ফ'ৰ লেনৰ দুখ

SAHITYA SAFURA (সাহিত্য সঁফুৰা)
বিদায় হে মহীৰূহ!বিদায়!
কবিঃ শ্ৰী নয়নজ্যোতি ভট্টাচাৰ্য্য।
১৩।৫।২০২১
তেখেত "যেতিয়া ক্লান্ত হয়"
তেতিয়া,
তেতিয়া তেখেতে গাইছিল
"জীৱনৰ জয়গান"।
আৰু ব্যস্ত হৈ পৰিছিল তেখেত
"আত্মানুসন্ধানত"।
তেখেতৰ "তান্ত্ৰিক" মনটোৱে বিছাৰিছিল
"চিন্তাৰ খোৰাক"।
"নিঃসংগতা"ৰ মাজেৰেই
তেখেতে বিছাৰি ফুৰে
"স্বপ্ন , স্মৃতি আৰু বিষাদ"।
"ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা"ৰ মাজতেই বিছাৰি পাই
"জীৱনৰ জিজ্ঞাস"।
"মানুহ হোৱাৰ গৌৰবে"ৰেই
বিশ্লেষণ কৰে
"আত্ম-দীপো-ভব"।
চাড়িকৰীয়াৰ ম'হঘূলি চাপৰিৰবাপুকনে
শৈশবৰ সাধুকথাৰ মাজেৰেই
আমাক কৈ থৈ গ'ল
"হালধীয়া চৰায়ে বাও ধান খাই"
"সাউদৰ পুতেকে নাও মেলি যায়"
আৰু নিৰলে মাথো সোঁৱৰিছিল
"জীৱনৰ মধুৰতম সময়"ক।
"চিন্তাৰ তৰঙ্গ"ই
তেখেতক লৈ যায়
"বিপদৰ বন্ধু"ৰ কাষলৈ।
সেয়েহে তেখেত মাথোন
"প্ৰজ্ঞাৰ সাধনা"ত ব্ৰতী ।
ব্ৰতী "উচ্ছাকাংক্ষা" উপেক্ষি
"জীৱনৰ সাধনা"ত।
বিপৰীত ধৰ্মী
"ধুমুহা আৰু ৰামধেনু"ৰ মাজতেই
তেখেতে বিছাৰি পাই "সুবালা"ক।
"ভয়কাংক্ষা"ৰে ,
আক্ষেপেৰে মাথো কয়,
"মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ"।
"জীৱনৰ সাধনা" ।
"গদ্যৰ সাধনা" ।
আৰু ,
তাৰ মাজেৰেই কৰিছিল তেখেতে
"স্বাস্থ্যৰ সাধনা"।
প্ৰতিদিনে টুকি থৈ যোৱা কথাবোৰ
বিস্তৃত হৈ আছিল তেখেতৰ
"এদিনৰ ডায়েৰী"ৰ পাতত।
আৰু ,
তাৰ মাজেৰেই
প্ৰকাশ কৰিছিল তেখেতে
"কিতাপ পঢ়াৰ আনন্দ"।
আৰু চিঞৰী চিঞৰী কৈছিল,
"আমাক কিতাপ লাগে"।
"ডাৰউইন"।
"চক্ৰেটিছ"।
"বেঞ্জামিন ফ্ৰেংকলিন"।
আৰু ,
এওঁলোকৰ জীৱনৰ উপলব্ধিৰেই
স্বীকাৰ কৰিছিল তেখেতে ,
"জীৱন - সুন্দৰ আৰু ভয়ঙ্কৰ"।
শুধিছিল , নিজেই নিজকে
"জীৱনৰ পৰা আমি কি বিছাৰো"।
"পোহৰৰ সাধনা"ৰ মাজেৰেই
উপলব্ধি কৰিবলৈ বিছাৰিছিল
জীৱনৰ "অস্তৰাগ"।
নিজৰ "সাংবাদিক জীৱন"ৰ মাজেদিয়েই ,
লিপিবদ্ধ কৰিছিল
"আশীৰ দশকৰ দস্তাবেজ"।
"পাঠকৰ টোকাবহী"ৰ মাজেৰেই
তেখেতে কৈ থৈ গৈছে আমাক
"জীয়াই থকাৰ আনন্দৰ
প্ৰধান উৎস - স্বাস্থ্য"।
সচাকৈয়ে ,
এক নিৰ্মোহ সত্য।
"কিতাপ,মানুহ আৰু
প্ৰকৃতিৰ সংগ"ৰ মাজেৰেই
বিলাইছিল তেখেতে
জীৱনৰ "সুখ-দুখ"।
"কথা-বাৰ্তা"ৰ মাজেৰেই
জনাইছিল আমাক
"পিতা-পুত্ৰ"ৰ মাজৰ
সেই এনাজৰীডালৰ কথা।
আৰু ,
আৰু বহুতো কথাই কৈ থৈ গ'ল।
আৰু কৈ কৈ থাকোতেই
হঠাতে উৰি গুছি গ'ল
কোনোবা অজান দেশলৈ।
আমি চুব নোৱাৰা
আমি ঢুকি নোপোৱা
আমাৰ আটাইৰে মৰমৰ
জোনবাইটো হৈ।
আমি জানো
থাকিব তেখেত সদায়েই
আমাৰ বাবেই
আমাৰ সকলোৰে মৰমৰ
পূৰ্ণিমাৰ জোনবাইটো হৈ ।
বিদায় !
হে মহীৰূহ !
বিদায় ।
শ্ৰী নয়নজ্যোতি ভট্টাচাৰ্য্য।
১৩।৫।২০২১
অতি সুন্দৰ অনুভৱ। কবি নয়জ্যোতি ভট্টলৈ অশেষ ধন্যবাদ।
ReplyDelete