Posts

Showing posts from May, 2021

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃ্‌ত্ত (৭ম )

Image
  ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃ্‌ত্ত (৭ম ) ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃ্‌ত্ত (৭ম ) বাণ নাটমন্দিৰৰ পৰবৰ্ত্তী নামকৰণ  (বাণ  থিয়েটাৰ  পাৰ্টি) বাণ থিয়েটাৰৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক নথি-পত্ৰৰ অভাৱত এই বাণ নাট মন্দিৰটোৰ নাম কেতিয়া  বাণ থিয়েটাৰলৈ পৰিবৰ্তন হ'ল তাৰ সঠিক দিনবাৰ নিৰূপণ কৰিব পৰা নাযায় যদিও ১৯১২ চনত সেইসময়ৰ তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ সম্পাদক  ঁডালিম চন্দ্ৰ বৰাদেৱে সম্পাদক "টাইমছ অফ আছাম" , ' বিশ্ববাৰ্ত্তা' আদি কাকতৰ সম্পাদকলৈ লিখা ইংৰাজী চিঠিত বাণ থিয়েটাৰ নামটোৰ উল্লেখ কৰিছিল। গতিকে সহজেই অনুমেয় যে জন্মলগ্নৰ কিছুদিনৰ ব্যৱধানতে নাটমন্দিৰটোৰ নাম বাণ থিয়েটাৰ ৰখা হৈছিল। এই বিষয়ত আটাইতকৈ নিৰ্ভৰযোগ্য তথ্য হ'ল তেজপুৰ অঃ ভাঃ উঃ সাঃ সভাৰ ১৯০৮ চনৰ ১৮ বছৰীয়া কাৰ্য্য-বিৱৰণী। এই কাৰ্য-বিৱৰণীৰ পৰা স্পষ্টকৈ জনা যায় যে  "সভাই ১৯০৬ চনত ষোল্ল বছৰত ভৰি দিয়াৰে পৰাই অৰ্থাৎ ১৯০৬-৭ চনৰ বছৰ দুটাত নতুন উদ্যমেৰে যিকেইটা কাম হাতত লৈ সমাপ্ত কৰিলে তাৰ ভিতৰত 'পূৰ্ব্বনিৰ্ম্মিত নামঘৰত ৩৭৫্ টকাৰ এটা ষ্টেজ ৰাখিলে, ১৫০্ টকামানৰ বাদ্য-যন্ত্ৰ কিনি  ঁ‌লক্ষ্মীৰাম বৰুৱাদেৱৰ তত্ত্ব...

দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱা

Image
 দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱা সদাগৰ সাউদ ভোলানাথ বৰুৱা অসমৰ ৰাইজে সৰ্বদা মনত ৰাখিব লগীয়া অন্যতম এগৰাকী যুগন্ধৰ ব্যক্তি হৈছে সাউদ ভোলানাথ বৰুৱা।  পৌৰাণিক আখ্যানৰ কথা বাদ দি বাস্তৱ জীৱনত জীৱন জোৰা শ্ৰমৰ বিনিময়ত উপাৰ্জনতকৈ বেছি যদি কোনোবাই কিবা দান দিছে তেনে সেই তালিকাৰ ভিতৰত গণিব পৰা ব্যক্তি সকলৰ ভিতৰৰে অনন্য এগৰাকী ব্যক্তি হ'ল সাউদ ভোলানাথ বৰুৱা।  অসমৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ আৰু বিকাশৰ বাবে জীৱনৰ সমস্ত অৰ্জন দান কৰি যোৱা ব্যক্তি গৰাকীক আপুনি মই বাৰু কিমান জানো ?  এইগৰাকী ব্যক্তিৰ বিষয়ে জানিবলৈ পুথি পাজিৰো অভাৱ ! তথাপিও ইছমাইল হুছেইন ডাঙৰীয়াৰ সম্পাদনাত ২০১৯ বৰ্ষত যোৰহাটৰ ভোলানাথ বৰুৱা শাখা সাহিত্য সভাৰ পৰা প্ৰকাশ পায় এখনি তথ্য গধূৰ  সংগৃহীত প্ৰবন্ধৰ পুথি 'শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা' ।  আমাৰ লেখাটিও পুথি খনৰ লগতে বিভিন্ন জন ব্যক্তিৰ সৈতে হোৱা আলোচনাৰ আলমত যুগুত কৰা হৈছে। কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ বাবে প্ৰয়োজন হোৱা পুথি পাজিৰ ক্ষেত্ৰত হেম চন্দ্ৰ গোস্বামীয়ে যুগুতাই উলিওৱা সাতোটা খণ্ডৰ অসমীয়া ভাষাৰ চানেকি প্ৰকাশৰ বাবে...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৬)

Image
  baan theatre  ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৬) নাটমন্দিৰৰ নামাকৰণ প্ৰসঙ্গ (বাণ-নাটমন্দিৰ):     নাট মঞ্চটো নিৰ্ম্মাণ কৰিবলৈ পূঁজি সংগ্ৰহৰ প্ৰক্ৰিয়াটো চলি থকা অৱস্থাতে স্বাভাৱিকতে নাট-মন্দিৰটোৰ নামকৰণৰ প্ৰসঙ্গটো আহি পৰিল । অ:ভা:উ:সা: সভাৰ এখন কাৰ্য্য-নিৰ্ব্বাহক সভাত এই বিষয়টো দাঙিধৰা হ’ল যদিও সেইসভাত নামকৰণৰ বিষয়ত এটা স্থিৰ সিদ্ধান্তলৈ আহিব নোৱাৰি ততালিকে এখন সাধাৰণ সভা আহ্বান কৰিব লগা হ’ল।  সেই সভাতো নামাকৰণৰ বিষয়ত দুটা দলৰ মাজত বাক-বিতণ্ডা আৰম্ভ হ’ল।   ৺হৰিবিলাস আগৰৱালা দেৱৰ নেতৃত্বত এটা দলে নাট-মন্দিৰটোৰ নাম ‘মহাভৈৰৱ নাটমন্দিৰ’ আৰু ৺ভৱানীচৰণ ভট্ৰচাৰ্য্যদেৱৰ নেতৃত্বত আন এটা দলে নাট-মন্দিৰটোৰ নাম ‘ভৈৰৱী নাটমন্দিৰ’ হ’ব লাগে বুলি নিজ নিজ যুক্তিৰ অৱতাৰণা কৰিলে। নাটমন্দিৰৰ নামাকৰণ প্ৰসঙ্গ   ফলত সেই সভাতো নাট-মন্দিৰটোৰ নামকৰণৰ সিদ্ধান্ত নোহোৱাত এক পক্ষৰ অন্তত আকৌ এখন সাধাৰণ সভা আহ্বান কৰিব লগা হ’ল।  এইখন সভাত অভিজ্ঞ আৰু সুচতুৰ ৺গোহাঁঞি বৰুৱাদেৱে আগভাগ লৈ সকলোৰে সমাদৃত ৺জয়দেৱ শৰ্মা পণ্ডিতদেৱক সভাপতি পাতি দিলে। তেজপুৰ নৰ্ম্মাল স্কুলৰ প্ৰাক্ত...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৫)

Image
baan theatre,tezpur  ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৫) নাটমন্দিৰৰ জন্ম-বেদনা (অ:ভা:উ:সা: সভাৰ নামঘৰ)               ততাতৈয়াকৈ তেজপুৰ অঞ্চলৰ গণ্য-মান্য লোকসকলক মাতি ৺হৰিবিলাস আগৰৱালাদেৱৰ সভাপতিত্বত এখন ৰাজহুৱা সভা পাতি সমজুৱাক সভাৰ উদেশ্য জনোৱা হ’ল। সভাপতি আৰু গোহাঁই বৰুৱাদেৱৰ আৱেগিক আহ্বানৰ অন্তত প্ৰস্তাৱিত নাটমন্দিৰটো সজোৱাৰ সংকল্প গ্ৰহণ কৰা হ’ল। সভাপতি ৺আগৰৱালাদেৱৰ পৰামৰ্শমতে এই নাট মন্দিৰটো তেজপুৰ অ:ভা:উ:সা: সভাক অৰ্পণ কৰি তাৰ নাম থোৱা হ’ল ‘অ:ভা:উ:সা: সভাৰ নামঘৰ’। সংকল্প লোৱা হৈছিল অসমীয়ালোকৰ কাৰণে সুকীয়াকৈ ‘নাটমন্দিৰ’ সজাৰ কিন্তু সেইদিনাৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ’ল নামঘৰ সজাৰ। সম্ভৱতঃ সেইসময়ত সৰহভাগ অসমীয়ালোকৰে নাটমন্দিৰ বা তথাকথিত নাট্যমঞ্চ দেখাৰ প্ৰতক্ষ্য অভিজ্ঞতা বা এই বিষয়ত এটা সম্যক ধাৰণা নাছিল কাৰণেই সকলোৰে মনঃপূত হোৱাকৈ সেইসময়ত প্ৰচলিত নামঘৰ শব্দটোকে গ্ৰহণ কৰি প্ৰস্তাৱিত নাটমন্দিৰটো সজোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।  ৺গোহাঁঞি বৰুৱাদেৱৰ তৎপৰতাত সেই সভাতে উপস্থিত সমজুৱাৰ পৰা প্ৰায় এহেজাৰ টকাৰ মৌখিক প্ৰতিশ্ৰুতি আদায় কৰি লোৱা হ’ল। এই ...

Assamese Poem: মোৰ বাট নুবুলিবি

Image
 *মোৰ বাট নুবুলিবি*  মোৰ বাট নুবুলিবি তহঁত ভিতৰতে থাক অ' ভিতৰতে থাক। এই বতাহ ছাতি বৰ ভয়াবহ তিলতিলকৈ শেষ কৰিব তোক এক ভয়াবহতা, এক দুৰ্বিষহতাই পৰিচয় কৰাব এখন অচিন পৃথিৱীৰ, তই বিচ্ছিন্ন হৈ যাবি আপোনজনৰ। এই সাম্ৰাজ্য, বিভূতি-বৈভৱ, মান-অভিমান নিঃশেষ হব পলকতে এখিলা সৰা পাত হৈ। এই বতাহ ছাতি বৰ ভয়াবহ তোৰ যন্ত্ৰণা কাতৰ  চিঞৰ শুনিবলৈ আলফুলীয়া হাতৰ পৰশেৰে যাতনাক উপশম ঘটাবলৈ তোৰ কাষত কোনো নাথাকিব। তই মাথো  যুঁজিব লাগিব অকলশৰে তই যে পৰাভূত সৈনিক। তোৰ মৰণ কাতৰ আৰ্তনাদে চাৰি বেৰত থেকা খাই প্ৰতিধ্বনি হব। অ' তহঁত  ভিতৰতে থাক। মোৰ দৰে কাঁইটৰ শেতেলিৰ মাজলৈ নাহিবি মোৰ বেদনাক্লিষ্ট সময় খিনিত মূৰত আলফুলে বুলাই দিয়া আইৰ চেনেহী হাতৰ পৰশ পাবলৈ, কাৰোবাৰ বুকুত মূৰ থৈ উচুপি উঠিবলৈ, "তোমাৰ একো নহয় দেউতা" বুলি কোৱা এষাৰ মাত পাবলৈ ব্যাকুল হৈ পৰিছিলো। অন্তিম বিন্দু নিশ্বাসলৈকে মাথো বিচাৰিছিলো আপোনজনৰ মাত। কিন্তু সকলো শূন্য.... মোৰ এই আত্মাভিমান, আভিজাত্যৰ যৱনিকা পেলাই বহু যোজন দূৰত, অযুত নিলগত এটি শামুকৰ খোলা হৈ... মাথো পৰি ৰ'লো। সেয়েহে কৈছো তহঁতে মোৰ বাট নুবুলিবি তহঁত ভিতৰতে থাক অ' তহঁত ভিতৰ...

Poem recitation : মই জীয়াই আছোঁ

Image
 

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৪)

Image
 ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৪) baan theatre তেজপুৰৰ অস্থায়ী মঞ্চত নাট-নিবেদন প্ৰচেষ্টা:         তেজপুৰ আদালতৰ চিৰস্তাদাৰ ৺লক্ষ্মীকান্ত দাসদেৱৰ ঘৰত সেই সময়ত বছৰি দূৰ্গাপূজা অনুষ্ঠিত হৈছিল।  কলিকতাত নাটক চোৱা প্ৰাক্তন ছাত্ৰসকল আৰু পিছলৈ অসম চৰকাৰৰ দায়িত্বশীল চাকৰিয়াল,পূজাৰ বন্ধত ঘৰলৈ ঘূৰি অহা ছাত্ৰসকল আৰু স্থানীয় উদ্যোগীলোকৰ সন্মিলিত প্ৰচেষ্টাত ৺দাসদেৱৰ ঘৰৰ দূৰ্গাপূজাতে অস্থায়ী মঞ্চ সাজি নাটক কৰাৰ প্ৰয়াস চলে।  প্ৰতিবছৰে পূজাৰ বতৰত পৰীক্ষামূলকভাবে তেনেধৰনণে সাজি লোৱা অস্থায়ীমঞ্চতে নাট উপস্থাপনৰ দিহা কৰা হয়। এই অস্থায়ী মঞ্চতে তেওঁলোকে ১৮৯৬ চনত ৺পূৰ্ণকান্ত শৰ্মাৰ ‘হৰিচন্দ্ৰ’ আৰু ৺দূৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ জনপ্ৰিয় ‘মহৰী’ নাটকৰ অভিনয় কৰে । ইয়াৰ পিছত ৺ভৱানীচৰণ ভট্ৰচাৰ্য্যদেৱৰ ঘৰৰ দূৰ্গাপূজাতো অস্থায়ী মঞ্চ সাজি ‘ সীতাৰ বনবাস’ নাট মঞ্চস্থ কৰাৰ উদাহৰণ পোৱা যায় । তেজপুৰ অবৈতনিক নাট্য-সমাজ(তেজপুৰ এমেচাৰ পাৰ্টি):         ১৮৯৫ চনত তেজপুৰৰ বঙালী আৰু অসমীয়া উভয় সম্প্ৰদায়ৰ নাট্যপ্ৰেমী লোকসকল একগোট হৈ ‘তেজপুৰ অবৈতনিক নাট্যসমাজ’ নামেৰে...

সাহিত্যৰ কথা :

Image
  সাহিত্যৰ কথা         এয়া কোনো বৌদ্ধিক আলোচনা নহয় সাহিত্যৰ সন্দৰ্ভত মনলৈ অহা কিছুমান ভাবনাহে ।  আদিম যুগৰ পৰা সভ্যতাৰ উত্তৰণৰ লগে লগে এদিন জুঁ‌ইৰ আৱিষ্কাৰ হ'ল, আৰু তেনেদৰে এদিন মানুহে কৃষি কৰ্মৰে শস্য উৎপাদন কৰিবলৈ ধৰিলে ।  বিজুঁ‌লী ঢেৰেকনি ৰ'দ বতাহ আকাশ বৰষুণে মানৱৰ প্ৰাণত অনুভূতিৰ সূচনা কৰিলে ।  এজন সৰ্বশক্তিমান ঈশ্বৰৰ কল্পনাই মানুহৰ অন্তৰত থিতাপি ললে ।  আংগিক বাচিক ৰীতিৰে মানুহে ক্ৰমশ ভাব অনুভূতিৰ আদান প্ৰদান কৰিবলৈ শিকিলে । লাহে লাহে নৈৰ পাৰৰ সভ্যতাই সমাজ ব্যৱস্থা আৰু ক্ৰমাগত ভাবে গাওঁ কেন্দ্ৰিক শাসন ব্যৱস্থালৈ উত্তৰণ হল । ৰাজন্যৰ ধাৰণাৰে ৰজাৰ শাসনৰ সূত্ৰপাত হল । এদিন ৰাষ্ট্ৰৰ উদ্ভৱ হল ।      এই পৰ্যায়লৈকে  ভাবৰ আদান প্ৰদানত মানুহে শব্দৰ ব্যৱহাৰ কৰিবলৈ ল'লে , আৰু এই শব্দই ক্ৰমাগত লিপিৰ স্তৰলৈ উত্তৰণ হল আৰু লাহে লাহে সাহিত্য সৃষ্টিৰ এক পৰিবেশৰ সূচনা হল ।     ঈশ্বৰে মানুহক বুদ্ধি আৰু চিন্তাশক্তি প্ৰদান কৰিছিল । এই চিন্তাই মানৱ সভ্যতাক এদিন বিকশিত কৰিলে । ৰীতি নীতি আৰু লোকাচাৰে মানৱ কৃষ্টিক সমৃদ্ধ কৰি...

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্ত: (৩)

Image
Baan Theatre ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ইতিবৃত্তঃ (৩)  তেজপুৰত নাট্যচিন্তাৰ আভাষঃ    অসমৰ সকলো জনগোষ্ঠীৰ মনত ধৰ্ম্মীয় চেতনাৰ জাগৰণ তুলিবলৈ প্ৰায় পাঁচশ বছৰ আগতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম্মিয় উপাখ্যানৰ আধাৰত সৰ্ব্বপ্ৰথম কইবাখনো অংকীয়া নাট ৰচনা কৰি তাত গীত-বাদ্য আৰু কাব্যিক সংলাপৰ ৰহন সানি এক সুকীয়া নাট্যশৈলীৰ পাতনি মেলিছিল আৰু মহাপুৰুষজনাৰ জীৱনকালতে সেই নাটবোৰ পৱিত্ৰ ধাম, নামঘৰ আদিত উপস্থাপনৰ দিহা কৰিছিল । SriSri Sankardev মহাপুৰুষজনাৰ সেই নাটকেইখন আৰু পিচলৈ তেওঁৰ অনুগামীসকলে তেনে আৰ্হিত ৰচনা কৰা অংকীয়া নাটবোৰ অসমৰ গাঁৱে-ভূঞে থকা নামঘৰবোৰত অহৰহ চলি আহিছিল । সৰ্ব্বসাধাৰণৰ মনত এই নাটবোৰে যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু স্বাভাৱিকতে কমবেচি পৰিমানে প্ৰত্যেকজন অসমীয়া এই নাট্যশৈলীটোৰ প্ৰতি অৱগত আছিল ।  যদিও তাহানিৰ দৰং জিলাৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ ছিপাঝাৰ,মংগলদৈ আদি ঠাইত ওজাপালি,খুলীয়া-ভাওনা,পুতলানাচ,নাগৰা নাম আদি পৰম্পৰাগত লোকনাট্যৰ প্ৰভাৱ আছিল, সদৰ তেজপুৰ অঞ্চলৰ নামঘৰবোৰত অনুস্থিত হৈ থকা জনপ্ৰিয় ভাওনা-শিল্পৰ বাহিৰে আন লোক-নাট্যৰ প্ৰভাৱ পৰা নাছিল।  তাহানিৰ বাণ থিয়েট...

মহাশক্তি বিষ্ফোৰণত ব্ৰক্ষ্মাণ্ডৰ গঠন আৰু অৱধাৰিত বিলুপ্তি :

Image
মহাশক্তি বিষ্ফোৰণত ব্ৰক্ষ্মাণ্ডৰ গঠন আৰু অৱধাৰিত বিলুপ্তি                             প্ৰথমে আমি জানি লওঁ সংখ্যাৰ বিষয়ে। আমি বৃহৎ সংখ্যাক ক্ৰমে হাজাৰ, লাখ বা কোটি বুলি বুজাও বা কওঁ। বিদেশত  বৃহৎ সংখ্যাক বুজাই ক্ৰমে মিলিয়ন, বিলিয়ন বা ত্ৰিলিয়ন বুলি। আমি জানো যে ১ ত্ৰিলিয়ন মানে কিমান বা ১ বিলিয়ন আৰু ত্ৰিলিয়ন মানে কিমান? ধৰি ললোঁ আৰু আমি জানোঁ যে ১০ লাখ ঘ ১ মিলিয়ন হয়। আৰু ১ বিলিয়ন হ'বলৈ ১ হাজাৰ মিলিয়ন লাগে। ১ ত্ৰিলিয়ন - -?             আচলতে ভাবিব লাগিব যে পৃথিৱী বোলা ধাৰণা বা সত্যটো এসময়ত নাছিল। নাছিল জোন, বেলি, তৰা ।নাছিল আকাশ বোলা ধাৰণাৰ আচ্ছাদন। Matter Energy Light Space and Time এইবোৰ একো নাছিল।             আধুনিক সভ্যতা আৰম্ভ হোৱাৰ আগৰ পৰাই মহাকাশলৈ চাই মানুহ চিন্তাত বিভোৰ হৈছিল - - ক'ৰ পৰা কেনেদৰে আহি এই জিলিকি থকা বস্তুবোৰ ওলমি আছে। ক'ৰপৰা আহিল এইবোৰ। আমিনো ক'ৰপৰা আহিলোঁ। এই চিন্তাতে হাজাৰ বছৰ গ'ল। বহুজন গুণীয়ে বহু কথা ক'লে। লাহে লাহে ...