সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ৰতন থিয়াম আৰু ভাৰতীয় নাট্যশিল্প



ৰতন থিয়াম আৰু ভাৰতীয় নাট্যশিল্প





::-দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

নাটক এক আধ্যাত্মিক বিষয়-ঠিক পূজাৰ দৰে।নাটক ব্যৱসায় নহয়।নাটকৰ পৰা এজন নাট্যশিল্পীয়ে একো নিবিচাৰে বা বিচাৰিব নালাগে।।নাটকে প্ৰতিস্থাও নিদিব পাৰে।নাট্যশিল্পীৰ কোনো ষ্টাৰ ইমেজ নাথাকে।নাটক কৰি টকা-পইছা ঘটিব নোৱাৰি।নাটক এক ব্যৱসায় নহয়।নাটক হ'ল এক কলাগত অন্তহীন যাত্ৰা,যাৰ শেষ নাই। ই এক ত্যাগ,ই শিল্পবোধৰ বা নান্দনিকতাৰে হকে কৰা সৎ কৰ্ম ,যাক এক দৈনন্দিন আধ্যাত্মিক কৰ্ম হিচাবে নল'লে নাট্যশিল্পী হ'বও নোৱাৰি । মই দৰ্শকৰ বাবে নাটক নকৰো,নিজৰ বাবে নাটক কৰো,নাটকে মোক এক গভীৰ আধ্যাত্মিক প্ৰশান্তি দিয়ে-যাৰ বাবে মই দৈনন্দিন  অনুশীলন কৰো আৰু নাট্যশিল্পৰ হকে কাম কৰো।এয়া উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী নাট্যশিল্পী ৰতন থিয়ামৰ অনুভৱ।


ৰতন থিয়ামৰ মাক দেউতাক দুয়ো আছিল মনিপুৰী নৃত্য শিল্পী। বিভিন্ন ঠাইত মনিপুৰী নৃত্য প্ৰৰ্দশন কৰি ঘুৰি ফুৰোতে পশ্চিমবঙ্গৰ নৱদ্বীপত ১৯৪৮ চনৰ ২০জুনত ৰতন থিয়ামৰ জন্ম হয়। ১৯৭৪ চনত নেচনেল স্কুল অৱ ড্ৰামাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ,"মনিপুৰী কোৰাছ ৰেপাটেৰী থিয়েটাৰ" দল খুলি ইম্ফল চহৰৰ পৰা বহু দূৰৈত থকা গাঁৱৰ মানুহক সংগঠিত কৰি এক নাট্য আন্দোলন থিয়ামে গঢ়ি তোলে।এই কাম যেতিয়া তেওঁ আৰম্ভ কৰে তেতিয়া বহুতে তেওঁক হাঁহিছিল,পাগল বুলিছিল।সময়ৰ লগে লগে সেই নাটক কৰা স্থান বোৰত সৰু সৰু চহৰ গঢ়ি উঠি এচাম নাট-শিল্পীৰ লগতে এচাম নাটক চাব জনা গ্ৰাম্য দৰ্শক গঢ়ি উঠিল।ইয়াৰ লগতে মনিপুৰী নাট্যদলে ভাৰতৰ বিভিন্ন প্ৰান্তত থিয়েমৰ নতুন শৈলীৰ মনিপুৰী নাটক কৰি ৰতন থিয়ামৰ মান বঢ়োৱাৰ লগতে মনিপুৰী জীৱন যন্ত্ৰনা ভাৰত লগতে বিশ্বত জিলিকি উঠিল।১৯৮৭ চনৰ পৰা ১৯৮৯ লৈ ৰতন থিয়াম নেচনেল স্কুল অৱ ড্ৰামাৰ সঞ্চালক হ'ল,তাৰ পিছত হ'ল উপ -সভাপতি আৰু পিছত ২০১২-১৩ চনত সভাপতি পদ অলঙ্কিত কৰি উত্তৰ পূবাঞ্চলৰ মান বঢ়ালে।১৯৮৯ চনত তেওঁলৈ আগবঢ়োৱা হল  পদ্মশ্ৰী সন্মান।বিভিন্ন স্থানৰ বিভিন্ন পুৰস্কাৰৰ লগতে ২০১২ চনত লাভ কৰিলে সংগীত নাটক অকাডেমি ৰ ফেলশ্বিপ আৰু ২০১৩ চনত অসম বিশ্ববিদ্যালয়ৰ পৰা ডি লিট ডিগ্ৰী।

 ৰতন থিয়ামৰ নাট্যশিল্প ভাৰতৰ ভিতৰতে বিষয়বস্তু,গতি,অভিনয় শৈলী সকলো দিশতে কিছু বেলেগ।ভৰতমুনিৰ  নাট্যশাস্ত্ৰৰ ওপৰত তেওঁৰ নাট্যশিল্প প্ৰতিস্থিত । মহাভাৰত,ৰামায়ন আদিৰ পুৰনি কাহিনী অথবা ইংৰাজী ইবচেন আদিৰ নাটক আধুনিক ৰূপত,সময় নিয়ন্ত্ৰন কৰি মনিপুৰীয়া শিল্পৰ যেনে মনিপুৰী মাৰ্চেল আৰ্ট( Thang Ta)ব্যৱহাৰ কৰি সম্পূৰ্ণ মনিপুৰীয়া ৰূপত বিশ্বত এক নতুন নাট্যশিল্প তেওঁ জন্ম দিলে।

তেওঁৰ নাটকত পুৰণি ভাৰতীয় নাট্যকলা,গ্ৰীক থিয়েটাৰ,নো থিয়েটাৰ,বাবুকি থিয়েটাৰ,বেডিং থিয়েটাৰৰে মনিপুৰীয়া ৰূপত যৌগিক নতুনত্ব লাভ কৰিছে।নাৰী তেওঁৰ নাটকত মাক,ভনীয়েক হৈয়ো ভাৰতৰাষ্ট্ৰ যন্ত্ৰৰ নিৰ্যাতিতা মনিপুৰী গাভৰু।মনিপুৰৰ গ্ৰাম্য মানুহৰ দুখ,যন্ত্ৰণা,শোষণ,পীড়ন বিশ্বজনীন ৰূপত নাটকে দাঙি ধৰিছে।ফলত ৰতন থিয়ামৰ এই স্বীকৃতি প্ৰাপ্য।তেওঁৰ কেইখন মান নাটক হল উৰুভঙ্গম,চক্ৰবেহুত,ৰিতুসমাহাৰম,কৰ্ণবৰম,মেকবেথৰ মনিপুৰী সংস্কৰণ,ইম্ফল ইম্ফল,উত্তৰ প্ৰিয়ৰ্দশী,অন্ধ যুগ,অজেয়(অশোকৰ ওপৰত),লেঙ্গচ হনি(Legs Honnei),চিঙ্গলন মেপান তাম্পাক আমা(Chinglon Mapan Tampak Ama) ইত্যাদি।ইয়াৰে  অন্ধযুগ খন জাপানত সফলভাৱে মঞ্চস্থ হয়।ভাসৰ নাটক উৰুভঙ্গম চেওঁ নিজে প্ৰযোজনা আৰু পৰিচালনা কৰে।

২০১৯ চনত তেজপুৰত অনুষ্ঠিত "কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ"ৰ উদ্বোধনী নাটক হিচাপে তেজপুৰ নেহেৰু ময়দান (চাৰ্চফিল্ড)ৰ অস্থায়ী মঞ্চত মনিপুৰী শিল্পীয়ে ৰতন থিয়ামৰ পৰিচালনাত "মেকবেথ" পৰিৱেশন কৰি তেজপুৰৰ দৰ্শকক আপ্লুত কৰে।ৰতন থিয়ামে মুকলি অনুষ্ঠানত ১৫০ গৰাকী নাট্যকৰ্মী সম্বোদ্ধি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।

ৰতন থিয়াম প্ৰাচ্য নাটকৰ কিংবদন্তী নাট্যশিল্পী ।তেওঁ এক সাক্ষাৎকাৰত কয় মই এজন অন্তৰ্মুখী মানুহ।নিজৰ লগত নিজে কথা পাতো।নাটকৰ চৰিত্ৰৰ ধৰণে নহয়।কবিতাৰ ধৰনে ।নাটক কৰিবলৈ নিয়মিত সাধনা লাগিব।নাটকে নাট্যশিল্পীক ৰুতি দিয়ে,কিন্তু মাখন নিদিয়ে।নাটকক এক আধ্যাত্মিক পবিত্ৰ যাত্ৰা বুলি লৈ প্ৰৱল উৎসাহ,সাধুতা,নিষ্ঠাপূৰ্ণ সেৱা হিচাবে লৈ নিজকে এই শিল্পত নিৰ্মিত কৰিব লাগিব।নাটকক এক পূজা হিচাবে ল'লেহে এজন নাট্যশিল্পীয়ে জীৱনজুৰি নাটকত থাকিব,নহলে আধাতে ওলাই যাবলৈ বাধ্য।পিছলৈ চৰকাৰৰ লগত নীতিগত সংঘাট হোৱাত তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সৈতে সম্পৰ্ক ছেদ কৰি মনিপুৰলৈ প্ৰত্যাৱৰ্তন কৰে আৰু Chorus Repertory Theatreৰ লগত পুনৰ জৰিতহৈ পৰে।বৰ্তমান তেওঁ ৱৰ্ল্ড থিয়েটাৰলঅলিম্পিকৰ চেয়াৰমেন


লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।



সম্পাদনা: দিগন্ত কুমাৰ ভূঞা, সাহিত্য সঁফুৰা (ব্লগ)
 digantas.blogspot.com
E-mail: digbhuyan123@gmail.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়