সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

গেলিলিঅ' গেলিলি আৰু গীৰ্জাৰ ৩৬০ বছৰীয়া গোচৰ

Galileo Galilei



গেলিলিঅ' গেলিলি আৰু গীৰ্জাৰ ৩৬০ বছৰীয়া গোচৰ



       :::দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

এলবাৰ্ট আইনষ্টাইনে কৈছিল গেলিলিঅ' গেলিলি আছিল আধুনিক বিজ্ঞানৰ পিতৃপুৰুষ।একেধাৰে গণিতজ্ঞ,পদাৰ্থ বিজ্ঞানী,অভিযন্তা,দাৰ্শনিক গেলিলিঅ'আছিল জ্যোতি বিজ্ঞানৰ জনক।কিন্ত এনে এজন বিজ্ঞানীৰ মহান আবিস্কাৰ বোৰৰ বাবে তেওঁৰ ওপৰত বাইবেল অমাননাৰ গোচৰ ৰজুকৰি পোপে তেওঁক গৃহবন্দীকৰি অতি অমানবীয় ভাৱে মৃত্যু ঘটাইছিল আৰু তেওঁৰ ওপৰত আৰোপিত মিছা গোচৰ শ শ বছৰ চলাৰ পিছতহে আৰোপিত দোষ ভুল আছিল বুলি পোপে ক্ষমা প্ৰাৰ্থনা কৰে।যি গৰাকীলোকে আধুনিক জ্যোতি বিজ্ঞান লৈ যুগান্তকাৰী বিপ্লৱ আনিলে,মানুহৰ জীৱনলৈ নতুন পৰিৱৰ্তন আনিলে তেওঁ ভগৱান বিশ্বাসী হোৱা চত্তেও ,নিজৰ দুজনী ছোৱালী খ্ৰীষ্টান ধৰ্মৰ নানহোৱৰ পিছতো ,তেওঁক ধৰ্মীয় অধিপত্যবাদীয়ে মিছা অভিযোগত তিল তিলকৈ মৃত্যু ঘটালে।আনকি গোচৰটোও শ শ বছৰ চলি থাকিল।অৰ্থাৎ ধৰ্মীয় মৌলবাদী সকলো ধৰ্মতে সক্ৰীয়।


গেলিলিঅ' গেলিলিওৰ জন্ম হৈছিল ১৫৬৪ চনৰ ১৫ ফেব্ৰুৱাৰীত ইটালীৰ পিচাত আৰু মৃত্যু হৈছিল ৭৮ বছৰত ১৬৪২ চনৰ ৮ জানুৱাৰীত।তেওঁৰ দেউতাক আছিল এগৰাকী সংগীত শিল্পী আৰু গণিতজ্ঞ।কিন্তু দেউতাকৰ ইচ্ছা আছিল গেলিলিঅ' ঔষধ বিভাগত পঢ়ি চিকিৎসক হওক।কিন্তু গেলিলিও আগ্ৰহ গণিতত।পিচাত পঢ়ি থকা অৱস্থাতে হঠাৎ দেউতাকৰ মৃত্যু হোৱাত গেলিলিও আৰ্থিক সমস্যাত পৰে।গেলিলিও আৰম্ভ কৰে কাপোৰৰ দোকান আৰু বিজ্ঞান ৰ সজুলিৰ দোকান।লগতে গণিতৰ টিউচন কৰিবলৈ ধৰিলে।সেই সময়ত ছোৱালী বিয়া দিলে যৌতুক দিয়াৰ নিয়ম।গেলিলিঅ'য়েও ভনীয়েকহঁতক বিয়া দিবলৈ যৌতুক দিব লগা হ'ল।ফলত বহু টকা তেওঁক প্ৰয়োজন।নতুন আবিস্কাৰৰ যোগেদি টকা ঘটিবলৈ চিন্তা কৰি তেওঁ দিশ নিৰ্ণয়ৰ বাবে কম্পাচ উলিয়ালে,ভাল বিক্ৰী নহল।ইয়াৰ পাচতে আবিস্কাৰ কৰিলে পেন্দুলাম ঘড়ী।এইবাৰ তেওঁএজন চচমা নিৰ্মাণ কাৰী Hans Lippersheyদূৰবীণ ৰ দৰে যন্ত্ৰ উলিওৱা বুলি শুনি ,কষ্ট কৰি তাটোকৈ ৩২ গুন শক্তিশালী বিৰ্ৱধন ক্ষমতাৰ দূৰবীণ ১৬২৪ চনত তৈয়াৰ কৰি বিক্ৰী কৰিবলৈ ধৰিলে।এদিন দূৰবীনেৰে আকাশলৈ চাই তেওঁ আচৰিত হ'ল দেখিলে চন্দ্ৰপৃষ্ট পৃথিবীৰ দৰে খলাবমাহে,পাহাৰ গাঁত আদিৰে ভৰা।এইবাৰ তেওঁ দূৰবীণ বৃহস্পতিৰ পিনে ঘুৰাই দেখিলে পৃথিৱীৰ দৰে বৃহস্পতিৰ চাৰিটা উপগ্ৰহ আছে।তেওঁ মাধ্যাকৰ্ষণ শক্তি আবিস্কাৰ কৰি  প্ৰমাণ কৰি দেখুৱালে যে এৰিষ্টোটেলে কোৱা কথা মিছা।সকলো বস্তু সৰু অথবা বৰ সমান উচ্চতাৰ পৰা তললৈ পেলালে একে সময়তে মাটিত পৰে।গেলিলিওয়ে কলে বাইবেলত কোৱা কথা শুদ্ধ নহয় ।সূৰ্যহে মহাকাশৰ কেন্দ্ৰ পৃথিৱী নহয় ।পৃথিৱীএটা গ্ৰহ ই আন গ্ৰহৰ দৰে সূৰ্যৰ চাৰিওফালে ঘুৰে।তদুপৰি ইন্দ্ৰৰ হাতী যোৱাৰ পথ হাতীপটি দূৰবীক্ষণেৰে চাই তেওঁ ক'লে যে চোৱা সৌবোৰ এলানি তৰাৰ সমষ্টিহে।আকৌ শুক্ৰ গ্ৰহলৈ চাই সকলোকে দেখুৱালে ই হ'ল এটা পৃথিৱীৰ দৰে গ্ৰহহে ।সৌৰ কলঙ্কও তেওঁ টেলিচকোপেৰে চাই আচৰিত হ'ল।গেলিলিওৰ আবিস্কাৰে নিক'লাচ কোপাৰনিকাচৰ সূৰ্য -কেন্দ্ৰিক বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণা সত্যবুলি প্ৰমাণ কৰিলে।বাইবেলৰ বিৰোধীতা কৰাত কেথলিক ধৰ্মগুৰু সকলৰ মাজত হলকম্প লাগিল,এৰিষ্টোটেলক ভুল বুলি কোৱাত দাৰ্শনিক-বুদ্ধিজীৱি জাঙোৰ খাই উঠিল।চাৰিওপিনে শত্ৰু বাঢ়িল।গেলিলিওৰ মন আকৌ নতুন নতুন আবিস্কাৰৰে থৌকি বাথৌ হ'ল।তেওঁ কলে ভগৱানে গণিতৰ ভাষাৰে বিশ্বব্ৰহ্মাণ্ড খন গঢ়িছে।অৰ্থাৎ ভগৱানে বিশ্বব্ৰহ্মাণ্ড. সৃষ্টি কৰিলে তেওঁ নিশ্চয় গণিতজ্ঞ হ'ব লাগিব।১৫৮৯ চনত পিছাৰ অধ্যাপক নিযুক্তি হয় তেওঁ।তাৰ পিছত১৫৯২ চনত তেওঁ নতুন চাকৰি পালে পদুৱা বিশ্ববিদ্যালয়ত।দৰ্মহা তিনিগুন বাঢ়িল।১৬১০ চনত টাস্কেনিৰ ডিউকৰ ৰাজসভাৰ প্ৰধান গণিতজ্ঞ  আৰু দাৰ্শনিক নিয়োগ হয়।প্ৰেমত পৰিল  মেৰিনা গম্বা নামৰ গাভৰুৰ।দুয়ো দুয়োকে বৰ ভাল পাইছিল।বিয়া কৰাবলৈ টকাৰ যোগাৰ নহল গেলিলিওৰ।তথাপি তিনিটা সন্তানৰ দেউতাক হ'ল গেলিলিও ।আৰ্থিক দৰিদ্ৰ তাৰ বাবে দুয়োজনী কন্যাকে বিয়া দিব নোৱাৰিলে,তদুপৰি বিয়া বৈধ্য নোহোৱা ত ধৰ্মৰ দিশৰেও বাধা আছিল।দুয়োকে চকুলো টুকি গেলিলিওয়ে গীৰ্জাৰ নান হিচাবে দান দিলে(ভাৰ্জিনা আৰু লিভিয়া) ।ল'ৰাটো শিক্ষিতহৈ চিকিৎসক হ'ল(ভিনকন্জো)।ইপিনে গেলিলিও ৰ ওপৰত ভৰসা কৰিব নোৱাৰি আনলৈ বিয়াহৈ গল মৰমৰ মেৰিনা।গেলিলিও অকলশৰীয়া হৈ পৰিল।
এনে সময়তে গেলিলিওৰ  বিপক্ষে আগবাঢ়ি আহিল কেথলিক ধৰ্মগুৰু আৰু তেওঁৰে সৰ্তীথ বুদ্ধিজীৱি মহল।অভিযোগ দিলে পোপৰ আগত গেলিলিও এজন ধৰ্ম বিদ্বেশী লোক।তেওঁৰ প্ৰতিটো আবিস্কাৰ ধৰ্মবিৰোধী -এৰিষ্টোটেল বিৰোধী।বিচাৰ আৰম্ভ হ'ল গেলিলিওৰ ওপৰত।দোষ স্বীকাৰ কৰি পোপৰ ওচৰত ক্ষমা খুজিবলৈ কোৱা হ'ল।বৈজ্ঞানিক সত্যক জীৱনৰ বাবে তেওঁ মিছা মাতিব কেনেকৈ।একপক্ষীয় গোচৰত ৰোমান কেথ'লিক চাৰ্চে তেওঁক দোষী ধৰ্ম বিৰোধী ঘোষণা কৰি শাস্তি  প্ৰদান কৰিলে।ফ্ল'ৰেন্সৰ কাৰাগাৰত বন্দী কৰি ৰখা হ'ল।ডাঙৰ ছোৱালীজনীয়ে প্ৰায়ে দেউতাকক খোৱাবস্তু দি যায়।এদিন ছোৱালীজনীৰো মৃত্যু হ'ল।গেলিলিওৰ অন্তৰত দুখ নাই। মানুহৰ বাবে বিজ্ঞানৰ সেৱা কৰি তেওঁ সৰ্বস্ব হেৰুৱাইছে।জেলৰ ভিতৰটো বহু নতুন আবিস্কাৰৰ সপোন দেখেিলে।জেলত থাকোতেও  পোপ অষ্টম আৰ্বানৰ অনুমতিলৈ Dialogue Concerning Two New Systems  গ্ৰন্থ লিখে আৰু প্ৰকাশ হ'ল।এদিন দুয়োটা চকু অন্ধহৈ তেওঁ নেদেখা হ'ল।ফ্লৰেন্সৰ এটা ঘৰত তেওঁক ঘৰতে বন্দী কৰি ৰখা হ'ল।দেশ বিদেশৰ পৰা মানুহ আহিল অন্ধ গেলিলিওক চাবলৈ।প্ৰৱল আশাবাদী আছিল তেওঁ।এদিন বন্দী আৱস্থাতে আৰছেট্ৰিত তেওঁৰ মৃত্যু হ'ল।মৃত্যুৰ পিচটো ধৰ্মবিৰোধী  গেলিলিওৰ গোচৰ ধৰ্মীয় আদালতত চলি থাকিল ।৩৬০ বছৰৰ পিছত সৌ সিদিনা ৰোমান কেথ'লিক চাৰ্চে ১৯৯২ চনত গেলিলিঅ'ৰ গোচৰ উঠাই ললে।স্বীকাৰ কৰিলে গেলিলিঅ'ৰ ওপৰত খ্ৰীষ্টীয়ান ধৰ্মই মিছা শাস্তি দিছিল ।তাৰ বাবে পোপ দ্বিতীয় ই ক্ষমা খুজিলে বিশ্ববাসীক।বিশ্ববাসীয়ে ক্ষমা কৰিলেনে?

গেলিলিঅ' গেলিলিওৰ ওপৰত এখন বিখ্যাত নাটক লিখিলে বাৰ্ট'ল্ট ব্ৰেখটে।কিতাপখন ক্ষীৰধৰ বৰুৱা চাৰে তিনিমাহ লাগি অনুবাদ কৰিছে।শেষত গেলিলিঅ'ৰ উক্তিৰে সামৰিছে We cannot teach people anything ,we can only help them discover it within themselves.লগতে গেলিলিঅ' নাটকৰ এফাকি গীত গাওঁ আহক-
বিজ্ঞানৰ চাকিগছি সবে ৰক্ষা কৰা,
জগত পোহৰ কৰা বিলাই বতৰা
সেই শিপা নপৰক কদাপি বাগৰি,
পৰিলেই ধ্বংশলীলা ধৰাতল জুৰি।



writer: Dilip Kr. Baruah.


Edited by: Diganta Kr. Bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়