪ চনৰ ভূপাল গেছ ট্ৰেজেডী, ১৯৮৬ চনৰ ৰুছ দেশৰ চাৰ্নবিলৰ পৰমাণু দূৰ্ঘটনা, ২০১১ চনৰ জাপানৰ ছুনামীত হোৱা ফুকুচিমা আনৱিক বিকিৰণ আদি দূৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজন হৈছিল ঔষধ ৰূপী অক্সিজেন উৎপাদকৰ। ভাৰত আজি 2-DG প্ৰস্তুতৰ দ্বাৰা এই দিশত সফল হল।  কিন্তু পুনৰ কও ই কিন্তু কৰ'নাৰ প্ৰতিষেধক নহয় বৰঞ্চ অক্সিজেন আতুৰতাৰ হে ঔষধ।


পাউডাৰৰ পেকেট ৰূপত প্ৰস্তুত কৰা এই ঔষধক পনীয়া কৰি দিনে দুবাৰকৈ এসপ্তাহ সেৱন কৰিলে কৰ'না ক্ৰান্ত ৰোগীৰ অক্সিজেনৰ  প্ৰয়োজনীয়তা পূৰণ হয় আৰু ৰোগীয়ে অক্সিজেন পাব নোৱাৰা অৱস্থাৰ পৰা উপশম পায় ।


হঠাতে প্ৰয়োজন হোৱা এনে জীৱনদায়িনী ঔষধ বোৰ বিভিন্ন ৰাজ্যৰ জিলাই জিলাই পাব পৰাকৈ চৰকাৰে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। কিয়নো আতঙ্কবাদ, ঔদ্যোগিক বিকাশ, ভাইৰাছ জনিত নিত্য নতুন ৰোগৰ উপশমৰ বাবে এনে ঔষধ সদায় তৎক্ষণাতেই প্ৰয়োজন হয়।

Script by : Santanu Baruah.

(উৎস : ওম প্ৰকাশ আৰু পঞ্চানন মিশ্ৰৰ ৰিৰ্পট ৰাজ্যসভা টি,ভি, আৰু ABP NEWS ৰ প্ৰতিবেদন)।

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়